spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াবিশ্বকাপ বিজয় আনন্দৰ বন্য ৰূপ : জোতাত বীয়েৰ ঢালি কৰিলে পান, ড্ৰেছিং...

বিশ্বকাপ বিজয় আনন্দৰ বন্য ৰূপ : জোতাত বীয়েৰ ঢালি কৰিলে পান, ড্ৰেছিং ৰূমৰ ‘সুৰাস্নান’…

ডিজিটেল ডেস্ক : দুৰ্দান্ত প্ৰদৰ্শনেৰে টি-২০ বিশ্বকাপ ৰ খিতাপ নিজৰ দখললৈ নিলে অষ্ট্ৰেলিয়াই। ডুবাইত নিউজিলেণ্ডত আঠ উইকেটত পৰাজিত কৰি ক্ৰিকেটৰ এই ক্ষুদ্ৰ সংস্কৰণৰ নতুন চেম্পিয়নত পৰিণত হ’ল অষ্ট্ৰেলিয়া। দুৰ্দান্ত প্ৰদৰ্শনেৰে পুনৰ উজলি উঠিল মিচেল মাৰ্শ্ব, ডেভিড ৱাৰ্নাৰ, গ্লেন মেক্সৱেল, জছ হেজলউডৰ দৰে অষ্ট্ৰেলিয়ান তাৰকা। মিচেল মাৰ্শ্বে ৫০টা বলত অপৰাজিত ৭৭ৰাণেৰে অষ্ট্ৰেলিয়াৰ জয়ত ল’লে মুখ্য ভূমিকা। ডেভিড ৱাৰ্নাৰো চমকপ্ৰদ অৰ্ধশতকেৰে উজলি উঠিল ফাইনেলত।

তাৰ পূৰ্বে হেজলউডে তিনিটা উইকেট দখল কৰি নিউজিলেণ্ডৰ ইনিংছত গতিৰোধক সৃষ্টি কৰিবলৈ সক্ষম হ’ল। সেয়েহে কিৱি কেপ্টেইন ইউলিয়ামছনৰ দুৰ্দান্ত ৮৫ ৰাণৰ ইনিংছৰ পাছতো কাংক্ষিত স্কোৰৰ পৰা কিছু আঁতৰতে ৰৈ যাবলৈ বাধ্য হ’ল দলটো। অৱশ্যে ৭টাকৈ বল থকা অৱস্থাতে বিজয় সাব্যস্ত কৰি অষ্ট্ৰেলিয়াই নিজৰ শক্তি আৰু পৰাক্ৰম প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। পিছে এই বিজয়ৰ পাছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ বন্য উল্লাসে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে।


বিশ্বকাপ বিজয়ৰ আনন্দত উত্ৰাৱল হৈ পৰা অষ্ট্ৰেলিয়াৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰৰ বন্য উল্লাসে এতিয়া চৰ্চা লাভ কৰিছে। ড্ৰেছিং ৰূমত হাতে হাতে বীয়েৰৰ কেন লৈ মতলীয়া হৈ পৰা দেখা গৈছিল দলৰ সদস্যসকলক। পিছে কেৱল এয়াই নহয়, মাৰ্কছ ষ্টইনিছ, মেথিউ ৱেডৰ কাৰ্যই চকু কপালত তুলিলে সকলোৰে। আনন্দত মতলীয়া হৈ ৱেড, ষ্টইনিছে নিজৰ জোতা খুলি পেলায় আৰু তাতে বীয়েৰ ঢালি পান কৰা দেখা যায়। একপ্ৰকাৰ বন্য উল্লাসত ফাটি পৰা এইসকল তাৰকাৰ কাৰ্যই এতিয়া ক্ৰিকেটপ্ৰেমীক দিছে আমোদ।

ড্ৰেছিং ৰূমৰ আন এটা ভিডিঅ’ত দেখা গৈছে সুৰাৰ বন্যা। হাতে হাতে বীয়েৰৰ কেন লৈ আনন্দ উদযাপন কৰা দেখা গৈছে ক্ৰিকেটাৰ সকলক। জেম্পাৰ পৰা মেক্স’ৱেললৈ সকলোৱে মতলীয়া হৈ পৰিছে উল্লাসত। তাৰ মাজতে চেম্পেইনৰ বটল খুলি ‘সুৰাস্নান’ কৰাও দেখা গৈছে কেইবাজনো ক্ৰিকেটাৰক। বিশ্বকাপ অভিযানৰ এই সফল সমাপ্তিৰ পাছত অষ্ট্ৰেলিয়াৰ এই বিজয় উল্লাস চৰ্চাৰ কাৰণ হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular