• ৫ লাখ চাকমা-হাজং ‘কা’ৰ প্ৰথমটো প্ৰহাৰ

    সম্পাদকীয়
    ৫ লাখ চাকমা-হাজং ‘কা’ৰ প্ৰথমটো প্ৰহাৰ
    ৫ লাখ চাকমা-হাজং ‘কা’ৰ প্ৰথমটো প্ৰহাৰ

    জিতুমণি বৰা

    চাপৰিলে মেঘ নাতৰে৷ অৰুণাচলৰ পৰা বিতাড়িত হ’বলগীয়া পাঁচ লক্ষাধিক চাকমা আৰু হাজং শৰণাৰ্থীৰ বোজা উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ বাহিৰে আন কোনো ৰাজ্যই বহন কৰিব নালাগে৷ এই বোজা হয় অসম নহয়, ত্ৰিপুৰাই বহন কৰিবই লাগিব৷ যদি অসম চৰকাৰে বিচাৰে বা অনুৰোধ কৰে, তেতিয়াহ’লে ভাৰতবৰ্ষৰ অন্য ৰাজ্যই এই পাঁচ লক্ষাধিক শৰণাৰ্থীক ভগাই ল’ব পাৰে৷ কিন্তু বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে পোনপটীয়াকৈ অৰুণাচলত থকা পাঁচ লক্ষাধিক হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব বুলি কৰা মন্তব্য আইনৰ দিশৰ পৰা এশ শতাংশ শুদ্ধ আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত৷ 


    আমি সকলোৱে জানো উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল দুখন ৰাজ্যত ‘কা’ বলৱৎ হৈছে৷ এয়া সম্ভৱ হৈছে এই দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা চৰকাৰৰ আগ্ৰহৰ বাবে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাকী কেউখন ৰাজ্যই কেবিনেটত ‘কা’ বলৱৎ নকৰে বুলি সিদ্ধান্ত লৈ থৈছে৷ কেন্দ্ৰীয় চৰকাৰকো এই সম্পৰ্কত অৱগত কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যই৷ কেন্দ্ৰই ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি  এইকেইখন ৰাজ্যত ‘কা’ বলৱৎ নকৰাৰ পক্ষত স্থিতি লৈছে৷ গতিকে অৰুণাচলৰ পৰা বিতাড়িত হ’বলগীয়া চাকমা আৰু হাজংসকলক অসমত সংস্থাপিত কৰিব বিচাৰিলে ৰাজ্য চৰকাৰে বিৰোধ কৰিব নোৱাৰিব৷ 


    ইয়াৰ প্ৰথম কাৰণ হ’ল, এইসকল শৰণাৰ্থী ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশৰ পৰা প্ৰব্ৰজন ঘটিছিল৷ ‘কা’ বিধিৰ অধীনত যদি এইসকল শৰণাৰ্থীয়ে নাগৰিকত্ব লাভ কৰাৰ পথ প্ৰশস্ত হয়, তেতিয়াহ’লে অসমত এজনক নাগৰিকত্ব দিবলৈ চৰকাৰ যিদৰে বাধ্য, সেইদৰে পাঁচ লাখকো নাগৰিকত্ব দিবলৈ বাধ্য হ’ব৷ সেই বাবে ৰিজিজুৱে ‘কা’ বলৱৎ হোৱা অসমত এই বৃহৎসংখ্যক শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ কথাটো ৰাজহুৱা কৰে৷ 

    দ্বিতীয়তে, ‘কা’ বিধি মতেই অমুছলমান এইসকল শৰণাৰ্থীয়ে অসম তথা ভাৰতত নাগৰিকত্ব পাব৷ অৰুণাচল বা উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত আই এল পি, ষষ্ঠ অনুসূচী আদিৰ বাবে নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বাধা-নিষেধ আছে৷ যিটো অগপক বাদ দি অসমৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে ইয়াতো বিচাৰিছে৷ খিলঞ্জীয়াৰ মাজতহে সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ অধিকাৰ, খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ দাবী কিয় উঠিছে, সেয়া চাকমা-হাজঙৰ বিষয়টোৱে পুনৰ চৰ্চালৈ আনিছে৷


    সাংবিধানিক ৰক্ষা কৱচ, জনজাতিকৰণৰ দাবীৰ ন্যায্যতা ক’ত, সেয়া ইয়াৰ খিলঞ্জীয়া মানুহৰ বাহিৰে আনে কেনেকৈ অনুভৱ কৰিব? এই দাবীবোৰ গুৰুত্বহীন কৰি এই দাবী তোলা নেতাবোৰক তুচ্ছ-তাচ্ছিল্য কৰা চৰকাৰী পক্ষত থকা মানুহবোৰে বুজক– মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ছিকিমত কেনেকৈ নিৰ্ভয়ে জীয়াই থাকিব পাৰিছে খিলঞ্জীয়া নাগৰিক৷
    এই প্ৰসংগ অত্যন্ত গুৰুত্বপূৰ্ণ৷ এজনো বাংলাদেশী নাগৰিক ‘কা’ৰ অধীনত অসমলৈ নাহে বুলি দাবী কৰাসকলে এইটো নজনা নহয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনত শৰণাৰ্থী হিচাপে থকা লাখ লাখ বাংলাদেশী নাগৰিকে হয় অসম, নহয় ত্ৰিপুৰাত ‘কা’ৰ অধীনত স্থায়ীভাৱে বাস কৰিব বিচাৰিলে কোনখন আইনৰ অধীনত আমি এওঁলোকক বাধা দিম? দুৰ্ভাগ্যৰ কথা শাসক পক্ষই অতি কৌশলেৰে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই গুৰুত্বপূৰ্ণ বিষয়টো চৰ্চালৈকে আহিবলৈ নিদিলে৷


    এতিয়া আহো নিৰ্বাচনৰ কথালৈ৷ ২৬ এপ্ৰিলত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অসমৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈ যায়৷ এই পাঁচটা লোকসভা সমষ্টিক লৈ শাসক-বিৰোধী দুয়ো পক্ষই হিচাপ-নিকাচ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাঁচটা সমষ্টিৰ কেউটাতে বিজেপি জয়ী হ’ব বুলি দাবী কৰিছে৷ লগতে মুখ্যমন্ত্ৰীয়ে কোনটো সমষ্টিত কিমান ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হ’ব, তাৰো হিচাপ দিছে৷ প্ৰতিটো সমষ্টিতে বিজেপি প্ৰাৰ্থীগৰাকী দুইৰ পৰা তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ কথা৷ এয়া মুখ্যমন্ত্ৰীৰ হিচাপ৷


    বিৰোধী দলেও দাবী কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা অসমৰ পাঁচটা সমষ্টিৰ দুটাত ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী জয়ী হ’ব৷ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সংবাদমেল পাতি ৰাজহুৱা কৰিছে যে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বিজয়ী হোৱাটো খাটাং৷ লগতে গগৈয়ে কৈছে যে ডিব্ৰুগড় লোকসভা আসনখনত বিৰোধী তথা অজাপ সভাপতি লুৰীণজ্যোতি গগৈ জয়ী হ’ব৷ অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণভাৱে দাবী কৰা নাই যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ কেউটাতে তেওঁলোক জয়ী হ’ব বুলি৷ অখিল গগৈয়ে কেৱল পাঁচটা সমষ্টিৰ তিনিটা বিজেপিলৈ এৰি যোৰহাট আৰু ডিব্ৰুগড় আসনখনত জয়ী হ’ব বুলি কৰা দাবী গুৰুত্বপূৰ্ণ৷ 


    এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ আটাইতকৈ চৰ্চিত সমষ্টিটো হ’ল– যোৰহাট আৰু প্ৰাৰ্থীগৰাকী হ’ল গৌৰৱ গগৈ৷ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে তাক কেন্দ্ৰ কৰি আৰম্ভণিতে ব্যাপক চৰ্চা হৈছিল৷ বিজেপিয়ে প্ৰচাৰ চলাইছিল যে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইয়াৰ কাৰণ মিঞা ভোট বুলি শাসক দলৰ নেতাসকলে দাবী কৰিছিল৷ আনকি আলোচনা-সমালোচনাৰ বিষয়টো এই পৰ্যায়লৈকে নিয়া হৈছিল, য’ত কোৱা হৈছিল গৌৰৱ গগৈয়ে অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটেৰে জয়ী হোৱাৰ সাহস কৰিব নোৱাৰে৷ মিঞাৰ ভোটেৰেহে গৌৰৱ গগৈ সাংসদ হ’বলৈ আগ্ৰহী৷ এই ধৰণৰ প্ৰচাৰত পানী ঢালি গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহে আৰু নিৰ্বাচনত সবলভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ 

    যি সময়ত মুখ্যমন্ত্ৰীকে ধৰি শাসক দলৰ নেতাসকলে খেলপথাৰত গোলকীপাৰ নাই, যিমান পাৰি গোল দিব লাগে বুলি ঘোষণা কৰিছিল, সেই সময়ত কিন্তু বাস্তৱৰ ছবিখন সম্পূৰ্ণ বিপৰীত৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে দেখিবলৈ পোৱা গ’ল বিৰোধীয়ে সহজে খেলপথাৰ এৰি দিবলৈ বিচৰা নাই৷ প্ৰতিটো সমষ্টিত মুখ্যমন্ত্ৰীয়ে একাধিক ৰাজহুৱা সভা, ৰোড শ্ব’ অনুষ্ঠিত কৰিবলগীয়া হৈছিল৷ যোৰহাটত আনবোৰ সমষ্টিতকৈ অধিক সময় দিয়া দেখা গ’ল মুখ্যমন্ত্ৰীক৷ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কেও যোৰহাটত বাহৰ পাতি লৈছিল৷ আকৰ্ষণীয় পৰ্যায়লৈ লৈ গৈছিল যোৰহাটৰ নিৰ্বাচন৷ এই নিৰ্বাচনে এটা কথা স্পষ্ট কৰে যে পৰিৱৰ্তনৰ বাবে সমাজৰ গুৰুত্বপূৰ্ণ অংশ এটা সাজু হৈছে৷ এওঁলোকৰ মাজৰ অধিকাংশই যুৱক-যুৱতী৷ এওঁলোকৰ বাবে শিক্ষা আৰু সংস্থাপন মূল বিষয়৷ যিটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ৷
    মুখ্যমন্ত্ৰীয়েও পাকে প্ৰকাৰে স্বীকাৰ কৰিছে আণ্ডাৰ কাৰেণ্ট আৰু যুৱ ভোটাৰৰ প্ৰসংগ৷ কেইবাটাও নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানে চলোৱা সমীক্ষাতো কোৱা হৈছে দেশৰ জনতাৰ মাজত নিৰ্বাচনৰ বতৰত দুটা বিষয়ে প্ৰধান ভূমিকা পালন কৰিছে৷ এই বিষয় দুটাৰ এটা নিবনুৱা সমস্যা, আনটো মূল্যবৃদ্ধি৷ 

    যি সময়ত সচেতন নাগৰিক সমাজ উদ্বিগ্ন হৈ পৰিছে নিৰ্বাচনৰ বতৰত মূল বিষয়বোৰ চৰ্চা হোৱা নাই বুলি, সেই সময়ত প্ৰকাশিত সমীক্ষাত মূল্যবৃদ্ধি, নিবনুৱা, অৰ্থনীতিক নতুন প্ৰজন্মৰ ভোটাৰে আগস্থান দিছে৷ দেশত নিবনুৱাৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷ প্ৰতি বছৰত নিবনুৱাৰ শাৰীত নতুন নতুন যুৱক-যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ যিমানসংখ্যক যুৱক-যুৱতীৰ নাম নিবনুৱাৰ তালিকাত নতুনকৈ সংযোজিত হৈছে, তাৰ বিপৰীতে ১০ শতাংশয়ো সংস্থাপন পোৱা নাই৷ আনকি আই আই টিৰ স্নাতকেও এতিয়া নিবনুৱাৰ শাৰীত নিজকে থিয় কৰাইছে৷ এয়া নিতান্তই দুৰ্ভাগ্যজনক৷


    সংস্থাপনৰ অভাৱত হতাশ হোৱা তৰুণ-তৰুণীৰ সংখ্যা বাঢ়িছে৷ ঘৰৰ লগতে পৰিয়াল তথা সমাজ আৰু দেশৰ বোজা হৈ পৰা বুলি অনুভৱ কৰা যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতাও বৃদ্ধি পাইছে৷ প্ৰত্যক্ষভাৱে ইয়াৰ বাবে দায়ী চৰকাৰ৷ উদাহৰণস্বৰূপে অসমত নিবনুৱাৰ সংখ্যা ৪০ লাখৰ কম নহয়৷ ক’ভিডৰ সময়তে বহিৰ্ৰাজ্যত শ্ৰমিক হিচাপে কৰ্মৰত ১২ লক্ষাধিক লোক অসমলৈ উভতি আহিছিল৷ এই তথ্য ৰাজ্য চৰকাৰে স্বীকাৰো কৰিছে৷ নিৰ্বাচনত এই বিষয়টো সমূলি তল পৰিল৷ বহিৰ্ৰাজ্যত শ্ৰমিক হিচাপে ধন ঘটিবলৈ যোৱা নিবনুৱাৰ মাজত উজনি-নামনিৰ লগতে মধ্য অসমৰ বহু লোক আছে৷ অথচ উজনি অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত নিবনুৱা আৰু মূল্যবৃদ্ধি প্ৰসংগ বৰকৈ আলোচনা নহ’ল৷ কিন্তু এইটোও ঠিক যে ৰাইজৰ মাজত বিষয়টো আলোচনা নোহোৱাকৈ থকা নাছিল৷ 


    ৰাইেজ কিদৰে মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিছে, কিদৰে অসংগঠিত ক্ষেত্ৰৰ এগৰাকী শ্ৰমিক হিচাপে কামৰ সন্ধান বিচাৰি বহিৰ্ৰাজ্যলৈ যাবলগীয়া হৈছে, সেয়া ৰাজনৈতিক দলবোৰে গুৰুত্বহীন কৰিব বিচাৰিলেও এয়াই বাস্তৱ৷ বহিৰ্ৰাজ্যত প্ৰতিদিনে অসমৰ যুৱকৰ মৃত্যু হৈছে৷ শ্ৰমিক হিচাপে কৰ্মৰত অসমৰ লোক কেতিয়াবা ৰে’লৰ পৰা পৰি, কেতিয়াবা কৰ্মস্থলীত উৎপীড়নৰ বলি হৈ মৃত্যুক সাবটি লৈছে৷ এক অনিশ্চিত ভৱিষ্যতৰ মাজত সময় পাৰ কৰিছে অসমৰ নিবনুৱাই৷ এই কথাবোৰ নিৰ্বাচনৰ বতৰত অৰুণোদয়ৰ এখন ফৰ্ম আৰু এটা গীতৰ আধাৰত হোৱা নৃত্যই নোহোৱা কৰিব পাৰিবনে? পাৰিবনে এইদৰে ৪০ লাখ নিবনুৱাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব? বিষয়বোৰ কোনোৱে উত্থাপন কৰিলেও ইয়াক তল পেলাবলৈ বিভিন্ন কৌশল লোৱা হৈছে৷ নিৰ্বাচনী সমীক্ষাবোৰত ৰাম মন্দিৰ বা ধৰ্মীয় বিষয়বোৰক সচেতন মহলে গুৰুত্ব দিয়া নাই৷ হয়তো এই সমীক্ষাবোৰ প্ৰকাশৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰ নিৰ্বাচনী ইছ্যু নহয় বুলি ক’বলগীয়া হৈছে৷ 


    ৰাম মন্দিৰ নিৰ্বাচনী ইছ্যু নহ’লেও হনুমান চালিচা, মংগলসুত্ৰ, হিন্দু বিবাহিত মহিলাই পিন্ধা সোণৰ আ-অলংকাৰক নিৰ্বাচনী ইছ্যু কৰিবলৈ বিচৰা হৈছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এইবোৰ বিষয় বৰকৈ আলোচনালৈ অহা নাছিল৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে আগে এই বিষয়বোৰ শক্তিশালী মহলেই তুলি ধৰিছে৷ যাতে মেৰুকৰণৰ ৰাজনীতি সফল হয়৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো যিকেইটা বিষয় মুকলিকৈ আলোচনা হ’ব লাগিছিল, সেই বিষয়কেইটা ঢাক খাই থাকিল৷ বিৰোধীয়ে বিষয়বোৰ কিন্তু আনিছে৷ পাঁচ বছৰৰ মূৰত এবাৰ ৰাইজ ৰজা হয়৷ সকলো ক্ষমতা পাঁচ বছৰৰ মূৰত এদিনৰ বাবে ৰাইজে পায়৷ বাকী সময়খিনিত ক্ষমতাত থকা নেতাসকলে ৰাইজৰ নাম লৈ তেওঁলোকৰ এজেণ্ডাত থকা কামবোৰ কৰি যায়৷ তেতিয়া ৰাইজৰ মতামত লোৱাৰ প্ৰয়োজনবোধ নকৰে৷ সেয়ে সকলোৰে প্ৰতি এটাই অনুৰোধ অসমত এশ শতাংশ ভোটদান নিশ্চিত কৰক আৰু অধিকাৰ সাব্যস্ত কৰি নিজৰ নিজৰ ভৱিষ্যৎবোৰ সুৰক্ষিত কৰক৷