International
বৰপেটা : কৰ’না কাল আৰু লক্ডাউনৰ সময়ত বহু লোক অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছিল। কিন্তু তেনে এক সংকটকালতে অসমৰ বৰপেটা জিলাই দেশৰ অৰ্থনৈতিক মানচিত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ষ্টক মাৰ্কেটত বিনিয়োগ কাৰী দেশৰ শীৰ্ষৰ জিলা সমূহৰ মাজত স্থান লাভ বৰপেটাৰ।
'দ্য টাইমছ্ অৱ ইণ্ডিয়া' বাতৰি কাকতত প্ৰকাশিত "Bull run reaches Barpeta" শীৰ্ষক এই খৱৰটো মতে দেশৰ ষ্টক মাৰ্কেটত আগষ্ট মাহত নতুনকৈ বিনিয়োগ কৰা লোকৰ সংখ্যাৰে বৰপেটাই অষ্টম স্থানত আছে। যোৱা মাহটোত দেশৰ নতুন বিনিয়োগকাৰীৰ ভিতৰৰ ০.৮ শতাংশ লোকেই বৰপেটা জিলাৰ।
এসময়ত বাণিজ্যৰ সৈতে নদন-বদন হৈ থকা বৰপেটাৰ সেই ব্যৱসায়িক ধাৰা লকডাউনে যথেষ্ট ম্লান কৰি পেলাইছিল৷ নতুন প্ৰজন্মৰ গৰিষ্ঠসংখ্যকৰ মাজত ব্যৱসায়-বাণিজ্য এৰি চৰকাৰী চাকৰিমূখী এক প্ৰৱণতা দেখা গৈছিল । কিন্তু তাৰ মাজতে টাইমছ অৱ ইণ্ডিয়া বাতৰি কাকতৰ বাতৰিটোৱে অহা প্ৰজন্মই বাণিজ্যৰ ধাৰাটোক আগুৱাই নি উপাৰ্জনৰ নতুন পথ হিচাপে ষ্টক মাৰ্কেটৰ দৰে অগতানুগতিক পথ ল'বলৈ চেষ্টা কৰাৰ আশা আনিছে৷
Leave A Comment