spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeৰাষ্ট্ৰীয়পত্নীৰ এটেকত উফৰিল স্বামীৰ দাঁত! কি অপৰাধ কৰিছিল স্বামীয়ে?

পত্নীৰ এটেকত উফৰিল স্বামীৰ দাঁত! কি অপৰাধ কৰিছিল স্বামীয়ে?

ডিজিটেল ডেস্কঃ সুখ-দুখ, ঘাট-প্ৰতিঘাটৰ মাজতেই চলে সংসাৰ। কেতিয়াবা মৰম, কেতিয়াবা কাজিয়া, কেতিয়াবা বুজাবুজি আৰু কেতিয়াবা বিচ্ছেদ! পিছে এইবাৰ বিচ্ছেদ ঘটিল দাঁতৰ।

হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম – ছ’চিয়েল মিডিয়া এতিয়া সবাতোকৈ আপোন, এক অবিচ্ছেদ্য অংগ! ইয়াৰ কাৰণে বহু বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। এইবাৰ স্বামী-স্ত্ৰীৰ মাজত সোমাল হোৱাটছএপ। পত্নীক হোৱাটছএপত বাৰ্তালাপ কৰিবলৈ মানা কৰাত দাঁত হেৰুৱালে স্বামীয়ে। খঙত অগ্নিশৰ্মা হৈ পত্নীয়ে ভাঙিলে স্বামীৰ তিনিটাকৈ দাঁত।

ঘটনা হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ। তথ্য অনুসৰি ঠিয়োগ থানাৰ অন্তৰ্গত এক অঞ্চলত হোৱাটছএপত বাৰ্তালাপক লৈ স্বামী-স্ত্ৰীৰ মাজত মতবিৰোধ হয় আৰু মহিলাগৰাকীয়ে খঙত স্বামীৰ দাঁত ওফৰাই দিয়ে। ইমানতে ক্ষান্ত নথকা পত্নীয়ে স্বামীক লাঠিৰেও প্ৰহাৰ কৰে। পাছত স্বামীৰ অভিযোগ তথা মেডিকেল ৰিপ’ৰ্ট অনুসৰি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular