spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াবিশ্বকাপত ঘূৰিছে ভয়ংকৰ দৈত্য! খেলপথাৰৰ বাহিৰত কিয় কম্পমান মহম্মদ নৱী?

বিশ্বকাপত ঘূৰিছে ভয়ংকৰ দৈত্য! খেলপথাৰৰ বাহিৰত কিয় কম্পমান মহম্মদ নৱী?

ডিজিটেল ডেস্ক : চলিছে বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ। সমুখ-সমৰত লিপ্ত হৈছে বহু চিৰন্তন প্ৰতিদ্বন্দ্বী। পিছে ক্ৰীড়াক্ষেত্ৰৰ এইসকল নিপুন যোদ্ধাক খেলপথাৰত কোনোৱেই ভীত-সন্ত্ৰস্ত কৰিব নোৱাৰে। খেলপথাৰত তেওঁলোক ভয়হীন আৰু দুৰন্ত যোদ্ধা। পিছে খেলপথাৰৰ বাহিৰতহে একাংশ খেলুৱৈকে খেদিছে এক অহেতুক ভীতিয়ে। এটা দৈত্যইহে যেন খেদিছে তেওঁলোকক। এই দৈত্যৰ মুকামুখি হ’ব নিবিচাৰিলেও উপায় নাই। দৈত্যটোৱে বিচাৰি আহিবই। এই ভীতিসঞ্চাৰী দৈত্য হৈছে ইংৰাজী ভাষা।


ভাৰতীয় খেলুৱৈসকল এতিয়া এই সমস্যাৰ পৰা প্ৰায় মুক্ত যদিও বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশৰ ভালেকেইজন খেলুৱৈক খেদি ফুৰে ইংৰাজী ভীতিয়ে। এইবাৰ ইংৰাজীৰ ক’বলগীয়া হোৱাৰ ভয়ত আফগানিস্তানৰ অধিনায়ক মহাম্মদ নৱী কঁপিছে থৰথৰকৈ। সাধাৰণতে এখন খেলৰ শেষত সংবাদমেল সম্বোধন কৰিবলগীয়া হয় অধিনায়কে। বিভিন্ন দিশৰ সাংবাদিকে ইংৰাজীত সোধে বিভিন্ন প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ ইংৰাজীত দিবলগীয়া হোৱাৰ বাবে ভয়ে-শংকাই মুখ শুকাই গৈছে মহম্মদ নৱীৰ।


সংবাদ মেলৰ পূৰ্বে মহম্মদ নৱীয়ে প্ৰেছ মেনেজাৰৰ সৈতে হোৱা এক আমোদজনক কথোপকথনৰ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আৰু এয়া শুনি সকলোৰে হাঁহি বিৰিঙিছে। আফগান অধিনায়কগৰাকীয়ে প্ৰেছ মেনেজাৰৰ বিতত কণ্ঠেৰে কৈছে, ‘এয়া সকলোতকৈ ভয়লগা আৰু কঠিন কাম ভাই। কিমান প্ৰশ্ন আছেনো? ৫ মিনিটতে মোৰ ইংৰাজী খটম হৈ যাব ভাই।’ নৱীৰ এই কথোপকথনৰ ভিডিঅ’ ৰেকৰ্ডিং ক্ৰিকেট অনুৰাগীসকলৰ মাজত ভাইৰেল হৈ পৰিছে। আৰু সকলোকে আমোদো দিছে।
খেলপথাৰত কোনো খেলুৱৈয়ে ভয় খুৱাব নোৱাৰা নৱীৰ দৰে খেলুৱৈক খেলপথাৰৰ বাহিৰত ইংৰাজী নামৰ ভয়ংকৰ দৈত্যই খেদি ফুৰাটো সঁচাকৈয়ে আমোদজনক নহয়নে? উল্লেখ্য যে, সোমবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে সুন্দৰ জয়েৰে আফগানিস্তানে নিজৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular