নিশা মহানগৰীত জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ : এজাহাৰ দাখিল

গুৱাহাটী : অসম চৰকাৰে আৰম্ভ কৰা ‘আত্মনিৰ্ভৰশীল অসম গঢ়া’ৰ ক্ষেত্ৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ পাছৰে পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গ৷ বুধবাৰে নিশা মহানগৰীৰ গণেশগুৰিত জুবিনক ৬ জনীয়া দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ চেষ্টা কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷

আৰু পঢ়িব পাৰিব: ৰাজপথ নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ ঠিকাদাৰৰ

আক্ৰমণৰ চেষ্টা চলোৱা গাড়ীখনৰ গৰাকীৰ নাম হীৰকজ্যোতি ৰাজবংশী৷  জু-ৰোডৰ পৰা কাহিলীপাৰাস্থিত ঘৰলৈ গৈ থকা অৱস্থাত নিশা ১২: ৪০ বজাতএই ঘটনা সংঘটিত হয়৷

জানিব পৰা মতে, ৰাজপথত কাম কৰি থকা লোকক অশালীন গালি-গালাজ কৰিছিল সুৰামত্ত কেইজনমান যুৱকে৷ সেই সময়তে সেই ঠাইৰে আহিছিল জুবিন গাৰ্গ৷  জুবিনে গাড়ী ৰখাই যুৱককেইজনৰ এই কাণ্ডৰ বাধা দিওঁতেই আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে জুবিনৰ ওপৰত৷ জানিব পৰা মতে হাতত বিয়েৰৰ বটল আছিল যুৱক কেইজনৰ৷

AS-01BY-0675 নম্বৰৰ গাড়ীত আহিছিল দুৰ্বৃত্তৰ দলটো৷ জুবিনক অশ্ৰাব্য ভাষাৰে গালি-গালাজ পাৰে দলটোৱে৷ এই ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে জুবিনে৷

আৰু পঢ়িব পাৰিব: পি.এইচ.ই বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ

কৃষি বিপ্লৱৰ সৈতে জড়িত হৈ ‘পথাৰো আমাৰ বজাৰো আমাৰ’ নামেৰে জাগৰণ সৃষ্টি কৰাৰ সময়তে সন্মুখীন হৈছিল সমালোচনাৰ৷ ‘কা’বিৰোধী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি চৰকাৰৰ বিৰোধিতা কৰা জুবিনে অসম চৰকাৰৰ কৃষি বিভাগৰ ‘ব্ৰেণ্ড এম্বেছাডৰ’ কৰাক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES