জিতুমণি বৰা
আমাৰ গৌৰৱময় ইতিহাস আছে, আছে আমাৰ স্বৰ্ণখচিত বৰ্তমান৷ ইয়াৰ ভেটিতে অসমীয়াই গঢ়িব পাৰিব ভৱিষ্যতৰ সোণখটোৱা বাট৷ মৰে অসম, জীয়ে কোন? জীয়ে অসম, মৰে কোন? ছবছৰীয়া অসম আন্দোলনৰ প্ৰতিটো মুহূৰ্ত উজ্জীৱিত কৰি ৰাখিছিল এনেকুৱা ধবনিয়ে৷ আমি বহু মানুহ দেখিবলৈ পাওঁ, যিসকলে সোণালী অতীতৰ কথা কৈ বৰ্তমান আৰু ভৱিষ্যৎ সন্দৰ্ভত হতাশা প্ৰদৰ্শন কৰে৷ এই ধৰণৰ মানসিকতাৰ মানুহ আগতেও আছিল, আজিও আছে, আগলৈও থাকিব৷ এই মানসিকতাৰ মানুহে ৰূপকোঁৱৰ, কলাগুৰু, নটসূৰ্য, সাহিত্যৰথী, সুধাকণ্ঠ থকাৰ সময়তো অসমীয়া শেষ হৈ গ’ল বুলি ঋণাত্মক প্ৰচাৰ চলাইছিল৷ মানুহ হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই৷ জাতিক উজ্জীৱিত কৰি ৰখা দুৰ্দান্ত শক্তিশালী বৰ্তমানো আছে৷ এনেকুৱা এটা জাতিৰ ভৱিষ্যৎ কেনেকৈ অন্ধকাৰ হ’ব পাৰে?
পৃথিৱীৰ অন্যান্য ঠাইৰ সমানে যোৱা চাৰি দশকৰ অসমতো বহু ভাল কাম হৈছে৷ আমাৰ বহুতে ইয়াক চাবলৈ নিশিকিলে৷ অসমীয়াৰ দুৰ্ভাগ্য এইটোৱে যে এই সময়ত অসমে দুৰদৰ্শী, সাহসী আৰু জাতিটোৰ প্ৰতি দায়বদ্ধ নেতা তেনেকৈ নাপালে৷ নেতাৰ ফাঁকি আৰু দায়বদ্ধহীন কথা-বতৰা, আচৰণে আশাবাদী মানুহকো হতাশ কৰিছে৷ নেতাৰ কথা বুৰঞ্জীয়ে নি(য় বিশে¡ষণ কৰিব৷ আজিৰ পৰা পাঁচটা দশকৰ পাছত এই সময়ৰ মহা প্ৰতাপী মানুহবোৰক বুৰঞ্জীয়ে কিদৰে স্থান দিয়ে, অনাগত অসমীয়া প্ৰজন্মই এওঁলোকক কি হিচাপে মনত ৰাখিব, সেয়া নেতাসকলে তেওঁলোকৰ কথা-বাৰ্তা আৰু কাম-কাজৰ দ্বাৰা ইতিমধ্যে নিৰ্ধাৰণ কৰিছে৷
যিসকলে আজিৰ পৰিৱেশ-পৰিস্থিতিক লৈ হতাশ হৈছে, তেওঁলোকক কেৱল তিনিটা আদৰ্শ আৰু জাতীয় জীৱনক সমৃদ্ধ কৰা তিনিটা অনুষ্ঠানৰ কথা ক’ব বিচাৰিছোঁ৷ চৰকাৰৰ কোনো ধৰণৰ সহযোগিতা অবিহনেও অসমত কেইজনমান ব্যক্তিৰ সমূহীয়া প্ৰচেষ্টাত তিনিটা এনেকুৱা অনুষ্ঠান গঢ় ল’লে, যিকেইটাই জাতীয় জীৱনক এক ঊধবৰ্মুখী গতি দিছে৷ এই অনুষ্ঠানকেইটাই প্ৰমাণ কৰিছে অসমত এতিয়াও জাতি আৰু ইয়াৰ ভূখণ্ডৰ প্ৰতি দায়বদ্ধ মানুহৰ অভাৱ হোৱা নাই৷ চৰকাৰৰ মুখলৈ নাচাই বা চৰকাৰে কিবা কৰি দিব বুলি ৰৈ নাথাকি কেইখনমান হাত মুষ্টিবদ্ধ হৈ অসম বুৰঞ্জীত তিনি টুকুৰা হীৰা উজলি উঠিছে৷ যি হীৰাৰ জেউতি অসম, ভাৰতৰ সীমা পাৰ হৈ পৃথিৱীৰ চুকে-কোণে বিয়পি পৰিছেগৈ৷
যিটো কাম এখন চৰকাৰ, এগৰাকী বন মন্ত্ৰী, অজস্ৰ বৰ বৰ বিষয়াই জীৱনত কৰিব নোৱাৰিলে, সেই কাম তেনেই এজন সাধাৰণ, নিমাখিত যাদৱ পায়েঙে বুকুত সাহস বান্ধি কৰি দেখুৱালে৷ যাদৱ পায়েং সৃষ্ট মোলাই কাঠনিয়ে এটা কথা প্ৰমাণ কৰিছে যে এজোপা গছ ৰুই প্ৰতিপালন কৰি আকাশমুখী কৰিবলৈ হ’লে মানুহজন প্ৰকৃতিৰ প্ৰতি কিঞ্চিত হ’লেও দায়বদ্ধ হ’ব লাগিব৷ শুকান মৰুময় বালিত এখন গহীন অৰণ্য সৃষ্টি কৰা এজন মানুহ অসমে জন্ম দিছে৷ আশীৰ দশকৰ আগভাগত আৰম্ভ কৰা সপোনটোৱে এতিয়া কেলিফৰ্নিয়া, নিউয়ৰ্ক সকলোকে সমৃদ্ধ কৰিছেগৈ৷ যাদৱ পায়েঙৰ ওচৰত থিয় হ’লে প্ৰশ্ন উঠে– দেশ-বিদেশৰ নামী-দামী মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি অহা শিক্ষিত মেধা বন বিষয়াক অসমৰ ৰাইজে কৰৰ টকাৰে পোহপাল দি আহিছে কিয়? দুৰ্ভাগ্য যে এনেকুৱা এজনো মুখ্যমন্ত্ৰী, বনমন্ত্ৰী বা বন বিষয়া অসমে নাপালে, যি দুবিঘা মাটিত এখন হাবি সৃষ্টি কৰি দেখুৱালে৷ বৰঞ্চ সংবাদ মাধ্যমত দৈনিক বাতৰি ওলাইছে, কিদৰে শিক্ষিত বন বিষয়া আৰু বনদস্যু মিলি অৰণ্য তহিলং কৰিছে৷ অসমৰ অৰণ্যই নিজৰ জীৱন দি ধনী ধনী ৰাজনৈতিক নেতা আৰু বন বিষয়াৰ সৃষ্টি কৰা নাই জানো?
তিনি দশকত অসমত চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ হেজাৰ বিজাৰ শিক্ষানুষ্ঠান ধবংস হৈছে৷ ধবংস নহ’বই কিয়, চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সন্তানক পঢ়ুৱাই ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত৷ ধবংস নহ’বই কিয়, শিক্ষামন্ত্ৰীকে ধৰি শিক্ষা বিভাগৰ বৰ বৰ বিষয়াসকলৰ সন্তানে পঢ়ে ব্যক্তিগত খণ্ডৰ এনেকুৱা বিদ্যালয়ত৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ত বাচন-বৰ্তন, চাউল, দালিৰ যোগানৰ ঠিকাক লৈ ব্যস্ত থকাৰ অভিযোগহে আছে মন্ত্ৰী, শিক্ষা বিষয়াৰ বিৰুদ্ধে৷
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ে সমাজৰ আটাইতকৈ শিক্ষিত, সচেতন আৰু দায়বদ্ধ নাগৰিকৰ জন্ম দিয়ে৷ তিনি দশকৰ আগৰ এই ধাৰণা চৰকাৰে এতিয়া মিছা বুলি প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে৷ অসমীয়া মাধ্যমত অধ্যয়ন কৰিলে চিকিৎসক, অভিযন্তা হ’ব নোৱাৰে বুলি চৰকাৰীভাৱে প্ৰচাৰ চলোৱাৰ সময়ত নুনমাটিত থকা অসম জাতীয় বিদ্যালয়ে চৰকাৰী প্ৰচাৰক মিছা প্ৰতিপন্ন কৰিছে৷ সকলো ভাল কাম চৰকাৰৰ উদ্যোগত নহ’বও পাৰে৷ উদ্দেশ্য সৎ হ’লে কেইজনমান ব্যক্তি ঐক্যবদ্ধ হৈয়ো সমাজৰ বাবে অন্ততঃ এটা ভাল কাম কৰিব পাৰি৷ ইয়াৰ প্ৰমাণ অসম জাতীয় বিদ্যালয়৷ ১৯৯৪ চনৰ ৰ জানুৱাৰীত নুনমাটিত অসম জাতীয় বিদ্যালয় কেইগৰাকীমান শিক্ষিত, গুণী অসমীয়াই জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰম্ভ কৰিছিল৷ অসমীয়া ভাষাৰ প্ৰতি অসম সাহিত্য সভাৰ বৰ্তমানৰ গুৰিয়ালসকলৰ দায়বদ্ধতাৰ তুলনাত জাতীয় বিদ্যালয় স্থাপন কৰা ব্যক্তিসকলৰ দায়বদ্ধতা কম নহয়৷ জাতীয় বিদ্যালয় নামেৰে যিটো পুলি নুনমাটিত ৰোপণ কৰিছিল, সেই পুলিটো এতিয়া এজোপা বৃহৎ বৃক্ষলৈ ৰূপান্তৰিত হৈ ফলে-ফুলে জাতিটোক জাতিষ্কাৰ কৰিছে৷
অসম জাতীয় বিদ্যালয়ে এনেকুৱা কিছু অসমীয়াৰ জন্ম দিছে, যিসকলৰ মাজত ভৱিষ্যতৰ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মা, বেজবৰুৱা, বাণীকান্ত, মালিক, সুধাকণ্ঠৰ উত্তৰাধিকাৰী বিদ্যমান৷ এনেকুৱা এখন বিদ্যালয় তিনি দশকে চৰকাৰে নিজৰ উদ্যোগত স্থাপন কৰিব নোৱৰাটো অসমৰ দুৰ্ভাগ্য৷ মন্ত্ৰীয়ে পাঁচ বছৰৰ বাবে চাকৰি কৰিছে৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক চৰকাৰে ব্যস্ত ৰাখে এন আৰ চি, ভোটাৰ তালিকা, লোকপিয়ল প্ৰস্তুতৰ কামত৷ মন্ত্ৰী, বিষয়াই ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বিনিয়োগ কৰি তেওঁলোকৰ সন্তানক তাতে পঢ়ুৱায়৷ সময় পাৰ হৈ যায়, সমাজে গুণৰ স্মৰণ কৰি মনত ৰাখিবলগীয়া নেতা নাপালে৷ সময়ে সময়ে এচাম অসমীয়াই এনেকুৱা কিছুমান কাম কৰিছে, যিবোৰৰ শ্ৰৱণ-কীৰ্তন যিধৰণে হ’ব লাগে, সেইদৰে হোৱা নাই৷
মোলাই কাঠনি, জাতীয় বিদ্যালয়ৰ দৰেই কেইজনমান সংগ্ৰামী, যুঁজাৰু অসমীয়াই গঢ় দিছে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান৷ কাজিৰঙা চাবলৈ যোৱা দেশী-বিদেশী পৰ্যটকৰ বাবে অৰ্কিড উদ্যান আকৰ্ষণৰ অন্যতম কেন্দ্ৰ৷ কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ বহু অৰ্কিড ইয়াত সংৰক্ষিত হৈছে৷ পৃথিৱীৰ ভিতৰতে কাজিৰঙা অৰ্কিড উদ্যানে এক সুকীয়া পৰিচয়ো বহন কৰিছে৷ কেইজনমান অসমীয়া যুৱকৰ আশাশুধীয়া প্ৰচেষ্টা আৰু যোগাত্মক সৃষ্টিমূলক চিন্তাৰে ফচল এইখন উদ্যান৷ উদ্যানখন ধবংস কৰিবলৈ বিভিন্ন সময়ত একাংশ ৰাজনৈতিক নেতাই বিভিন্ন চল-ছাতুৰিৰ আশ্ৰয় লোৱা দেখা গৈছে৷
কাজিৰঙাৰ হাজাৰ বিজাৰ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ হাতত৷ কেইবিঘামান ভূমিত এখন অৰ্কিড উদ্যান স্থাপন কৰি ইয়াৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ জেউতি বঢ়াইছে৷ এয়া কোনো অন্যায় হ’ব নোৱাৰে৷ অসমত এখন সম্পূৰ্ণ অৰ্কিড উদ্যানৰ যে প্ৰয়োজন আছে, এই কথাটো স্বাধীনতাৰ পৰৱৰ্তী সময়ত কোনো এখন চৰকাৰ, কোনো এজন মুখ্যমন্ত্ৰী, কোনো এজন বনমন্ত্ৰীয়ে উপলব্ধি নকৰিলে৷ আনকি বিয়াগোম বন বিষয়াসকলৰ মগজুতো এনেকুৱা এটা চিন্তা নহাটো চিন্তনীয়৷ দৰমহা আৰু অৱসৰৰ পাছত মোটা পেঞ্চনেই এইসকলৰ জীৱনৰ সংজ্ঞা নিৰূপণ কৰিছে৷ গতিকে এওঁলোকৰ পৰা অসমীয়া সমাজখনে একো আশা নকৰাটোৱে শ্ৰেয়৷
আকৌ কওঁ অসমীয়া হতাশ হোৱাৰ কাৰণ থাকিব নোৱাৰে৷ অসমীয়া মানুহৰ মন-মগজু কিমান উৰ্বৰ আৰু ব্যতিক্ৰমী, সেয়া মোলাই কাঠনি, অসম জাতীয় বিদ্যালয়, কাজিৰঙা অৰ্কিড উদ্যানে যুগ যুগলৈ বাৰ্তা দিব৷ এইখন অসমে শ্ৰীমন্ত শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি, আনন্দ ৰাম ঢেকিয়াল ফুকন, মহেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ যদি জন্ম দিব পাৰে, এইখন অসমে মোলাই কাঠনি, জাতীয় বিদ্যালয়, কাজিৰঙা অৰ্কিড উদ্যানৰ জন্ম দি পৃথিৱীক কৈছে– অসমীয়া মৰা নাই, অসমীয়া নমৰে৷
Leave A Comment