spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeক্ৰীড়াজ্যামিতি বক্স-কম্পাছ লৈ ক্ৰীজত নামিছিল উইলিয়ামছনে,কি কয় অশ্বিনে?

জ্যামিতি বক্স-কম্পাছ লৈ ক্ৰীজত নামিছিল উইলিয়ামছনে,কি কয় অশ্বিনে?

নতুন দিল্লীঃ শল্য চিকিৎসাৰ কোনো ডিগ্ৰী নাই কেন উইলিয়ামছনৰ তথাপি বহুতে তেওঁক ‘ছাৰ্জন’ বুলি মাতে। কিয়? ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ ইনিংছত কেপ্টেইন উইলিয়ামছনৰ বেটিঙলৈ লক্ষ্য কৰিলে ইয়াৰ উত্তৰ সহজে পাব পাৰি। বহু ক্ৰিকেটাৰে ফিল্ডাৰৰ ভৰসাতে খেল খেলে। ব্ৰায়ান লাৰা, মাৰ্ক ৱা, ভিভিএছ লক্ষ্মণ এই পথৰে উপাসক আছিল। ছন্দত থকা ক্ৰিকেটাৰে আপোন মনে নিজৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন আগবঢ়োৱা আমাৰ দৃষ্টিগোচৰ হয়। কিন্তু ২০ অভাৰৰ ক্ৰিকেটত সম্পূৰ্ণৰূপে নিজৰ ছন্দত খেলিবলৈ সুযোগ পোৱা যায় নেকি? যদি যায় তেন্তে কেনেকৈ? ১২০ বলৰ ইনিংছ মানেই হৈছে ৰানৰ বৰষুণ। পাৱাৰ হিটাৰ হিচাপে উইলিয়ামছনৰো আছে অনন্য খ্যাতি।

কিন্তু দেওবাৰৰ খেলখনত উইলিয়ামছনৰ ষ্ট্ৰাইক ৰেট ১৭৭.০৮! ৪৮ টা বলত ৮৫ ৰান কৰি পেভিলিয়নমুখী হৈছিল উইলিয়ামছন। কিন্তু আশা কৰা মতে স্ক’ৰ ব’ৰ্ডত ৰানৰ সংখ্যা বৃদ্ধি নহ’ল। বিচৰামতে দলীয় সমৰ্থন লাভ নকৰিলে উইলিয়ামছনে। উইলিয়ামছন ক্ৰীজত থকালৈকে শ্বাৱাৰ ফাউণ্টেইনৰ দৰে ৰান আহি আছিল যদিও কেপ্টেইন আউট হোৱাৰ পাছতে সকলো ম্লান পৰি ৰয়। নিখুঁত খেলেৰে দলক অগ্ৰগতি দিয়া উইলিয়ামছনে বলাৰৰ পৰাও নাপালে আশাপ্ৰদ সঁহাৰি। বিশ্বকাপ জয় কৰিব নোৱাৰিলেও উইলিয়ামছনৰ বেটিঙে মুগ্ধ কৰিছে অনুৰাগীক। প্ৰতিবাৰেই প’জিশ্যন লোৱাৰ আগতে খেলপথাৰৰ খালী ঠাইবোৰ মনত ৰাখি গৈছিল কেনে। তাৰ পাছত জ্যামিতি বক্সৰ পৰা কম্পাছ আৰু স্কেল উলিয়াই এটাৰ পাছত এটাকৈ নিখুঁত শ্ব’ট খেলি গৈছিল উইলিয়ামছনে। পৃথিৱীৰ যিকোনো বেটছমেনে তেওঁৰ এই ‘গেপ-ছেঞ্চ’ দেখি ঈৰ্ষা কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনেও উইলিয়ামছনৰ বেটিং দেখি হৈছে বিমোহিত। অনুৰাগী মহলত কেন উইলিয়ামছনে জ্যামিতি বক্স লৈ ক্ৰীজত নমা বুলিও কৰিছে মুখৰোচক মন্তব্য ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular