spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকজুবিন গাৰ্গক লগ কৰিবলৈ গৈ অসম ৰাইফলৰ হাতত গ্ৰেপ্তাৰ যুৱক! কিন্তু কিয়?

জুবিন গাৰ্গক লগ কৰিবলৈ গৈ অসম ৰাইফলৰ হাতত গ্ৰেপ্তাৰ যুৱক! কিন্তু কিয়?

ডিজিটেল ডেস্ক: ৰাজ্যৰ যুৱক-যুৱতীসকলৰ আলফা স্বাধীনত যোগদান কৰাক লৈ বৃদ্ধি পোৱা প্ৰৱণতা উদ্বেগৰ বিষয় হিচাপে চৰ্চিত হৈছে। অলপতে ৰাজ্যৰ ৫গৰাকী যুৱতীয়ে আলফাত যোগদান কৰাৰ খবৰে সকলোকে হতবাক কৰি পেলাইছিলে৷ এনেতে টংলাৰ এজন উদয়ীমান যুৱকৰ আলফা স্বাধীনত যোগদান কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লগ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল টংলাৰ বিকাশ ডেকা নামৰ যুৱকজন৷

গাৰ্গক
জুবিন গাৰ্গক লগ কৰিবলৈ গৈ অসম ৰাইফলৰ হাতত গ্ৰেপ্তাৰ যুৱক!

তাৰপাছতে যুৱকজন অসম ৰাইফলচৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত মঙলবাৰৰ পৰা নিখোজ হৈ আছিল বিকাশ ডেকা৷ বিকাশৰ ঘৰ টংলাৰ জলাহ গাঁৱত। জানিব পৰা মতে, আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন’ জিলাত গ্ৰেপ্তাৰ হৈছিল তিনিজন যুৱক ।

তাৰে মাজৰে এজন বিকাশ বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি অহা বিকাশ ডেকাই নাট্য কৰ্মী পবিত্ৰ ৰাভাৰʼ আমাৰ গাঁৱতʼ জুবিন গাৰ্গক লগ পাইছিল। আৰু পৰিয়ালৰ লোকে জনোৱা মতে, মাজে মাজে জুবিন গাৰ্গক লগ কৰিবলৈকো গৈছিল বিকাশ। আনহাতে বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছিল তেওঁ আৰু সেইদিনাও জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল। ফলত অসম ৰাইফলছৰ হাতত গ্ৰেপ্তাৰ হয় যুৱকজন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular