দুয়ো একেলগে পথটো পাৰ হ’বলৈ ৰৈ আছিল৷ দুয়ো পিনৰ পৰা অজস্ৰ গাড়ী-মটৰৰ অহা-যোৱা৷ কাৰো ক’লৈকো চাবলৈ সময় নাই৷ সকলোৱে চাইছে কেৱল সন্মুখলৈ৷ পথত সকলোৰে মাজত এটাই প্ৰতিযোগিতা– কোনে কাক পিছ পেলাই আগবাঢ়িব পাৰে৷ চলি থকা গাড়ীবোৰৰ চালকে আগবাঢ়ি যাবলৈ বজাইছে উপৰ্যুপৰি হৰ্ন৷ ৰাজপথত চলা এই প্ৰতিযোগিতাৰ মাজত মানুহ দুজন একাষৰীয়া হৈ কিছু সময় ৰৈ থাকিবলগীয়া হ’ল৷ চেষ্টা কৰিও পথটোৰ সিটো পাৰলৈ যাব পৰা নাই৷ এনেতে কাহিলিপাৰাৰ দিশৰ পৰা অহা এখন গাড়ী ৰৈ গ’ল৷ হয়তো গাড়ীখনৰ চালকৰ আসনত বহি অহাজনৰ পৰিচিত পথ পাৰ হ’বলৈ ৰৈ থকা মানুহ দুজন৷
গণেশগুৰি দিশৰ পৰা অকণমান সময়ৰ বাবে কোনো গাড়ী অহা নাছিল৷ দুয়োজন মানুহ সেই সুযোগতে খৰকৈ পথটো পাৰ হ’বলৈ বিচাৰিলে৷ ৮০ ঊৰ্ধৰ মানুহজনে তেওঁৰ বাওঁহাতখন আগবঢ়াই দিলে পত্নীলৈ৷ পত্নীয়ে সেইখন হাতত খামুচি ধৰাৰ পাছতে দুয়ো সুকলমে পাৰ হ’ল পথটো৷ সিটো মূৰত ৰৈ গোটেই দৃশ্যটো চাই আছিলোঁ৷
দৃশ্যটোৱে আৱেগিক কৰাৰ লগতে এটা সম্পৰ্কৰ নিকপকপীয়া বান্ধোনে বহু কথাই কৈ দিলে৷ দুখন ঘৰৰ পৰা আহি এখন চালিৰ তলত একেলগে থাকিবলৈ লোৱা দুজন মানুহৰ এই আত্মিক সম্পৰ্কই ইতিমধ্যে অৰ্ধ শতিকা অতিক্ৰম কৰিছে৷ এই যে মানুহ দুজনৰ কথা কৈছোঁ, তেওঁলোকৰ এজন হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় সাংবাদিকতাৰ অন্যতম মহীৰূহ কনকসেন ডেকা আৰু ইগৰাকী হ’ল তেওঁৰ পত্নী তথা ‘অগ্ৰদূত’ৰ প্ৰকাশক ভানুশ্ৰীসেন ডেকা৷ কনকসেন ডেকাৰ পৰিচয় নতুনকৈ দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু এই মানুহজনক সাহস আৰু জীৱনৰ বাটত আগবাঢ়ি যাওতে যিগৰাকী মহলিাই গোটেই জীৱন উজ্জীৱিত কৰি ৰাখিলে, তেওঁ হ’ল ভানুশ্ৰীসেন ডেকা৷ সাধাৰণতে আমি কোনো এজন অতি সফল ব্যক্তিৰ জীৱন আলোকপাত কৰিবলৈ যাওতে বহু ক্ষেত্ৰত এই সফলতাৰ কৃতিত্ব সেই মানুহজনকে দিওঁ৷ জ্ঞাতে-অজ্ঞাতে ক’ৰবাতে থাকি যায় সেইগৰাকী মানুহৰ কথা, যাৰ ত্যাগক সামান্যভাৱেও চৰ্চালৈ অনা নহয়৷ অৱশ্যে এই ক্ষেত্ৰত ডেকা ছাৰে তেওঁৰ জীৱনৰ তিতাখিনি নিজলৈ ৰাখি মৌকোহবোৰ পত্নীসহ পৰিয়ালৰ আটাইকে দিয়াৰ চেষ্টা কৰিছে৷
‘অগ্ৰদূত’ৰ সৈতে জীৱনৰ দীঘলীয়া সময় পাৰ কৰিছোঁ৷ সাংবাদিকতা জীৱনৰ সেইবোৰ কথা ইয়াত আলোচনা কৰিবলৈ বিচৰা নাই৷ কিন্তু কনকসেন ডেকাক এগৰাকী যোদ্ধা হিচাপে নতুন প্ৰজন্মই জানিলেও এইগৰাকী ব্যক্তিৰ সহযোদ্ধা বুলিলে ভানুশ্ৰীসেন ডেকাৰ কথাই ক’ব লাগিব৷ আলফাৰ ভৰপকৰ সময়ত ‘অগ্ৰদূত’ আৰু কনকসেন ডেকাই লোৱা ভূমিকা আমি ওচৰৰ পৰা দেখা পাইছোঁ৷ এইছোৱা সময়ক লৈ চলচ্চিত্ৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল৷ ‘এন এণ্টি ইনচাৰ্জেণ্ট জাৰ্ণি’ নামেৰে নিৰ্মিত এই তথ্যচিত্ৰখনৰ কাহিনী আৰু চিত্ৰনাট্য লেখাৰ সৌভাগ্য মোৰে হৈছিল৷ জ্যোতি চিত্ৰবনত তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ বাবে আয়োজন কৰা হৈছিল এটি অনুষ্ঠানৰ৷ এই অনুষ্ঠানত কনকসেন ডেকা ছাৰৰ লগতে তেওঁৰ পৰিবাৰ ভানুশ্ৰীসেন ডেকাকো সম্বৰ্ধনা জনোৱা হৈছিল৷ সম্বৰ্ধনা গ্ৰহণ কৰি মানুহগৰাকীয়ে দুটা বাক্যই কৈছিল– মই সূৰ্যৰ পোহৰেৰে আলোকিত হোৱা চন্দ্ৰ৷ মোৰ নিজা কোনো পোহৰ নাই৷ সন্মুখত অজস্ৰ মানুহ৷ এই বাক্য দুটা কৈয়ে ভানুশ্ৰীসেন ডেকাই হুকহুকাই কান্দি উঠিছিল৷ সেইদিনা মানুহগৰাকীৰ স্বামীৰ প্ৰতি থকা ভালপোৱা, শ্ৰদ্ধা আৰু আৱেগৰ বহিপ্ৰৰ্কাশ পুনৰ দেখা পাইছিলোঁ৷
ক’বলৈ বিচৰা কথাটো হ’ল– পৃথিৱীত এনে খুব কম মানুহ আছে, যি অকলেই সকলো অসম্ভৱক সম্ভৱ কৰিছে৷ উদ্যোগপতি, লেখক, সাহিত্যিক, শিল্পী, সাংবাদিককে ধৰি সৃষ্টিশীল লোকসকলৰ বেছিভাগৰে জীৱন যুদ্ধত একোগৰাকী সহযোদ্ধা থাকে৷ যিদৰে জনপ্ৰিয় ঔপন্যাসিক মনিকুন্তলা ভট্টাচাৰ্যক তেওঁৰ স্বামীয়ে অনন্ত প্ৰেৰণা যোগাই আহিছে, সেইদৰে অনুৰাধা শৰ্মা পূজাৰীৰো সৃষ্টিৰ আঁৰত তেওঁৰ স্বামীৰ অৱদান কম নহয়৷
কিছুদিন পূৰ্বে প্ৰাগ ডিজিটেলৰ এগৰাকী সাংবাদিকে কবি নীলিম কুমাৰক সাক্ষাৎ প্ৰসংগত এটা প্ৰশ্ন সুধিছিল৷ প্ৰশ্নটোৰ উত্তৰ কবিগৰাকীয়ে যিদৰে দিছিল, সেই উত্তৰে অনুভূতিপ্ৰৱণ প্ৰতিগৰাকী লোকৰ হৃদয় চুই গৈছিল৷ সাংবাদিকগৰাকীয়ে কবিক সুধিছিল– আপোনাৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা কি? উত্তৰত কবিয়ে কৈছিল– এতিয়াতো যৌৱনৰ বতৰ৷ এতিয়া প্ৰেম তেনেই সুলভ৷ কিন্তু মোৰ হাতখন যেতিয়া সোতোৰাসোতৰ হৈ যাব, সেই সময়ত এই হাতখন ধৰিবলৈ যিখন হাত আগবাঢ়ি আহিব, সেই হাতখনৰ গৰাকীয়ে হ’ব মোৰ জীৱনৰ প্ৰকৃত প্ৰেমিকা৷ কাৰণ সোতোৰাসোতৰ হৈ পৰা এখন হাত ধৰিবলৈ সাধাৰণতে প্ৰেমিকাৰ অভাৱ৷ সেই বয়সত কাৰোবাৰ পুতৌ আৰু কাৰোবাৰ অনুগ্ৰহৰ বাবে কবিয়ে অপেক্ষা কৰা নাই৷ কবিয়ে বিচাৰিছে কোনোবাই তেওঁক আলফুলে জীৱনৰ এই সময়ত ভাটিয়ালি ৰাগ টনাত আগ্ৰহেৰে সহযোগ কৰা৷ যি আগ্ৰহত থাকিব বসন্তত ফুল ফুলাৰ বতৰা৷
ফাগুনৰ পছোৱাত আকাশে-বতাহে উৰি ফুৰে অলেখ পলাশ-শিমলুৰ ফুল৷ উৰি উৰি এটা সময়ত পথৰ দাতিতে পৰি ৰয় সেই ফুল৷ বতাহত উৰি ফুৰা সেই ফুলৰ কদৰ কাৰো ওচৰতে নাই৷ কিন্তু এই ফুলেই দিয়ে ফাগুন অহাৰ খবৰ৷ বছৰৰ অন্য ঋতুত বিশেষকৈ শীতত লঠঙা হোৱা পলাশ-শিমলুৰ সৌন্দৰ্য চাই যিয়ে আত্মহাৰা হ’ব পাৰিব, তেৱেঁ চাগে পলাশ-শিমলুৰ আচল প্ৰেমিক৷ যৌৱনৰ প্ৰেমিক বা প্ৰেমিকাগৰাকী জীৱনৰ সহযোদ্ধা নহ’বও পাৰে৷ যি প্ৰেমত সংগ্ৰাম আৰু সংঘৰ্ষৰ কোনো স্থান নাই, সেই প্ৰেম নিশা ফুলি পুৱা সৰি পৰা ৰজনীগন্ধাৰ সমতুল্য৷
আপুনি আচৰিত হ’ব যে সাম্প্ৰতিক সময়ত বৈবাহিক বান্ধোন অতি শিথিল হৈ পৰিছে৷ গুৱাহাটীৰ পাৰিবাৰিক আদালতলৈ যদি যায়, দেখা পাব দৈনিক গড়ে ১০-১৫খনকৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন পৰিছে৷ ইয়াৰে কাৰোবাৰ এবছৰ, কাৰোবাৰ ২০-২৫ বছৰৰ সম্পৰ্ক৷ বিবাহ বিচ্ছেদৰ বাবে জনোৱা আবেদনে কেৱল গুৱাহাটীৰ পাৰিবাৰিক আদালততে ভিৰ কৰা নাই৷ নলবাৰী, যোৰহাট, তেজপুৰ সৰ্বত্ৰ একেই পৰিস্থিতি৷ সহনশীলতা আৰু বুজাবুজিৰ অভাৱত শিথিল হৈ গৈছে বান্ধোন৷ যিদৰে সামাজিক বান্ধোন শিথিল হোৱাৰ অভিযোগ শুনিবলৈ পাওঁ, সেইদৰে পাৰিবাৰিক সম্পৰ্কবোৰ অতি ঠুনুকা হৈ পৰিছে৷ ইয়াৰ মাজতো টিকি আছে সেইসকল, যিসকলে জীৱনৰ এই কৰুণ অধ্যায়ৰ পৰা আঁতৰি থাকিবলৈ অহৰ্নিশে সাধনা কৰিছে, হয়তো তেওঁলোকেই জীয়াই থকাৰ কলাও আহৰণ কৰিছে৷
আমি এনে বহু মানুহ দেখিছোঁ, যিসকল সামাজিক আৰু ব্যক্তিগত জীৱনতো অতি সফল৷ ৰাজহুৱা জীৱনতো নাই কোনো ধৰণৰ কপটতা৷ বৰ্ষীয়ান ৰাজনীতিক হেমেন দাস বয়সৰ হিচাপত ৯২ ঘৰত৷ হেমেন দাসৰ ৰাজহুৱা জীৱনক লৈ কাৰো আপত্তি নাই৷ তেওঁ এটা নিৰ্দিষ্ট মতবাদক বিশ্বাস কৰে৷ অৱশ্যে সেই মতবাদ তেওঁ কাৰো ওপৰত জোৰকৈ জাপি দিবলৈ চেষ্টাও কৰা নাই৷ হেমেন দাসৰ এই ৰাজহুৱা জীৱনটোক আগবঢ়াই নিয়াত অসমৰ ৰাইজৰ লগতে তেওঁৰ পৰিবাৰৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি৷
হেঙেৰাবাৰীৰ হাউছিঙৰ ঘৰটোত স্বামী-স্ত্ৰী দুয়ো থাকে৷ ইজন সিজনৰ পৰিপূৰক৷ এগৰাকী শ্ৰমিক নেতা হিচাপে হেমেন দাস আজিও ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে৷ আনকি ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা শ্ৰমিক সন্মিলনলৈ সপত্নীক হেমেন দাস ৰে’লেৰে বহুবাৰ গৈছে৷ প্ৰতিটো খোজত স্বামীক সহায় কৰিছে পত্নীয়ে৷ সকলোতে কেৱল স্বামীক সহায় কৰাটোৱে পত্নীৰ কাম নহয় বা হ’ব নোৱাৰে৷ ইজনে সিজনৰ প্ৰতিভা সঠিকভাৱে আৱিষ্কাৰ কৰি দুয়ো দুয়োকে সহায় কৰি যোৱাটোৱে জীৱনত যোগাত্মক প্ৰভাৱ পেলায়৷ এনে বহু স্বামীক জানো, যি পত্নীক আগবাঢ়ি যোৱাত সহায় কৰিছে৷ উদাহৰণস্বৰূপে তেনে এগৰাকী মহিলা হ’ল– ৰঞ্জুমণি শইকীয়া৷ সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত এইগৰাকী সত্ৰীয়া নৃত্যৰ শিল্পীক এই পৰ্যায়লৈ তুলি ধৰাত তেওঁৰ স্বামীয়ে কোনো কাৰ্পণ্য কৰা নাই৷ এনেকুৱা বহু পুৰুষ আছে, যি পত্নীক তেওঁৰ প্ৰতিভা বিকাশত হেঙাৰ নহৈ এটা ইঞ্জিন হিচাপে সহযোগ কৰিছে৷ যি ইঞ্জিনে ৰে’লৰ ডবাবোৰ আগবাঢ়ি যোৱাত প্ৰধান ভূমিকা লৈছে৷
আধুনিক জীৱনত মানুহে কি বিচাৰে? প্ৰেমৰ সংজ্ঞা আচলতে কেনেকুৱা? এই ক্ষেত্ৰত কবি নীলিম কুমাৰে কোৱা সেই সূত্ৰৰ সন্ধান আমি কেইজনে কৰিছোঁ৷ আমি বহুতে বৰ্তমানক লৈয়ে ভৱিষ্যতৰ সপোন দেখোঁ৷ কিন্তু কবিয়ে প্ৰেমৰ সফলতাৰ বাবে জীৱনৰ সেই সময়লৈ অপেক্ষা কৰিছে৷ যি সময়ত অকলে জীৱনৰ জটিল পথ পাৰ হ’বলৈ লৈয়ো বাৰে বাৰে পিছুৱাই আহিবলগীয়া হৈছে৷ সেই সময়ত এহাতত এডাল ষ্টিক আৰু আনখন হাত ধৰিবৰ বাবে যিখন হাত আগবাঢ়ি আহিব সেই দুখন হাতৰ বন্ধনেই জীৱনত প্ৰেমৰ পূৰ্ণতা আনি দিয়ে৷ যিদিনা কনকসেন ডেকাই সন্মুখৰ পথটো পাৰ হ’বলৈ লৈ পত্নীৰ হাতখন খামুচি ধৰিছিলে, সেই সময়তে তেওঁলোকৰ জীৱনৰ প্ৰাপ্তিয়ে পূৰ্ণতা পাইছে৷ এই দুখন হাত আৰু কেতিয়াও এৰা খাই নাযায়৷ যিখন হাতৰ সন্ধান নীলিম কুমাৰে আজি কৰিছে, সেইখন হাতৰ সন্ধান দিলে কনকসেন ডেকা আৰু ভানুশ্ৰীসেন ডেকাই৷
সকলোৰে জীৱনলৈ এনে সৌভাগ্য নাহে৷ আচলতে জীৱন আগবঢ়াই নিওঁতে আৰম্ভণিতে কৰা কিছু সৰু আৰু কিছু ডাঙৰ ভুলে আমৃত্যু প্ৰভাৱ পেলায়৷ বহুক্ষেত্ৰত বিতৰ্কৰ কেন্দ্ৰ হৈ থকা কল্পনা লাজমীৰ সেই ত্যাগৰ কথাও আমি স্বীকাৰ কৰিব লাগিব৷ বিভিন্ন সময়ত কল্পনা লাজমীক আমাৰ দৰে বহুতে ক্ষুৰধাৰ সমালোচনা কৰিছিলোঁ৷ কিন্তু প্ৰয়াত চলচ্ছিত্ৰ পৰিচালক পুলক গগৈয়ে কোৱা এষাৰ কথাই কল্পনা লাজমীৰ ভূপেন হাজৰিকাৰ প্ৰতি থকা দায়বদ্ধতাক নতুনকৈ জনাৰ সুযোগ দিছিল৷ পুলক গগৈৰ ঘৰত আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল ভূপেন হাজৰিকা৷ কিন্তু মুম্বাইৰ পৰা পুলক গগৈক একাধিকবাৰ টেলিফোন কৰি কল্পনা লাজমীয়ে সোঁৱৰাই আছিল কেইবজাত কোনটো টেবলেট ভূপেন হাজৰিকাক খাবলৈ ক’ব৷ লগতে কল্পনা লাজমীয়ে ইয়াকো কৈছিল যে প্ৰতিটো টেবলেট ঠাণ্ডা নহয়, কুহুমীয়া পানীৰ সৈতেহে ভূপেন হাজৰিকাক খাবলৈ দিব৷
প্ৰিয়ম্বদা পেটেলৰ সৈতে এক সৌহাদ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰেই ভূপেন হাজৰিকা অকলে থাকিবলৈ লৈছিল৷ পত্নীৰ পৰা আঁতৰি থাকিবলৈ লোৱাৰ বহুদিনৰ পাছত বয়সত ২৮ বছৰে সৰু কল্পনা লাজমীৰ সৈতে মুম্বাইত একেলগে আছিল ভূপেন হাজৰিকা৷ কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ স্বাস্থ্যৰ যতন কিদৰে লৈছিল, ভূপেন হাজৰিকাৰ জীৱনক লৈ কল্পনা লাজমী কিদৰে দায়বদ্ধ, সেয়া পুলক গগৈৰ মুখেৰে শুনিছিলোঁ৷ ইয়াৰ পাছতে কল্পনা লাজমী সম্পৰ্কত থকা কিছু ধাৰণা সলনি হৈছে৷
ভূপেন হাজৰিকাৰ জীৱনৰ সহযোদ্ধা হিচাপে কল্পনা লাজমীক আমি আৱিষ্কাৰ কৰাৰ আগতে আৰু এটা কাহিনী ক’ব খুজিছোঁ৷ এইটো কাহিনী কল্পনা লাজমীয়ে নিজেই উল্লেখ কৰি গৈছে৷ সেয়া হ’ল– কলকাতাত এটা শ্ৰমিক সংগঠনৰ অনুষ্ঠানত ভূপেন হাজৰিকাক গীত গাবলৈ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশে অহা প্ৰতিনিধি দলটোৰ সৈতে টকা-পইচাৰ দৰ-দাম কৰিছিল কল্পনা লাজমীয়ে৷ ইয়াৰ বাবে খঙত টিঙিৰিতোলা হৈ ভূপেন হাজৰিকাই কল্পনা লাজমীৰ গালৈ দলিয়াই দিছিল ভাতৰ কাঁহী৷
খেয়ালি মনৰ শিল্পীজনক ভিতৰৰ পৰা জনাৰ বাবে শেষ মুহূৰ্তলৈ কল্পনা লাজমী আঁতৰি নগ’ল৷ জীৱন কি, এগৰাকী শিল্পী বা লেখকে জীৱনত বিচাৰে কি, সেয়া ভিতৰৰ পৰা জানিছিল কল্পনা লাজমীয়ে৷ খং, ৰাগ, অভিমানৰ মাজতো ভূপেন হাজৰিকাৰ শিল্পী সত্তাক সন্মান কৰি গৈছিল কল্পনা লাজমীয়ে৷ ২০১১ৰ পাঁচ নৱেম্বৰ৷ কান্দোনত ভাগি পৰিছিল অসমৰ প্ৰতিগৰাকী মানুহ৷ মুম্বাইৰ চিকিৎসালয়ত চিকিৎসকে ঘোষণা কৰিছিল ভূপেন হাজৰিকাৰ মৃত্যু হৈছে৷ সেই মুহূৰ্তত কল্পনা লাজমীয়ে হাস্পতালখনৰ বাৰান্দাত চিঞৰি চিঞৰি কান্দি উঠিছিল৷ আৰু আকাশলৈ চাই হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল তেওঁৰ কোলাতে যেন মৰ্ত্যৰ শিল্পীগৰাকীক স্থান দিয়ে৷ কান্দি কান্দি ব্যাকুল হোৱা প্ৰয়াত লাজমীৰ এই চকুপানীত নাছিল কোনো স্বাৰ্থ!
জিতুমণি বৰা
Leave A Comment