spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিককা'বিৰোধী ডিজিটেল আন্দোলন সম্ভৱনে ?

কা’বিৰোধী ডিজিটেল আন্দোলন সম্ভৱনে ?

ডিজিটেল ডেস্ক : এইবাৰ ছ’চিয়েল মিডিয়াত হ’ব এইবাৰৰ ‘কা‘ আন্দোলন৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনে কৰা মন্তব্যক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াক সৃষ্টি হৈছে৷ তেওঁ মন্তব্য কৰিছিল যে, ‘ক’ভিডৰ বাবে থমকি ৰৈছিল ‘কা’ বিৰোধী আন্দোলন। ‘কা’ৰ বিৰুদ্ধে পুনৰ অসমত উঠিব জোঁৱাৰ৷ এইবাৰ ‘কা’ৰ বিৰুদ্ধে ডিজিটেল আন্দোলন গঢ়ি তুলিম৷’ জুবিনৰ এই মন্তব্যক লৈ এতিয়া বিভিন্নজনে প্ৰকাশ কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। জুবিনৰ দাবীৰ প্ৰাসংগিকতাক লৈও উঠিছে প্ৰশ্ন। ‘ডিজিটেল মাধ্যেমে’ৰে অৰ্থাৎ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ‘কা’ আন্দোলন গঢ়ি তোলালো সম্ভৱপৰ হ’ব জানো?


উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন হোৱাৰ পাছত এই আইনবিৰোধী আন্দোলেনেৰে ২০১৯বৰ্ষৰ ১২ ডিচেম্বৰত উত্তাল হৈ পৰিছিল দেশৰ লগতে সমগ্ৰ ৰাজ্য৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ব্যাপক হাৰত ৰাষ্ট্ৰৰ লগতে অসমতো সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ৷ প্ৰথমে অসমত আৰম্ভ হোৱা প্ৰতিবাদ বিয়পি পৰিছিল আন আন ৰাজ্যৰ লগতে দিল্লী, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰালৈও৷ আৰু তেনে সময়তে অসমৰ কা’ আন্দোলনৰ গুৰি ধৰিছিল অসম ছাত্ৰ সন্থাৰ লগতে শিল্পী সমাজে৷ বিভিন্ন গীত-মাত আৰু নাটকেৰে শিল্পী সমাজে কৰি গৈছিল ‘কা’ৰ বিৰোধিতা৷ এই আন্দোলনত ৫জন প্ৰতিবাদকাৰীৰ মৃত্যুও ঘটিছিল৷ তাৰ ভিতৰত আৰক্ষীৰ গুলীত নিহত হৈছিল এগৰাকী ৯বছৰীয়া ছাত্ৰৰো৷ তাৰ পাছত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া৷ জুবিন গাৰ্গে কৈছিল, ‘আমি দিন-ৰাতি প্ৰতিবাদ কৰিছিলোঁ। ‘কা’ আন্দোলনত আমাৰ যুৱক শ্বহীদ হৈছিল। গতিকে আমি ইমান সহজে কথাবোৰ শেষ হ’বলৈ নিদিওঁ। যদি ৰাজ্যখনত ‘কা’ কাৰ্যকৰী কৰা হয়, মই ইয়াৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিম।’


শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ পাছত অসমৰ একাংশ দল সংগঠনে পুনৰ ‘কা’ বাতিলৰ দাবীত আন্দোলন কৰিব বুলি ঘোষণা কৰিছিল৷ এই সন্দৰ্ভত শিল্পীজনে মত প্ৰকাশ কৰি কয় যে, ‘কা’ৰ বিৰুদ্ধে ডিজিটেল আন্দোলন গঢ়ি তুলিম৷’ উল্লেখ্য যে, ক’ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা সংকটৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছিল ‘কা’ আন্দোলন৷ কিন্তু অসমত স্তব্ধ হোৱাৰ পাছতো ‘কা’বিৰোধী আন্দোলন চলি আছিল শ্বাহিনবাগৰ দৰে স্থানত৷ জাৰে-জহে অলৰ অচৰ হৈ আন্দোলন কৰিছিল সেইসকল আন্দোলনকাৰীয়ে। মুখ্যতঃ একাংশ মুছলমান মহিলাৰ নেতৃত্বত গঢ় লৈ উঠিছিল শ্বাহিনবাগৰ ‘কা’ আন্দোলন৷ এই আন্দোলনৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৮৩বছৰীয়া বিলকিছ দাদীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমান্তৰালকৈ জনপ্ৰিয় এটি নাম হৈ পৰিছিল বিলকিছ দাদী৷ ভাৰতৰ ৮৩ বছৰীয়া প্ৰতিবাদকাৰী আইতা আৰু সাম্প্ৰতিক সময়ৰ ‘ঝান্সি কি ৰাণী’ বিলকিছ দাদিয়ে সকলো ভাৰতীয় নাগৰিককে অনুপ্ৰাণিত কৰে।


আনকি ‘টাইম’ আলোচনীৰ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ১০০গৰাকী ব্যক্তিৰ তালিকাত বিলকিছ দাদীৰ নামো সন্নিবিষ্ট হৈ আছে৷ আনকি দিল্লীত হাড়কঁপোৱা জাৰতো মুখত হাঁহি আৰু এখনি গৰম কাপোৰ দেহত মেৰাই লৈ ৰাজধানী মহানগৰখনৰ শ্বাহিনবাগত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদত নাম পৰিছিল তেওঁ৷ তেওঁৰ সৈতে যোগ দিছিল শ শ মহিলাই৷ কেইদিনমানৰ ভিতৰতে, বিলকিছ আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰা আন বৃদ্ধ মহিলাসকল প্ৰতিৰোধ আৰু আশাৰ প্ৰতীক হৈ পৰিছিল, আৰু সমগ্ৰ দেশতেই ‘শ্বাহিনবাগৰ দাদী’ বুলি মৰমেৰে খ্যাতি লাভ কৰিছিল। কিন্তু অসমত তেনে নেতৃত্ব কোনে দিছিল বুলি প্ৰশ্ন কৰিলে হয়তো আঙুলিয়াই দেখুৱাবপৰা এজনো নোলাব৷ গাড়ী, ক্ষমতালাভৰ স্বাৰ্থত বহুজন নামি পৰিছিল ‘কা’বিৰোধী আন্দোলনত৷ নাম গাই, গীতজুৰি কৰা প্ৰতিবাদৰ অধিকাংশই এতিয়া বিজেপিৰ শৰনাপন্ন হৈছে৷ তেনে ক্ষেত্ৰত অসমত পুনৰ বাৰ ‘কা’ আন্দেলন হ’লে কাৰ নেতৃত্বৰে গঢ় ল’ব এই আন্দোলন? আন্দোলনৰ গুৰি ধৰিব কোনে? বহুতৰ মতে শিল্পীয়ে নাচি-বাগি কৰা আন্দোলনে এই স্পৰ্শকাতৰ বিষয়টোক সঠিক মূল্য দিব নোৱাৰিলে৷ তদুপৰি জুবিনে কোৱা ডিজিটেল আন্দোলন সম্ভৱ নে? এই আন্দোলনৰ বাবে অপেক্ষা কিহৰ?

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular