spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআন্তঃৰাষ্ট্ৰীয়আতংকিত জনতা! ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ...

আতংকিত জনতা! ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা

ডিজিটেল ডেস্কঃ ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা। এই ঘটনাই বিশ্বযুদ্ধৰ বিভীষিকাক পুনৰ স্মৰণ কৰালে জনসাধাৰণক। জাৰ্মানীৰ মিউনিখ চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা হঠাতে ফুটি যায়। ইয়াৰ ফলত সমগ্ৰ চহৰখনতে আতংক বিয়পি পৰে। বোমাৰ বিস্ফোৰণ জনসমাগমস্থলীত হোৱা নাছিল যদিও এই আকস্মিক দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি বুলি জানিব পৰা গৈছে।

বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে চহৰখনৰ ৰে’ল সুৰংগৰ বাবে ড্ৰিলিং কৰোঁতে বোমাটো বিস্ফোৰণ হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল ১৯৪৫ চনত অৰ্থাৎ বোমাটো উক্ত ঠাইত কমেও ৭৬ বছৰ ধৰি পৰি আছিল। বিশ্বযুদ্ধৰ সময়ৰ অবিস্ফোৰিত বোমা জাৰ্মানীত পোৱাটো এটা সাধাৰণ ঘটনা। দেশখনত বহু বোমা বিশেষজ্ঞসকলে নিষ্ক্ৰিয় কৰিছিল। কিন্তু ২৫০ কিলোগ্ৰামৰ এই আকাশীযানৰ পৰা পেলোৱা বোমাটোৰ কথা কোনেও গম পোৱা নাছিল। এই বোমাৰ তথ্য কাৰো হাততে নাছিল।

এখন দলঙৰ ওচৰত সুৰংগ নিৰ্মাণৰ কামৰ সময়ত বোমাটো বিস্ফোৰণ হৈছিল। এটা প্ৰচণ্ড শব্দ কৰি বোমাটো ফুটিছিল আৰু চৌদিশে ধোঁৱাই আঁৱৰি ধৰিছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ খনন যন্ত্ৰ ছিটিকি যায়। হয়তো এনেদৰে পৰি ৰোৱা বোমা আৰু থাকিবও পাৰে, এই কথা ভাবি জামাৰ্নীবাসী আতংকিত হৈ পৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular