অসমৰ স্বাৰ্থত সংসদ উত্তাল কৰিব পৰা সাংসদৰ সন্ধানত
জিতুমণি বৰা
অসমে হেম বৰুৱাক বিচাৰি ফুৰিছে৷ সাংসদ হেম বৰুৱাক বিচাৰি হাহাকাৰ কৰিছে অসমীয়াই৷ কাৰণ গুৱাহাটীত তৰ্জন-গৰ্জন কৰি থকা বহু নেতাৰ দিল্লীত ‘ফাট দিয়া বসুমতী পাতালে লুকাও’ অৱস্থা৷ ন্যায্য বিষয়তো মাত মাতিবলৈ সাহস নকৰে৷ নেতাৰ এই হয়, হুজুৰ নীতি দেখি লজ্জিত অসমীয়া৷ ২০২৪ত যেতিয়া সাংসদৰ পাঁচ বছৰৰ ৰিপ’ৰ্ট কাৰ্ড ৰাইজৰ হাতত পৰিল, তেতিয়া হিলদল ভাঙি ভোট দিবলৈ যোৱা জনতাই মূৰে-কপালে হাত দিছে৷ ৫০ৰ দশকত অসমে পাইছিল হেম বৰুৱাক৷ সংসদত যিগৰাকী সাংসদক তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে আটাইতকৈ বেছি গুৰুত্ব দিবলৈ বাধ্য হৈছিল৷ যি সময়ত অসমক উপেক্ষা কৰাৰ অভিযোগ একাংশ ৰাজনীতিকৰ মুখত সতকাই শুনো, সেই অভিযোগ হেম বৰুৱাৰ দৰে ৰাজনীতিকে ৫০-৬০ৰ দশকত নিজৰ সাহসিকতা আৰু দক্ষতাৰে মিছা বুলি প্ৰমাণ কৰিছিল৷ ৫০ৰ দশকত অসমৰ ৰাইজে হেম বৰুৱাৰ দৰে সাংসদ নিৰ্বাচিত কৰি ভাৰতীয় গণতন্ত্ৰ আৰু অসমক সমানে ধন্য কৰিছিল৷ সেই অসমীয়াই ২০১৯ বা ইয়াৰ আগে-পাছে এনেকুৱা সাংসদ নিৰ্বাচিত কৰিছে, যি সাংসদে লোকসভাৰ মজিয়াত পাঁচ বছৰে এটাও মন্তব্য নকৰাকৈ পাৰ কৰি দিলে৷
কেৱল এয়াই নে? সংসদত অনুষ্ঠিত হোৱা কোনো বিতৰ্কতে অংশ নোলোৱা সাংসদ অসমীয়াই নিৰ্বাচিত কৰাৰ বিনিময়ত গ্লানিও মূৰ পাতি ল’বলগীয়া হৈছে৷ আজিৰ প্ৰজন্মই সেয়ে হেম বৰুৱাক বিচাৰি ফুৰিছে৷ কেনেকৈ এজন মানুহ তেজপুৰত জন্ম হৈ সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছত জৱাহৰলাল নেহৰুৰ দৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰত্যাহ্বান হৈ উঠিছিল, সেই কাহিনী এতিয়া প্ৰদান বৰুৱা, কুইন ওজা, পল্লৱলোচন দাস, ৰামেশ্বৰ তেলী, তপন কুমাৰ গগৈ, ৰাণী নৰহ আদিক সাংসদ হিচাপে পোৱাৰ পাছত সাধু যেন নালাগেনে? এইখন অসমৰ পৰাই নিৰ্বাচিত এগৰাকী সাংসদে সংসদৰ সকলো সদস্যৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমীয়া, হিন্দী, ইংৰাজী তিনিওটা ভাষাত সাৱলীলভাৱে ভাষণ দিছিল৷ ইয়াৰ অৰ্থ এইটোও নহয় যে হিন্দী আৰু ইংৰাজী জনা মানে এজন মানুহ দক্ষ হ’ব পাৰে৷ এয়া বহু হিন্দী, ইংৰাজী জনা অসমীয়া মানুহৰ ক্ষেত্ৰত প্ৰমাণিত হৈছে৷ ভাষা জনা আৰু ইয়াক নিজৰ মানুহখিনিৰ স্বাৰ্থত ব্যৱহাৰ কৰা দুটা বেলেগ বিষয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে ইংৰাজী তেনেকৈ নাজানে বুলি কোৱা হয়৷ ইংৰাজী নজনাটোৱে তেওঁলোকৰ ৰাজনৈতিক উত্থান আৰু কৰ্মত কোনো ধৰণৰ প্ৰভাৱ যে পেলাব পৰা নাই, সেয়া তেওঁলোকে প্ৰমাণ কৰিছে৷
২০২৪ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অসমৰ যিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, সেই তালিকাৰ পৰা বৰ্তমানৰ পাঁচগৰাকী সাংসদৰ নাম কৰ্তন হৈছে৷ কেৱল অসমতে নহয়, সমগ্ৰ দেশতে বিজেপিয়ে এনেদৰে অজস্ৰ সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিছে৷ অসমৰ প্ৰেক্ষাপটত যদি চোৱা হয়, বৰ্তমানৰ ৫ গৰাকী সাংসদৰ পাঁচগৰাকীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা মানে ৫৫.৫৬ শতাংশ সাংসদ ব্যৰ্থতাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা৷ এইটো ২০২৪তে হোৱা নাই৷ ২০১৯তো বিজেপিয়ে কেইবাগৰাকী সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিছিল৷ তেওঁলোকৰ ভিতৰত বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, আৰ পি শৰ্মা, ৰাজেন গোহাঁই আদি৷ বিজেপিয়ে প্ৰতিটো নিৰ্বাচনত এনেদৰে অসমৰ ৪-৫জনকৈ সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি আহিছে, ইয়াৰ দ্বাৰা শাসক দলে স্বীকাৰ কৰিছে যে তেওঁলোক সাংসদ হিচাপে চূড়ান্ত ব্যৰ্থ আছিল! সংসদত এইসকল সাংসদে সমষ্টি বা ৰাজ্যখনৰ হকে মাত দিয়া আৰু সমষ্টিৰ উন্নয়নতো কোনো ধৰণৰ ভূমিকা পালন কৰিব পৰা যে নাছিল, সেয়া অসমৰ ৰাইজে তেওঁলোকৰ ৰিপ’ৰ্ট কাৰ্ডৰ পৰাই জানিব পাৰিছে৷
নতুনকৈ যিসকলক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে, তেওঁলোকে যে আগন্তুক পাঁচ বছৰত অসম আৰু সমষ্টিৰ কাৰণে সাংঘাটিক কিবা কৰিব তাৰো কোনো মানে নাই৷ উদাহৰণস্বৰূপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ কথা ক’ব পাৰি৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত এটা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে প্ৰদান বৰুৱাই৷ বৃহৎ নদীবান্ধ, ভয়ংকৰ বান, খহনীয়া, নিবনুৱা, বিধবস্ত পথ আৰু পৰিবহণ ব্যৱস্থাৰ লগতে কিমান যে সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰ লোকসভা সমষ্টি৷ দুৰ্ভাগ্য সমষ্টিৰ ভোটাৰ আৰু খিলঞ্জীয়া নাগৰিকৰ৷ তেওঁলোকৰ সাংসদগৰাকীয়ে পাঁচ বছৰে সংসদত কোনো এটা প্ৰশ্ন নকৰিলে, কোনো এটা বিতৰ্কত অংশ নল’লে৷ অথচ এইগৰাকী সাংসদক পুনৰ বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে, কাৰণ লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব পৰাকৈ তেওঁলোকৰ দৃষ্টিত মানুহৰ অভাৱ৷
লোকসভা আৰু বিধানসভালৈ যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰি পঠিওৱাৰ দায়িত্ব জনসাধাৰণৰ৷ সেইদৰে ৰাজ্যসভালৈ দক্ষ আৰু কৰ্মপটু প্ৰতিনিধি নিৰ্বাচিত কৰাৰ দায়িত্ব জনপ্ৰতিনিধিৰ৷ এই ক্ষেত্ৰত ৰাজনৈতিক দলবোৰৰ ভূমিকা অসম হিতৈষী হ’ব লাগে৷
অসমৰ স্বাৰ্থ সকলোৰে ঊৰ্ধ্বত ৰাখি জনতা আৰু জনপ্ৰতিনিধিয়ে লোকসভা আৰু ৰাজ্যসভালৈ সাংসদ নিৰ্বাচিত কৰিব লাগে৷ যদি বাৰে বাৰে অদক্ষ, কৰ্মহীন আৰু নিৰ্বাচিত হোৱাৰ পাছত জনসাধাৰণৰ প্ৰতি দায়বদ্ধহীন লোকক সাংসদ হিচাপে মনোনীত কৰা হয়, তেনেহ’লে ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে ৰাজ্যখনৰ ক্ষতি হয়৷ এই দিশবোৰ জনসাধাৰণে নিৰ্বাচনৰ বতৰত মনত ৰখাৰ প্ৰয়োজনীয়তা আছে৷ প্ৰধানমন্ত্ৰী অসমৰ প্ৰতি দায়বদ্ধ বুলি দলীয় নেতাসকলে কৰা দাবী সঁচা বুলি মানি লোৱা, নোলোৱা এটা বেলেগ কথা৷ কিন্তু আমি জানিব লাগিব যে লখিমপুৰৰ ৰাইজ সন্মুখীন হোৱা সমস্যাটো প্ৰধানমন্ত্ৰীক অৱগত কৰোৱাৰ দায়িত্ব আছিল সাংসদ প্ৰদান বৰুৱাৰ৷ সাংসদগৰাকীয়ে যিকোনো প্ৰকাৰে প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰী, বিষয়াক সাক্ষাৎ কৰি নিজৰ সমষ্টিৰ বাবে উন্নয়নমূলক আঁচনি আনিব পৰাটো কৃতিত্ব৷ অসমৰ বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ কোনো দলৰে সাংসদে এই কামটো কৰিব পৰা নাই৷
লোকসভাৰ মজিয়াত ৰাজনৈতিক বিষয়ত গৌৰৱ গগৈ তুলনামূলকভাৱে সক্ৰিয়৷ ভাষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা নথকাৰ লগতে দল আৰু ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ হোৱাত গৌৰৱ গগৈৰ লগতে প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আদিয়েও সংসদত বিভিন্ন বিষয়ত বিতৰ্কত অংশ লোৱা আমি দেখিছোঁ৷ বিৰোধী দলৰ হোৱা বাবে এওঁলোকৰ কিছু সুবিধাও থাকে৷ শাসক দলৰ সাংসদে সংসদত চৰকাৰক সমালোচনা কৰিব নোৱাৰিলেও তেওঁলোকে ৰাজ্যখন আৰু সমষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি অনাত বাধা থাকিব নালাগে৷ ইয়াৰ বাবে দিল্লীত নিৰ্দিষ্ট পৰিকল্পনা আৰু আঁচনি লৈ কাম কৰিব লাগিব৷ দিল্লীত শুই-বহি কটাবলৈ কোনো লোককে ৰাইজে সাংসদ নিৰ্বাচিত কৰা নাই৷ ইউ পি এ চৰকাৰৰ দিনত অসমৰ এগৰাকী কংগ্ৰেছ সাংসদ লোকসভাৰ অধিৱেশন চলি থকাৰ সময়তো দিনৰ এক বজালৈ শুই থকাৰ অভিযোগ উঠিছিল৷ সেই বাবেই হেম বৰুৱাৰ দৰে সাংসদৰ চৰ্চা হোৱাটো স্বাভাৱিক৷ সংসদত ৰাজ্যখনৰ স্বাৰ্থত সদাসৰৱ হোৱা সাংসদ এগৰাকী অসমবাসীয়ে নোপোৱাটো দুৰ্ভাগ্য৷
কংগ্ৰেছে ৰাণী নৰহক ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু এইগৰাকী সাংসদে ৰাজ্যসভাৰ অধিৱেশনত বেছিদিন অনুপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈছিল৷ লখিমপুৰ তথা অসমক লৈ ৰাজ্যসভাত কোনো দিন কোনো বিতৰ্কত অংশ লোৱা বা প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ সময়বোৰ পাৰ কৰাৰ অভিযোগ ৰাণী নৰহৰ বিৰুদ্ধে আছে৷ বৰ্তমানৰ সাংসদসকলে এটা কথা জনা উচিত যে তেওঁলোকে লোকসভা বা ৰাজ্যসভাত এটা প্ৰশ্ন কৰি অসমৰ সংবাদ মাধ্যমত ইয়াৰ বহুল প্ৰচাৰ চলাই নিজৰ উপস্থিতিৰ উমান দিয়াৰ চেষ্টা চলালে নহ’ব৷ তেওঁলোকে উত্থাপন কৰা প্ৰশ্ন আৰু ইয়াৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰৱৰ্তী পদক্ষেপৰ বিষয়েও ৰাইজক সময়মতে জনাবলৈ সাজু থাকিব লাগিব৷
ভুবনেশ্বৰ কলিতা দীৰ্ঘ দিন সাংসদ হৈয়ে আছে৷ কংগ্ৰেছৰ সাংসদ হৈ থকা সময়তো তেওঁ ৰাজ্যখনক লৈ নীৰৱ আছিল৷ এতিয়া বিজেপিৰ সাংসদ হৈয়ো কলিতাৰ ভূমিকা নিষ্প্ৰভ৷ তুলনাত ৰাজ্যসভাত অজিত কুমাৰ ভূঞা, পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যখনৰ কেইটামান বিষয়ক লৈ মাত মতা দেখিবলৈ পোৱা গৈছে৷ ৰাজনৈতিক নেতাসকলে জনা উচিত, তেওঁলোকে ৰাইজক ফাঁকি দিবলৈ বিচাৰিলেও আজিকালি ধৰা পৰি যায়৷ কাৰণ কাৰ্যকাল সমাপ্তিৰ সময়ত তেওঁলোকৰ হিচাপ-নিকাচ হয়৷ এই ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম দুয়োটাতে অসমৰ সাংসদসকলৰ কাম-কাজ আৰু দক্ষতাৰ অধিক নিৰ্মোহ বিশ্লেষণ হ’ব লাগে৷ দলৰ নামত প্ৰাৰ্থীক বিজয়ী কৰালেও কুইন ওজা, প্ৰদান বৰুৱা, পল্লৱ লোচন দাস, তপন কুমাৰ গগৈ, ৰামেশ্বৰ তেলী আদিয়ে সমষ্টি আৰু ৰাজ্যখনৰ বাবে কিবা বিশেষ কৰাৰ কোনো চিন-মোকাম পাবলৈ নাই৷
সমষ্টি উন্নয়নৰ পুঁজিখিনিৰো ১০০ শতাংশ ব্যয় কৰাত অসমৰ বহু সাংসদ ব্যৰ্থ৷ সেয়ে এইবাৰ কংগ্ৰেছ, বিজেপিকে ধৰি ৰাজনৈতিক দলবোৰে যিসকলক প্ৰাৰ্থিত্ব দিছে, তেওঁলোকক যাতে দলেই ২০২৯ত প্ৰাৰ্থিত্ব কৰ্তন কৰি ব্যৰ্থ বুলি স্বীকাৰ কৰিব লগা নহয়৷ এই দিশটোৰ প্ৰতি অসমৰ প্ৰতিগৰাকী ভোটাৰে মন দিয়া উচিত৷ দলৰ তুলনাত প্ৰাৰ্থীৰ নিজা দক্ষতা আৰু দায়বদ্ধতাৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে৷ শাসনত কংগ্ৰেছ থকাৰ পাছতো প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ সাংসদ হেম বৰুৱাই দেখুওৱা নিদৰ্শন যুগ যুগলৈ স্মৰণীয় হৈ থাকিব৷ সময় পাৰ হৈ গৈ থাকিব৷ ব্যৰ্থতাৰ গ্লানি লৈ কিছু সাংসদ ৰাজনীতিৰ পৰা নিৰ্বাসন ল’ব৷ কিন্তু সময়ৰ সৈতে অসমক আগবঢ়াই নিব নোৱাৰিলে এওঁলোকে৷ এওঁলোক সাংসদ হৈ দিল্লীত বাস কৰাৰ চখ পূৰণ কৰাতে পাঁচ বছৰ পাৰ কৰে৷ তাৰ পাছত দিল্লীত হয় ঘৰ-মাটি, নহয় একোটা ফ্লেট ক্ৰয় কৰি এটা ঠিকনাৰ অধিকাৰী হোৱাটোৱে সাংসদ জীৱনৰ কৃতিত্ব বুলি গ্ৰহণ কৰি আহিছে৷
এওঁলোকে নজনা নহয়, ১৯৫০ত বান, খহনীয়া যিদৰে আমাৰ বাবে সমস্যা আছিল, ২০২৪তো যে ই একেই আছে৷ বৰঞ্চ বহু স্থানত ই অধিক আগ্ৰাসী হৈ পৰিছে৷
এই সমস্যা সমাধানৰ বাবে চৰকাৰে যি ধৰণে ৰূপ-ৰেখা প্ৰস্তুত কৰিব লাগিছিল, সেই মতে নকৰাত বান, খহনীয়া, নিবনুৱা আদি সমস্যা এতিয়া ডাঙিব নোৱৰা বোজা হৈ পৰিছে৷ অসমৰ সাংসদসকলেও ৰাজ্যখন সন্মুখীন হোৱা সমস্যাবোৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ দলৰ ঊৰ্ধ্বলৈ গৈ ঐক্যবদ্ধ হ’ব লাগে বুলি অনুভৱ নকৰে৷ অসমীয়া মানুহৰ দুখ আৰু অসুখক মচিবৰ বাবে অসমৰ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ ১৪গৰাকী সাংসদ কেতিয়াবা একেলগে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যোৱা কাৰোৰে মনত নপৰেচোন!
জাতীয় বিষয়বোৰত অসমৰ লোকসভাৰ ১৪গৰাকী আৰু ৰাজ্যসভাৰ সাতগৰাকী সাংসদ ঐক্যবদ্ধ হৈ প্ৰধানমন্ত্ৰীক ৰাজ্যবাসী সন্মুখীন হোৱা প্ৰব্ৰজন, বান, খহনীয়া, বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বিষয়ক লৈ ঐক্যবদ্ধ হোৱাৰ কোনো বাতৰিও পঢ়া বা দেখাৰ সৌভাগ্য অসমবাসীৰ নহ’ল৷ এই বিষয়ত সাংসদসকল একগোট হৈ কোনো আলোচনাত বহাও পাঁচ বছৰত দেখা নাপালো৷ আমাৰ এই মানসিকতাই অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাত সহায় কৰা নাইনে?
গণতন্ত্ৰত নিৰ্বাচন জনতাৰ বাবে অমোঘ অস্ত্ৰ৷ অসমত জনতাক বিভ্ৰান্ত কৰিবলৈ, জনতাক প্ৰলোভিত কৰিবলৈ মিছা কথাৰে ৰাজনৈতিক দলৰ কিছুমান বিয়াগোম নেতাই প্ৰতিবাৰে চেষ্টা চলাই আহিছে, এয়া স্বাভাৱিক৷ আপোনালোকে নিজৰ নিজৰ সমষ্টিত ৰাজনৈতিক দলবোৰৰ সাংসদ প্ৰাৰ্থীসকলৰ নাম দেখা পাইছে৷ নিৰ্বাচনৰ বতৰত ৰাজনৈতিক নেতাসকলে কি কয়, সেয়া মনোযোগ দি শুনিব পাৰিলে ভাল৷ মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দিলে ঠাইতে প্ৰতিবাদ কৰক৷
তেওঁলোক যদি বৰ্তমান সাংসদ হৈ আছে, তেনেহ’লে সংসদত তেওঁলোকৰ ভূমিকা সম্পৰ্কতো প্ৰশ্ন কৰক৷ পাঁচ বছৰে সমষ্টিৰ বাবে কি কৰিলে? সমষ্টি তথা অসমৰ কোনকেইটা গুৰুত্বপূৰ্ণ বিষয় সংসদৰ মজিয়াত উত্থাপন কৰিছিল, সেই প্ৰশ্ন প্ৰদান বৰুৱা, তপন গগৈ, দিলীপ শইকীয়া, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈক সোধক৷ লগতে তুলনা কৰিব ৰাজনৈতিক দলবোৰৰ প্ৰাৰ্থীসকলৰ ভাষা জ্ঞান আৰু দক্ষতা৷
Leave A Comment