• বাঁহৰ চুঙাত পুৰি নিমখ প্রস্তুত! গোলাঘাটৰ ভৈৰৱ গগৈৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চমক সৃষ্টি

    বাণিজ্য
    বাঁহৰ চুঙাত পুৰি নিমখ প্রস্তুত!  গোলাঘাটৰ ভৈৰৱ গগৈৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চমক সৃষ্টি
    ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ কমাৰবন্ধাৰ সমীপৱৰ্তী বকলাই নিৱাসী ভৈৰৱ গগৈয়ে নিজৰ ঘৰতে প্রস্তুত কৰা নিমখ বিক্রী হৈছে প্রতি কেজিত ত্ৰিছৰ পৰা পঁয়ত্ৰিছ হাজাৰ টকাত। ভৈৰৱ গগৈয়ে এক বিশেষ পদ্ধতিত প্ৰস্তুত কৰিছে এই নিমখ। বাঁহৰ চুঙাত ৯ বাৰতকৈ অধিক বাৰ পুৰি প্ৰস্তুত কৰিছে বেম্ব ছল্ট (Bamboo Salt)। 

    গোলাঘাটৰ সন্তান ভৈৰৱ গগৈয়ে নিজা বাসগৃহতে প্রস্তুত কৰা নিমখ সাধাৰণ নিমখতকৈ যথেষ্ট পৃথক আৰু উপকাৰী। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই নিমখবিধৰ চাহিদা যথেষ্টধৰণে বৃদ্ধি পাইছে। গোলাঘাট জিলাৰ ভিতৰুৱা গ্রামাঞ্চলত নিমখ উৎপাদিত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে ভৈৰৱ গগৈ।

    এই নিমখ উৎপাদনৰ জৰিয়তে যথেষ্ট লাভৱান্বিত হৈছে ভৈৰৱ গগৈৰ লগতে এই কৰ্মৰ সৈতে জড়িত আন বহুজন। ৫০ কেজি নিমখ বাঁহৰ চুঙাত ৯বাৰ পোৰাৰ পাছত প্রায় দুই কেজি নিমখ উপযোগী হৈ ৰয় ব্যৱহাৰৰ বাবে। ৰোগীৰ বাবে যথেষ্ট প্রয়োজন এই নিমখ। এক ব্যতিক্রম উদ্ভাৱনৰ জৰিয়তে নিজে তৰি আনকো তৰাৰ বাট মোকলোৱা ভৈৰৱ গগৈ হৈ পৰিছে সকলোৰে বাবে আদৰ্শৰ উৎস।

    কেইবাগৰাকীও অসমীয়াক কর্মসংস্থাপনৰ বাট মুকলি কৰা যুৱকগৰাকীয়ে প্ৰায় দুবছৰ ধৰি প্ৰচাৰ বিমুখভাৱে কৰি আহিছে এই উৎপাদন। উল্লেখযোগ্য যে যুৱকজনে প্ৰস্তুত কৰা এই নিমখখিনি মহাৰাষ্ট্ৰৰ এটা সংস্থাই ক্রয় কৰি আহিছে।
    উৎসঃ দৈনিক জনমভূমি