spot_img
14.4 C
Guwahati
14.4 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকএইখন চৰকাৰৰ দিনত হ’বনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ?

এইখন চৰকাৰৰ দিনত হ’বনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ?

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ছবছৰ ধৰি চলিছিল অসম আন্দোলন। ৮৫৫ জন লোক শ্বহীদ হোৱাৰ পাছত তদানীন্তন আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাক্ষৰত ৰূপায়ণ হৈছিল অসম চুক্তি। বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি কেতবোৰ বিষয় সমূহেই আছিল অসম চুক্তিৰ অন্যতম বিষয়।

অসম আন্দোলনৰ গইনা লৈ গঠিত হ’ল একমাত্র আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। ৰাজ্যত দুবাৰকৈ শাসনত অধিষ্ঠিত হ’ল। কিন্তু তাহানিতেই অসম চুক্তি ৰূপায়ণ আৰু স্বাক্ষৰ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল। যাৰ ফলত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ আহিছে-গৈছে কিন্তু বিষয়টোক ৰাজনৈতিক নেতাবোৰে এটি ৰাজনীতিৰ বিষয় হিচাপেই ব্যবহাৰ কৰি আহিছে।


মৰাণ, মটক, আহোম, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজে যুগ-যুগান্তৰে পৰাই জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে। কিন্তু কোনো চৰকাৰে এই লোকসকলৰ আন্দোলনৰ ভাষা বুজি পোৱা নাই যাৰ ফলত সমাধান হোৱা নাই তেওলোকৰ এই দীর্ঘদিনীয়া সমস্যা।


বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য যে “ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব”। মুখ্যমন্ত্রীৰ এই মন্তব্যক উভটি ধৰিলে ছয় জনগোষ্ঠীৰ ছাত্র সংগঠনৰ কেন্দ্রীয় নেতৃত্বই। মুখ্যমন্ত্রীক হুংকাৰ দি কয় যে এমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অসম ৰক্তাক্ত হ’ব।
এতিয়া লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে সঁচাকৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব নেকি? ইয়াৰ আঁৰৰ ৰহস্য কি? নে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো অপাৰোগ হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণত।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular