spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকভুল চিকিৎসাৰ বলি হৈ মৃত্যু চাৰিদিনীয়া দেৱশিশুৰ

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু চাৰিদিনীয়া দেৱশিশুৰ

ডিজিটেল ডেস্ক : ভুল চিকিৎসাৰ ভয়ংকৰ পৰিণতিত মৃত্যু হ’ল এটি চাৰিদিনিয়া দেৱ শিশুৰ। বিলাসীপাৰাত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ মঙলবাৰে বিয়লিৰ ভাগত সংঘটিত হোৱা এই ঘটনাৰ পাছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি চিআৰপি আৰু আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয়।

বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱাৰ্ডস্থিত নয়নতাৰা হোমিও’ চিকিৎসালয়ত মৃত্যু হয় দেৱ শিশুটিৰ। বিলাসীপাৰা চহৰৰ ৭ নম্বৰ ৱাৰ্ড সাতবেৰৰ আছৰাফুল হকৰ চাৰি দিনীয়া পুত্ৰ সন্তানটি কান্দি থকাৰ বাবে বিয়লি চিকিৎসালয় খনত চিকিৎসাৰ বাবে লৈ যায়। চিকিৎসক বি ছি সৰকাৰে নৱজাতক শিশুটিক চাৰি ফোটা ঔষধ সেৱন কৰাই ঘৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে। ঘৰলৈ নিয়াৰ পথত শিশুটি সম্পূৰ্ণ ৰূপে কলা হৈ পৰে আৰু পাছত শিশুটিক পুনৰ চিকিৎসালয়খনলৈ নিয়ে যদিও শিশুটিৰ মৃত্যু হয়।

ইয়াকে লৈ স্থানীয় ৰাইজ উত্তপ্ত হৈ চিকিৎসালয়খনৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত মৃত শিশুটিৰ পৰিয়ালে চিকিৎসক বিকাশ চন্দ্ৰ সৰকাৰৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular