spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকসমগ্ৰ ৰাজ্যত ভোগালী বিহুৰ উৰুকাৰ প্ৰস্তুতিৰ মাজতে জাগুনত বন্যহস্তীৰ উপদ্ৰৱ

সমগ্ৰ ৰাজ্যত ভোগালী বিহুৰ উৰুকাৰ প্ৰস্তুতিৰ মাজতে জাগুনত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্যত ভোগালী বিহুৰ উৰুকাৰ প্ৰস্তুতিৰ মাজতে জাগুনত ক্ৰমাৎ যেন বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰৱ। সংৰক্ষিত বনাঞ্চলত নিশা হ’লেই একাংশ বন মাফিয়াই অত্যাধুনিক কাঠফলা মেচিন ব্যৱহাৰ আৰু সংৰক্ষিত বনাঞ্চলত চলা অবৈধ চোৰাং কাঠৰ বেহাই তহিলং কৰিছে বনাঞ্চলসমূহ। তাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলসমূহ ধ্বংস হ’বলৈ ধৰাত জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে বনৰীয়া হাতী।

অসমৰ বিভিন্ন প্ৰান্তত বন্যহস্থীৰ জাক আহি জনাঞ্চলত প্ৰৱেশ কৰি অঞ্চলবোৰত আতংকৰ সৃষ্টি কৰাৰ লগতে ভয়াৰ্ত হৈ উপদ্ৰৱ চলাবলৈ ধৰে। যোৱা নিশাও জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত কাৰপুমপুলি, জাগৰী বনগাঁও, আহোমপথাৰ গাঁৱত বনৰীয়া হাতীয়ে ছয়টাকৈ বাহগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি বহু খাদ্য-সমগ্রী নষ্ট কৰে।

উল্লেখ্য যে, জাগুনত হাতী আৰু মানুহৰ সংঘাত কোনো নতুন কথা নহয়। কাৰণ জাগুনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত কষ্টৰ ফচল খেতিয়কে চপাব নোৱাৰা হৈ পৰিছে। ইফালে, সুন্দৰ পাদি, তিৰোত দলে, জিতু দিহিঙীয়া, নিপু ৰাভা, জনৈক ফুকন, বালক উৰাং এই লোকসকলৰ বাহগৃহ ভাঙি চূৰমাৰ কৰাত দিশহাৰা হৈ পৰিছে স্থানীয় বাসিন্দাসকল।

স্মৰ্তব্য যে, হাতী-মানুহৰ সংঘাতক লৈ চৰকাৰে আজিপৰ্যন্ত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলস্বৰূপে দিনকদিনে হাতী-মানুহৰ সংঘাতৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিছে। আনহাতে বিগত ৫ বছৰত হাতীৰ আক্ৰমণত শতাধিক লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বহু হাতীৰো মৃত্যু হোৱা দেখিবলৈ পোৱা যায়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular