• সাংবাদিকতাঃ তেওঁলোক এতিয়াও সাৰে আছে

    সম্পাদকীয়
    সাংবাদিকতাঃ তেওঁলোক এতিয়াও সাৰে আছে
    সাংবাদিকতাঃ তেওঁলোক এতিয়াও সাৰে আছে 

    জিতুমণি বৰা

    তেওঁ এগৰাকী বিশিষ্ট সাংবাদিক৷ নিপুন গল্পকাৰ৷ তেওঁৰ গদ্যশৈলী অতি আধুনিক৷ নতুন প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয়, মাজে মাজে বিতৰ্কৰ সৃষ্টি কৰি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰাতো পাকৈত৷ ব্যক্তিগতভাৱে তেওঁক মই শ্ৰদ্ধা কৰোঁ, ভালো পাওঁ৷ যদিও জীৱনত এবাৰহে তেখেতৰ সৈতে কিছু সময় কথা পাতিছিলোঁ৷ ফে’চবুকত এদিন তেওঁ এটা আপডেট দিছিল৷ এই আপডেটটো সাংবাদিকৰ হোৱাটছএপত ভাইৰেল হৈছিল৷ সাংবাদিকতাৰ জগতত খোজ দিয়াৰ কেইমাহ মানৰ পাছতে এগৰাকী একেবাৰে তৰুণ সাংবাদিকৰ চাকৰিটো গৈছিল৷ চাকৰি যোৱাৰ পাছত সম্পাদক হিচাপে মোৰ অন্যতম প্ৰিয় গল্পকাৰগৰাকীক মাত দিবলৈ গৈছিল সেই তৰুণে৷ ‘ছাৰ, যাওঁগৈ! আপোনাৰ অধীনত সাংবাদিকতা শিকিম বুলি আহিছিলোঁ৷ কোনোধৰণৰ চৰকাৰী চাকৰি নকৰি কেৱল সাংবাদিকতা কৰিয়ে জীৱন ধন্য কৰাৰ সপোন দেখিছিলোঁ৷ সপোন লৈয়ে আপোনাৰ ওচৰলৈ আহিছিলোঁ৷ কামো কৰিলোঁ কিছুদিন৷ ভাবিছিলোঁ মোৰ কলমটোৰে সাধাৰণ বঞ্চিত মানুহক ন্যায় দিয়াৰ বাবে চেষ্টা কৰিম৷ আপুনি সুযোগ দিছিল৷ কিন্তু নোৱাৰিলে...৷’ এইবুলি সম্পাদকৰ পৰা আশিস লৈ ন শিকাৰু সাংবাদিকগৰাকী কাৰ্যালয়ৰ পৰা ওলাই গৈছিল৷
    সম্পাদকে পিছপিনৰ পৰা তেওঁলৈ চাই ৰৈছিল৷ সেই মুহূৰ্তত সম্পাদকৰ গোটেই শৰীৰটো চেঁচা পৰি গৈছিল৷ সভাই-সমিতিয়ে ন্যায়ৰ হকে মাত দি ইখনৰ পাছত সিখন গামোচা উপহাৰ লোৱা সম্পাদকে ফে’চবুকতে লিখিছিল– ‘সেই মুহূৰ্তত মোক নিজকে এজন অসহায়, স্বাৰ্থপৰ, দুৰ্বল মানুহ বুলি প্ৰথমবাৰলৈ আৱিষ্কাৰ কৰিছিলোঁ৷’ সাম্প্ৰতিক সময়ত সাংবাদিকতা অতি প্ৰত্যাহ্বানমূলক হৈ উঠিছে৷ সাংবাদিকতাৰ এই জগতখনত আমিও বহুকেইগৰাকী প্ৰখ্যাত সম্পাদকক ওচৰৰ পৰা পাইছোঁ৷ তেওঁলোকৰ সম্পাদনা ৰীতি, জীৱনশৈলী আৰু আদৰ্শক দেখিছোঁ৷ 
    এগৰাকী প্ৰতিভাশালী সম্পাদক হিচাপে হোমেন বৰগোহাঞিকো ওচৰৰ পৰা দেখিছিলোঁ৷ সমাজ জীৱনত একোখন উপন্যাস বা অন্য গদ্যৰে প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰা সম্পাদকসকলৰ ভিতৰত ৰাজনৈতিকভাৱেও শেষ মুহূৰ্তলৈ সজাগ হৈ থকা মানুহজনে আছিল হোমেন বৰগোহাঞি৷ আৰ্শ্চজনক কথা এইটোৱে যে হোমেন বৰগোহাঞি স্ব-বিৰোধ মন্তব্য আৰু সিদ্ধান্তৰে ভৰপূৰ এগৰাকী সম্পাদক তথা গদ্যশিল্পী৷


    সম্পাদক হিচাপে সাংবাদিকৰ জীৱন আৰু সংগ্ৰামক লৈ হোমেন বৰগোহাঞি যিমান সচেতন, সিমান উদাসীন আছিল৷ আনকি তেওঁ সাংবাদিকক ন্যায় দিয়াৰ ক্ষেত্ৰতো সচেতনতাৰ পৰিচয় দিব পৰা নাছিল বুলি অভিযোগ আছে৷ অসমৰ সমাজ জীৱনত দুজন ব্যক্তিৰ জীৱন অত্যন্ত আকৰ্ষণীয় আৰু বিতৰ্কৰে ভৰা৷ ড°ভূপেন হাজৰিকাৰ প্ৰতিটো বক্তব্যতে জ্ঞাতে-অজ্ঞাতে সৃষ্টি হৈছিল বিতৰ্কৰ৷ এইক্ষেত্ৰত বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কথা প্ৰসংগত এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল৷ সাংসদ ভূঞাই কৈছিল যে বিতৰ্ক থাকিলেও কণ্ঠ আৰু এটা নতুন গীতে এইসকলো দোষ মৰিষণ কৰি অসমীয়াৰ হূদয়ত ভূপেন হাজৰিকাক নতুনকৈ স্থান দিয়ে৷ একেই কথা হোমেন বৰগোহাঞিৰ ক্ষেত্ৰতো৷ ৰাজ্যখনৰ বহুবোৰ গুৰুত্বপূৰ্ণ বিষয়ত হোমেন বৰগোহাঞিয়ে মাত নমতাক কেন্দ্ৰ কৰি অসমীয়া সমাজত মাজে মাজে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কিন্তু তেওঁ যি সংবাদ প্ৰতিষ্ঠানতে কাম নকৰক কিয়, ‘কা’ৰ বিৰুদ্ধে মাত মাতি গ’ল৷ আনকি দীঘলীপুখুৰীৰ পাৰত ‘কা’ৰ বিৰুদ্ধে নাগৰিক মঞ্চৰ প্ৰতিবাদত ড°হীৰেন গোহাঁইৰ সৈতে হোমেন বৰগোহাঞিয়ে একেলগে অৱস্থান লৈছিল৷ ঘনিষ্ঠ মহলক বৰগোহাঞিয়ে এনেকৈয়ো কৈছিল যে তেওঁ চলিবৰ বাবে কিছু টকা-পইচাৰ প্ৰয়োজন৷ ইয়াৰ বাবে মনৰ বিৰুদ্ধে গৈয়ো কেতিয়াবা ক’ৰবাত কাম কৰিবলগীয়া হৈছে৷ তেওঁ মনৰ পৰা যি ধৰণৰ সাংবাদিকতাৰ পৃষ্ঠপোষকতা কৰে, সেয়া বাস্তৱত পালে নে নাই, কোনেও নাজানিলে৷ সাংবাদিকৰ এইটোৱে ট্ৰেজেডি৷ বৌদ্ধিকভাৱে উন্নত হৈয়ো কেতিয়াবা বৰগোহাঞি বা আন বহু সাংবাদিকে এনে কেতবোৰ স্থানত থাকিবলগীয়া হয়, য’ত সাধাৰণ নাগৰিকৰ হৈ মাত মতাৰ অধিকাৰো হেৰুৱাই পেলায়৷
    অৱশ্যে ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য হিন্দুৰ দৰে বাতৰি কাকত আজিও সমাজৰ বৌদ্ধিক মহলৰ বাবে আদৰৰ হৈ থকাৰ মূলতে ইয়াৰ স্বত্বাধিকাৰীসকলৰ মানসিকতা৷ এই মানসিকতাৰ অভাৱ হোৱাৰ বাবেই আমাৰ চকুৰ আগতে অমৃত বাজাৰ পত্ৰিকা, দ্য ষ্টেটছমেনকে ধৰি বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ অকাল মৃত্যু ঘটিছে৷ যিয়েই নহওক মোৰ অন্যতম প্ৰিয় গল্পকাৰগৰাকীয়ে এগৰাকী তেনেই নতুন সাংবাদিকক সুৰক্ষা দিব নোৱৰাৰ যি দহন, সেয়া তেওঁ ফে’চবুকৰ জৰিয়তে যেতিয়া প্ৰকাশ কৰিছিল, তেতিয়া অজস্ৰ তৰুণ-তৰুণীয়ে তেওঁৰ অসহায় অৱস্থাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে কোনোৱে তেওঁক সমালোচনা কৰিবলৈকো সাহস কৰিছিল৷ আচলতে তৰুণ-তৰুণীক এই সুযোগ সম্পাদকেই দিলে৷


    দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ সম্পাদক হৈ থকা সময়ৰ এক কাহিনী অৰুণ শ্বোৰীয়ে পৰৱৰ্তী সময়ত এটা প্ৰবন্ধৰ জৰিয়তে ৰাজহুৱা কৰিছিল৷ প্ৰবন্ধটো ইণ্ডিয়ান এক্সপ্ৰেছ কাকততে পঢ়িছিলোঁ৷ লেখাটোৰ প্ৰতিটো শাৰী মনত নাই যদিও অৰুণ শ্বোৰীৰ লেখাটোৰ সাৰমৰ্ম আছিল– তেওঁ সম্পাদক হিচাপে প্ৰথমেই দায়বদ্ধ ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতি৷ কোনো কাৰণতে তেওঁৰ বাবে যাতে ইণ্ডিয়ান এক্সপ্ৰেছৰ মান, মৰ্যাদা লাঘৱ নহয়, তাৰ প্ৰতি সদা সচেতন৷ দ্বিতীয়তে তেওঁ এদল তীক্ষ্ণ আৰু মেধা সাংবাদিকক যাত্ৰা পথত সতীৰ্থ হিচাপে বিচাৰে৷ তেওঁৰ সাংবাদিক জীৱনৰ সফলতা এয়াই যে প্ৰচুৰ মেধা আৰু আপোচহীন কেইবাগৰাকীও সাংবাদিক সৃষ্টি কৰি যাব পাৰিছিল৷ অৰুণ শ্বোৰীৰ বাবে এইটো সম্ভৱ হৈছিল এই কাৰণেই যে সম্পাদক হিচাপে তেওঁৰ সততা, দায়বদ্ধতা আৰু স্পষ্টবাদীতা৷ আমি সকলোৱে জানো, ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত হোৱা ভয়ংকৰ বফৰ্ছ কেলেংকাৰি অৰুণ শ্বোৰীৰ উদ্যোগতে ইণ্ডিয়ান এক্সপ্ৰেছত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল৷ ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনত ভূমিকম্পৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ চৰকাৰৰ পতন ঘটোৱাত অৰুণ শ্বোৰী, ইণ্ডিয়ান এক্সপ্ৰেছ আৰু বফৰ্ছ কেলেংকাৰিৰ অৱদান কম নাছিল৷ যুগে যুগে ইতিহাসবিদে এই তথ্য যুগক সোঁৱৰাই থাকিব৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখন এতিয়াও ব্যতিক্ৰমীশৈলীৰে পঢ়ুৱৈক আকৰ্ষিত কৰাত সফল৷



    বৰ্তমান অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীত অজস্ৰ সাংবাদিকতাৰ শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জন্ম হৈছে৷ ইয়াত সাংবাদিকতাৰ শিক্ষা ল’বলৈ গুৱাহাটীৰ লগতে অসমৰ মফচলীয়া চহৰৰ পৰা অজস্ৰ যুৱক-যুৱতীয়ে ভিৰ কৰে৷ তেওঁলোকৰ বেছিভাগৰে সপোন টিভিৰ পৰ্দাত দেখি থকা সম্পাদক আৰু সাংবাদিকসকল৷ এই সপোন পূৰণ কৰাত সাংবাদিকতাৰ শিক্ষণ-প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰে কিছু সহায় নকৰা নহয়৷ কিন্তু এগৰাকী সাংবাদিকৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল ‘ভাষা জ্ঞান’৷ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা যিয়েই নহওক ভাষা জ্ঞান আৰু ইয়াৰ উচ্চাৰণ সম্পৰ্কত এই প্ৰতিষ্ঠানবোৰত কম গুৰুত্ব দিয়া হয় বুলি অভিযোগ আছে৷ ছপা বা বৈদ্যুতিন মাধ্যম, য’তেই নহওক ভাষা জ্ঞান আটাইতকৈ প্ৰয়োজনীয়৷ এই প্ৰতিষ্ঠানবোৰৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছতহে আৰম্ভ হয় সাংবাদিকতাৰ আচল যুঁজখন৷ এইখিনিতে এইসকল শিক্ষাৰ্থীয়ে সম্পাদক হিচাপে যিসকলক পায়, তেওঁলোকৰ ওপৰতে তৰুণ শিক্ষাৰ্থী সাংবাদিকসকলৰ জীৱনৰ বাকীখিনি সফলতা-বিফলতা নিৰ্ভৰ কৰে৷
    এবাৰ প্ৰশ্ন কৰোতে অসমৰ এগৰাকী সাংবাদিকক এগৰাকী মন্ত্ৰীয়ে খঙেৰে কৈছিল– তোমাৰ মালিকক ফোন কৰিম নেকি? ইয়াৰ উত্তৰত তৰুণ প্ৰজন্মৰ সাংবাদিকগৰাকীয়ে কৈছিল– কৈ দিয়ক মোৰ কথা৷ এই উত্তৰ পোৱাৰ পাছতে সাংবাদিকগৰাকীৰ সাহসক প্ৰশংসা কৰিলে স্বয়ং মন্ত্ৰীয়ে৷ বিভিন্ন সময়ত সাংবাদিকক বিতৰ্কৰ মাজলৈ অনা হয়৷ কেৱল সাংবাদিকৰ ক্ষেত্ৰতে নহয়, সমাজৰ সৰ্বস্তৰতে কেতবোৰ বিতৰ্কিত কাম-কাজ হ’বলৈ ধৰিছে৷ এয়া আজিয়েই যে হৈছে, এনে নহয়৷ এনেকুৱা ঘটনা-পৰিঘটনা শ্বেক্সপিয়েৰৰ দিনতো সংঘটিত হৈছিল, শংকৰদেৱৰ দিনটো সংঘটিত হৈছিল, এতিয়াও হৈ আছে৷ সমাজৰ তেনেই সাধাৰণ এটা অংশহে এনেকুৱা কাম-কাজত জড়িত৷ এতিয়াও গৰিষ্ঠসংখ্যক সাংবাদিক নিজৰ দায়িত্বক লৈ সজাগ আৰু সচেতন৷
    নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতী সাংবাদিকতা বৃত্তিটোৰ প্ৰতি আগ্ৰহী হৈ উঠিছে৷ 


    ই এক শুভ লক্ষণ৷ যি সপোন আৰু ধাৰণা লৈ এইসকল যুৱক-যুৱতীয়ে সংবাদ জগতত প্ৰৱেশ কৰে, সেই সপোন আৰু ধাৰণা পৰৱৰ্তী সময়ত শুদ্ধ আছিল বুলি জ্যেষ্ঠসকলে তেওঁলোকক দেখুৱাব পাৰিছেনে? বহু সময়ত সপোন ভগা সাংবাদিকৰ মানসিক অৱস্থাটোৱে বহু জ্যেষ্ঠ সম্পাদক, সাংবাদিকক পীড়া দিয়া দেখিবলৈ পোৱা নাযায়৷ সমাজৰ দিগ্গজ সম্পাদক আৰু সাংবাদিকসকলে নিজকে প্ৰশ্ন কৰাৰ সময় আহিছে৷ নহ’লে তেওঁলোক তৰুণ প্ৰজন্মৰ পৰা একেবাৰে আঁতৰি যাব৷ বৰ হেঁপাহেৰে কিবা এটা কৰা, লগতে সমাজখনেই সলাই দিয়াৰ সপোন দেখে তৰুণ প্ৰজন্মৰ বেছিভাগ সাংবাদিকে৷ এই যাত্ৰাত কেতিয়াবা তেওঁলোকৰ মুখত সোপা, হাতত শিকলি পিন্ধাই দিয়াও হয়৷ কিন্তু অৰুণ শ্বোৰীয়ে দেখুৱাই গ’ল, কিদৰে সাহস আৰু সদিচ্ছা থাকিলে এটা কলমেৰে এখন দেশৰ পট পৰিৱৰ্তন কৰিব পাৰি৷ 



    নল মৰে গঁজালি উঠে৷ সাংবাদিকতাৰ জগতত অৰুণ শ্বোৰী এতিয়া নাই৷ আছে ৰবীশ কুমাৰ, অভিষাৰ শৰ্মা, অজিত অঞ্জুম, বৰ্ষা দত্ত আৰু বহুতো৷ এটা দীঘলীয়া শাৰী৷ এই শাৰীত একেবাৰে তৰুণজনেও যোগ দিছে৷ এওঁলোকেই ভৱিষ্যতৰ দিনবোৰত সাংবাদিকতাৰ বিজয়ধ্বজা উৰুৱাই ৰাখিবলৈ সক্ষম হ’ব৷ প্ৰত্যাহ্বানৰ মাজতো এওঁলোক সাৰে থাকি শুই থকাসকলক জগাবলৈ চেষ্টা চলাইছে৷ আজি ভাৰতবৰ্ষতে নহয়, পৃথিৱীজুৰি মুক্ত সাংবাদিকতাৰ গুৰুত্ব বাঢ়িছে৷ মুক্ত সাংবাদিকতাই যি কৰিব পাৰে, সেয়া কৰিব নোৱাৰে মূলসুঁতিৰ সম্পাদক, সাংবাদিক আৰু সংবাদ মাধ্যমে৷
    সম্প্ৰতি ভাৰতবৰ্ষত বাক্স্বাধীনতাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে৷ ‘গোদী মিডিয়া’ নামৰ নতুন এক ধাৰণাৰ জন্ম হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০ বছৰীয়া কাৰ্যকালত এখনো সংবাদমেলৰ মুখামুখি নহ’ল৷ সংবাদ মাধ্যমৰ স্বাধীনতাৰ আন্তঃৰাষ্ট্ৰীয় সূচাংকত ভাৰতৰ স্থান ১৫৯৷ ভাৰতত সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়টোৱে মুক্ত সাংবাদিকতা আৰু সামাজিক মাধ্যমৰ গুৰুত্ব বৃদ্ধিত প্ৰধান অৰিহণা যোগাইছে৷