spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকআইপিএলৰ জ্বৰ জুবিন-গৰিমাৰো : কি ক'লে জুবিনে?

আইপিএলৰ জ্বৰ জুবিন-গৰিমাৰো : কি ক’লে জুবিনে?

গুৱাহাটী : হাৰ্টথ্ৰৱ জুবিন গাৰ্গক দেখা গ’ল এইবাৰ নতুন ৰূপত৷ চলিত আইপিএলত ‘ৰাজস্থান ৰয়েলছ’ক সমৰ্থন জনাই টি-চাৰ্ট পৰিধান কৰে জুবিন আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে৷

উল্লেখ্য যে, অসম সন্তান ৰিয়ান পৰাগে এইবাৰ আইপিএলত ‘ৰাজস্থান ৰয়েলছ’ৰ হৈ প্ৰদৰ্শন আগবঢ়াইছে৷ উদীয়মান খেলুৱৈগৰাকীক সমৰ্থন কৰি জুবিন-গৰিমাই এইদৰে টি-চাৰ্ট পৰিধান কৰি উৎসাহ যোগাই খেলুৱৈগৰাকীক৷

জুবিনে কয় যে, ‘‘থ্ৰি চিয়ৰ্ছ ফ’ৰ ৰাজস্থান ৰয়েলছ৷ মোৰ সমৰ্থন এইবাৰ এই দলটোলৈ৷ দলটোৰ হৈ খেলিছে মোৰ ভতিজা ৰিয়ান পৰাগে৷ বহুত শুভেচ্ছা ৰিয়ান আৰু ৰাজস্থান ৰয়েলছলৈ৷” মঙলবাৰে ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ সৈতে হোৱা মেচখনত জয়ী হয় ৰাজস্থান ৰয়েলছ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular