spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
HomeUncategorizedযৌতুক দিবলৈ ধন নাছিল কন্যাপক্ষৰ, স্বামীগৃহত এটা সন্তানৰ মাতৃয়ে ভুগিছে যমৰ যাতনা

যৌতুক দিবলৈ ধন নাছিল কন্যাপক্ষৰ, স্বামীগৃহত এটা সন্তানৰ মাতৃয়ে ভুগিছে যমৰ যাতনা

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী নাৰীৰে সপোন থাকে, এদিন সুখৰ সংসাৰ কৰিব! সেই সপোনৰ আঁত ধৰিয়েই এইগৰাকী যুৱতীয়েও বৈবাহিক জীৱনৰ পাতনি মেলিছিল। ধেমাজি জিলাৰ ৰতনপুৰৰ ভৱেন কলিতা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। পিছে সংসাৰ সুখৰ নহ’ল তেওঁৰ।


মহিলাগৰাকীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি যৌতুক দাবী কৰিবলৈ ধৰিলে স্বামীৰ পৰিয়ালে। যৌতুক নিদিলে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো ভাবুকি দিয়ে স্বামীৰ পৰিয়ালে। কেৱল এয়াই নহয় ভৱেন কলিতা নামৰ লোকজনে বিগত চাৰিবছৰে এটি কন্যা সন্তানৰ মাতৃগৰাকীক কেৱল যৌতুকৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এই কাৰ্যত উচতনি তথা সহযোগ দি আহিছে শাহুৱেক-শাহুৰেকে।

উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত মহিলাগৰাকীয়ে এতিয়া আৰক্ষীৰ ওচৰ চাপিছে। ইতিমধ্যে স্বামী ভৱেন কলিতাৰ লগতে স্বামীৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিৰ্যাতিতা মহিলাগৰাকীয়ে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে আজিলৈকে সোধা-পোছাৰ বাবে অভিযুক্ত তথা পৰিয়ালটোৰ কোনো লোককে আটক কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular