দুৰ্গ খহাব কোনে?
জিতুমণি বৰা
ৰিপ’ৰ্ট কাৰ্ডবোৰ হেৰাই গ’ল৷ আমি ভোটৰ বজাৰত পাহৰি গ’লোঁ তেওঁলোকৰ দায়িত্ববোধৰ কথা৷ আমি মনত পেলাবলৈ বিচৰা নাই আমাৰ কৰৰ টকাৰে পাঁচ বছৰে তেওঁলোকে দিল্লীত কি কৰিলে? প্ৰশ্নবোৰ উত্থাপিত হৈছিল৷ সকলোৱে আলোচনাও কৰিছিল৷ আনকি ৰাজনৈতিক দলবোৰেও কৈছিল– আপোনালোকে দল আৰু মুখ চাই ভোট নিদিব, ভোট দিব তেওঁলোকে পাঁচ বছৰে কি কৰিলে, এই প্ৰশ্নটোৰ সঠিক উত্তৰ পোৱাৰ পাছত৷ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ৷ লোকসভা নিৰ্বাচনৰ এই বতাহে অসমকো চুইছে৷ চুই গৈছে আপোনাকো৷ আপুনি এবাৰলৈয়ো নিজকে সুধিছেনে যোৱা পাঁচ বছৰত আপোনাৰ সমষ্টিৰ সাংসদগৰাকীয়ে কি কৰিলে? নিজকে এবাৰ সুধিছেনে আপোনাৰ অঞ্চলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৰ সমাধানৰ বাবে সাংসদগৰাকীয়ে কি পদক্ষেপ ল’লে?
এপল-দুপলকৈ আঁতৰি গৈছে আপোনাৰ জীৱনৰ পৰাও সময়৷ ভাবিব পাৰেনে আপোনাৰ জীৱন কালত অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বৃহৎ সমস্যাটোৰ সমাধান হ’ব? এই সমস্যাটোৰ সমাধানত আপোনাৰ সাংসদগৰাকীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব বুলি বিশ্বাস হয়নে? লোকসভা নিৰ্বাচনৰ দিন, বাৰ ঘোষণাৰ আগে আগে অসমৰ সংবাদ মাধ্যমত গৰিষ্ঠসংখ্যক সাংসদৰ পাৰদৰ্শিতাৰ বিষয়টো ব্যাপকভাৱে চৰ্চিত হৈছিল৷ চৰ্চিত হৈছিল সংসদত এটাও প্ৰশ্ন উত্থাপন নকৰি সম্পূৰ্ণ মৌন হৈ থকা সাংসদৰ ভূমিকাক লৈ৷ সমানে আলোচিত হৈছিল সেইগৰাকী সাংসদৰ নাম, যিগৰাকীয়ে সংসদত এটাও বিতৰ্কত অংশ লোৱা নাছিল৷ পূৰ্বতে অসমৰ বহুসংখ্যক সাংসদে সাংসদ উন্নয়ন পুঁজিৰ ৯০ শতাংশপৰ্যন্ত ধন ব্যয় কৰিব নোৱৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ আচলতে সেয়া অভিযোগ নাছিল৷ সেয়া আছিল লোকসভাৰ ৱেবছাইটত সন্নিৱিষ্ট হোৱা তথ্য৷ এতিয়া অৱশ্যে এই দিশটোত অসমৰ সাংসদসকল কিছু পৰিমাণে সজাগ৷ সাংসদ উন্নয়ন পুঁজিৰ ধন বেছিভাগ সাংসদে ব্যয় কৰিবলৈ লৈছে৷ ১০০ শতাংশ নহ’লেও গড়ে ৭০ শতাংশ মান পুঁজি সাংসদসকলে ব্যয় কৰা দেখিবলৈ পোৱা যায়৷
বিজেপিয়ে এইখিনিতে সদায় এটা বিশেষ ভূমিকা পালন কৰি আহিছে৷ আপুনি-মই যিসকল সাংসদৰ কাম-কাজক লৈ বিৰক্ত হওঁ, যিসকল সাংসদৰ দক্ষতাক লৈ প্ৰশ্ন উঠে, তেওঁলোকক দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ নিদিয়ে৷ ২০১৯ত অসমত পাঁচগৰাকী বিজেপি সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন হৈছিল৷ ২০২৪তো অসমত বিজেপিয়ে পাঁচগৰাকী সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে৷ প্ৰাৰ্থিত্ব কৰ্তনে সাংসদগৰাকীৰ ব্যৰ্থতা ৰাজহুৱাকৈ প্ৰতিপন্ন কৰে৷ দলেও স্বীকাৰ কৰে সাংসদগৰাকীয়ে সমষ্টি তথা ৰাজ্যখনক যথাযোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব পৰা নাছিল৷ ইয়াৰ অৰ্থ এইটো নহয় যে যিসকলে পুনৰবাৰ প্ৰাৰ্থিত্ব লাভ কৰিলে, তেওঁলোকে সংসদত যোগ্যভাৱে সমষ্টি আৰু অসমক প্ৰতিনিধিত্ব কৰিছিল৷
২০১৯ত প্ৰাৰ্থিত্ব লাভ কৰি সাংসদ হোৱা কেইবাজনকো এইবাৰ বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব দিছে৷ এইকেইজনক প্ৰাৰ্থিত্ব দিয়া মানে তেওঁলোকৰ কেউগৰাকী সংসদত সফল আছিল বুলি ক’ব নোৱাৰি৷ লোকসভাত এটাও প্ৰশ্ন উত্থাপন নকৰা, সকলো বিতৰ্কৰ পৰা আঁতৰি ফুৰাজনেও এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে৷ বিজেপিয়ে এতিয়ালৈকে দলীয় ইস্তাহাৰ, দল আৰু কামৰ বিনিময়ত ভোট বিচৰা নাই৷ আনকি দেশৰ অৰ্থনীতি সুস্থিৰ আৰু ২০৪৭ত ভাৰত বিকশিত ৰাষ্ট্ৰত পৰিণত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও ইয়াৰ আধাৰত ভোট বিচৰা নাই৷ অসমৰ লগতে সমগ্ৰ দেশত বিজেপিয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবৰ বাবেহে ভোট বিচাৰিছে৷
অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ নামতে বিজেপি দেশৰ সৰ্ববৃহৎ নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ এই ধৰণৰ সাহস কৰিব পৰাটোও কম কথা নহয়৷ ইয়াৰ বাবে বিৰোধীৰ বিভাজন আৰু বিশেষকৈ কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক নেতাৰ দলৰ প্ৰতি কোনো ধৰণৰ আনুগত্য নথকাটো প্ৰধানকৈ দায়ী৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কিয় পাতিব লাগে? এই প্ৰশ্নটো বিভিন্নজনে কৰিছে৷ নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত দেশত কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে? দেশৰ আভ্যন্তৰত গণতান্ত্ৰিক বাতাবৰণ অক্ষুণ্ণ আছেনে? নিৰ্বাচনৰ বতৰত এই প্ৰশ্ন উত্থাপিত হোৱাটো নিতান্তই চিন্তনীয় বিষয়৷ গণতান্ত্ৰিক বাতাবৰণ অবিহনে এখন দেশৰ নাগৰিক মানসিক পীড়াৰ সন্মুখীন হয়৷ বাক্ স্বাধীনতাত হস্তক্ষেপ আৰু সংবাদ মাধ্যমৰ ভূমিকা যেতিয়া সীমিত কৰি তোলা হয়, তেতিয়া মুকলিকৈ কোনেও একো নক’লেও সকলোৱে এই ধৰণৰ কাৰবাৰটো গ্ৰহণযোগ্য বুলি ক’ব নোখোজে৷
বিজেপিয়ে তথাপি প্ৰবল আত্মবিশ্বাসেৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ লোকসভা নিৰ্বাচনত বিৰোধী দলবোৰৰ বিশেষকৈ কংগ্ৰেছৰ নেতাসকলৰ বেছিভাগৰে আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হৈছে৷ বহু নেতাই প্ৰাৰ্থিত্ব দিয়াৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাই৷ বহুসংখ্যকে দল ত্যাগ কৰিছে৷ সুবিধাবাদী নেতাৰে ভৰপূৰ কংগ্ৰেছ৷ এই প্ৰসংগত অসমৰ এগৰাকী মন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ মন্ত্ৰীগৰাকীয়ে কৈছিল যে কংগ্ৰেছৰ নেতাসকলৰ ঘৰবোৰ পঞ্চ তাৰকা হোটেলৰ দৰে৷ কিন্তু তেওঁলোকৰ দলীয় কাৰ্যালয়টো জহি খহি যোৱা৷ কংগ্ৰেছী নেতাসকলৰ দলৰ প্ৰতি যে কোনো ধৰণৰ আনুগত্য নাই, সেয়া বুজিবলৈ ৰাজীৱ ভৱনৰ জৰাজীৰ্ণ অৱস্থাটোৱে সহায় কৰে৷ ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত বিৰোধী ৰাজনৈতিক দল শক্তিশালী হোৱাটো বৰ জৰুৰী৷ বিজেপিয়ে কিন্তু এইটো নিবিচাৰে বুলি অভিযোগ আছে৷ বিৰোধী শূন্য গণতন্ত্ৰত একনায়কত্ববাদে পোখা মেলে৷ বহুক্ষেত্ৰত বিজেপিক কংগ্ৰেছেই সহায় কৰিবলৈ লৈছে৷ অসমৰ প্ৰেক্ষাপটত এটা কথা নিশ্চিত হৈছে যে বিৰোধীৰ ভিতৰত আটাইতকৈ শক্তিশালী হৈয়ো কংগ্ৰেছত সুযোগ সন্ধানী নেতাৰ ভিৰে দলীয় কৰ্মীসকলক হতাশ কৰিছে৷
এটা সৰু উদাহৰণ দিওঁ– কিছুদিন পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰা গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতি আছিল৷ নিশা মহানগৰীৰ কেইগৰাকীমান সাংবাদিকক আহাৰৰ বাবে নিমন্ত্ৰণ কৰি খেৰাই ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশটোৰ আভাস লৈছিল৷ নৈশ আহাৰত উপস্থিত থকা সাংবাদিকসকলে জনাইছিল যে সেইদিনা পৱন খেৰাৰ একেবাৰে কাষত বহি থকা মানুহজন আছিল দ্বিজেন শৰ্মা৷ দ্বিজেন শৰ্মাই খেৰাৰ সন্মুখতে সাংবাদিকসকলক বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু দেশত যে একো উন্নয়নমূলক কাম হোৱা নাই, তাৰ ব্যাখ্যা দি আছিল৷ সাংবাদিকসকলে জানে যে দ্বিজেন শৰ্মা পৱন খেৰাৰ সংগ নেৰাৰ প্ৰধান কাৰণ আছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব৷
কেইদিনমান পাছতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষিত হ’ল৷ শৰ্মাই প্ৰাৰ্থিত্ব নাপালে৷ গধূলিলৈ শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাই নহয়, কংগ্ৰেছ কিমান বেয়া আৰু বিজেপি কিমান ভাল তাৰ বিশ্লেষণ আগবঢ়াই এখন সংবাদমেল অনুষ্ঠিত কৰিলে৷ ইয়াৰ কেইদিনমান পাছৰ আন এক দুৰ্ঘটনা৷ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ল৷ প্ৰাৰ্থিত্ব নাপালে ৰাণী নৰহে৷ পত্নীয়ে প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত লগে লগে কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে ভৰত নৰহে৷ ভৰত নৰহে কংগ্ৰেছ ত্যাগ কৰিব বুলি ঘোষণা কৰাৰ খবৰটো আপোনাৰ বাবেও আচহুৱা৷ কিয়নো উত্তৰ অসমত নতুন প্ৰজন্মক কংগ্ৰেছ কৰিবলৈ বা কংগ্ৰেছলৈ অহাৰ বাট যিসকলে বন্ধ কৰি ৰাখিছিল, তাৰ মাজত এগৰাকী ভৰত নৰহো৷ বিধানসভাৰ মজিয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰত নৰহক উদ্দেশি এবাৰ কৈছিল যে আপোনালোক ’৮৫ৰ প্ৰডাক্ট৷ এতিয়া তৰংগ গগৈহঁতৰ দিন৷ এই প্ৰজন্মক আপোনালোকে বাট এৰি দিব লাগে৷ মুখ্যমন্ত্ৰীৰ এই কথাখিনি মন কৰিবলগীয়া৷
ভৰত নৰহ, দ্বিজেন শৰ্মা ৭০ৰ ঘৰ চোৱা আৰু ৭০ পাৰ হোৱা নেতাসকল অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ হয় নে নহয় বুলি প্ৰশ্ন উঠাটো স্বাভাৱিক৷ এই প্ৰশ্ন তেওঁলোকৰ কাম-কাজৰ বাবেই উত্থাপিত হৈছে৷ এইসকলৰ পদত্যাগে এটা কথা প্ৰতীয়মান কৰিলে, সেয়া হ’ল– দলৰ প্ৰতি নহয়, নিজৰ লগতে পৰিয়াল তথা পত্নীৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবৰ বাবেহে কংগ্ৰেছ কৰিছিল৷
বিজেপিৰ পাঁচগৰাকী সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তনৰ পাছতো তেওঁলোকে দলৰ পৰা পদত্যাগ নকৰিলে৷ সংসদত নীৰৱে পাঁচ বছৰ পাৰ কৰি দিয়া ব্যক্তিকো পুনৰ প্ৰাৰ্থিত্ব দিলে৷ এইবোৰ কথা ৰাইজৰ মাজলৈ লৈ যোৱাৰ সলনি কংগ্ৰেছ নেতাসকল নিজৰ মাজত যুঁজ-বাগৰত ব্যস্ত থাকিল৷ কংগ্ৰেছৰ দুৰ্গ বিজেপিয়ে বাহিৰৰ পৰা খহাবলৈ কোনো ধৰণৰ চেষ্টাই কৰিবলগীয়া নহ’ল৷ এই দুৰ্গ ভিতৰৰ পৰাই কংগ্ৰেছীয়ে খহাবলৈ লাগি আছে৷ বিজেপি সাংসদৰ পাৰদৰ্শিতা তথা তেওঁলোকৰ ৰিপ’ৰ্ট কাৰ্ডক লৈ আলোচনা কৰাৰ এটা পৰিৱেশ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৰাজ্যত সৃষ্টি কৰিব পাৰিব লাগিছিল৷ বিজেপিয়ে প্ৰাৰ্থীৰ মুখবোৰ সলাই ভোট বিচৰাৰ ৰাজনীতি নতুন নহয়৷ কিন্তু এই ৰাজনীতিৰ বিৰুদ্ধে জনতাক সজাগ কৰাৰ বাবে কংগ্ৰেছে সময় পালে ক’ত?
Leave A Comment