• নৈখন নেভেটিব

    সম্পাদকীয়
    নৈখন নেভেটিব
    জিতুমণি বৰা

    নৈখন বৈ যাবলৈ দিয়ক৷ নৈক ভেটা দিয়াটো অপৰাধ৷ নৈয়ে নিজৰ মতে বৈ যাওতে দুয়োপাৰে সৃষ্টি কৰে সভ্যতা আৰু সংস্কৃতি৷ নৈৰ এটা মূৰে থিয় হৈ যদি সিটো মূৰ ক’ত জানিবলৈ আগ্ৰহী নহওঁ বা জানিবই নিবিচাৰো, তেতিয়াহ’লে আমাৰ ধ্যান-ধাৰণা এঠাইতে সীমাবদ্ধ হৈ থাকিব৷ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ’ বা হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’তে অসমীয়া ক্লাছিক উপন্যাস সাহিত্যৰ যৱনিকা পৰা নাই৷ যিসকলে ইয়াৰ পাছৰ অসমীয়া সাহিত্যৰ উত্তৰণ তথা ক্ৰমবিকাশৰ বিষয়ে কোনো অধ্যয়ন কৰা নাই, তেনেহ’লে সেইগৰাকী পঢ়ুৱৈৰ চিন্তা বন্ধ পানীত আবদ্ধ৷

    ভূপেন হাজৰিকাৰ পৰৱৰ্তী সময়তো অসমীয়া সংগীতৰ উত্তৰণ ঘটিছে৷ সামাজিকভাৱে দায়বদ্ধ গীতিকাৰ, গায়ক এই সময়তো উপজিছে৷ সমাজখনৰ উত্তৰণ, বিকাশ ক’ত, কেনেকৈ হৈ আছে, সেই বিষয়ে বহু লোকে খবৰ ৰাখে আৰু বহুতে এই বিষয়ত উদাসীন৷ সমাজত এনেকুৱা মানুহৰ সংখ্যাও একেবাৰে কম নহয়, যাৰ বিশ্বাস ‘অন্তৰীপ’, ‘পিতা-পুত্ৰ’ৰ পাছত অসমীয়া সাহিত্যত উল্লেখযোগ্য উপন্যাস সৃষ্টি হোৱা নাই৷ তেওঁলোকেই বিশ্বাস কৰে জুবিন গাৰ্গৰ পাছত অসমীয়া সংগীতত তেনে কোনো প্ৰতিভাৰ জন্ম হোৱা নাই৷ এয়া একেবাৰে ভুল ধাৰণা৷ নতুন প্ৰজন্মৰ মাজত সামাজিকভাৱে দায়বদ্ধ বহু লেখক, গায়কৰ জন্ম হৈছে৷ ক’ৰবাত এওঁলোক উপেক্ষিত হৈ আছে, নহয় ক’ৰবাত এওঁলোকক কৌশলেৰে উপেক্ষা কৰা হৈছে৷ এই ক্ষেত্ৰত সমাজৰ অগ্ৰজসকলৰ সমানে সচেতন তৰুণ-তৰুণীয়ে বিশেষ ভূমিকা পালন কৰাৰ সময় এয়া৷
    দেওবাৰ, ১৫ ছেপ্টেম্বৰ, ২০২৪৷ তৃতীয় বৰ্গৰ তিনি হেজাৰমান পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল৷ এই পৰীক্ষাত ১১ লক্ষাধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ 

    পৰীক্ষাৰ্থীসকলৰ বাবে যিখন প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছিল, তাত এটা প্ৰশ্ন আছিল– শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা শীৰ্ষক গীতটোৰ গীতিকাৰ কোন? এটা স্বাভাৱিক প্ৰশ্ন বুলিয়ে ভাবো৷ এই প্ৰশ্নটো কিয় আহিল, ইয়াক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত কিছুমান মানুহে অযথা বিতৰ্কৰ সৃষ্টি কৰিছে৷ শংকুৰাজ কোঁৱৰ সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী৷ শংকুৰাজ কোঁৱৰে কণ্ঠদান কৰা গীতসমূহ কিছু ব্যতিক্ৰম৷ অৰ্থবহ শব্দৰে ভৰপূৰ এই গীতসমূহ৷ সাম্প্ৰতিক সময়ত কেৱল অসমতে নহয়, বলীউডতো সস্তীয়া গীত-মাতৰ প্ৰচলন বাঢ়িছে৷ চিন্তাক গৌণ কৰি সুৰ আৰু বাদ্যযন্ত্ৰক অগ্ৰাধিকাৰ দিয়া  গীতৰ পয়োভৰ অসমীয়া সংগীতৰ জগতখনতো ঠাহ খাই পৰিছে৷ বলীউডতো একেই কাৰবাৰ৷ ইয়াৰ বিৰুদ্ধে নাছিৰুদ্দিন শ্বাহ, জাভেদ আখতাৰ আনকি প্ৰয়াত লতা মংগেশকাৰেও ক্ষোভ প্ৰকাশ কৰিছিল৷ এইটোও সত্য নহয় যে কেৱল এতিয়াহে এনেকুৱা কিছুমান সস্তীয়া গীত-মাত অসমত ভৰি পৰিছে৷ ৭০-৮০ দশকতো অৰ্থহীন গীত-মাত বহু গায়ক-গায়িকাই গাইছিল৷

    তথাপি পৰিৱৰ্তনৰ আলি-দোমোজাত কিছুমান কথা আৰু কাম সকলো মানুহে সহজে হজম কৰিব নোৱাৰে৷ সময়ৰ লগে লগে আকৌ এইবোৰকে সহজ হিচাপে লৈ গ্ৰহণ কৰিবলৈ অভ্যস্ত হৈ পৰে সমাজখন৷ অসমীয়া সংগীতত ভূপেন হাজৰিকাৰ প্ৰৱেশৰ সময়তো কিছুমান মানুহে গ্ৰহণ কৰিব পৰা নাছিল৷ সেইদৰে জিতুল সোণোৱাল, জুবিন গাৰ্গৰ প্ৰৱেশ বহু সময়ত অসমীয়া মানুহৰ হজম হোৱা নাছিল৷ পৰৱৰ্তী সময়ত এওঁলোককে একেখিনি মানুহে নতুনৰ গতি খেদা প্ৰজন্ম বুলি গ্ৰহণ কৰাই নহয়, গৌৰৱ কৰিবলৈ ল’লে৷
    জুবিন গাৰ্গৰ পাছতো অসমীয়া সংগীতক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিছে৷ অতি উচ্চস্তৰৰ এই পৰীক্ষা-নিৰীক্ষাত নতুন প্ৰজন্ম সফল৷ এই সময়ত অজস্ৰ গায়ক-গায়িকাৰ জন্ম হ’ল যদিও বেছিভাগৰ সৃষ্টি স্থায়ী নহ’ল৷ পুলক বেনাৰ্জী, দ্বীপেন বৰুৱা অসমীয়া সংগীতৰ দুটা বিশেষ ধাৰা৷ শংকুৰাজ কোঁৱৰ, বিশ্ৰুত শইকীয়া, প্ৰবীণ বৰা আদি অসমীয়া সংগীতৰ একেবাৰে নতুন ধাৰাৰ গায়ক-গায়িকা৷ আনন্দিৰাম দাস, পুৰুষোত্তম দাসৰ পৰা আৰম্ভ কৰি বিশ্ৰুত শইকীয়া, সান্নিধ্য ভূঞা আদিয়ে অসমীয়া সংগীতত ন ন ধাৰাৰ সংযোজন ঘটাইছে৷

    বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’, ‘ঈয়াৰুইঙ্গম’, ‘আই’, ‘প্ৰতিপদ’ আদি ৰাজনৈতিক উপন্যাসৰ ধাৰা পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যত কিছু ম্লান পৰিছে৷ এয়া আমাৰ বাবে দুখৰ বিষয়৷ যি সময়ত সমগ্ৰ অসম ডাঙৰ ডাঙৰ ৰাজনৈতিক ঘটনা-পৰিঘটনাৰে উত্তাল হৈ আছে, সেই সময়তে উপন্যাস সাহিত্যত ইয়াৰ প্ৰতিফলন নঘটাটো দুখৰ কথা৷ সংখ্যাত কমিলেও যিকেইখন ৰাজনৈতিক উপন্যাস এই সময়ত প্ৰকাশ পাইছে, সেই কেইখনতো লেখকৰ সাহস প্ৰতিফলিত হৈছে৷ চৈয়দ আব্দুল মালিক, বিৰিঞ্চি কুমাৰ বৰুৱা, পদ্ম বৰকটকী আদিৰ পাছত অসমীয়া সাহিত্যত সমসাময়িক সমাজখন প্ৰতিফলিত নোহোৱাকৈ থকা নাই৷ বহু লোক আছে, যাৰ অসন্তুষ্টিৰ সীমাৰো শেষ নাই৷ তেওঁলোকে অসমীয়া সাহিত্য, সংস্কৃতিৰ ক’তো উত্তৰণ ঘটা নাই বুলি আক্ষেপ কৰে৷ এওঁলোকলৈ অনুৰোধ পাণবজাৰলৈ যাওক৷ পাণবজাৰত শাৰী শাৰীকৈ থকা কিতাপৰ বিপণীসমূহত এবাৰ সোমাওক৷ বিপণীসমূহত কি কি নতুন কিতাপ আহিছে, খবৰ কৰক৷ প্ৰখ্যাত আৰু অখ্যাত প্ৰকাশকৰ পৰা গ্ৰন্থৰ তালিকা সংগ্ৰহ কৰক৷ দেখা পাব– অতি ভাল ভাল গ্ৰন্থ যোৱা দুটা দশকত প্ৰকাশ পাইছে৷ মিঠা প্ৰেমৰ পৰা আৰম্ভ কৰি সামাজিক একোটা জটিল বিষয়ক লেখকসকলে আপোচহীনভাৱে সাহিত্যৰ জৰিয়তে তুলি ধৰিছে৷

    ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰৱৰ্তী সময়ত বাংলা সাহিত্যতো ব্যাপক উত্তৰণ ঘটিছে৷ তেওঁলোকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পাছত বাংলা সাহিত্যত পঢ়িবলগীয়া আৰু নাই বুলি বহি থকা নাই৷ কবিগুৰুৰ পৰৱৰ্তী সময়ত সুনীল গংগোপাধ্যায়, সুভাষ মুখোপাধ্যায়, নৱনীতা দেৱ সেনকে ধৰি অজস্ৰ লেখকক বাঙালী পঢ়ুৱৈসকলে তুলি ধৰিছে৷ অসমতো সচেতন পঢ়ুৱৈয়ে মালিক, বৰকটকী, বৰগোহাঞিৰ পাছত অজস্ৰ লেখকক উৎসাহিত কৰিছে৷ কবিতা, গীত, উপন্যাস, গদ্য আদিত চলা পৰীক্ষা-নিৰীক্ষাই অসমীয়া সাহিত্যক গতিশীল কৰাই নহয়, ই নতুন নতুন সোৱাদ দিছে৷ এই ক্ষেত্ৰত আমি ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ পৰৱৰ্তী সময়ৰ কণ্ঠশিল্পীসকলৰ গীতবোৰ শুনিবলৈ, বুজিবলৈ চেষ্টা কৰিব লাগে৷ সাহিত্যৰ ক্ষেত্ৰতো একে কথাই খাটে৷ শংকৰদেৱৰ গদ্য বেজবৰুৱাৰ গদ্যৰ সৈতে পৃথক৷ বেজবৰুৱাৰ গদ্য চৈয়দ আব্দুল মালিকৰ গদ্যৰ সৈতে ভিন্ন৷ অথচ এওঁলোক আটাইৰে সাহিত্য জনপ্ৰিয় আৰু একোটা নতুন ধাৰাৰ বাটকটীয়া৷
    এই কথাখিনি এই কাৰণেই ক’বলগীয়া হ’ল যে সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মৰ মাজত সংগীতৰ দুটা জনপ্ৰিয় নাম হ’ল– শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰ৷ দুখৰ কথা এইটোৱে যে প্ৰবীণসকলৰ বহুতেই এই ক্ষেত্ৰত উদাসীন৷ এয়া কেৱল শংকুৰাজ কোঁৱৰ বা মৈত্ৰেয়ী পাটৰৰ ক্ষেত্ৰতে হোৱা নাই৷ সাহিত্যৰ ক্ষেত্ৰতো নতুন প্ৰজন্মই নতুন আংগিকেৰে লিখা গল্প, উপন্যাস, কবিতা আদিক এচাম প্ৰবীণে মান্যতা দিব নোখোজে৷ যিদৰে এওঁলোকে সিদিনালৈকে ৰহস্য সাহিত্য আৰু ৰঞ্জু হাজৰিকাকে সাহিত্যিক বুলি গ্ৰহণ কৰিবলৈ আগ্ৰহী নাছিল৷ এয়া হ’ল বন্ধ পানীত সাঁতুৰি থকা এচাম প্ৰবীণৰ অহংকাৰ৷ এই অহংকাৰৰ বাবেই এওঁলোকে নতুনৰ সাহিত্য-সংগীতৰ চৰ্চাক সন্মান কৰিবলৈ শিকা নাই বুলি ক’ব নোৱাৰিনে?

    চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাত শংকুৰাজ কোঁৱৰে গোৱা গীতটোৰ গীতিকাৰগৰাকী যে মৈত্ৰেয়ী পাটৰ, সেয়া ৪০ অনুৰ্ধ্বৰ প্ৰজন্মই জানে৷ জনাৰ কাৰণ তেওঁলোকে গায়ক আৰু গীতিকাৰক লৈ চৰ্চা কৰে৷ বহুতে প্ৰশ্ন কৰিছে জ্যোতিপ্ৰসাদৰ গীত এটাৰ কথা সোধা নহ’ল কিয়? জ্যোতিপ্ৰসাদৰ গীতক লৈ চৰ্চা হৈছে৷ মৈত্ৰেয়ী পাটৰৰ গীত এটাক লৈ চৰ্চা হোৱা মানে জ্যোতিপ্ৰসাদৰ গীতক লৈ চৰ্চা নকৰাটো নুবুজায়৷ চাকৰিৰ নিযুক্তি পৰীক্ষাত এইটো প্ৰশ্নও আহিছে যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? বেছিভাগেই ইয়াৰ শুদ্ধ উত্তৰটো দিব পাৰিছে৷ কাৰণ ৰহস্য সাহিত্যক নতুন প্ৰজন্মই গ্ৰহণ কৰিছে৷ তেওঁলোকক মাজত আজিও জনপ্ৰিয় জুলু, এটা দ্বীপ সাতটা কবৰ আদি৷

    সময় আৰু সমাজ কাৰো কাৰণে ৰৈ নাথাকে৷ সমাজক গতি দিয়ে ইয়াত বাস কৰা মানুহেই৷ অসমীয়া সমাজখনৰ নতুন প্ৰজন্মই এনেকুৱা কিছুমান কাম কৰি আছে, যিবোৰ কামে আমাক উত্তৰণৰ দিশত লৈ গৈছে৷ সমাজৰ এচাম মানুহৰ বাবে পৰিৱৰ্তন মানেই হজম কৰিব নোৱৰা এটা বিষয়৷ এওঁলোকে বিচাৰে ভৱেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি বা সেই ধৰণৰ লেখকসকলে যি আংগিকৰে একোটা গল্প বা উপন্যাস লিখিছিল, এতিয়াৰ এজন লেখকেও তেনেদৰেই লিখিব লাগিব৷ 

    সাহিত্যত এওঁলোকে পৰীক্ষা-নিৰীক্ষা বা  পৰিৱৰ্তন নিবিচাৰে৷ গল্প-উপন্যাসৰ সংজ্ঞা এচমৰ বাবে ভৱেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞিৰ ৰচনাত ভেজা দি নিৰ্ধাৰণ কৰে৷ সেইসকল তৰুণ-তৰুণীক ধন্যবাদ জনাব বিচাৰোঁ, যি পৰম্পৰাগত ধ্যান-ধাৰণাৰ বিপৰীতে গৈ নিজৰ শৈলীৰে একোটা গীত, কবিতা, গল্প, একোখন উপন্যাস লিখিছে৷ অসমীয়া তৰুণ-তৰুণীসকল অত্যন্ত স্পৰ্শকাতৰ৷ বাস্তৱমুখী এই প্ৰজন্ম আৱেগ, সম্পৰ্ক আদিক লৈয়ো সজাগ৷