জিতুমণি বৰা
দৃশ্য-১
ঐ ঠেলাৱালা৷ যা আঁতৰ হ৷ মৰিবলৈ জেগা নাপালি৷ গণেশগুৰি চাৰিআলিত এজন আদহীয়া ঠেলাচালকক বুলেটত উঠি অহা দুজন যুৱকে ধমক দিছে৷ কাৰণ তেওঁলোকৰ আগেদি মানুহজনে খৰধৰকৈ ঠেলাখন লৈ পাৰ হ’ব খুজিছিল৷ যুৱক দুজনৰ ধমক খোৱাৰ পাছত ঠেলাচালকজন ঠাইতে ৰৈ গ’ল৷ ৰাজপথত ঠেলাৰ সৈতে মানুহজন ৰৈ থকাত ইজনৰ পাছত সিজন ব্যস্ত মহানাগৰিকে তেওঁক ককৰ্থনা কৰি পাৰ হৈ গ’ল৷
দৃশ্য-২
জি এছ ৰোডত এগৰাকী মহিলাই তেওঁৰ দুটি সন্তানৰ এটিক কোলাত লৈ আনটিক হাতত ধৰি পথটো পাৰ হ’বলৈ বহু সময় ৰৈ আছে৷ ইখনৰ পাছত সিখন গাড়ী-মটৰ পাৰ হৈছে৷ মানুহগৰাকী জেব্ৰা ক্ৰছিঙত দুই-তিনিবাৰ ভৰি দিয়ো পিছ হুহকিছে৷ কাৰণ তীব্ৰ গতিত দুচকীয়া- চাৰিচকীয়া বাহনবোৰে তেওঁক গুৰুত্ব নিদিয়াকৈ পাৰ হৈ আছে৷ বাহনবোৰৰ চালকৰ আসনত থকাসকলৰ কোনোৱে এবাৰলৈকো ভাবিবলৈ আহৰি পোৱা নাই যে প্ৰচণ্ড গৰমত দুটি সন্তান লৈ পথ পাৰ হ’বলৈ ৰৈ থকা মহিলাগৰাকীক অকণমান ৰৈ সহায় কৰি দিব লাগে৷ মাত্ৰ কেইছেকেণ্ডমান ৰৈ দিলেই অনায়াসে মানুহগৰাকীয়ে পথছোৱা পাৰ হ’ব পাৰে৷
দৃশ্য-৩
যান-জঁটত অচল গুৱাহাটী৷ এই যান-জঁটত আবদ্ধ হৈ পৰিছে পুৱাতে স্কুললৈ ওলাই গৈ ঘৰলৈ ওভতা কণ কণ ছাত্ৰ-ছাত্ৰী৷ ভোকে-ভাগৰে তেওঁলোক ঘৰলৈ উভতিছে৷ যান-জঁটক একাষৰীয়া কৰি ভি আই পিৰ কনভয়বোৰ ছাইৰেন বজাই আগবাঢ়িছে৷ কোনো কাৰণতে কনভয় ৰ’ব নোৱাৰিব৷ কাৰণ তেওঁলোকৰ কৰ্মজীৱনত প্ৰতিটো ছেকেণ্ডৰ মূল্য সাধাৰণ নাগৰিকতকৈ বহু বেছি৷ স্কুল বাছত গৰমত অতিষ্ঠ হৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হেঁপাহৰে চাই ৰয় ভি আই পিৰ গৰ্বিত এই যাত্ৰা৷
দৃশ্য-৪
গুৱাহাটীৰ এ বি চি পইণ্ট৷ দিল্লীৰ পৰা এগৰাকী ভি ভি আই পি অসমলৈ আহিছে৷ জি এছ ৰোডৰ এটাফাল সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে৷ কাৰণ সেই পথেৰে কেৱল ভি ভি আই পি গৰাকী যাব৷ তেওঁৰ যাত্ৰা সুগম কৰিবলৈ চৰকাৰৰ এই ব্যৱস্থা৷ জি এছ ৰোডৰ ইটো ফাল আমাৰ দৰে সাধাৰণ নাগৰিকৰ অহা-যোৱাৰ বাবে খুলি দিয়া হৈছে৷ এবাৰ আপুনি চিন্তা কৰকচোন, কি ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ দুয়োফাল খোলা থাকিলে তিনি কিলোমিটাৰৰ বাট অতিক্ৰম কৰিবলৈ কেতিয়াবা এঘণ্টা লাগে৷ অকল ভি ভি আই পিৰ বাবে এফাল ৰাখি ইফাল সকলো নাগৰিকক ব্যৱহাৰ কৰিবলৈ দিওঁতে পাঁচ মিনিটৰ পথ অতিক্ৰম কৰিবলৈ দুঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল৷
দৃশ্য-৫
তহঁতৰ মাষ্টৰটোক মাত৷ বিদ্যালয়ত প্ৰৱেশ কৰি এগৰাকী মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক এনেকৈ নিৰ্দেশ দিছিল৷ ইয়াৰ পাছত সেই ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিত শিক্ষকগৰাকীৰ কিবা সন্মান থাকিলগৈনে? সেই মুহূৰ্তত শিক্ষকগৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কিমান লজ্জিত হৈ থাকিবলগীয়া হৈছিল, সেয়া কোনে বুজিব? ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকক সন্মান কৰিব লাগেনে নালাগে, তাৰো ব্যৱহাৰিক জ্ঞান মন্ত্ৰীৰ পৰাই শিকিলে৷
দৃশ্য-৬
তাৰ বাপেক ডাঙৰ নেতা আছিল৷ সেই কাৰণে সি দুবাৰকৈ এম পি হ’ল৷ এতিয়া তাৰ অকাট আছে যদি পঞ্চায়ত নিৰ্বাচনত বিজয়ী হৈ দেখুৱাওক৷
লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ ঠিক এনেকুৱা ভাষা ব্যৱহাৰ কৰিছিল অসমৰ এগৰাকী মন্ত্ৰীয়ে৷ বিৰোধীক সমালোচনা কৰাটো শাসক দলৰ ভুল হ’ব নোৱাৰে৷ কিন্তু বিৰোধীক সমালোচনা কৰিবলৈ গৈ তেওঁৰ প্ৰয়াত পিতৃক টানি আনি বাৰে বাৰে সেই পিতৃক অপমান কৰা কাৰ্য সভ্য সমাজৰ নিশ্চয় অলংকাৰ নহয়৷
দৃশ্য-৭
গুৱাহাটীৰ বাহিৰৰ এখন নগৰৰ ঘাইপথ৷ হঠাতে এটা বিশাল কনভয় ঘাইপথৰ কাষতে ৰ’ল৷ কনভয়টোৰ পৰা নামি আহিল এগৰাকী অতি প্ৰভাৱশালী নেতা৷ নামিয়েই নেতাগৰাকীয়ে চিঞৰিলে– ঐ পুলিচ, ক’ত গলি?
হতভম্ব চহৰখনৰ সাধাৰণ নাগৰিক৷ ইমান ডাঙৰ নেতা অথচ ভাষা কিয় এনেকুৱা? নাগৰিকে নিজে নিজে মনতে প্ৰশ্ন কৰিলে৷ মানুহক এনেকৈ সম্বোধন কৰে নেকি? নেতা প্ৰভাৱশালী আৰু ক্ষমতাশালী হোৱা মানে বিষয়া-কৰ্মচাৰীৰ ওপৰত নিজৰ প্ৰভুত্ব প্ৰতিপন্ন কৰিবলৈ একাংশই ৰাজহুৱাকৈ এওঁলোকক অপমান কৰি নিজৰ ক্ষমতা জাহিৰ কৰে৷ ইয়াৰ দ্বাৰা সেই নেতাৰ মানসিক স্থিতি আৰু শিষ্টাচাৰৰ উমান কিন্তু জনতাই প্ৰত্যক্ষভাৱে লাভ কৰে৷
দৃশ্য-৮
শিক্ষকসকলৰ এখন সভা৷ হঠাতে এগৰাকী নেতা সোমাই গ’ল৷ বিচৰা শিক্ষকগৰাকীক সেই সময়ত নোপোৱাত অন্য এজনক প্ৰশ্ন কৰিলে– মাষ্টৰে মালটো খাই নে নাখায়?
দৃশ্য-৯
অসমৰ এখন সম্ভ্ৰান্ত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষক উদ্দেশি অন্য এগৰাকী নেতাৰ মন্তব্য– এই মালটো ক’ৰ পৰা টপকিল বে! এইকেইটা দৃশ্য অসমৰে৷ অসমৰ সামাজিক পৰিৱেশ সলনি হৈছে৷ এই পৰিৱেশ সলনিৰ মূলতে বহু লোকে শিক্ষা ব্যৱস্থাক জগৰীয়া কৰিছে৷ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটোৱাৰ লক্ষ্যৰে চাকৰিমুখী নিবনুৱা সৃষ্টি কৰা হৈছে ঠিকেই৷ কিন্তু স্বাভিমানী, আত্মনিৰ্ভৰশীল মানুহ সৃষ্টিত ক’ৰবাত যেন শিক্ষা ব্যৱস্থাটোত ত্ৰুটী ৰৈছে৷
চৰিত্ৰ গঠনৰ প্ৰসংগ বাৰে বাৰে চৰ্চিত হৈছে৷ বিশেষকৈ চুমি বৰা, বিশাল ফুকন আদিৰ প্ৰসংগ আনি শিক্ষাত প্ৰাথমিক পৰ্যায়তে চৰিত্ৰ পাঠ অথবা নীতি শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে৷ ওপৰত যি নটা দৃশ্যৰ অৱতাৰণা কৰিলোঁ, এই দৃশ্যকেইটা সৃষ্টি কৰাত যিসকল ভি আই পি, ভি ভি আই পি বা মহানগৰীৰ সম্ভ্ৰান্ত লোকে আগভাগ লৈছে, তেওঁলোকৰ সৰহভাগেই বিদ্যালয়ত কিন্তু নীতি শিক্ষা তথা চৰিত্ৰ পাঠ অধ্যয়ন কৰিছিল৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত চৰিত্ৰ পাঠ অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা সিদ্ধান্ত উচিত হৈছে৷ ইয়াক লৈ কাৰো মতবিৰোধ থাকিব নোৱাৰে৷ কথা হ’ল, সমাজৰ যিসকল নেতৃস্থানীয় লোক, সেইসকলে নিজৰ আচৰণ যদি শুধৰাব নোৱাৰে, তেনেহ’লে চৰিত্ৰ পাঠ পঢ়ি কোনো ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন হ’ব বুলি ধাৰণা কৰাটো সম্পূৰ্ণ শুদ্ধ নহয়৷ মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত চৰিত্ৰ পাঠ সংযোজন কৰিবলৈ লোৱাৰ সমান্তৰালভাৱে সমাজখনে আৰু কেতবোৰ সিদ্ধান্ত কঠোৰভাৱে মানি চলিব লাগিব৷
সম্প্ৰতি চৰকাৰে শিক্ষানুষ্ঠানৰ কাষত সুৰাৰ বিপণী, পানশালা, বিড়ি, চিগাৰেটৰ দোকানৰ অনুমতি দিবলৈ লৈছে৷ ইয়াৰ কুফল সকলো ছাত্ৰ-ছাত্ৰীৰ ওপৰত নপৰিলেও সুৰাৰ বটলৰ সৈতে ছাত্ৰ-ছাত্ৰী শিশু অৱস্থাতে পৰিচয় হৈছে৷ সুৰাৰ অপকাৰিতা কিমান, সেয়া নতুনকৈ ক’বলগীয়া বিষয় নহয়৷ এসপ্তাহৰ ভিতৰত উজনি অসমৰ দুঠাইত ঘটা দুটা ঘটনাই ইয়াৰ বিষ কিমান যন্ত্ৰণাদায়ক, সেয়া প্ৰতিফলিত কৰিছে৷ চকু মেলাৰ পৰা টোপনি নোযোৱাপৰ্যন্ত সুৰাৰ ৰাগিত মাতাল হৈ অশান্তিৰ দাবানল নমাই অনা পুত্ৰক পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হৈছে৷ একেদৰে আকণ্ঠ সুৰাপান কৰি ঘৰত বিভীষিকাৰ সৃষ্টি কৰা পিতৃক অতিষ্ঠ হৈ বাটামেৰে কোবাই কোবাই হত্যা কৰিছে পুত্ৰই৷ এই ধৰণৰ সামাজিক পৰিৱেশ এটাই সৃষ্টি কৰিছে বিশৃংখল আৰু অপৰাধ প্ৰৱণতা৷ ইয়াৰ পৰা সমাজ আৰু প্ৰজন্মক ৰক্ষা কৰিবলৈ হ’লে সুৰাৰ প্ৰচলন হ্ৰাস কৰাৰ বিকল্প নাই৷ এই কামটো কৰিব পাৰিব কেৱল চৰকাৰে৷
মাজতে অসম চৰকাৰৰ কেবিনেট কাজিৰঙাত বহিছিল৷ এই কেবিনেটলৈ চৰকাৰী খৰচত অনা হৈছিল সদ্গুৰুক৷ সদ্গুৰুৱে মন্ত্ৰীসভাৰ সদস্য আৰু চৰকাৰী বিষয়াসকলৰ সন্মুখত মানৱীয় প্ৰমূল্যৰ ওপৰত বক্তৃতা দিলে৷ এনেকুৱা যোগাত্মক চিন্তাৰ বক্তৃতাই মানুহক সঞ্জীৱনী দিয়ে৷ কিন্তু ইয়াৰ পাছতে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বক্তৃতা শুনা আৰু সদ্গুৰুক অসমলৈ অনাত আগভাগ লোৱা নেতাই বিৰোধী দলৰ প্ৰাৰ্থীক সমালোচনা কৰিবলৈ গৈ মৃত পিতৃক উৰাই ঘূৰাই গালি পাৰিছিল৷
ইয়াৰ পৰা আমি এটা কথাই উপলব্ধি কৰিব পৰা হৈছো যে চৰিত্ৰ গঠন আৰু বিনয়ী হোৱাত কেৱল চৰিত্ৰ পাঠ অধ্যয়ন আৰু সদ্গুৰুৰ বক্তৃতাই সহায় কৰিব নোৱাৰে৷
যদি আপুনি, মই ভিতৰৰ পৰা নিজক সংস্কাৰ নকৰো, তেতিয়াহ’লে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক-মোক বিনয়ী আৰু সদাচাৰী হোৱাত সহযোগ কৰিব নোৱাৰে৷ মানুহৰ যিকোনো পৰিৱৰ্তন ভিতৰৰ পৰা হ’ব লাগিব৷ ইয়াৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব৷ বিনয়ী তথা সদাচাৰী হোৱাৰ বাবে প্ৰতিনিয়ত আমি নিজকে প্ৰস্তুত কৰিবলৈ সাধনাৰ বিকল্প নাই৷ আমি প্ৰতিদিনে বহু কথা দেখি শিকিব পাৰো৷ আমি শিকিবৰ বাবেও নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব৷ ময়ে সকলো জানো, মোতকৈ আৰু কোনেও নাজানে –এই অহংকাৰত ডুবি থকা কোনো লোকৰ জীৱন সলনি নহয়৷
আপুনিয়ে কওকচোন, অসমৰ কোনজন নেতা, চেলিব্ৰিটিৰ পৰা শিশুসকলে বিনয়ী হোৱাৰ আচৰণ শিকিব পাৰিব? অসমৰ আটাইতকৈ জনপ্ৰিয় চেলিব্ৰিটিয়ে যদি ৰাজহুৱা মঞ্চত সুৰাপান কৰি বাগৰি পৰে নতুবা বমি কৰি দিয়ে, তেনেহ’লে শিশুসকলক চৰিত্ৰ পাঠ পঢ়াই কোনে আদৰ্শ জীৱন গঢ়ি দিব পাৰিব? ৰাজনৈতিক নেতাৰ মাজতো এনেকুৱা ব্যক্তি আছে, যাৰ সংস্কাৰী মন আৰু ব্যক্তিত্বই বহুতক বিনয়ী হ’বলৈ শিক্ষা দিয়ে৷ তেনেকুৱা নেতা অসমত একেবাৰে কম যদিও অভাৱ ঘটা নাই৷
কথা হ’ল শিশুক এইসকল নেতাৰ মাজৰ পৰা কাৰ জীৱন আৰু আদৰ্শক অনুকৰণ কৰিবলৈ ক’ব? প্ৰায়ে সমাজত এটা কথা শুনিবলৈ পোৱা যায় যে সাংবাদিকসকল বেয়া হৈ গ’ল৷
কথাটো শুদ্ধ যদিও এশ শতাংশ শুদ্ধ নহয়৷ সাংবাদিকসকল এই সমাজৰে অংশীদাৰ৷ যদি সমাজখনৰ বাকীসকল শুদ্ধ আৰু সত্য পথত থাকিলেহেঁতেন, তেতিয়াহ’লে একাংশ সাংবাদিকৰ বিৰুদ্ধে উঠা অভিযোগ মানি ল’ব পৰা গ’লহেঁতেন৷ শিক্ষক, অধিবক্তা, চিকিৎসক, ধৰ্মগুৰু, ৰাজনৈতিক নেতা কাৰ কথা ক’ম? কোনোবা যদি ধৰ্ষণত অভিযুক্ত হৈছে, আন কোনোবা ৰাজহুৱা ধনৰ লুটপাটত নামিছে৷ সামগ্ৰিকভাৱে সমাজখনৰ কল্যাণ সাধিবলৈ হ’লে ৰাজনৈতিক নেতাসকলে নিজৰ আচৰণ আৰু কথা-বতৰা মাৰ্জিত কৰিবই লাগিব৷ ৰাজপথত ছাইৰেন বজাই কেৱল নিজক অগ্ৰাধিকাৰ দিয়া ৰাজনৈতিক নেতাই সমাজখনক কি বাৰ্তা দিছে?
ৰাজনৈতিক নেতাই সমাজৰ জ্যেষ্ঠ নাগৰিক, শিক্ষক, লেখকক অপমান কৰি নিজকে অঘোষিত সম্ৰাট অথবা বীৰ হিচাপে প্ৰক্ষেপ কৰে৷ চন্দ্ৰপ্ৰসাদ শইকীয়াই বাৰে বাৰে কৈছিল– শব্দ ব্ৰহ্ম৷
ধনুৰ পৰা ওলাই যোৱা শৰ যিদৰে উভতি নাহে, সেইদৰে মুখৰ পৰা ওলোৱা শব্দ বতাহত মিলি যায়৷ এই শব্দই সমাজত প্ৰভাৱ পেলায়৷ আপুনি মন কৰকচোন যোৱা সময়ছোৱাত অসমৰ কোনকেইজন নেতাৰ কথা-বতৰা আৰু আচৰণে সামাজিক পৰিৱেশ দূষিত কৰি পেলালে৷ এনেকুৱা পৰিৱেশত কেৱল চৰিত্ৰ পাঠ পঢ়া শিশুসকল দায়িত্বশীল নাগৰিক হ’ব পাৰিব জানো? ইতিমধ্যে সামাজিক পৰিৱেশ বিষাক্ত কৰা এই ৰাজনৈতিক নেতাসকলে অনাগত দুই-তিনি দশকলৈ সমাজখন ভৰলুতকৈয়ো প্ৰদূষিত নকৰিবনে?
Leave A Comment