spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়া৬মাহ ধৰি পথে-পথে ঘূৰি ফুৰিছো, মানসিক ক্লান্তিয়েই পৰাজয়ৰ মুখ্য কাৰণ...

৬মাহ ধৰি পথে-পথে ঘূৰি ফুৰিছো, মানসিক ক্লান্তিয়েই পৰাজয়ৰ মুখ্য কাৰণ…

নতুন দিল্লীঃ পৰাজয়ৰ গ্নানিয়ে খেদি ফুৰিছে টীম ইণ্ডিয়াক। বিশ্বকাপৰ লীগ মেচত ক্ৰমাগত পৰাজয়ৰ পাছত ওলাইছে নানা প্ৰসংগ। এদিনীয়া, টেষ্ট, টি-২০ যিকোনো সংস্কৰণৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে নাম ৰৈ বৈ যোৱা এটি দল ভাৰত। টি-২০ত ভাৰত অন্যতম শক্তিশালী দল। আইপিএল- ফ্ৰেঞ্চাইজি টুৰ্ণামেণ্টে ক্ৰিকেটক এক পৃথক মাত্ৰা প্ৰদান কৰিলেও বিশ্বকাপৰ এক নিজস্ব স্বকীয়তা আছে। সেই লীগ খেলত খেলিবৰ বাবে বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈ অধীৰ অপেক্ষাৰে বাট চাই থাকে। একাংশই উত্থাপন কৰাৰ দৰে আইপিএলৰ যোগেদি ভাৰতে পাৰদৰ্শী খেলুৱৈ পোৱা কথাটো একেবাৰে নুই কৰিব নোৱাৰি। কিন্তু শেহতীয়া বিশ্বকাপৰ দুখনকৈ খেলত পৰাজয়ৰ মুখ দেখা দলটোক লৈ উদ্বিগ্ন ক্ৰীড়ানুৰাগী।

এটা দলে পৰাজিত হ’ব পাৰে, শ্ৰেষ্ঠ দলটোৱে একেৰাহে দুখন মেচ হেৰুৱাব পাৰে! কিন্তু ভাৰতৰ পৰাজয়ৰ ধাৰাই ক্ৰিকেট অনুৰাগীসকলক আচৰিত কৰি তুলিছে। পাকিস্তান-নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত ২০০৭চনৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতে এইবাৰ ছেমিফাইনেলত প্ৰৱেশৰ বাবে আন দলৰ ওপৰত বিৰ্ভৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ এনে অৱস্থা কাহানিও হোৱা নাছিল! ভাৰতৰ এই বিফলতাৰ বিভিন্ন ধৰণে বিশ্লেষণ কৰা হৈছে। প্ৰাক্তন ক্ৰিকেটাৰসকলে বিভিন্নধৰণে বিশ্লেষণ কৰি আছে,ব্যক্ত কৰিছে নানা প্ৰতিক্ৰিয়া। কোহলী-ৰোহিত-ৰাহুল-যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি চলিছে নিৰন্তৰ গৱেষণা। এনে নানা আলাপ-আলোচনা চলি থকা সময়তে নিউজিলেণ্ডৰে ভাৰতৰ শোচনীয় পৰাজয়ৰ স্বত্বেও বলেৰে ভাল প্ৰদৰ্শন আগবঢ়োৱা পেচাৰ যশপ্ৰীত বুমৰাহে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বুমৰাহে কয়, ‘পৰাজয়ৰ আঁৰত মানসিক ক্লান্তি হৈছে মুখ্য কাৰণ।’

অৱশ্যে, ভাৰতীয় ক্ৰিকেটাৰসকলৰ মানসিক ক্লান্তিৰ কাৰণো নথকা নহয়। উল্লেখ্যে যে, দলটোৱে বিগত মে’ মাহৰ পৰা দেশৰ বাহিৰত আছে। ক’ৰ’না অতিমাৰীৰ বাবে, সৰহভাগ সময় আইছ’লেশ্যনতে কটাব লগা হৈছিল। প্ৰথমে ইংলেণ্ডত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, তাৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধে দীঘলীয়া টেষ্ট শৃংখলা। ইয়াৰ মাজতে, আৰু এটা দল গঠন কৰা হৈছিল। যিটো দলক শৃংখলাটোৰ বাবে শ্ৰীলংকালৈ প্ৰেৰণ কৰা হৈছিল। সেইবাবে বুমৰাহে কয়, ‘কেতিয়াবা বিশ্ৰামৰো প্ৰয়োজন হয়। একেৰাহে ৬মাহ খেলপথাৰত থকাটো সহজ নহয়। আমি ৬মাহ ধৰি পথে পথে ঘুৰি ফুৰিছো। বিচিচিআই-এ আমাক সৰ্বোচ্চ মানসিক সকাহ দিবলৈ চেষ্টা কৰিছে। কিন্তু মনৰ ভাগৰহে আচল।’ অতি তাত্‍পৰ্য পূৰ্ণ মন্তব্য কৰিছে বুমৰাহে। দীঘলীয়া সময়সূচী অবিহনে আইপিএল শেষ নোহোৱাকৈ টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতীয় পেচাৰ বুমৰাহে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular