spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকপ্ৰেমিকাৰ ঘৰৰপৰাই নোহোৱা হৈছিল যুৱক , ঝাৰণিত উদ্ধাৰ মৃতদেহ...

প্ৰেমিকাৰ ঘৰৰপৰাই নোহোৱা হৈছিল যুৱক , ঝাৰণিত উদ্ধাৰ মৃতদেহ…

ডিজিটেল ডেস্কঃ প্ৰেম কাৰ জীৱনত নহয়? প্ৰেমে কাৰোবাৰ জীৱন ৰঙীন কৰে, আন কাৰোবাৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। প্ৰেমৰ মায়াজালত পৰিয়েই হত্যাৰ বলি হ’ল এজন যুৱক । ভেৰগাঁৱৰ ডিমাকুছিৰ ২নং সোণাজুলী গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো৷ নলবাৰীৰ অজয় বৰ্মন(২২) নামৰ যুৱক এজনক দুৰ্বৃত্তই হত্যা কৰি গভীৰ অৰণ্যত পেলাই থৈ যোৱাৰ খবৰ পোহৰলৈ আহিছে। নলবাৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত দিৰুৱা গাঁৱৰ বিৰাজ বৰ্মনৰ তৃতীয় পুত্ৰ অজয় বৰ্মনে লক্ষ্মী পূজাৰ দিনা ভেৰগাঁৱৰ ডিমাকুছিৰ সোণাজুলিত প্ৰেয়সীৰ গৃহলৈ আহি মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সোণাজুলি গাঁৱৰ হৰেন ডেকাৰ ১৫ বছৰীয়া কন্যাৰ সৈতে নলবাৰীৰ যুৱকজনৰ আছিল প্ৰেমৰ সম্পৰ্ক৷

লক্ষ্মী পূজাৰ নিশা যুৱতীগৰাকীৰ সৈতে ঘৰৰ ভিতৰত প্ৰেমালাপ কৰি থকা যুৱতীগৰাকীৰ দেউতাকে প্ৰত্যক্ষ কৰাত সেই স্থান ত্যাগ কৰি যুৱকজন পলাই যায়৷ তাৰপাছৰে পৰা যুৱকজন নিৰুদ্দিষ্ট হৈ পৰে৷ সম্পৰ্কীয় আলহীৰ লোকে যুৱকজনক ফোন কৰিছিল যদিও তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাছিল৷ সম্পৰ্কীয় পেহীয়েকৰ সন্দেহ ওপজাত বৃহস্পতিবাৰে ডিমাকুছি থানত এজাহাৰ দাখিল কৰাৰ লগতে যুৱকজনৰ ঘৰলৈ খবৰ দিয়ে৷ এজাহাৰৰ ভিত্তিত ডিমাকুছি থানাৰ অ’চি উপেন চন্দ্ৰ বৰ্মনসহ আৰক্ষীৰ দল এটাই অভিযান চলাই শুকুৰবাৰে যুৱকজনৰ মৃতদেহ এখন ঝাৰণিৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

যুৱকজনৰ এখন ভৰি আৰু মুখমণ্ডলৰ লগতে মৃতদেহটোৰ কেইবাস্থানতো আঘাতৰ চিন স্পষ্ট হৈ আছে৷ আৰক্ষী আৰু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে, এয়া এক নৃশংস হত্যাকাণ্ড৷ হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচজনকৈ অভিযুক্তৰ নামৰ তালিকা আৰক্ষীৰ হাতত পৰিছে যদিও হত্যাকাৰীক এতিয়ালৈ আটক কৰিব পৰা নাই৷ ইতিমধ্যে ১৫ বছৰীয়া যুৱতীগৰাকীৰ লগতে পিতৃ হৰেণ ডেকাক সোধা-পোছাৰ বাবে আৰক্ষীয়ে থানালৈ আনে৷ ঘটনাস্থলীত এছডিপিঅ’ জ্যোতিপ্ৰসাদ পেগু উপস্থিত হৈ উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত ৰহস্য কি! ইফালে ৰাইজে হত্যাকাৰীক অতিশীঘ্ৰে আটক কৰি কঠোৰ শাস্তি বিহিবলৈ মৃতদেহৰ ওচৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাক কেন্দ্ৰ কৰি ভেৰগাঁৱৰ ডিমাকুছিত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular