• অত শ্বহীদৰ মৃত্যু ইমান ধেমালি নহয়...

    সম্পাদকীয়
    অত শ্বহীদৰ মৃত্যু ইমান ধেমালি নহয়...
    সেয়া আছিল ৯০ দশকৰ কথা৷ তেজপুৰৰ চানমাৰিত অগপ নেতা বৃন্দাবন গোস্বামীৰ ঘৰৰ কাষত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছিল সূৰ্য দাসে৷ সেইগৰাকী সূৰ্য দাস, যাৰ কণ্ঠৰে অসমৰ প্ৰজন্মৰ পাছত প্ৰজন্মক বান্ধি ৰাখিছে এটা বিশেষ গীতে৷ মানুহ দেখিছো আজি বহুত মানুহ/ কথাৰ সিন্ধু মথি অমৃত চুহি খোৱা ভণ্ড...৷ নগেন বৰাই লিখা এই গীতটোকে সূৰ্য দাসে তেওঁৰ প্ৰতিখন সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰে৷ কিন্তু তেজপুৰৰ চানমাৰিৰ বিহু সন্মিলনৰ সেইবাৰৰ সাংস্কৃতিক অনুষ্ঠানত সূৰ্য দাসে আৰম্ভণিতে এনে এটা গীত গালে, যিটো গীতে তেজপুৰকে নহয়, সমগ্ৰ অসমকে মুহূৰ্তৰ বাবে স্তব্ধ কৰি দিছিল৷ 

    পৰৱৰ্তী সময়ত আলোচিত হৈছিল গীতটোৰ কথা৷ গীতৰ সুৰ ইয়াত গৌণ আছিল যদিও কথাংশ ইমান বেছি শক্তিশালী আছিল যে অসমীয়া মানুহৰ বিৱেকক ই জোকাৰি দিছিল৷ তেজপুৰৰ ৰাইজে গীতটো সেই মঞ্চত শিল্পীগৰাকীৰ হতুৱাই অনুষ্ঠান শেষ কৰাৰ আগমুহূৰ্তত দ্বিতীয়বাৰৰ বাবে গাবলৈ অনুৰোধ কৰিছিল৷ মানুহৰ মৰম আৰু শ্ৰদ্ধাৰে প্ৰতিপালিত শিল্পী সূৰ্য দাসে দ্বিতীয়বাৰ যেতিয়া গীতটো পৰিৱেশন কৰিছিল, সেই মুহূৰ্তত ৰভাথলীত এক আৱেগভৰা পৰিৱেশৰ সৃষ্টি হৈছিল৷ কাৰণ অসম আন্দোলনৰ বতাহছাটি তেতিয়াও বলিয়ে আছিল৷ আন্দোলন আৰু অসম চুক্তিৰ দফাবোৰে তেতিয়াও অসমীয়াৰ বুকুত হেন্দোলনি তুলিয়ে আছিল৷ 
    সূৰ্য দাসে তেজপুৰৰ  বিহুতলীত দৰদভৰা কণ্ঠৰে গোৱা বিশেষ গীতটো আছিল– ধেমালিতে ভাওনাৰ বচন নাগাবা/ৰাইজে ধৰিব ভুল/ধেমালিতে হাতীৰ মাউট নহ’বা/হাতীয়ে কৰিব ভুল/অত শ্বহীদৰ মৃত্যু ইমান ধেমালি নহয়/সংগ্ৰাম মানে ধেমালি নহয়/জীৱন মানে ধেমালি নহয়...৷

    ইতিমধ্যে অন্ত পৰিছিল অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ৷ প্ৰথমটো কাৰ্যকালতে বিতৰ্ক আৰু অসমীয়াক প্ৰতাৰণা কৰাৰ ইটোৰ পাছত সিটো অভিযোগে পূবলৈ চোৱাৰ হেঁপাহ মষীমূৰ কৰি পেলাইছিল৷ চাৰিশ কোটি টকীয়া এল অ’ চি কেলেংকাৰি, কেবিনেট মন্ত্ৰীয়ে বিমানৰ ভিতৰত সুৰাপান কৰি বিদেশী পৰ্যটকক অপমান কৰা, বিমানৰ ভিতৰত অমাৰ্জিত আচৰণকে ধৰি বিভিন্ন অভিযোগেৰে ৰাজ্যৰ শাসনত বহা প্ৰথমটো আঞ্চলিক দলৰ গাত বদনামৰ ডাঠ চামনিৰ সৃষ্টি কৰিছিল৷ অথচ এই অসমীয়া মানুহেই বুকুত হেজাৰ সপোন সাবটি আঞ্চলিক দলৰ চৰকাৰখন দিছপুৰত বহুৱাইছিল৷  অসমীয়া মানুহৰ ইতিহাস সংগ্ৰাম আৰু ত্যাগৰ লগতে নেতাৰ প্ৰতাৰণাৰে ভৰপূৰ৷ অসমীয়া মানুহে আহোমৰ দিনৰ পৰা ব্ৰিটিছৰ দিনলৈকে কেৱল বহিৰাগত শত্ৰুৰ বিৰুদ্ধে যুঁজ দিছে৷ 

    স্বাধীনতাৰ তিনিটা দশকৰ পাছত অসমব্যাপি আৰম্ভ কৰা আন্দোলনৰ পৰিণতিত স্বাক্ষৰ হোৱা চুক্তিখনত কি আছিল, সেয়া ৯৯ শতাংশ অসমীয়াই তেতিয়া ভালকৈ গমকে পোৱা নাছিল৷ চুক্তি স্বাক্ষৰ কৰা নেতাসকলে ভালকৈ জানিছিল কি পৰিস্থিতিত আৰু কিহৰ আশাত সেইখন স্বাক্ষৰ কৰিবলগীয়া হৈছিল৷ ১৯৮৫ৰ ১৫ আগষ্টত চুক্তি স্বাক্ষৰ কৰি ১২ দিন এই নেতাসকল দিল্লীত বহি অসমৰ পৰিস্থিতিৰ ৰেহ-ৰূপ চাবলগীয়া হৈছিল কিয়? প্ৰথমটো কাৰ্যকালতে এক অধপতিত অৱস্থালৈ আঞ্চলিক দলটো পৰ্যবসিত হোৱাত অসমীয়া মানুহে কান্দিছিল৷ প্ৰথমবাৰৰ বাবে বদনৰ পাছত আন কোনো অসমীয়াই যদি নিজৰ জাতিটোক ঠগিলে, তেনেহ’লে এইসকল নেতাই নহয়নে? চুক্তিৰ মূল দফা দুটা কিয় অগপ দলটোৱে তেওঁলোকৰ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে ৰূপায়ণ নকৰিলে? 

    আজি নৰেন্দ্ৰ মোদীয়ে প্ৰবল বিৰোধ সত্ত্বেও প্ৰতিশ্ৰুতি অনুসৰিয়ে এটা মন্দিৰ নিৰ্মাণ কৰিব পাৰে, ৩৭০ অনুচ্ছেদ বাতিল কৰিব পাৰে, তেনেহ’লে অগপ নেতাসকলে কিয় বিদেশী বহিষ্কৰণ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিলে? কোনে বাধা দিছিল তেওঁলোকক? যদি কেন্দ্ৰীয় চৰকাৰে বাধা দিছিল, তেনেহ’লে তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰতিবাদত পদত্যাগ নকৰিলে কিয়? কিয় চুক্তিৰ ছয় নং দফা অনুসৰি খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা নকৰিলে? এতিয়াতো অগপই মোটেই সলালে৷ এতিয়া আৰু আঞ্চলিক দলটোৰ নেতাৰ মুখত পাঁচ নং দফা, ছয় নং দফাৰ কথা শুনিবলৈ নাপাওঁ৷ আঞ্চলিক দলটোৰ আত্ম প্ৰতাৰণা আৰু ব্যৰ্থতাক মুকলিকৈ সমালোচনা কৰি সূৰ্য দাসে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৯০১ দশকতে মঞ্চই মঞ্চই সেয়ে গাই ফুৰিছিল– ধেমালিতে ভাওনাৰ বচন নাগাবা/ৰাইজে ধৰিব ভুল/ধেমালিতে হাতীৰ মাউট নহ’বা/হাতীয়ে কৰিব ভুল/অত শ্বহীদৰ মৃত্যু ইমান ধেমালি নহয়/সংগ্ৰাম মানে ধেমালি নহয়/জীৱন মানে ধেমালি নহয়...৷

    দুবাৰকৈ চৰকাৰ গঠন কৰা এটা আঞ্চলিক দল অসমীয়া মানুহৰ দ্বাৰাই পৰৱৰ্তী সময়ত প্ৰত্যাখ্যিত হৈ আহিছে৷ দলটোৰ নেতাসকলৰ বেছিভাগৰে ইয়াক লৈ নাই কোনো অনুশোচনা, নাই কোনো আত্মসমালোচনা৷ এতিয়া ৮-৯গৰাকী বিধায়কৰ এটা দলত পৰিণত অগপ৷ এই দলটো সহজে আৰু উধাব নোৱাৰিব নিশ্চয়! সময়তকৈ তেওঁলোক বহু পিছপৰি ৰ’ল৷ অদূৰ ভৱিষ্যতে দলটোৰ বিধায়কৰ সংখ্যাই দহৰ ঘৰো স্পৰ্শ কৰাৰ কোনো সম্ভাৱনা নাই৷ অসমীয়া মানুহে এনেদৰেই এওঁলোকক প্ৰতিশোধ ল’লে৷ ১৯৮৫১ পাছত সুদীৰ্ঘ ৩৮ বছৰৰ মূৰত আৰু এখন চুক্তি হ’ল৷ এইখন চুক্তিও ত্ৰিপাক্ষিক৷ ইয়াতো কেন্দ্ৰ, ৰাজ্য আৰু অসমৰ একাংশ নেতা জড়িত৷ ইয়াতো নাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চুক্তি ৰূপায়ণৰ প্ৰসংগ৷ ১৯৮৫ৰ চুক্তিখন কাৰ্যকৰী হোৱা হ’লে ২০২৩ৰ ২৯ ডিচেম্বৰত নতুনকৈ এখন চুক্তি স্বাক্ষৰ কৰিবলগীয়া নহ’লহেঁতেন৷ একেখিনি মানুহক সপোন দেখুৱাই প্ৰায় চাৰিটা দশকৰ মূৰত আৰু এখন চুক্তি৷অসমীয়া মানুহৰ মন আৰু মগজু এতিয়া পূৰঠ৷ চৰকাৰীভাৱে যিয়েই নকওক, অসমৰ খিলঞ্জীয়া মানুহে ঠিকেই বুজিছে আদা আৰু কেতুৰিৰ পাৰ্থক্য কি!

    ২৯ ডিচেম্বৰত স্বাক্ষৰ হোৱা চুক্তিখনক লৈ অসমীয়া মানুহৰ মাজত সামান্যভাৱেও উৎসাহ নোহোৱাৰ কাৰণ দিল্লী-দিছপুৰৰ চৰকাৰ দুখনে নুবুজাকৈ থকা নাই৷ মন্ত্ৰীসকলে যেতিয়া চুক্তিখনৰ সপক্ষে ওকালতি কৰিবলৈ ওলাই আহিল, তেতিয়াই এইখন যে চৰকাৰেই প্ৰস্তুত কৰি দিয়া এখন সন্ধিপত্ৰ, সেয়া সকলোৱে বুজি পালে৷ অসমীয়াত এষাৰ কথা আছে– আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল৷ চুক্তি স্বাক্ষৰ কৰি অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰী আদিয়ে অসমক লৈ যিবোৰ সপোন দেখুৱাইছে, এইবোৰ সপোন আজিৰ পৰা ৪০ বছৰ পূৰ্বে আন কেইগৰাকীমান অসমীয়াই দেখুৱাইছিল অসম চুক্তিৰ মাৰফতত৷ 

    যি সত্য আজি অৰবিন্দ ৰাজখোৱা,  অনুপ চেতিয়া, শশধৰ চৌধুৰী আদিয়ে উপলব্ধি কৰিছে, সেই সত্য ৯০ দশকতে উপলব্ধি কৰিছিল প্ৰয়াত সাংবাদিক কমলা শইকীয়াই৷ এই সত্য প্ৰয়াত শইকীয়াই ৰাজহুৱাকৈ ব্যক্ত কৰাৰ বাবেই তেওঁক নৃশংসভাৱে হত্যা কৰা হ’ল৷ অসমত সংগ্ৰাম, বিপ্লৱ আদি ব্যৰ্থ আৰু আধৰুৱা হোৱাৰ মূলতে বিষয়বস্তুক লৈ নেতাৰ জ্ঞানৰ অভাৱ বুলি ক’ম নে সুবিধাবাদী চৰিত্ৰ? এওঁলোক সপোনৰ পাছত দৌৰিলে৷ বিনিময়ত হেজাৰ বিজাৰ অসমীয়া মানুহক হয় আলফা নহয় নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিলে৷ আমাৰ দৰে বহুতক একাধিকবাৰ অহেতুক কাৰাবন্দী কৰি হাৰাশাস্তি কৰাৰ ইতিহাস কোনে মচিব? ভুল কেউটা পক্ষই স্বীকাৰ কৰক৷ কিয় আলফাৰ হিংসাত্মক কাম-কাজৰ বিৰোধ কৰাৰ বাবেই কেইবাজনো বিশিষ্ট লেখক তথা গল্পকাৰক হত্যা কৰা হৈছিল? এতিয়া এইসকলেই সেই সংগ্ৰাম তেওঁলোকৰ ভুৱা আছিল বুলি ক’লেও শ্বহীদ সাংবাদিক কমলা শইকীয়াক তেওঁৰ পৰিয়ালে ঘূৰাই পাবনে?

    আলোচনাপন্থী আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কৈছে যে সম্পদৰ ওপৰত অধিকাৰ বিচাৰিবলৈ অসমৰ হেনো কোনো সম্পদেই নাই৷ আমাৰ যিকণ সম্পদ আছেগৈ, সেই কণেৰে অসম পাঁচ মাহো হেনো চলিব নোৱাৰে! এই তথ্য শশধৰ চৌধুৰীক কোনে দিলে? ভূ-গৰ্ভত থকা তেল আৰু কয়লাৰ হিচাপৰ কিবা জৰীপ হৈছে নেকি? কোনোবাই জানে নেকি অসমৰ ভূ-গৰ্ভত কেইলিটাৰ খাৰুৱা তেল আৰু কেই কিলোগ্ৰাম কয়লা আছে? আমি জনাত ইয়াৰ কোনো সঠিক তথ্য কাৰো হাতত নাই৷

    কেন্দ্ৰীয় চৰকাৰে ধন নিদিলে অসম নাবাচে বুলি শশধৰ চৌধুৰীয়ে নতুন দিল্লীত সংবাদমেলত কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ৷ অসমৰ সম্পদৰ ওপৰত অধিকাৰ লাগে বুলি বিভিন্নজনে আজিও মন্তব্য কৰিছে৷ ‘দৈনিক জনমভূমি’ত পূৰ্বৱৰ্তী প্ৰতিপক্ষতো চুক্তি স্বাক্ষৰৰ দিনাই এই প্ৰসংগ আলোচনা কৰিছিলোঁ৷ ভাৰতৰ সংবিধানে একোখন ৰাজ্যক কিছুমান অধিকাৰ দিছে৷ সংবিধানৰ ৩৭১ এ-জে অনুচ্ছেদ অনুসৰি সম্পদৰ ওপৰত অধিকাৰে এখন ৰাজ্যক বিশেষ মৰ্যাদা দিয়ে৷ এয়া কেৱল অসমেই প্ৰথম দাবী কৰা নাই৷ ইতিমধ্যে নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যই এই অধিকাৰ ভোগ কৰি আছে৷ ৩৭১ এ-জে অনুচ্ছেদৰ অধীনত এই ৰাজ্যসমূহে নিজৰ সম্পদৰ ওপৰত অধিকাৰ লাভ কৰিছে৷ 

    প্ৰশ্ন উঠিছে– অসমৰ ভূ-গৰ্ভত থকা খাৰুৱা তেল আৰু কয়লাৰ পৰিমাণৰ যি তথ্য শশধৰ চৌধুৰী বা চুক্তি স্বাক্ষৰ কৰা নেতাসকলৰ হাতত আছে, সেই তথ্য তেওঁলোকে সমালোচকৰ মুখ বন্ধ কৰিবৰ বাবে ৰাজহুৱা কৰি দিয়া উচিত৷ অন্যথা চৌধুৰীৰ বক্তব্য মিছা বুলি বিভিন্নজনে ক’বলৈ লৈছে৷ খাৰুৱা তেলৰ নতুন নতুন খাদ আৱিষ্কাৰ হৈছে, দিনে-নিশাই কয়লা কঢ়িয়াই থকা হৈছে৷
    সংগ্ৰাম মানে ধেমালি নহয়, জীৱন মানে ধেমালি নহয়৷ 

    এই গীতৰ মৰ্মাৰ্থ অসমীয়া মানুহে আলোচনাপন্থী একাংশ নেতাৰ মন্তব্য আৰু আচৰণৰ পৰা নতুনকৈ উপলব্ধি কৰিলে৷ স্বাধীনতা বা সাৰ্বভৌমত্ব নিবিচৰা মানে স্বাভিমান আৰু অধিকাৰ বিসৰ্জন দিয়া নুবুজায় নিশ্চয়৷ এটা জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বুনিয়াদ গঠনৰ সুযোগ পাইছিল অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াই৷ সেই সুযোগৰ সদব্যৱহাৰ কৰাত তেওঁলোক ব্যৰ্থ৷ অনুপ চেতিয়াই  কৈছে তেওঁ দীৰ্ঘদিন কাৰাগাৰত বন্দী হৈ আছিল৷ চুক্তিত স্বাক্ষৰ কৰা নেতাসকলৰ কথা শুনিলে এনেকুৱা লাগে যেন ব্যক্তিগত যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈকে তেওঁলোকে চুক্তিখন কৰি পেলালে৷ কিবা এটা কৰিব লাগে, নহ’লে সময়বোৰ গৈ আছে৷ ঠিক এই মনোভাব!

    ব্যক্তিগত যন্ত্ৰণা আৰু আতিশয্যৰ বাবে এটা জাতি, এখন ৰাজ্যৰ নামত এইবোৰ কৰাটো সমীচিন জানো? এইখিনিতে সংগ্ৰামী, বিপ্লৱী আৰু সাধাৰণ মানুহৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ মহাসংগ্ৰামী নেলচন মেণ্ডেলাই ২৭ বছৰ সাত মাহ কাৰাৰুদ্ধ হৈ আছিল৷ বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া মেণ্ডেলাই পৃথিৱীৰ বুৰঞ্জী নতুনকৈ লিখিলে৷ জীৱনৰ দীঘলীয়া সময় কাৰাগাৰত থাকি কৃষ্ণাংগসকলৰ বাবে যুঁজ দিয়া এগৰাকী মহা সংগ্ৰামী আৰু আমাৰ নেতাৰ মাজত পাৰ্থক্য ইয়াতে৷

    ন্যায় আৰু হক বিচাৰি কৰা সংগ্ৰামত ব্যক্তিগত দুখ-কষ্টৰ কথা গৌণ৷ নহ’লে গান্ধীৰ পৰা মেণ্ডেলালৈ এইসকল সংগ্ৰামীক আমি বাৰে বাৰে নতুনকৈ আৱিষ্কাৰ কৰিব নোৱাৰিলোহেঁতেন৷ নাপালোঁহেঁতেন এখন নতুন আধুনিক পৃথিৱী৷ গান্ধী, মেণ্ডেলাৰ সংগ্ৰাম আৰু ত্যাগে গঢ়িলে এইখন পৃথিৱী৷ যি পৃথিৱীত স্থান নাই অস্পৃশ্যতা, বৰ্ণ বৈষম্য আৰু উচ্চ-নীচৰ৷ বিপৰীতে অসমত আন্দোলন কৰা, বিপ্লৱ কৰা এই নেতাসকলক লৈ উত্থাপিত হয় বহু প্ৰশ্ন৷ যি প্ৰশ্নৰ বহু উত্তৰ দুখন চুক্তিৰ মাজেৰে অসমীয়াই পাইছে৷ শেষত সূৰ্য দাসৰ দৰেই ক’ব পাৰি নেকি সংগ্ৰাম মানে ধেমালি নহয়... অত শ্বহীদৰ মৃত্যু ইমান ধেমালি নহয়...৷


    জিতুমণি বৰা