spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকঅশান্ত দৰঙত বন্ধ হ'ব নেকি উচ্ছেদ! শুকুৰবাৰে কিয় নচলিল অভিযান?

অশান্ত দৰঙত বন্ধ হ’ব নেকি উচ্ছেদ! শুকুৰবাৰে কিয় নচলিল অভিযান?

ডিজিটেল ডেস্ক: দৰং জিলাৰ গৰুখুঁটিত আজি বন্ধ থাকিল উচ্ছেদ অভিযান৷ সাময়িকভাৱে উচ্ছেদ অভিযান ৰদ কৰিলে প্ৰশাসনে৷ কালিৰ ৰক্তাক্ত পৰিৱেশৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে৷ আজি ইতিমধ্যে মুক্ত হোৱা ভূমি পৰিদৰ্শন৷ গৰুখুঁটিৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে ধলপুৰত মৃত্যু হৈছে ৩ জনকৈ লোকৰ৷ ৩নং ধলপুৰত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ৷

৩জাঁই গুলী লগাৰ চিহ্ন আছে মৃতদেহটোত৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত হ’ব এই তদন্ত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই তদন্ত৷ উল্লেখ্য যে, গৰুখুঁটিত বেদখলকাৰী উচ্ছেদৰ সময়তে সংঘটিত হৈছিল ভয়ংকৰ পৰিস্থিতি৷ আৰক্ষীক আক্ৰমণৰ বাবে উদ্যত হৈ পৰিছিল বেদখলকাৰী৷ প্ৰত্যাক্ৰমণত নিহত হৈছিল দুই বেদখলকাৰী৷ বেদখলকাৰীক উচ্ছেদৰ সময়ত ৰণক্ষেত্ৰ হ’ল গৰুখুঁটি৷

দা-যাঠি-জোং লৈ আৰক্ষীক আক্ৰমণ সহস্ৰাধিক বেদখলকাৰীৰ৷ লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপতো নিয়ন্ত্ৰণ নহয় পৰিস্থিতি৷ প্ৰত্যাক্ৰমণৰ বাবে আৰক্ষীৰ গুলীত নিহত দুই বেদখলকাৰী৷ বৰ্তমানেও শাম কটা নাই ৰণক্ষেত্ৰ গৰুখুঁটিৰ উত্তেজনা৷ যাৰ বাবে আজি ১২ঘণ্টীয়া বন্ধৰো আহ্বান জনায় দৰং জিলা সমিতিৰ ‘আমছু’ৱে৷ পুৱাৰেপৰা জিলাখনৰ দলগাঁৱত দেখা যায় উত্তপ্ত পৰিস্থিতিৰ৷ চলিত বাহনৰ ওপৰতো শিল নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular