কিয় অভক্ষ বন্য জীৱৰ মাংস! ৰাষ্ট্ৰসংঘৰ বিবৃতিত উদ্বেগজনক তথ্য

নতুন দিল্লী: দিনক দিনে বৃদ্ধি পাইছে জীৱ-জন্তুৰপৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগৰ পৰিমাণ৷ আৰু সময় থাকোঁতেই ইয়াক ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত নল’লে এনে ৰোগসমূহ বাঢ়ি গৈয়ে থাকিব বুলি আশংকা প্ৰকাশ কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ দলে প্ৰকাশ কৰা মতে ব্যয় জীৱ-জন্তুক সুৰক্ষিত কৰা আৰু পৰিৱেশ ৰক্ষা কৰাৰ বাবে ব্যৱস্থা ল’লেহে এই সংকটৰপৰা হাত সাৰিব পৰা যাব৷ ক’ভিড-১৯ ৰ দৰে জীৱ-জন্তুৰপৰা সোঁচৰা ৰোগমূহৰ মূল কাৰণ এনিমেল প্ৰ’টিনৰ বাঢ়ি অহা চাহিদা, অবহনক্ষম কৃষি ব্যৱস্থা আৰু জলবায়ুৰ পৰিৱৰ্তন বুলি গৱেষকসকলে ক’ব খোজে৷

আৰু পঢ়িব পাৰিব : দেশত ২৪ ঘণ্টাত ৪৮২ জন ক’ভিড আক্ৰান্তৰ মৃত্যুঃ কেন্দ্ৰৰ মতে সকলো ঠিকেই আছে!

তথ্য অনুসৰি এনেধৰণৰ অৱহেলিত জুনেটিক ৰোগত প্ৰতিবছৰে দুই নিযুতৰো অধিক লোকৰ মৃত্যু হয়৷ এনে ৰোগৰ প্ৰভাৱ বিশ্বৰ অৰ্থীতিতো দেখিবলৈ পোৱা যায়৷ অহা দুবছৰলৈ ক’ভিড-১৯ৰ বাবে বিশ্ব অৰ্থনীতিত ব্যয় হ’বলগীয়া ধনৰ পৰিমাণ ৯ ট্ৰিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এনভাইৰনমেণ্ট প্ৰগ্ৰেম আৰু ইণ্টাৰনেচনেল লাইভষ্টক ৰিছাৰ্চ ইনষ্টিটিউটৰ মতে জন্তুৰপৰা মানুহলৈ স্বয়ংক্ৰিয়ভাৱে ৰোগৰ সংক্ৰমণ নহয়৷ মাটিৰ অৱক্ষয়, বন্য জীৱৰ শোষণ, প্ৰাকৃতিক উপাদান আহৰণ, পৰিৱেশ পৰিৱৰ্তন আদি বিভিন্ন কাৰণত মানুহ আৰু জীৱ-জন্তুৰ সংস্পৰ্শৰ নিয়ম সলনি হয়৷ এনেধৰণৰ পৰিৱৰ্তন এতিয়া ক্ষিপ্ৰভাৱে হোৱা দেখিবলৈ পোৱা গৈছে৷ ৰাষ্ট্ৰসংঘৰ সূত্ৰত প্ৰকাশ পোৱা মতে বিগত এটা শতিকাত ৬ টা গুৰুতৰ কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ আহে মানৱ জাতি৷

আৰু পঢ়িব পাৰিব : চীনত আন এক আতংক! প্ৰাণৰ মায়াত ঘৰ এৰিছে গাঁওবাসীয়ে…

পাৰ হৈ যোৱা দুটা দশকত জন্তুৰপৰা মানুহলৈ সংক্ৰমিত ৰোগসমূহে বিশ্ব অৰ্থনীতিত কৰা ব্যয়ৰ পৰিমাণ ১০০ বিলিয়ন ডলাৰ৷ প্ৰতিবছৰে জুনেটিক ৰোগক আওকাণ কৰাৰ ফলত নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত প্ৰায় দুই নিযুত লোক মৃত্যুমুখত পৰে৷ জীৱন-জীৱিকাৰ বাবে বনৰীয়া জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা বাবেই এই লোকসকল এনে ৰোগত অধিক আক্ৰান্ত হয় বুলি ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ শাখাই প্ৰকাশ কৰিছে৷ গতিকে দেখা যায় যে সংক্ৰামক ৰোগ বিয়পাৰ সৈতে জীৱন-যাপনৰ মান আৰু একোখন দেশৰ অৰ্থনৈতিক অৱস্থা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে৷ এনে ৰোগসমূহ প্ৰতিৰোধৰ বাবে শীঘ্ৰে বিজ্ঞানসন্মতভাৱে ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES