spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকপ্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে অপহৰণৰ চেষ্টা যুৱতীক: ক’ত ঘটিল এই ভয়ংকৰ ঘটনা?

প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে অপহৰণৰ চেষ্টা যুৱতীক: ক’ত ঘটিল এই ভয়ংকৰ ঘটনা?

ডিজিটেল ডেস্ক : প্ৰেম হৈছে সৰগীয় অনুভুতি! প্ৰেমৰ মায়াজালে প্ৰেমিক যুগলক বান্ধি ৰাখে এক ধাৰাত৷ কিন্তু লেঠাটো লাগে প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলেই৷ তেনে এক ভয়ংকৰ ঘটনাৰ সাক্ষী হৈছে এগৰাকী যুৱতী৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক অপহৰণৰ চেষ্টা চলায় প্ৰেমিকে৷ মাৰণাস্ত্ৰ দেখুৱাই এগৰাকী ছাত্ৰীক গাড়ীত উঠাই নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ৷ মায়ঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

অভিযোগ অনুসৰি, শুকুৰবাৰে কলেজৰ পৰা ঘৰলৈ যোৱাৰ পথত এখন বাহনত অহা দুই যুৱকে পথৰ মাজত আগচি ধৰে ছাত্ৰীগৰাকীক৷ ছাত্ৰীগৰাকীৰ স্কুটীখনত আক্ৰমণ কৰাৰ লগতে মাৰণাস্ত্ৰ দেখুৱাই অপহৰণৰ চেষ্টা চলায় যুৱতীগৰাকীক। অৱশ্যে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত যুৱকদ্বয়ে পলায়ন কৰে আৰু কথমপি ৰক্ষা পৰে ছাত্ৰীগৰাকী। এই সন্দৰ্ভত মায়ং আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। বৰ্তমান পলাতক অপহৰণৰ চেষ্টা চলোৱা তাজামুল হুছেইন আৰু সহযোগী৷

উল্লেখ্য যে, ছাত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল তাজামুল হুছেইনে আৰু ছাত্ৰীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰিছিল৷ তাতেই খৰ্গহস্ত হৈ ছাত্ৰীগৰাকীক অপহৰণ চেষ্টা চলায়৷ উল্লেখ্য যে, বিগত সময়ত যুৱতীগৰাকীক বিভিন্ন ভয়-ভাবুকিৰ লগতে প্ৰাণেমৰাৰ ভাবুকিও প্ৰদান কৰিছিল তাজামুলে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular