spot_img
34 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিককি আছে জুবিন গাৰ্গৰ 'ডাষ্টবিন'ত?

কি আছে জুবিন গাৰ্গৰ ‘ডাষ্টবিন’ত?

ডিজিটেল ডেস্ক : জুবিন মানেই নতুন, জুবিন মানেই সৃষ্টি। সৃষ্টিৰ সফুঁৰাত প্ৰতিদিনেই নতুন পৃষ্ঠাৰ সংযোজন ঘটায় জুবিনে। প্ৰায় ২৯ বছৰ কাল নিজৰ কলাৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি ভাগৰৰ অপতৃণ গজিব দিয়া নাই জুবিনে। অসমীয়া সংগীতজগতৰ নক্ষত্ৰ জুবিন গাৰ্গে চিনেমা জগততো আনিছে এক পৰিৱৰ্তনৰ জোঁৱাৰ। অসমীয়া ছবিজগতৰ ডুবন্ত নৌকা উদ্ধাৰত অহোপুৰুষাৰ্থ কৰি আহিছে জুবিনে।

শেহতীয়াকৈ ‘মিছন চাইনা’ আৰু ‘কাঞ্চনজংঘা’ৰ জৰিয়তে অসমীয়া ছবিজগতলৈ আলোড়ন আনিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে।
এইবাৰ ‘ডাষ্টবিন’ লৈ ওলাইছে জুবিন গাৰ্গ। প্ৰিয় শিল্পীগৰাকীৰ ‘ডাষ্টবিন’লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে জুবিন অনুৰাগীসকলে। ক’ভিড পৰিস্থিতিয়ে বাৰুকৈয়ে জুৰুলা কৰা ছবিজগতক পুনৰুদ্ধাৰৰ বাবে জুবিন গাৰ্গে নিৰ্মাণ কৰিবলৈ ওলাইছে ‘ডাষ্টবিন’ নামৰ ছবিখন।


মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘মিলনৰ মুৰুলী’ শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে জুবিন গাৰ্গে। মিলনৰ মুৰুলীত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু জুবলী বৰুৱাই। অনুষ্ঠানত সোনকালে অসমৰ ছবিঘৰসমূহো খুলিব বুলি আশা প্ৰকাশ কৰে জুবিনে। লগতে মাজুলীৰ নাও দুৰ্ঘটনা তথা দলঙৰ আৱশ্যকতাৰ প্ৰসংগতো মন্তব্য দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
34 ° C
35.4 °
34 °
62 %
2.6kmh
20 %
Sun
34 °
Mon
34 °
Tue
28 °
Wed
28 °
Thu
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular