ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মহিলাৰ আইপিএল৷ ইয়াকেলৈ দেশৰ ক্ৰীড়াপ্ৰেমাসকলৰ মাজত কৌতূহলৰ অন্ত নাই৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) মহিলা প্ৰিমিয়াৰ লীগৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে। প্ৰতিযোগিতাখন ৪ মাৰ্চত আৰম্ভ হ'ব। প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়ান্টছৰ মাজত অনুষ্ঠিত হ'ব।
ফাইনেলখন ২৬ মাৰ্চত অনুষ্ঠিত হ'ব।মহিলাৰ প্ৰথমখন আই পি এল ২৩ দিন ধৰি চলিব। পাঁচটা দলে লীগ পৰ্যায়ত ইটোৱে-সিটোৰ বিৰুদ্ধে দুখনকৈ খেল খেলিব। প্ৰথমখন খেল মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ফাইনেলখন ব্ৰেবোৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মুম্বাইৰ এই দুখন ষ্টেডিয়ামে প্ৰথম মহিলা প্ৰিমিয়াৰ লীগৰ ২২ খন খেল আয়োজন কৰিব। প্ৰতিখন ষ্টেডিয়ামত ১১ খন খেল অনুষ্ঠিত হ'ব। ২১ মাৰ্চত লীগ পৰ্যায়ৰ অন্তিমখন খেলত দিল্লী কেপিটেলছে ইউপি ৱাৰিয়ৰ্ছৰ সৈতে মুখামুখি হ'ব।
৫ মাৰ্চ, ১৮ মাৰ্চ, ২০ মাৰ্চ আৰু ২১ মাৰ্চত দুখনকৈ মেচ অনুষ্ঠিত হ'ব। এই চাৰিদিনীয়া প্ৰথমখন খেল আবেলি ৩:৩০ বজাত আৰম্ভ হ'ব। দ্বিতীয় খন খেল সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। লীগ পৰ্যায়ৰ দ্বিতীয় আৰু তৃতীয় দলবোৰে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ইটোৱে-সিটো দলৰ মুখামুখি হ'ব। লীগ পৰ্যায়ৰ শীৰ্ষত থকা দলটোৱে পোনপটীয়াকৈ ফাইনেলত খেলিব।
মহিলাৰ আই পি এলৰ নিলাম দেওবাৰে অনুষ্ঠিত হৈছিল। পাঁচটা ফ্ৰেঞ্চাইজীয়ে মুঠ ৮৭ জন ক্ৰিকেটাৰ ক্ৰয় কৰিছে। বিদেশী ক্ৰিকেটাৰৰ সংখ্যা ৩০। স্মৃতি মান্ধানাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় মহিলা দলৰ উপ-অধিনায়কগৰাকীক ৩.৪ ০ কোটি টকাত ক্ৰয় কৰিছে।এইবাৰ মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আন এগৰাকী অসম কন্যাই অসমক ধন্য কৰিলে৷ নাম তেওঁৰ জিণ্টিমণি কলিতা৷
সুদক্ষ বলাৰ হিচাবে জনাজাত জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত নিয়মীয়াকৈ ক্ৰিকেট অনুশীলন কৰি গৈছিল৷ জিণ্টিমণিয়ে এটা সময়ত অসম দলত স্থান লাভ কৰিছিল৷ কেৱল সেয়াই নহয়, পিছলৈ তেওঁ ভাৰতীয় মহিলা বি টীমত স্থান লাভ কৰে৷ ইপিনে মুম্বাই ইণ্ডিয়ানছ দলে অসম কন্যা জিণ্টিমণি কলিতাক উষ্ম আদৰণি জনাইছে৷
উল্লেখ্য মহিলাৰ আই পি এলৰ বাবে সোমবাৰে ভাৰতীয় তাৰকাসকলৰ বাবে মুম্বাইত নিলাম অনুষ্ঠিত হয়৷ নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় বেটছমেন স্মৃতি মান্ধানাক ৩ কোটি ৪০ লাখ টকাত ক্ৰয় কৰে। মান্ধানাই নিলামত সৰ্বাধিক মূল্যৰ তাৰকা হিচাবে পৰিগণিত হয়। হৰমনপ্ৰীত কৌৰক মুম্বাই ইণ্ডিয়ানছে ১.৮ কোটি টকাত ক্ৰয় কৰিছে৷ অলৰাউণ্ডাৰ পূজা ভষ্ট্ৰাকাৰ দৰ উঠে ১.৯ কোটি টকা।ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক ইউপি ৱাৰিয়ৰ্ছে ২.৬ কোটি টকাত ক্ৰয় কৰে। ১.৯০ কোটি টকাত উইকেট-ৰক্ষক আৰু বেংগলৰ কন্যা ৰিচা ঘোষ নিলাম হয়। শ্বেফালী বাৰ্মাক দিল্লীয়ে তেওঁক ২ কোটি টকাত ক্ৰয় কৰে।
Leave A Comment