সততাৰ দৌল সদায় ওখ
জিতুমণি বৰা
সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় সম্পদ হ’ল– অদম্য ইচ্ছা শক্তি৷ ইচ্ছা শক্তি অবিহনে মানুহে সফলতা লাভ কৰিব নোৱাৰে৷ সেয়া ৰাজনৈতিক ক্ষেত্ৰতে হওক বা ব্যৱসায়, উদ্যোগ নতুবা কোনো বৃত্তিৰ ক্ষেত্ৰতে হওক৷ অদম্য ইচ্ছা শক্তিৰ সৈতে কঠোৰ পৰিশ্ৰমৰ সংযোগ হ’ব লাগিব৷ পৰিশ্ৰম অবিহনে সফলতা অসম্ভৱ৷ কিন্তু এই ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় সম্পদবিধেই হ’ল সততা৷ ইচ্ছা শক্তি, পৰিশ্ৰমৰ সৈতে সততা নাথাকিলে সফলতা এটা সময়ত ই অভিশাপ হৈ নিজৰ জীৱনটোকে আকাশী লতাৰ দৰে মেৰিয়াই ধৰে৷ সমাজৰ গ্লানি আৰু অপযশ মূৰ পাতি ল’বলগীয়া হয়৷ অদম্য ইচ্ছা শক্তি, পৰিশ্ৰমেৰে ধন-দৌলতৰ পাহাৰ গঢ়া প্ৰতিজন মানুহ সততা অবিহনে অসৎ ব্যক্তিৰূপে সামাজিক পৰিচয় গঢ়ে৷
এই ক্ষেত্ৰত আমি বৰ বেছি দূৰলৈ যাব নালাগে৷ ভাৰতবৰ্ষত এনেকুৱা বহু মানুহ আছে, যি হাজাৰ বিজাৰ কোটি টকাৰ সা-সম্পদ গঢ়িও শেষ মুহূৰ্তত দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ এনেকুৱা ব্যক্তিৰ কথা মনলৈ আহিলে আমাৰ সকলোৰে চকুৰ আগত ভাহি উঠে বিজয় মালিয়া, সুব্ৰত ৰয় ছাহাৰা, মেহুল ছক্সী, ললিত মোদী, নীৰৱ মোদী আদিৰ মুখবোৰ৷ এই মানুহবোৰে কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছা শক্তিক লৈ পৃথিৱীৰ সমস্ত সুখ ক্ৰয় কৰিছিল৷ গঢ়িছিল সাম্ৰাজ্য৷ ইয়াত ধন-দৌলতৰ নাছিল কোনো অভাৱ৷
কিন্তু সততা অবিহনে এওঁলোকৰ সাম্ৰাজ্য ডুবাৰ পথত৷ আচলতে এই মানুহবোৰ অতি বেছি চালাক-চতুৰ৷ কিন্তু এওঁলোক বুদ্ধিমান নাছিল৷ যাক ইংৰাজীত কানিং বুলি কোৱা হয়৷ ইণ্টেলিজেণ্ট আৰু কানিঙৰ মাজত বহু পাৰ্থক্য আছে৷ কানিং অৰ্থাৎ চালাক-চতুৰ মানুহবোৰ এটা সময়ত নিজৰ হাততে পৰাজিত হয়৷ আৰু গোটেই জীৱন অনুশোচনাত ভুগিব লাগে৷ এই মানুহবোৰে পৃথিৱীৰ সকলো মানুহক মূৰ্খ বুলি ভাবি লয়৷ পৃথিৱীত এওঁলোকেই আটাইতকৈ চালাক আৰু সকলো সুখ-সম্ভোগ কেৱল তেওঁলোকৰ বুলি গণ্য কৰি আনৰ সুখ কাঢ়ি ল’বলৈ দ্বিধাবোধ নকৰে৷ এই মানুহবোৰে সকলোতে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা চলায়৷ দুই-চাৰিজন মানুহক এওঁলোকে বশ কৰি গোটেই পৃথিৱীখনক এওঁলোকৰ বহতীয়া কৰিবৰ বাবে বৃথা চেষ্টা চলোৱা দেখিবলৈ পোৱা যায়৷
ইয়াতকৈ ডাঙৰ কথা হ’ল, এই মানুহবোৰ যে অসৎ আৰু অতি বেছি চালাক, সেয়া তেওঁলোকৰ কাম-কাজ আৰু জীৱনশৈলীত দেৰিকৈ হ’লেও প্ৰতিফলিত হয়৷ '
কিংফিছাৰৰ দৰে বিমান সংস্থাৰ গৰাকী বিজয় মালিয়াৰ জীৱন চৰ্যা আছিল অতিকৈ চকুত লগা৷ সোঁৱে-বাঁৱে একাধিক সুন্দৰীক লৈ জনসমুদ্ৰত আত্মপ্ৰকাশ কৰা বিজয় মালিয়াৰ পুত্ৰও আছিল একেই প্ৰকৃতিৰ৷ বলীউডৰ নায়িকাক নিজৰ বাহু বন্ধনত সহজে ৰাখিব পৰা পুত্ৰৰ জীৱনশৈলী হাজাৰ বিজাৰ মধ্যবিত্তৰ বাবে সপোনৰো অগোচৰ৷ অহৰহ নিজক প্ৰদৰ্শন কৰা, অহৰহ পানীৰ দৰে ধন ব্যয় কৰি ভাৰতৰ সৰ্বসাধাৰণ নাগৰিকৰ সন্মুখত নিজকে অতিমানৱ হিচাপে দেখুৱাই আহিছিল পিতা-পুত্ৰই৷ মালিয়া, মেহুল ছক্সী, ললিত মোদী, নীৰৱ মোদী, সুব্ৰত ৰয় ছাহাৰা এইসকলে ভ্ৰমণ কৰিছিল ব্যক্তিগত বিমানত৷ সাধাৰণ নাগৰিকে নিজৰ গাড়ীখন অকলে চলাই যাবলৈ চিন্তা কৰে৷ অকলে চাৰিচকীয়া বাহন এখন চলাই গ’লে ইন্ধনৰ অবাবত ব্যয় হোৱাৰ কথা এশবাৰ ভাবে৷ ইয়াৰ কাৰণ হ’ল আৰ্থিক স্থিতি৷ কিন্তু ওপৰত উল্লেখ কৰা এইসকলে অকলেই এখন বিমানত উঠি পৃথিৱীৰ ইমূৰ-সিমূৰ ঘূৰি ফুৰিবলৈ চিন্তা নকৰে৷ এয়া তেওঁলোকৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে এটা সৰু কথা৷
কিন্তু চতুৰ এই মানুহবোৰ এতিয়া ক’ত? এই মানুহবোৰে দেশ এৰি কিয় পলাইছে? এই মানুহবোৰৰ চতুৰালিবোৰ অৱশেষত ধৰা পৰিল৷ মানুহক সকলো সময়ৰ বাবে চতুৰ মানুহবোৰে মূৰ্খ সাজিব নোৱাৰে৷ এটা সময়ত মানুহে পানী মিহলোৱা গাখীৰ আৰু পানী নিদিয়া গাখীৰৰ পাৰ্থক্য সোৱাদৰ পৰাই অনুভৱ কৰে৷ তেতিয়াই গোৱালজনৰ সততাক লৈ সন্দেহৰ সৃষ্টি হয়৷ মালিয়া, ছক্সী, মোদী এই মানুহবোৰৰ চতুৰালিয়ে ভাৰতক বেছিদিন মোহান্ধ কৰি ৰাখিব নোৱাৰিলে৷ এখন দেশক এই মানুহবোৰে বেচিবলৈ উদ্যত হৈছিল৷ ভাৰতৰ অৰ্থনীতিত এই মানুহবোৰে সিন্ধি দিছিল৷ ভাৰতৰ বেংকত দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তই জমা কৰা হাজাৰ বিজাৰ কোটি টকা এই মানুহবোৰে লুটি পলায়ন কৰিলে৷ এতিয়া ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে এওঁলোকক অপৰাধী বুলি গণ্য কৰে৷ এওঁলোকক আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছে প্ৰতিজন ভাৰতীয় নাগৰিকে৷
মালিয়াহঁতৰ শ্ৰেণীটোৰ অদম্য ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে নাছিল সততা৷ অদম্য ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ লগত এওঁলোকৰ চতুৰালিহে জড়িত আছিল৷ বহু ক্ষেত্ৰত ৰতন টাটা এই শ্ৰেণীটোৰ পৰা কিছু পৃথক৷ যদিও ৰতন টাটা এগৰাকী পুঁজিপতি আৰু তেওঁ ব্যৱসায়ৰ শীৰ্ষত আৰোহণ কৰিবলৈ পৰিশ্ৰম, ইচ্ছা শক্তিৰ সৈতে চতুৰালিৰ সলনি বুদ্ধিৰ প্ৰয়োগ ঘটাইছিল৷ ইয়াত সততাৰ অভাৱ নাছিল বুলি এতিয়া বহু লোকে ক’ব বিচাৰে৷ অন্তত মালিয়া, মোদীহঁতৰ দৰে ৰতন টাটাই নিজৰ সম্পদ আৰু ধনৰ ৰাজহুৱা প্ৰদৰ্শনৰ পৰা আঁতৰি আছে৷ নিজৰ জন্মদিন ৰতন টাটাই এপোৱা ওজনৰ কেকৰে উদযাপন কৰিছে৷ লগত এগৰাকী কিশোৰ৷ ৰাজহুৱা প্ৰদৰ্শন সকলোৰে শত্ৰু৷ সেয়া শ্ৰম আৰু সততাৰে উপাৰ্জন কৰা ধন-সম্পদৰ গৰাকীয়ে বাৰুকৈয়ে অনুভৱ কৰে৷ অৱশ্যে ইয়াৰ সৈতে শিক্ষাৰ সংযোগ অতি প্ৰয়োজনীয়৷ মালিয়াৰ নৈতিক চৰিত্ৰক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে৷ টাটা এই ক্ষেত্ৰতো ব্যতিক্ৰম৷ আজীৱন অবিবাহিত হৈয়ো চৰিত্ৰক লৈ কোনো ধৰণৰ অভিযোগ আজিলৈকে উত্থাপিত নহ’ল৷ ৰতন টাটাৰ প্ৰেয়সী আছিল নে নাছিল, সেয়া ব্যক্তিগত কথা৷ প্ৰেমক ব্যভিচাৰলৈ ৰূপান্তৰিত নকৰি ইয়াক জীৱনৰ পৰম প্ৰাপ্তি হিচাপে গ্ৰহণ কৰি তেনেকৈয়ে থাকি গ’ল ৰতন টাটা৷
এই কথাখিনি ‘প্ৰতিপক্ষ’ত লিখিবলৈ অনুপ্ৰাণিত কৰিলে বৰ্তমান প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হৈ থকা এখন চলচ্ছিত্ৰই৷ যিখন চলচ্ছিত্ৰ পৃথিৱীৰ সকলো উদ্যোগী আৰু সততাৰে জীৱনত কিবা এটা কৰিম বুলি দৃঢ় হোৱা লোকে এবাৰলৈ হ’লেও চোৱা উচিত৷ এয়াৰ ডেক্কানৰ দৰে বিমান সংস্থাৰ প্ৰতিষ্ঠাপক ৭৩ বছৰীয়া জি আৰ গোপীনাথৰ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘ছাৰফিৰা’৷ বিজয় মালিয়া বা সেই ধৰণৰ পুঁজিপতি বিমান পৰিবহণ সংস্থাৰ সৈতে প্ৰতিযোগিতাত নামি কিদৰে জি আৰ গোপীনাথৰ অৱস্থা হৈছিল, সেয়া ছবিখনত সুন্দৰকৈ দেখুৱাইছে৷ তদুপৰি পুঁজিপতি, ভাৰতীয় বেংকিং ব্যৱস্থা আৰু চৰকাৰৰ বৰ বৰ বিষয়াসকলে সাধাৰণ গাঁও এখনৰ পৰা নতুন কিবা এটা কৰিবলৈ হেঁপাহ কৰোতে জি আৰ গোপীনাথ নামৰ মানুহজন কিদৰে প্ৰচণ্ড বাধাৰ সন্মুখীন হৈছিল, সেয়াও ‘ছাৰফিৰা’ত উন্মোচিত হৈছে৷ লগতে উন্মোচিত হৈছে সাধাৰণ মানুহৰ বাবে কম মূল্যৰ টিকটত এয়াৰ ডেক্কানৰ বিমানত উঠাৰ ব্যৱস্থা কৰাত পুঁজিপতিসকলে কিদৰে বাধা দিছিল, সেয়াও ছবিখনত সুন্দৰকৈ দেখুৱাইছে৷ ‘ছাৰফিৰা’ৰ জৰিয়তে প্ৰধানকৈ দেখুওৱা হৈছে অদম্য ইচ্ছা শক্তি, কঠোৰ পৰিশ্ৰম আৰু সততা থাকিলে মানুহে সিদ্ধি লাভ কৰিবই৷ এয়াৰ ডেক্কান জন্মৰ আঁৰৰ কাহিনী নেদেখিলে বুজি পোৱা অসম্ভৱ৷ জীৱনত পৰিশ্ৰম আৰু ইচ্ছা শক্তি থাকিলেও সততা অবিহনে এয়াৰ ডেক্কানৰ প্ৰতিষ্ঠাপক জি আৰ গোপীনাথ হোৱাটো কঠিন৷
একে কথা ৰাজনীতি আৰু সমাজতো খাটে৷ মৃত্যুৰ পাছতো মহাত্মা গান্ধীৰ নাম যথেষ্ট সম্ভ্ৰমেৰে পৃথিৱীয়ে স্মৰণ কৰে৷ গান্ধীৰ গৰিমা দৈনিক বৃদ্ধিহে পাইছে৷ গান্ধীক হত্যা কৰি তেওঁৰ আদৰ্শ আৰু সততাক কোনেও মচিব নোৱাৰিলে৷ বৰঞ্চ দিনক দিনে গান্ধীৰ প্ৰাসংগিকতা সমগ্ৰ বিশ্বই স্বীকাৰ কৰি লৈছে৷ ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা, আমেৰিকাত গান্ধীবাদেই পৃথিৱী ৰক্ষাৰ প্ৰধান মন্ত্ৰ বুলি একেমুখে মানি লৈছে৷ এয়াই জীৱন৷ গান্ধীৰ শ্ৰম, ইচ্ছা শক্তি আৰু সততাৰ বাবেই ভাৰতে স্বাধীনতা লাভ কৰিলে৷ গান্ধীৰ সততাৰ বাবেই ভাৰতৰ নাগৰিকে তেওঁৰ আহ্বানত ৰাজপথলৈ ওলাই আহিছিল৷ আজিৰ তাৰিখত ছবছৰীয়া অসম আন্দোলন আৰু ইয়াৰ নেতৃত্বৰ সততাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে৷ কিন্তু এয়াই গান্ধী যাৰ নেতৃত্বত ভাৰতবৰ্ষই স্বাধীনতা সংগ্ৰাম কৰিছিল, সেই গান্ধীৰ সততাক লৈ কোনো প্ৰশ্ন উত্থাপিত নাই হোৱা৷ মতলবী মানুহবোৰৰ কথা ক’ব বিচৰা নাই, এই মানুহবোৰে গান্ধীক লৈয়ো বিতৰ্ক কৰি ভোট বিচাৰিবলৈ লজ্জাবোধ নকৰে৷ শক্তিশালী ব্ৰিটিছক ভাৰতৰ পৰা বিদায় দিয়াত গান্ধীৰ অদম্য ইচ্ছা শক্তি, শ্ৰম আৰু সততাৰ বিকল্প নাছিল৷
বহু ৰাজনৈতিক নেতা আছে, যাৰ কঠোৰ পৰিশ্ৰম, ইচ্ছা শক্তিৰ বাবে উত্থান ঘটে৷ কিন্তু এই ৰাজনৈতিক নেতাবোৰৰ বেছিভাগৰে সততাৰ অভাৱ৷ চালাকিৰে সততাৰ প্ৰসংগক সাময়িকভাৱে ঢাকোন দি থোৱাতো এওঁলোক সফল হয়৷ এনেকুৱা সময় আহে, যেতিয়া নিৰ্মোহ বিশ্লেষণৰে এওঁলোকৰ আচল স্বৰূপ উন্মোচিত হয়৷ সততা অবিহনে অসৎ অভিপ্ৰায়েৰে মানুহক চমক দিব পাৰি, ই অস্থায়ী৷ স্থায়ী নহয়৷
Leave A Comment