spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকগঁড়-হাতীৰ আক্ৰমণত দুজনকৈ লোকৰ থিতাতে মৃত্যু

গঁড়-হাতীৰ আক্ৰমণত দুজনকৈ লোকৰ থিতাতে মৃত্যু

ঢকুৱাখনা : বন্যপ্ৰাণীৰ আক্ৰমণত নিহত হয় দুজনকৈ লোক৷ ঢকুৱাখনাত এজন লোক গঁড়ৰ আক্ৰমণত নিহত হোৱাৰ লগতে নুমলীগড়ত বন্যহস্তী আক্ৰমণত নিহত হয় এগৰাকী বৃদ্ধা

ঢকুৱাখনাত আজি পুৱা গঁড়ৰ আক্ৰমণত নিহত হৈছে অভয়াপুৰীৰ সুনীল দলে নামৰ এজন লোক৷ পথাৰত ধান কাটিবলৈ গৈছিল যোৱা অৱস্থাত মুকলি পথাৰত মুক্ত মনে বিচৰণ কৰি ফুৰা গড়টোৱে লোকজনৰ ওপৰত আক্ৰমণ কৰে আৰু লোকজন থিতাতে নিহত হয়৷

দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বগীধলা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমনত হেলেনা তিৰ্কী নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু। বন্যহস্তীৰ এটা বৃহৎ জাকে বাগিছাখনত বিচৰন কৰি থকা অৱস্থাত জাকৰ পৰা ফালৰি কাটি ওলাই অহা এটা বন্যহস্তীয়ে বাগিছাখনত উপদ্ৰৱ চলাই এটা বাসগৃহ ধ্বংস কৰাৰ লগতে বসগৃহটোৰ ভিতৰত আৱদ্ধ হৈ থকা বৃদ্ধাগৰাকীক আক্ৰমণ কৰি থিতাতে নিহত কৰে।

উল্লেখ্য যে দুটা মাহৰ পূৰ্বে উক্ত বাগানখনত হাতীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ মৃত্যু হৈছিল। ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular