Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeৰাষ্ট্ৰীয়পাঁচ মাহত ৩১ বাৰ ক'ভিড আক্ৰান্ত মহিলাক লৈ বিপাঙত চিকিৎসক মহল

পাঁচ মাহত ৩১ বাৰ ক’ভিড আক্ৰান্ত মহিলাক লৈ বিপাঙত চিকিৎসক মহল

জয়পুৰ: ৰাজস্থানৰ এগৰাকী ৩৫ বছৰীয়া মহিলা মাত্ৰ পাঁচ মাহৰ ভিতৰত ৩১ বাৰ ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱা ঘটনাই বিপাঙত পেলাইছে চিকিৎসক মহলক। ১৭ টা আৰটি-পিচিআৰ আৰু ১৪ টা দ্ৰুত এণ্টিজেন পৰীক্ষাকে ধৰি তেওঁৰ সকলো পৰীক্ষা পজিটিভ অহা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : অতিমাৰীৰ বাবে আনবাৰতকৈ পৃথক হ’ব গণতন্ত্ৰ দিৱস, বাদ পৰিব এইসমূহ দিশ

কৰ’নাভাইৰাছৰ ইনকিউবেশ্য়ন চক্ৰ ১৪ দিনত শেষ হয় বুলি বিশ্বাস কৰা হয় যদিও সাৰদা দেৱীৰ ক’ভিড-১৯ সম্পৰ্কীয় সকলো ফলাফলে চিকিৎসা তত্ত্বৰ বাবে এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে৷ তেওঁৰ প্ৰথম পৰীক্ষা ছেপ্টেম্বৰত আৰু ৭ জানুৱাৰীত আটাইতকৈ শেহতীয়া পৰীক্ষা কৰা হৈছিল, আৰু প্ৰতিবাৰতেই তেওঁৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহে৷ মহিলাগৰাকী বিগত বছৰৰ আগষ্টৰপৰা জয়পুৰৰ ভৰতপুৰৰ স্বপ্না আশ্ৰমত আছে।

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা

আশ্ৰমৰ প্ৰট’কল অনুসৰি, প্ৰৱেশকাৰী হিচাপে গ্ৰহণ কৰাৰ আগতে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ফলাফল ইতিবাচক আহিছিল৷ বহুতো চিকিৎসকে অনুমান কৰা মতে দেৱীক নিৰন্তৰভাৱে ইতিবাচক পৰীক্ষা কৰাৰ কাৰণ তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দুৰ্বলতা হ’ব পাৰে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular