spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়াহাতোত সাৰে ভৰিত সাৰে বলীউডত প্ৰৱেশ কৰিব নেকি ধোনীয়ে? আইপিএলৰ পৰা বিদায়...

হাতোত সাৰে ভৰিত সাৰে বলীউডত প্ৰৱেশ কৰিব নেকি ধোনীয়ে? আইপিএলৰ পৰা বিদায় ধোনীৰ !

ডিজিটেল ডেস্ক: চলিত আইপিএল২০২১। ইতিমধ্যে প্লে অফত প্ৰৱেশ কৰিছে চেন্নাই চুপাৰ কিংছে। সমান্তৰালভাৱে চেন্নাই চুপাৰ কিংছৰ সমৰ্থকৰ বাবে আছে এক ভাল খবৰ । সেয়া হৈছে আইপিএলৰ ২০২২ চনৰ পৰৱৰ্তী সংস্কৰণটোত দলটোৰ হৈ খেলিব মহেন্দ্ৰ সিং ধোনীয়ে ।

মঙলবাৰে দলটোৰ অধিনায়ক এম এছ ধোনীয়ে এক ইংগিত প্ৰদান কৰি কয় যে কমেও আন এটা ছিজনত ফ্ৰেঞ্চাইজিৰ হৈ খেলা অব্যাহত ৰাখিব ধোনীয়ে ।সম্ভৱত তাৰ পাছতে আইপিএলৰ পৰাও অৱসৰ গ্ৰহণ কৰিব ধোনীয়ে । ২০২২ চনত বৃহৎ নিলামৰ পিছত চেন্নাই চুপাৰ কিংছত এই পৰিৱৰ্তন আহিব বুলি ইতিমধ্য চৰ্চা চলিছে । অৱশ্যে, ৪০ বছৰীয়া উইকেটকিপাৰ বেটছমেনজনে ইণ্ডিয়া চিমেণ্টছৰ ৭৫ তম বাৰ্ষিকী উদযাপনৰ এক অনুষ্ঠানত কয় যে তেওঁ চেন্নাইত তেওঁৰ অন্তিমখন খেল খেলিব বিচাৰে ।ভাৰ্চুৱেল অনুষ্ঠানৰ সময়ত অনুৰাগীসকলৰ সৈতে কথা পাতি ধোনীয়ে কয় যে বিদায়ৰ দিনটোত তেওঁক অনুৰাগীয়ে চি এছ কে ৰ হৈ খেলি থকা দেখিব পাৰে । তেওঁ লগতে কয় যে অনুৰাগীয়ে তেওঁক বিদায় দিয়াৰ সুযোগ পাব ।

উল্লেখ্য যে, যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে । ২০১৯ চনৰ পৰা তেওঁ চেন্নাইত খেলা নাই । কিয়নো আইপিএলৰ দ্বিতীয় অংশ ইউএইত অনুষ্ঠিত হৈ আছে ।ইফালে যোৱা বছৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত সন্দৰ্ভত এজন অনুৰাগীয়ে প্ৰশ্ন কৰাত ধোনীয়ে কয় যে ১৫ আগষ্টত কৈ আৰু ভাল দিন একো হ’ব নোৱাৰে । ইফালে মহত্বপূৰ্ণ খেলবোৰত চেন্নাই দলটোৱে কেনেদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে সেই সম্পৰ্কে ধোনীয়ে কয় যে তেওঁ সকলো খেলকে একে ধৰণে ৰাখিব বিচাৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular