spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকঅসমীয়াৰ স্বাভিমানত আঘাত! বিলাতী সুৰা কোম্পানীৰ বিজ্ঞাপনত ব্যৱহাৰ ঢোল–পেঁপা!

অসমীয়াৰ স্বাভিমানত আঘাত! বিলাতী সুৰা কোম্পানীৰ বিজ্ঞাপনত ব্যৱহাৰ ঢোল–পেঁপা!

ডিজিটেল ডেস্কঃ বহিৰাগত এটা প্রতিষ্ঠানে সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰিলে অসমৰ লোকবাদ্য ঢোল–পেঁপা। ইয়াকে লৈছে সূচনা হৈছে বিতর্কৰ৷ সচেতন লোকে ব্যক্ত কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ‘অ’চি ব্লু’ নামৰ বিলাতী সুৰাৰ বিজ্ঞাপনত ঢোল–পেঁপা ব্যৱহাৰ কৰাক লৈ স্তম্ভিত হৈ পৰিছে প্ৰতিজন অসমীয়া লোক৷ অসমৰ লোকসকলৰ আৱেগক জয় কৰিবলৈ এনে নিকৃ্ষ্ট পন্থা অৱলম্বন কৰা বাবে তীব্র ভাষাৰে গৰিহনা দিছে সচেতন মহলে৷

সুৰাৰ বটলৰ লগত ঢোল–পেঁপা সংযোজন কৰি বিজ্ঞাপনটোত লিখিছে যে “আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে, তেতিয়া অ’চি ব্লু লওক”৷ অসমীয়া বাক্য গাঁঠনিৰো কোনো সংগতি দেখা পোৱা নগ’ল বিজ্ঞাপনটোত। অসমীয়াৰ ঐতিহ্য তথা ভাষাক লৈ এনেদৰে সস্তীয়া কাৰবাৰ কৰা বাবে বিজ্ঞাপন প্ৰতিষ্ঠানটোক উচিত শাস্তি বিহিবলৈ দাবী উত্থাপন হৈছে। ছ’চিয়েল মিডিয়াতো একাংশই উজাৰিছে ক্ষোভ। এনে দুষ্কার্যক কোনোপধ্যে গ্রহণ নকৰে বুলি কৈ শীঘ্রে উক্ত বিষয় সন্দর্ভত অসম চৰকাৰক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে সচেতন লোকসকলে৷

আৰু পঢ়কঃ হিন্দু দেৱ-দেৱীৰ মূৰ্তি ভাঙি চূৰমাৰ! দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ তীব্ৰ অভিযান

কেৱল এয়াই নহয় বিলাতী সুৰা কোম্পানীটোৰ কর্তৃপক্ষক শীঘ্রে এই বিজ্ঞাপন বন্ধ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈও দাবী উত্থাপন হৈছে৷ যদিহে সুৰা কোম্পানীটোৱে শীঘ্রে বিজ্ঞাপন বন্ধ নকৰে, তেন্তে আইনৰ কাষ চাপিব বুলিও হুংকাৰ দিছে সচেতন মহলে৷অসমবাসীক চৰম অপমান কৰি সুৰা কোম্পানীটোৱে নিজৰ প্ৰচাৰৰ বাবে অসমীয়া গৌৰৱৰ ঢোল পেঁপা ব্যৱহাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰি উচিত ব্যৱস্থা ল’বলৈ জাতীয় সংগঠনসমূহক আহ্বান জনাইছে একাংশই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular