spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকহেৰাই যাব নেকি ডবকাৰ চিৰসেউজ বনাঞ্চল? ৫হাজাৰ গছ কাঠিবলৈ সাজু বন বিভাগ

হেৰাই যাব নেকি ডবকাৰ চিৰসেউজ বনাঞ্চল? ৫হাজাৰ গছ কাঠিবলৈ সাজু বন বিভাগ

ডিজিটেল ডেস্ক: সেউজী ধৰণী ধুনীয়া! পিছে এই সেউজী ধৰণীত কোপদৃষ্টি পৰিছে বন বিভাগৰ৷ গছ কাটি তহিলং কৰি পথনিৰ্মাণত ব্যস্ত হৈছে প্ৰশাসন৷ কোপদৃষ্টিৰপৰা সাৰি নগ’ল ডবকা বনাঞ্চলো৷ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ডবকা বনাঞ্চলৰ সৌন্দৰ্যই আপ্লুত কৰিছিল পথাচাৰীক৷ ক্ষন্তেক সময় হ’লেও পথাচাৰীয়ে ৰৈ উপভোগ কৰিছিল বনাঞ্চলখনৰ নান্দনিক দৃশ্য৷ পিছে সেই চিৰসেউজীয়া ডবকা বনাঞ্চলৰ পথৰ কাষৰ সেই শাৰী শাৰী শাল-চেগুনৰ গছবোৰত যেন কোপ দৃষ্টি পৰিল নিৰ্মাণকাৰী বিভাগৰ৷ কিয়নো পথনিৰ্মাণৰ নামত ধ্বংস কৰা হ’ব সেই ডবকা বনাঞ্চলৰ গছবোৰ৷ উদং কৰি দিয়া হ’ব সেউজীয়া বনাঞ্চলখনো৷

ইতিমধ্যেই প্ৰায় পাঁচ হাজাৰ গছ কাঠিবলৈ সাজু হৈছে বন বিভাগ৷ গছবোৰ কাঠি পেলাবলৈ নাম্বাৰিং কৰিছে বন বিভাগে৷ উল্লেখ্য যে, প্ৰায় ৫০০ মিটাৰ আঁতৰেৰে বনবিভাগৰ মাটি আছে য’ত স্থানীয় লোকে ঘৰ-বাৰী নিৰ্মাণ কৰি বসবাস কৰি আহিছে৷ এই ভূমিখিনি বন বিভাগে সেই লোকসকলক আবণ্টন দিছিল৷ কিন্তু আকাশীগংগাৰ সৌন্দৰ্য ৰক্ষাৰ স্বাৰ্থত এই লোকসকলে ভূমিখিনি এৰি দিবলৈ সাজু যদিও নামানে বনবিভাগে, গছ হেনো কাঠিবই৷

পুৰণি পথৰ পৰা আঁতৰি নাযায়, বিকল্প চিন্তাও নকৰে৷ বনবিভাগক স্থানীয় ৰাইজ তথা দল-সংগঠনেও বহুবাৰ দাবী জনাইছিল যদিও বন বিভাগৰ আগ্ৰাসী মনোভাবৰ বাবেই আৰু দেখা নাপাব সেই শাৰী শাৰী গছবোৰ৷ এতিয়া প্ৰশ্ন হয় স্থানীয় ৰাইজ বা দল-সংগঠনৰ দাবী মানিবনে চৰকাৰে, নে সেউজীয়া বনাঞ্চল ধ্বংস কৰি ৰাষ্ট্ৰীয় ঘাইপথ বনোৱা হ’ব৷ সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular