National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নগাঁও : মধ্য অসমৰ যথেষ্ট পৰিচিত তথা ৰাজ্যৰ এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যায়ৰ নাম পুনৰ সাঙুৰ খাইছে বিতৰ্কত ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান আজুৰি আনিবলৈ সক্ষম হোৱা অসমৰ শৈক্ষিক জগতত পৰিচিত হৈ পৰা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা সম্প্ৰতি এক অভাৱনীয় বিপদৰ সন্মুখীন হৈছে। কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষজনলৈ নগাঁও পৌৰসভাই তেওঁ নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰা এটা ছয় মহলীয়া ঘৰৰ তিনিটা মহলা ভাঙি দিবৰ বাবে নিৰ্দেশ দিছে।
অসম পৌৰসভা আইন ১৯৫৬ অনুযায়ী নগাঁও পৌৰসভাই প্ৰেৰণ কৰা এই জাননীত উল্লেখ আছে যে, দিলীপ বৰাই নগাঁও পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ জে এছ পথত টাউন মৌজাৰ নগাঁও কিচামৰ ৪০৩ নং দাগত এটা ৬ মহলীয়া গৃহ নিৰ্মাণ কৰিছিল। এই গৃহটোৰ ভুমি মহলাকে (গ্ৰাউণ্ড ফ্ল'ৰ) ধৰি ৩ টা মহলাৰহে অনুমতি নগাঁও পৌৰসভাই প্ৰদান কৰিছিল। কিন্তু নীতিবৰ্হিভূতভাৱে অতিৰিক্ত ৩ টা মহলাসহ ৬ মহলীয়া গৃহটো দিলীপ বৰাই নিৰ্মাণ কৰিছিল ।
নগাঁও পৌৰসভাই এই ক্ষেত্ৰত দিলীপ বৰালৈ যোৱা ২০ জুলাইত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পাছত তেওঁ ২৭ জুলাইত ইয়াৰ লিখিত উত্তৰ নগাঁও পৌৰসভাত দাখিল কৰে। এই উত্তৰত কনিষ্ঠ মহাবিদ্যালয় খনৰ অতিৰিক্ত ৩ টা মহলা পৌৰসভাৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰাৰ কথা স্বীকাৰ কৰে। সেয়ে নগাঁও পৌৰসভাই ৪, ৫ আৰু ৬ এই তিনিটা মহলা অহা ৩০ দিনৰ ভিতৰ আঁতৰাই পেলাবলৈ অৰ্থাৎ ভাঙি পেলাবলৈ নিৰ্দেশ জাৰী কৰিছে।
Leave A Comment