• পৰিৱেশ-পৰিস্থিতিতে গঢ় লয় ব্যক্তিত্ব

    সম্পাদকীয়
    পৰিৱেশ-পৰিস্থিতিতে গঢ় লয় ব্যক্তিত্ব
    জিতুমণি বৰা

    সকলোৱে মোক উপহাস কৰিছিল৷ উপলুঙা কৰিছিল মোৰ স্বাস্থ্যক লৈ৷ বন্ধুৰ সৈতে নিশা যেতিয়া মদৰ আড্ডাত বহো, তেতিয়া কেইডাল চিগাৰেট হুপিছিলোঁ তাৰ কোনো হিচাপ নাছিল৷ নিচা লগাৰ পাছত এই বন্ধুৱেই মোক টেটেৰা হোমেন টেটেৰা হোমেন বুলি চিঞৰিছিল৷ এনেকুৱাকৈ চিঞৰিছিল, ওচৰ-পাজৰৰ সকলো মানুহে শুনা পাইছিল৷ মই অতি লজ্জিত হৈছিলোঁ আৰু এদিন এই বন্ধুৰ উপলুঙাই মোক বাধ্য কৰিছিল মোৰ ভগ্ন স্বাস্থ্য পুনৰুদ্ধাৰ কৰিমেই বুলি শপত ল’বলৈ৷ ইয়াৰ বাবে প্ৰথমেই মই ত্যাগ কৰিছিলোঁ চিগাৰেট৷ এদিন এনেকুৱা এটা নিশাতে টেবুলত থকা চিগাৰেটৰ পেকেটটো খিৰিকীৰে বাহিৰলৈ দলিয়াই দি জীৱনত আৰু কোনোদিন চিগাৰেট নোহোপাৰ পণ লৈছিলোঁ৷ সেই পণ জীৱনৰ শেষৰ দিনটোলৈকে মানি চলিছো৷ সমান্তৰালভাৱে মোৰ ভগ্ন স্বাস্থ্য পুনৰুদ্ধাৰৰ তপস্যাত মগ্ন হ’লো৷

    এই তপস্যাত বহাৰ পূৰ্বে মই এটা শৃংখলিত জীৱনশৈলী প্ৰস্তুত কৰি লৈছিলোঁ৷ য’ত মোৰ শোৱা আৰু খোৱাৰ নিৰ্দিষ্ট সময় থাকিব৷ কমাই আনিছিলোঁ বন্ধু-বান্ধৱীৰ সংখ্যা৷ এই তপস্যাৰ পৰা মই কেতিয়াও উঠি অহাৰ কথা ভবা নাই৷ ই মোক মিষ্টাৰ ইউনিভাৰ্ছ বা মিষ্টাৰ ইণ্ডিয়াৰ দৰে এটা শৰীৰ নিদিলেও ই মোক ভগ্ন স্বাস্থ্য পুনৰুদ্ধাৰত ১০০ শতাংশ সহযোগ কৰিলে৷ আজিৰ দিনত মই এজন স্বাস্থ্যৱান মানুহ বুলি ভাবিব পৰা হৈছোঁ৷ শাৰীৰিক স্বাস্থ্যই মোৰ মানসিক জগতখনত প্ৰভাৱ পেলাইছে৷ এই জীৱনশৈলীয়ে মোক যোগাত্মক চিন্তা-চৰ্চাৰ লগতে কিতাপ পঢ়াৰ সমানে মোৰ মন-মগজুক লিখি থাকিবলৈ উৎসাহিত কৰিছে৷ 
    প্ৰখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিয়ে সেইগৰাকী বন্ধুক পাছলৈ পৰম মিত্ৰ আৰু শুভাকাংক্ষী বুলি স্বীকৃতি দিছিল৷ তেওঁৰ উপলুঙা, ইতিকিঙেই বৰগোহাঞিক চিগাৰেট সেৱনৰ পৰা বচাই জীৱনটোক শৃংখলিত কৰি তুলিছিল৷ হোমেন বৰগোহাঞিয়ে এই কথাখিনি বিভিন্ন প্ৰসংগত ভিন ভিন ধৰণে বিভিন্ন ঠাইত উল্লেখ কৰিছে৷

    কেতিয়াবা শত্ৰু যেন লগা কোনো লোকৰ বাধা আৰু অপকাৰেও জীৱনত এনেকুৱাকৈ সহায় কৰিব পাৰে৷ আপোনাৰ জীৱনলৈ অহা বাধা, কৰ্মক্ষেত্ৰত বঞ্চনা আদিয়েও আপোনাক যুঁজিবলৈ সাহসী কৰি তুলিব পাৰে৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব আপুনি কেনেকৈ জীৱনটোক গ্ৰহণ কৰিছে৷ আপোনাৰ অমূল্য জীৱনটো কাৰোবাৰ ঠাট্টা, কাৰোবাৰ উপলুঙাত শেষ হৈ যাবলৈ দিব নেকি? নে আপুনি ইয়াৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজত নামিব?

    ইয়াৰ একেবাৰে শেহতীয়া উদাহৰণ ৰাহুল গান্ধী৷ সংসদৰ বাহিৰে-ভিতৰে শাসক দলৰ অহৰহ অপমান, উপলুঙা, তুচ্ছ-তাচ্ছিল্য হজম কৰিবলগীয়া হৈছিল ৰাহুল গান্ধীয়ে৷ ৰাজনৈতিক জীৱনত ৰাহুল গান্ধীয়ে গ্ৰহণ কৰা সিদ্ধান্তবোৰ ভুল আছিল বুলি পৰিকল্পিতভাৱে একাংশ সংবাদ মাধ্যম আৰু শাসক দলে ৰাইজক বুজোৱাত সেই সময়ত সফল হৈছিল৷ ক’ভিডৰ আগমনৰ লগে লগে দেশত লকডাউনৰ পোষকতা কৰিছিল ৰাহুল গান্ধীয়ে৷ উদ্দেশ্য আছিল ইয়াৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰা৷ শাসক পক্ষই ৰাহুল গান্ধীৰ অনুৰোধক উপেক্ষা কৰিলে৷ ফলত দেশত ক’ভিডে মহামাৰীৰ ৰূপ ধাৰণ কৰে৷

    ২০১৪ লোকসভা নিৰ্বাচন৷ কংগ্ৰেছৰ ১০ বছৰীয়া শাসনক ইছ্যু কৰি বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিল৷ দেশত সঁচাকৈয়ে পৰিৱৰ্তনৰ বতাহ বলিছিল৷ নিৰ্বাচনী প্ৰচাৰৰ কৌশল সলনি কৰিছিল বিজেপিয়ে৷ সামাজিক মাধ্যমত বিজেপিয়ে চলোৱা প্ৰচাৰৰ তুলনাত কংগ্ৰেছ পিছপৰি ৰৈছিল৷ কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৪৪খন আসন৷ সংসদত এজন সাংসদৰো গুৰুত্ব কম নহয়৷ এজন সাংসদ হৈয়ো ৰামবিলাস পাছোৱান কেন্দ্ৰীয় মন্ত্ৰী হৈছিল৷ এজন সাংসদে এটা সমষ্টিৰ লক্ষাধিক নাগৰিকক প্ৰতিনিধিত্ব কৰে৷ সাংসদগৰাকীক সন্মান কৰাৰ অৰ্থ হ’ল সেই জনতাক সন্মান কৰা৷ ২০১৪ৰ পৰা ২০১৯লৈ ৰাহুল গান্ধীক ৪৪ ৱালা নাম দি একাংশ ৰাজনৈতিক নেতাই টিভিৰ ষ্টুডিঅ’ৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সভালৈকে উপলুঙা কৰিলে৷ কাৰণ ২০১৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৪৪খন আসন লাভ কৰিছিল৷ এনেকুৱা উপলুঙা, ইতিকিঙেই পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱন বহুখিনি সলাই পেলালে বুলি ক’ব পাৰি৷

    আপুনি লক্ষ্য কৰিব, এলজাইমাৰ, ডিমেনচিয়া আদি ৰোগত আক্ৰান্ত হোৱা গৰিষ্ঠসংখ্যক লোক হয় পাৰিবাৰিক অশান্তিৰ বলি, নহয় পৰিয়ালত অৱহেলিত৷ দ্বিতীয়তে, আত্মহত্যা কৰা লোকসকলৰ জীৱনচৰ্যা যদি পৰ্যালোচনা কৰে, তেতিয়াও দেখা পাব পৰিয়াল আৰু সমাজত তেওঁলোকক অৱহেলা কৰা হৈছে৷ সামাজিকভাৱে হীনমন্যতাত ভুগিও আত্মহত্যা কৰা যুৱক-যুৱতী তথা পুৰুষ-মহিলাৰ সংখ্যা পৃথিৱীত আটাইতকৈ বেছি৷ সামাজিকভাৱে অপদস্থ হৈ বা হোৱাৰ ভয়তো আত্মহত্যা কৰিছে৷ গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান তথা অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৈ অৱসৰ লোৱা শংকৰ বৰুৱাই সাৰদা কেলেংকাৰিত তেওঁৰ নাম সাঙোৰ খোৱাৰ পাছত অপমানিতবোধ কৰি আত্মহত্যা কৰিছিল৷

    কংগ্ৰেছ ক্ষমতালৈ নহাৰ বাবে সমস্ত দোষ ৰাহুল গান্ধীক জাপি দি তেওঁক ৪৪ৱালা বিশেষণ দিয়া হৈছিল৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসনৰ সংখ্যা সামান্য বৃদ্ধি পালে৷ ৪৪খনৰ পৰা ৫২ হ’ল৷ এই সময়ত কংগ্ৰেছে চৰকাৰ কৰিব নোৱৰাৰ সমস্ত ব্যৰ্থতা ৰাহুল গান্ধীক জাপি দিয়া হৈছিল৷ বাহিৰত ৰাহুল গান্ধীক গুৰুত্বহীন নেতা বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলি থাকিলেও ভিতৰি ভিতৰি কংগ্ৰেছ আৰু ৰাহুল গান্ধীক লৈয়ো শাসক দলৰ একাংশৰ ভীতি বিভিন্ন সময়ত উন্মোচিত হৈছে৷ সমাজত এনে বহু লোক আছে, যি কেতিয়াও কংগ্ৰেছ নহয়৷ বৰঞ্চ অসমত কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত যিসকলে আটাইতকৈ বেছি চৰকাৰখনৰ বিৰোধিতা কৰিছিল, তাৰ মাজত আমিও অন্যতম৷ ২০১৪ৰ পাছত লাহে লাহে দেশত অঘোষিত জৰুৰী অৱস্থাৰ দৰে এক পৰিস্থিতি সৃষ্টি কৰা হ’ল৷ 

    বিমুদ্ৰাকৰণৰ পৰা জি এছ টিলৈকে ভয়ংকৰ সিদ্ধান্তবোৰ ৰাইজৰ ওপৰত জাপি দি ই কিমান ভাল, তাৰ ব্যাখ্যা এচাম চাতুকাৰৰ জৰিয়তে কৰা হ’ল৷ ২০১৯ৰ পাছত দেশৰ পৰিস্থিতি আৰু বহু সলনি হ’ল৷ মানুহে মুখ খুলি কথা ক’বলৈ ভয় কৰিছিল৷ আনকি লোকসভাত ১০ বছৰে খালী হৈ থাকিল বিৰোধী দলপতিৰ পদটো৷ এই পদৰ গুৰুত্ব কিমান, এই পদৰ শক্তি কিমান, সেয়া ১০ বছৰে ভাৰতবৰ্ষৰ নাগৰিকে জনাৰ কোনো সুযোগ নাপালে৷ ইয়াৰ সুযোগ লৈয়ে দেশখনত শাসনৰ নামত দমন, পীড়ন চলাৰ অভিযোগ বিভিন্নজনে কৰিছিল৷ মুখ খুলি কোনেও কথা ক’ব নোৱৰা এক পৰিৱেশ৷ ভয়! কেউপিনে ভয়ৰ পৰিৱেশ৷

    বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে আয়কৰ, চি বি আই, ই ডিৰ অভিযান চলিল৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ইডিৰ কাৰ্যালয়লৈ মাতি আনি জেৰা কৰা হ’ল৷ ইয়াৰ ফলাফল কি, দেশৰ নাগৰিকে জনাৰ অধিকাৰ আছে৷ চৰকাৰে জনাব লাগিব৷ এই ১০ বছৰত নতুনকৈ ছোনিয়া গান্ধী, ৰাহুল গান্ধী দুয়োকে আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লোৱা হৈছিল৷ আনকি এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ  কৰা হৈছিল৷ এমাহৰ ভিতৰত সাংসদৰ আৱাস গৃহ এৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ দেশৰ ন্যায় ব্যৱস্থা এতিয়াও শক্তিশালী৷ ইয়াৰ প্ৰমাণ শাসক দলৰ কোপদৃষ্টিত পৰাৰ পাছতো ৰাহুল গান্ধীয়ে ঘূৰাই পাইছিল সাংসদ পদ৷ স্বাভাৱিকতে ঘূৰাই পাইছিলে চৰকাৰী আৱাসো৷ 
    ইমানৰ পাছতো ভাগি পৰা নাছিল ৰাহুল গান্ধী৷ মানুহৰ জীৱনৰ এই সত্তাটোক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব৷ যি যুঁজি যায়, সি জিকি যায় বুলি কোৱা হয়৷ যুঁজত হাৰ মানি পাছলৈ দৌৰা নতুবা জীৱন নিৰ্বাপিত কৰা মানুহৰ সংখ্যা তাকৰ নহয়৷ ইয়াৰ বিপৰীতে সকলো কাঢ়ি ল’বলৈ চেষ্টা চলোৱাৰ পাছতো দুগুণ উৎসাহেৰে এখন যুঁজ দি লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব গ্ৰহণ কৰালৈ এই সময় ইতিহাসত নিশ্চয় খোদিত হ’ব৷ ৰাহুল গান্ধীৰ ৰাজনৈতিক দৰ্শনৰ সৈতে বহুতৰে অমিল থকাটো স্বাভাৱিক৷ ৰামচন্দ্ৰ গুহৰ দৰে ইতিহাসবিদৰ ককৰ্থনাৰ সন্মুখীন হোৱা ৰাহুল গান্ধী এতিয়া ড੦ গুহৰো প্ৰশংসাৰ পাত্ৰ৷ জীৱন এনেকৈ জীয়াব লাগে৷ যি জীৱন কঠোৰ সমালোচকৰ মুখৰ পৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷

    ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিৰ মূল ঘাটি হিচাপে পৰিচিত উত্তৰ প্ৰদেশত বিৰোধী ৰাজনীতিৰ চমকপ্ৰদ উত্থান ঘটিল৷ বিজেপিৰ আসনৰ সংখ্যা অভাৱনীয়ভাৱে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত ঘাটি হ’ল৷ দেশত কংগ্ৰেছে অকলে ৯৯খন আসন লাভ কৰিলে৷ ৰাহুল গান্ধীয়ে ৱায়নাড আৰু ৰায়বেৰেলিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ’ল৷ ৱায়নাডত লাভ কৰিলে ৬,৪৭,৪৪৫ ভোট, ৰায়বেৰেলিত  ৬,৮৭,৬৪৯ ভোট৷ ১০ বছৰত ৪৪খনৰ পৰা ৯৯খনলৈ কংগ্ৰেছৰ অগ্ৰগতিও লক্ষণীয়৷ চমকপ্ৰদ যদিও সত্য এইটোৱে যে ৰাইজক মেজিক দেখুৱাই এই সফলতা অনা নাই৷ স্বাভাৱিক গতিত কংগ্ৰেছৰ এই উত্থানে লোকসভাত ১০ বছৰৰ মূৰত বিৰোধী দলপতিৰ আসনখন আনি দিলে৷ এই নিৰ্বাচনে শাসক দলৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান সৃষ্টি কৰি উত্তৰ প্ৰদেশত সমাজবাদী দল, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, তামিলনাডুত ডি এম কে, মহাৰাষ্ট্ৰত শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ উত্থানে ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিছে৷

    সকলোৱে দেখিছো ১০ বছৰে ৰাহুল গান্ধীক সামাজিকভাৱে অপমান কৰা হৈছে৷ তেওঁক পাপ্পু, নালায়ক, বালক, মাতৃৰ বোজা আদি বিভিন্ন ধৰণে বিভূষিত কৰা হৈছে৷ এই অপমানৰ মাজত নিজকে নতুন এখন যুঁজৰ বাবে সাজু কৰি তুলিব পৰাটো সহজ নহয়৷ ক’বলৈ গ’লে শাসক দলেই গঢ় দিছে আজিৰ ৰাহুল গান্ধীক৷ যিজনৰ এতিয়া আৰু সন্মুখত কোন আছে, তাৰ প্ৰতি কোনো ধৰণৰ ভয় কিম্বা অনুকম্পা নাই৷ নহ’লে সংসদৰ মজিয়াত মোদীলৈ আঙুলি টোঁৱাই এইবাৰ গুজৰাটত আপোনাক হৰুৱাম, লিখি লওক বুলি কোৱাটো আন নেতাৰ বাবে অসহজ৷ যি ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত এদিন মোদীক গবা মাৰি ধৰি পৰৱৰ্তী সময়ত ইয়াৰ বাবে অপমানিত হৈছিল৷ এই ৰাহুল গান্ধীয়ে আহমেদাবাদলৈ গৈ ২০২৭ত বিজেপিক পৰাস্ত কৰিম বুলি ঘোষণা কৰিছে৷ আত্মবিশ্বাস অটুট ৰাখিবলৈ আৰু কঠোৰ শ্ৰম কৰিবলৈ ৰাহুল গান্ধীক উৎসাহিত কৰাৰ বাবে ৰাবিশ কুমাৰৰ দৰে বিভিন্নজনে বিজেপিকে ধন্যবাদ দিছে৷ বিজেপিয়েই ৰাহুল গান্ধীক আগ্ৰাসী ৰূপত গঢ় দিলে বুলি সাংবাদিক পুণ্য প্ৰসূন বাজপেয়ীয়েও মন্তব্য কৰিছে৷ বাৰে বাৰে ৰাহুল গান্ধীক কৰা আক্ৰমণ, সমালোচনাই আজিৰ ৰাহুল গান্ধীৰ জন্মৰ কাৰণ হৈ পৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলেও কৈছে৷

    বিৰোধী দলপতিৰ দায়িত্ব গ্ৰহণৰ পাছতে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশ, দিল্লী, মণিপুৰ, গুজৰাট ভ্ৰমিছে৷ শ্ৰমিক, কৃষক, নিৰ্যাতিতসকলৰ মাজলৈ গৈছে৷ ৰাজনীতি কি বুজি উঠিছে বিৰোধীয়েও৷ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ ডি এম কে, সমাজবাদী, তৃণমূল কংগ্ৰেছ, এন চি পি শাৰদ পাৱাৰ গোট, শিৱসেনা উদ্ধৱ থাকৰে গোটে এতিয়া আৰু ৰাহুল গান্ধী বিৰোধী দলপতি হৈ দায়িত্ব চম্ভালিব পাৰিবনে নাই, সেই প্ৰশ্ন উত্থাপন নকৰে৷ বৰঞ্চ ৰাহুল গান্ধীতকৈ এই দায়িত্ব আনে পালন কৰিব নোৱাৰিব বুলিহে এম কে ষ্টেলিনে মন্তব্য কৰিছে৷