spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকচিকিৎসাধীন জুবিন গাৰ্গ: কি ক’লে চিকিৎসকে?

চিকিৎসাধীন জুবিন গাৰ্গ: কি ক’লে চিকিৎসকে?

গুৱাহাটী: থাৰ্টথ্ৰৱ জুবিন পুনৰ অসুস্থ৷ মায়াবিনী সুৰেৰে লাখ লাখ অনুৰাগীক মোহাচ্ছন্ন কৰা জুবিনৰ অসুস্থতাৰ বাতৰিৰ পাছতে চিন্তিত সকলো৷ জুবিন বুলিলেই যেন এক আৱেগৰ সৃষ্টি হয় যুৱ-প্ৰজন্মৰ মাজত৷ সেই আৱেগ তথা শিল্পী জুবিনৰ অসুস্থতা সহজে মানি নলয় যুৱ-প্ৰজন্মই৷ বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰা জনপ্ৰিয় শিল্পীগৰাকীক নিশাই ‘আয়ুৰসুন্দ্ৰা হাস্পতাল’ত ভৰ্তি কৰোৱা হয়৷


জানিব পৰা মতে উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগি আছিল জুবিন৷ পৰিয়ালৰ সৈতে বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী৷ চিকিৎসকৰ বিশেষ পৰ্যবেক্ষণত থকা জুবিন বৰ্তমান সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে৷ সংবাদমেলযোগে চিকিৎসকে জনোৱা মতে, “এটা বিশেষ কোঠাত ৰখা হৈছে তেওঁক৷ হয়তো আজি আবেলিলৈকে আমি তেওঁক ঘৰলৈ যাবলৈ দিব পাৰিম৷”

ইপিনে ৭ জনীয়া এটা চিকিৎসকৰ বিশেষ দলে তেওঁক চিকিৎসা কৰি আছে৷ খেল চাবৰ বাবে আজি ডুবাইলৈ যোৱাৰ কথা আছিল জুবিন গাৰ্গ। অৱশ্যে পূৰ্বৰ বেমাৰৰ কোনো লক্ষণ শৰীৰত পোৱা নাই যদিও তেওঁক প্ৰয়োজন বিশ্ৰামৰ৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular