spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকস্বামীৰ আতিশয্যৰ বলি হৈ মছজিদৰ পৰা আত্মহত্যাৰ ভাবুকি মহিলাৰ: অৱশেষত আৰক্ষীয়ে কৰিলে...

স্বামীৰ আতিশয্যৰ বলি হৈ মছজিদৰ পৰা আত্মহত্যাৰ ভাবুকি মহিলাৰ: অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ

ডিজিটেল ডেস্ক: মৰিগাঁৱৰ মিকিৰগাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ সন্তানৰ সৈতে মছজিদৰ ছাদত আশ্ৰয় লৈছে এগৰাকী দুৰ্ভগীয়া মহিলাই৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি স্বামীৰ আক্ৰমণৰ বলি হৈছিল মহিলাগৰাকী৷ অৱশেষত আজি মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক৷ মৰিগাঁৱৰ মিকিৰ গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো৷ কণমানি সন্তানক কোলাতলৈ আত্মহত্যাৰ ভাবুকি জায়েজা বেগম নামৰ মহিলাগৰাকীৰ৷

নিৰ্মীয়মাণ মছজিদৰ মীনাৰৰ ওপৰৰ পৰা জপিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰে মহিলাগৰাকীয়ে৷ দীৰ্ঘদিন ধৰি স্বামী ৰীয়াজ উদ্দিনে অত্যাচাৰ কৰাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ ক্ষোভ জায়েজাৰ৷

উল্লেখ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাৰ৷ প্ৰতিদিনে শাৰীৰিক তথা মানসিক অতিশায্যৰ বলি হৈছে মহিলাসকল৷ আজি তেনে এক মানসিক তথা শাৰীৰিক অতিশায্যৰ বলি হৈ কণমানি সন্তানক লৈ মছজিদৰ পৰা অত্মহত্যা কৰিব খোজাৰ দৰে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে স্বামী ৰিয়াজ উদ্দিনক গ্ৰেপ্তাৰ কৰাতহে উদ্ধাৰ কৰিব পাৰে মহিলাগৰাকীক৷ উত্তেজিত মহিলাই ৰিয়াজউদ্দিনক ঘটনাস্থলীলৈ অনাৰ দাবীত উত্তপ্ত কৰিছে পৰিৱেশ৷ মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ আহে মৰিগাঁও অসামৰিক চিকিৎসায়লৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular