ডিজিটেল ডেস্ক : বিগত বিত্তীয় বৰ্ষত ভাৰতৰ পৰা স্মার্ট ফোন ৰপ্তানিৰ পৰিমাণে ২ লাখ কোটি টকা অতিক্রম কৰি অভিলেখ সৃষ্টি কৰিছে।
বৈদ্যুতিন আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে এই কথা প্রকাশ কৰি কয় যে বিগত বছৰটোৰ প্রথম দহটা মাহত ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ভিতৰত স্মার্ট ফোনে বৃহত্তম অংশ অধিকাৰ কৰে।
সামাজিক মাধ্যমত প্রকাশ কৰা এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ তালিকাত ২০১৩-১৪ চনত স্মার্ট ফোন ১৬৭ সংখ্যক স্থানত থকাৰ বিপৰীতে সম্প্রতি এইবিধ সামগ্রী প্রথম স্থানত উপনীত হৈছে। এই খণ্ডটোত বিশেষকৈ মহিলাসকলৰ বাবে কেইবালাখো কর্মসংস্থাপন সৃষ্টি হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment