• এই গণজাগৰণৰ আঁৰত

    সম্পাদকীয়
    এই গণজাগৰণৰ আঁৰত
    জিতুমণি বৰা

    আৰু খুব বেছি এটা দশক৷ এটা দশকৰ ভিতৰত সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব সেউজীয়া পথাৰবোৰ৷ অসমীয়াৰ তিনিওটা বিহুৰ প্ৰত্যক্ষ সম্পৰ্ক কৃষক আৰু এই পথাৰৰ সৈতে৷ এতিয়া কৃষকো নাই, পথাৰো নোহোৱাৰ দৰে৷ বিহু এতিয়া কেইজনমান গায়ক-গায়িকাৰ মঞ্চৰ অনুষ্ঠানত পৰিণত হৈছে৷ পথাৰবোৰ? কৃষকসকল ক’লৈ গ’ল? কৃষকক মাৰি আনিছে চৰকাৰেই৷ বৰপেটাৰোড, খাৰুপেটীয়া, দলগাঁও, ধিং, মৈৰাবাৰী আদিত কৃষকে সময়ে সময়ে উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ বাবে হয় গৰুক খুৱাইছে, নহয় প্ৰতিবাদ কৰি ৰাজপথত পেলাই দিছে৷ হাৰিয়ানাৰ কৃষক তথা গো-পালকে গাখীৰৰ উচিত মূল্য নোপোৱাৰ বাবে যমুনাত পেলাই দিছিল শ শ লিটাৰ গাখীৰ৷

    অসমত অৰুণোদয় আৰু পাঁচ কিলোগ্ৰাম বিনামূলীয়া চাউলৰ আঁচনি দুখনে সমাজ জীৱনত কি ভাল কৰিছে, সেয়া বেলেগ বিষয়৷ কিন্তু গাঁৱৰ পথাৰবোৰ এতিয়া ছন পৰি থাকে৷ নিজৰ প্ৰয়োজনীয় চাউলখিনিৰ বাবে খেতি কৰিব লাগে বুলি বহুতে ভাবিবলৈ এৰিছে৷ বিশাল পথাৰবোৰৰ সৈতে অসমীয়া জনজীৱনৰ সম্পৰ্ক আছিল অভিন্ন৷ এই পথাৰে বতৰা দিছিল আঘোনৰ৷ এই পথাৰে বতৰা দিছিল মাঘ আৰু ফাগুনৰ৷ এই পথাৰে বতৰা দিয়ে আহিন-কাতিৰ৷ 

    আপুনি গুৱাহাটীৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰে যেতিয়া যাত্ৰা কৰিব, তেতিয়া দুয়োকাষে কেৱল বিৰাট বিৰাট অট্টালিকা দেখিবলৈ পাব৷ বহু দূৰলৈ যাবই নালাগে৷ দুই দশকৰ পূৰ্বে ঘাইপথটোৰ দুয়োকাষে আছিল বিস্তীৰ্ণ সেউজীয়া পথাৰ৷ এই পথাৰবোৰৰ গৰাকী আছিল স্থানীয় জনজাতীয় লোকসকল৷ কোনোবা বড়ো, ৰাভা, গাৰো আদি জনজাতীয় লোকসকলৰ এই পথাৰবোৰ এতিয়া বিশেষ এক শ্ৰেণীৰ লোকৰ হাতলৈ মালিকীস্বত্ব গুচি গ’ল৷ খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা শ শ বিঘা ভূমিৰ গৰাকীৰ তালিকাত এতিয়া অসমীয়া মানুহৰ নাম আপুনি বিচাৰি নাপাব৷ আমি জনাত জনৈক কলিতা আৰু তালুকদাৰ উপাধিৰ দুজন অসমীয়াৰ বাহিৰে আন কোনো অসমীয়াৰ মাটি ইয়াত নাই৷ 

    ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি আপুনি যদি পামহি, গড়চুক, আহোমগাঁৱৰ পিনে যায়, তাত থকা হেজাৰ হেজাৰ বিঘা ভূমিৰ মাজত দুজনমান ৰাজনৈতিক নেতাৰ কেইবিঘামান মাটি আছে৷ বাকী সকলোবোৰ মাটি বিশেষ এক শ্ৰেণীৰ বণিকৰ হাতত৷ এওঁলোকৰ হাতত বিঘাই বিঘাই মাটি৷ ইয়াৰ মাজত একঠা-দুকঠাৰ একোটা প্লট কিনিছে অসমীয়াই৷ এনেদৰেই গুৱাহাটীৰ কাষৰ পথাৰবোৰ নোহোৱা হ’ল৷ গুৱাহাটীৰ ডি পি এছৰ লগতে এতিয়াও এপূৰামান মাটিৰ এখন পথাৰ আছে৷ দেখিলে এনে লাগে বাঘৰ গৰালত সোমাই থকা এটা ছাগলী৷ ইচ্ছা কৰিলেই বাঘে ভক্ষণ কৰিব পাৰে৷ গৰালত সোমাই থকা ছাগলীটোৰ মানসিক অৱস্থা যেনেকুৱা হ’ব, ঠিক তেনেকুৱাই হৈছে এতিয়া এই পথাৰখনৰ গৰাকীৰ৷ পথাৰখন বেচিবলৈ ইয়াৰ গৰাকীক মাটিৰ দালালে অহৰহ হেঁচা দিছে৷ ধনৰ প্ৰলোভন দিছে৷ বৃহৎ বৃহৎ ব্যৱসায়ীয়ে খিলঞ্জীয়া দালালৰ জৰিয়তে গৰাকীক মাটিখিনি ৰাখি একো যে লাভ নাই, তাৰ ব্যাখ্যা দি আহিছে৷ নাজানো মানুহজনে আৰু কিমান দিন মাটিখিনি নিজৰ কৰি ৰাখিব পাৰিব৷ মানুহজনে মাটিখিনি বিক্ৰী কৰি নিদিয়া পৰ্যন্ত তেওঁৰ ওপৰত হেঁচা থাকিব৷

    একে অৱস্থা পাঞ্জাবাৰী, চচল আদিতো৷ বেছিদিনৰ কথা নহয়, আজিৰ পৰা এটা দশকৰ পূৰ্বে চচলৰ কৃষিভূমিৰ মাজত ম’হৰ খুঁটি আছিল৷ এতিয়া ম’হ চৰাবলৈ পথাৰ টুটি আহিছে৷ প্ৰতি শনি আৰু দেওবাৰে এই পথাৰবোৰত শ শ দালালৰ ভিৰ৷ দালালে ব্যৱসায়ীক মাটি দেখুৱাবলৈ লৈ যায়৷ পথাৰক লৈ এখন মেলা বহে৷ গৰু-ছাগলীৰ বজাৰ আমি দেখিছোঁ৷ কিন্তু পথাৰক লৈ দালালে বহুওৱা বজাৰ চাবলৈ হ’লে শনি আৰু দেওবাৰে ওলালেই হ’ল৷ য’তেই পথাৰ, তাতেই দালালে বণিয়াক লৈ এখন বজাৰ বহুৱাইছে৷
    গুৱাহাটীৰ পৰা সোণাপুৰ, ক্ষেত্ৰী, নেলী, জাগীৰোড হৈ নগাঁও পৰ্যন্ত৷ ইপিনে জালুকবাৰীৰ পৰা পলাশবাৰী, ছয়গাঁও, বকো গোৱালপাৰা পৰ্যন্ত পথাৰবোৰ গোগ্ৰাসে গিলি আহিছে৷ আজাৰাত এতিয়া পথাৰ নাই৷ সোণাপুৰ, ক্ষেত্ৰীতো পথাৰ নাই৷ চন্দ্ৰপুৰ, মায়ঙতো পথাৰ টুটি আহিছে৷ এটা মহলে যি ধৰণে প্ৰচাৰ নকৰক কিয়, এই অঞ্চলৰ মাটিবোৰ কিন্তু এক বিশেষ শ্ৰেণীৰ বণিয়াৰ হাতলৈ গৈছে৷ এওঁলোকে ৫০ বিঘাৰ পৰা হেজাৰ বিঘা পৰ্যন্ত পথাৰ দখল কৰিছে৷ এই ‘বেমাৰ’টো গুৱাহাটীৰ আশে পাশেই লগা নাই৷ ‘বেমাৰ’ ইয়াৰ পৰা গৈ তেজপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, বৰপেটা পৰ্যন্ত বিয়পিছে৷ খিলঞ্জীয়াৰ মাটি-সম্পত্তি তথা পথাৰবোৰ বিক্ৰী কৰিবৰ বাবে দালালৰ জৰিয়তে বাধ্য কৰিছে৷ এওঁলোকে একেলগে ৫০-৬০ বিঘা মাটি ক্ৰয় কৰি পাছফালে থকা মাটিৰ গৰাকীৰ অহা-যোৱা পথ বন্ধ কৰি দিয়ে৷ অতি শক্তিশালী এই মহলটোৱে গ্ৰামাঞ্চলৰ সাধাৰণ কৃষকক বিভিন্ন ধৰণে হাৰাশাস্তি কৰে, ভীতিগ্ৰস্ত কৰে৷ উপায়ান্তৰ হৈ সাধাৰণ অসমীয়া কৃষকে পানীৰ দৰত এওঁলোকৰ মাটিবোৰ বিক্ৰী কৰি দিবলৈ বাধ্য হয়৷ এনেদৰেই বণিক গোষ্ঠীয়ে একোখন বিশাল পথাৰ নিজৰ দখললৈ নিছে৷ এই কথাবোৰ সকলোৱে জানে৷ কোনো কোনো ঠাইত আৰক্ষী প্ৰশাসনৰ শীৰ্ষস্থানীয় বিষয়ায়ো মাটিৰ দালাল আৰু বণিক গোষ্ঠীক পৃষ্ঠপোষকতা কৰাৰ গুৰুতৰ অভিযোগ আছে৷
    ই ঘটনাপ্ৰৱাহৰে বিস্ফোৰণ ঘটিছে শিৱসাগৰত৷ কিমানলৈকে অসমীয়া মানুহে সহ্য কৰিব? সহ্যৰো এটা সীমা থাকে৷ শিৱসাগৰত হেজাৰ-বিজাৰ থলুৱা খিলঞ্জীয়া মানুহ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ তেওঁলোকে মুকলিকৈয়ে পথাৰ আৰু সম্পত্তি ৰক্ষাৰ বাবে শপত লৈছে৷ ইয়াতো বদনৰ ৰূপত সামাজিক মাধ্যমত আৱিৰ্ভাৱ ঘটিছে এচামৰ৷ এওঁলোকে শিৱসাগৰৰ খিলঞ্জীয়াৰ চকুপানী আৰু ক্ষোভক উপলুঙা কৰি মেৰুকৰণৰ ৰাজনীতি কৰিছে৷ এই মানুহবোৰে অসমীয়াৰ মাটি দখল কৰাৰ প্ৰসংগক গুৰুত্বহীন কৰি মেৰুকৰণৰ জৰিয়তে বিষয়টো অন্যপিনে নিবলৈ বিচাৰি আছে৷ শিৱসাগৰৰ মানুহৰ মূল সমস্যাটো তল পেলাই তেওঁলোকৰ সংগ্ৰামক লঘু কৰাৰ চেষ্টা কৰিছে৷
    কথা হ’ল, বিদেশী নাগৰিকে যদি অসমীয়াৰ ভেটি-মাটি দখল কৰিছে, তেনেহ’লে চৰকাৰে কি কৰি আছে? দিল্লী, দিছপুৰত শক্তিশালী দুখন চৰকাৰ থকাৰ পাছতো কিয় অসমীয়া মানুহ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে? নগালেণ্ড, অৰুণাচল, মিজোৰাম, মণিপুৰ, মেঘালয়ত খিলঞ্জীয়া নাগৰিকৰ মাটি-সম্পত্তিৰ নিৰাপত্তাক লৈ চৰকাৰ সচেতন৷ অৰুণাচল প্ৰদেশ চৰকাৰে অধিক কঠোৰ হৈছে খিলঞ্জীয়াৰ অধিকাৰক লৈ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এইকেইখন ৰাজ্যত বলৱৎ নকৰে ‘কা’৷ উত্তৰ-পূবৰ যিদুখন ৰাজ্যত খিলঞ্জীয়া তথা ভূমিপুত্ৰ অস্তিত্বৰ সংকটত ভুগিছে, সেই দুখন ৰাজ্য ক্ৰমে অসম আৰু ত্ৰিপুৰাত কেন্দ্ৰ-ৰাজ্য চৰকাৰে ‘কা’ বলৱৎ কৰিছে৷ ‘কা’ বলৱৎ কৰিবলৈ পোৱাটো ৰাজ্য চৰকাৰ দুখনৰ বাবে যেন গৌৰৱ আৰু সাহসিকতাৰ পৰিচায়ক!

    শিৱসাগৰত হোৱা অভূতপূৰ্ব গণজাগৰণে ৰাজ্যখনৰ সকলো জিলাকে জোকাৰি গৈছে৷ পথাৰ আৰু মাটি অসমীয়াই বিক্ৰী কৰিব যে নালাগে, সেই ধৰণৰ এক চিন্তাৰ অৱকাশ দিছে৷ শিৱসাগৰৰ পাছত জাতীয় দল-সংগঠনসমূহে উজনি অসমৰ পাঁচোখন জিলাত পথাৰ আৰু মাটি-সম্পত্তি সুৰক্ষাৰ বাবে একাদিক্ৰমে জনজাগৰণ সৃষ্টিৰ চেষ্টা চলাব লাগে৷ এই জনজাগৰণক সঠিক দিশত আগবঢ়াই নিয়াৰ দায়িত্ব দল-সংগঠনসমূহৰ৷ যিকেইটা দল-সংগঠনে শিৱসাগৰত খিলঞ্জীয়াৰ হৈ জনতাক ঐক্যবদ্ধ কৰিছিল, তেওঁলোকে সংগ্ৰামখন সম্প্ৰসাৰণ কৰক৷ লগতে অসমীয়া মানুহক কৰ্মমুখী কৰি তোলক৷ ইয়াকো চাব লাগিব, ইয়াৰ দ্বাৰা যাতে বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়া ব্যাহত নহয়৷ পথাৰত এশ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰে কৰিবই লাগিব৷ চৰকাৰক ইয়াৰ বাবে বাধ্য কৰক৷ পথাৰ ১২ মাহে সেউজীয়া হৈ থাকিব লাগিব৷ ইয়াৰ বাবে এই দল-সংগঠনকেইটাই জাতীয় কৰ্ম বাহিনী গঠন কৰি সমান্তৰালভাৱে এক অৰ্থনৈতিক আন্দোলন গঢ়ি তোলক৷ যাতে সমগ্ৰ দেশক অসমে অন্নৰ যোগান ধৰিব পাৰে৷ নোৱৰা কাম একো নাই৷ এই অসমীয়াই এনেকুৱা বহু কাম কৰি গৈছে, যি কাম পৃথিৱীত বিৰল৷ কেৱল ব্যক্তি আৰু ক্ষুদ্ৰ স্বাৰ্থক একাষৰীয়া কৰাৰ সমানে ৰাজনীতিকৰ আঁহফলা আৰু জাতিবৈৰী কাম-কাজকো প্ৰশ্ৰয় নিদিয়াৰ শপত ল’লে উজনি-নামনি সমানে সেউজীয়া হৈ পৰিব৷ অৱশিষ্ট পথাৰকেইখনো আমাৰ হাততে ৰৈ যাব৷
    শিৱসাগৰৰ ঘটনাপ্ৰৱাহক উগ্ৰ জাতীয়তাবাদ বুলি দুই-একে কৈছে৷ উগ্ৰ জাতীয়তাবাদে অসমীয়া সমাজখনৰ ক্ষতিও কৰিছে৷ কিন্তু পথাৰ ৰক্ষাৰ আন্দোলন, ভেটি-মাটি ৰক্ষাৰ আন্দোলন ভুল হ’ব নোৱাৰে৷ যিসকলে ইয়াৰ বিৰোধ কৰি মহান উদাৰতাৰ পৰিচয় দিব বিচাৰিছে, তেওঁলোকে কিয় আজিলৈকে জনজাতীয় তথা অসমীয়া মানুহৰ পথাৰ ৰক্ষাৰ বাবে হাতে-কামে একো নকৰিলে? পথাৰ নোহোৱা ভূমিহীন জাতিত পৰিণত হ’বলৈ আগবঢ়া অসমীয়াই এতিয়া মাটি বিচাৰি বণিয়াৰ ওচৰলৈ যাবলগীয়া হৈছে৷ শিৱসাগৰৰ গণজাগৰণক উগ্ৰ-জাতীয়তাবাদ বুলি নামকৰণ কৰা মহলটোৱে আজিলৈকে আজাৰা, পলাশবাৰী, সোণাপুৰ, ক্ষেত্ৰীৰ ভূমিপুত্ৰই হেজাৰ হেজাৰ বিঘা মাটি বিক্ৰী কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহৰি নাপালে৷

    পাৰেনে এজন বণিকে হেজাৰ বিঘা মাটি ক্ৰয় কৰিব? আন নালাগে তেজপুৰ, যোৰহাট আদি চহৰৰ পথাৰবোৰৰ ৭০০-৮০০ বিঘালৈকে ক্ৰয় কৰি বিৰাট পকী দেৱালেৰে ঘেৰি পেলাইছে৷ তিনি-চাৰি বছৰৰ পাছত এই মাটিকে অসমীয়াক কঠাত ১০০ গুণ অধিক দামত বিক্ৰী কৰিছে৷ তীৰ, জুৱা যদি অপৰাধ, অসমীয়াৰ ভূমিক লৈ দালালী কৰাটো কিদৰে বৈধ হ’ব পাৰে? অসমীয়াই কিয় প্ৰশ্ন কৰিব নোৱাৰিব হেজাৰ হেজাৰ বিঘা কৃষিভূমি কেনেকৈ একোজন বণিয়াই কিনিব পাৰে?

    আমাৰ মাটিকে লৈ আমাকে ব্যৱসায় কৰা এইসকলে অসমীয়া হোজা মানুহখিনিক বুজাই দিছে মাটি ৰাখি নথ’ব৷ মাটি বিক্ৰী কৰি দিয়ক৷ বণিয়াৰ এই শ্ল’গান সফল হৈছে৷ ইয়াৰ বিৰুদ্ধে দল-সংগঠন সৰব হ’ব লাগিব৷ মাটি বেচি তোলনি বিয়া, বৰবিয়া, গাড়ী-মটৰ, ম’বাইল ফোন ক্ৰয় কৰা মানসিকতাৰ পৰা অসমীয়া সমাজখন মুক্ত কৰিব লাগিব৷ ‘পথাৰেই লখিমী, পথাৰেই জীৱন...’- এই ধ্বনি শিৱসাগৰৰ পৰা অসমৰ প্ৰতিখন গাঁও, নগৰ-চহৰলৈ লৈ যাব নোৱাৰিলে শিৱসাগৰৰ গণজাগৰণ ব্যৰ্থ হ’ব৷