জিতুমণি বৰা
ভীষ্ম আৰু দ্ৰোণাচাৰ্যই মনে-প্ৰাণে কৌৰৱক বিজয়ী কৰাম বুলি কুৰুক্ষেত্ৰৰ যুদ্ধত সমৰ্পণ কৰা হ’লে কৌৰৱৰ পৰাজয় ইমান সহজ হৈ উঠিলেহেঁতেন জানো? বেদব্যাসেও মহাভাৰতৰ কাহিনী তেতিয়া অন্য ধৰণে লিখিলেহেঁতেন! পাণ্ডৱৰ পক্ষত ন্যায় আছিল বাবেই যুদ্ধত জয়ী হৈছিল৷ এই সত্য কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ ভীষ্ম আৰু দ্ৰোণাচাৰ্য এই দুগৰাকী বীৰৰ সমকক্ষ কোনো নাছিল পাণ্ডৱৰ মাজত৷ একমাত্ৰ শ্ৰীকৃষ্ণৰ মন্ত্ৰণাই পাণ্ডৱৰ বিজয়ৰ মূল উৎস বুলি মহাভাৰতে কৈ গৈছে৷
আপুনি নিশ্চয় অনুভৱ কৰে দ্ৰোণাচাৰ্য আৰু ভীষ্মই যদি কৌৰৱক বিজয়ী কৰাম বুলি ৰণক্ষেত্ৰত নামিলেহেঁতেন, জয়-পৰাজয় যিয়েই নহওক যুদ্ধ আৰু দীঘলীয়া হৈ উঠিলেহেঁতেন! কুৰুক্ষেত্ৰত ১০ দিন যুদ্ধ কৰি সেনাপতি ভীষ্মই পাণ্ডৱক পানী খুৱাই দিছিল৷ চকুৰে সৰিয়হ ফুল দেখিছিল পাণ্ডৱে৷ শেষ মুহূৰ্তত শিখণ্ডীক সন্মুখত লৈ পাণ্ডৱে ভীষ্মক ৰণত পেলাইছিল৷ শিখণ্ডীক কিয় ৰণক্ষেত্ৰত নমাইছিল, সেয়া ভীষ্মই জনাৰ পাছতো কেৱল পাণ্ডৱক বিজয়ী কৰোৱাৰ স্বাৰ্থত অস্ত্ৰ ত্যাগ কৰি শৰশয্যাক আঁকোৱালি লৈছিল৷ ভীষ্ম, দ্ৰোণাচাৰ্য দুয়োগৰাকীয়ে যুদ্ধৰ পূৰ্বে পাণ্ডৱক বিজয়ী ভৱ আশীৰ্বাদ দি কৌৰৱৰ পৰাজয় নিশ্চিত কৰি তুলিছিল৷
অথচ ভাৰতীয় ইতিহাসৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এই দুগৰাকী যোদ্ধাই ৰাজসভাত এগৰাকী অসহায় মহিলাক নগ্ন কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত লোৱা ভূমিকা আজিও সকলোৰে বাবে ৰহস্য হৈ থাকিল৷ দ্ৰোণাচাৰ্যৰ দৰে যোদ্ধাই জীৱনত দ্বিতীয়টো পাপ কৰিছিল দুৰ্যোধন, দুঃশাসন, কৰ্ণ আদিৰে মিলি ১৬ বছৰীয়া নাতি অভিমন্যুক নিজ হাতে হত্যা কৰি৷ এই কামবোৰ ভীষ্ম আৰু দ্ৰোণাচাৰ্যই পাণ্ডৱক যুদ্ধৰ প্ৰতি উত্ৰাৱল কৰিবৰ বাবেই কৰিছিল নেকি? যাতে দুৰাচাৰী কৌৰৱৰ পতন হয়! ইয়াৰ ব্যাখ্যা কৰিবলৈ গ’লে প্ৰবন্ধটোৰ দৈৰ্ঘ্যতা বাঢ়ি যাব৷
যুগে যুগে মহাভাৰতৰ ৰাজনীতিৰ প্ৰসংগ বিভিন্ন ধৰণে আলোচিত হৈ আহিছে৷ আমি যদি সাম্প্ৰতিক অসম তথা ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত চাওঁ, তেতিয়াও দেখা পাওঁ ঘৰশত্ৰু বিভীষণ নতুবা ক’ৰবাত নিজৰ শক্তিক একাষৰীয়া কৰি শত্ৰুক জয়ী কৰোৱাৰ অভিসন্ধি চলি আহিছে৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ এবছৰ৷ অসমৰ ৰাজনৈতিক গতি-প্ৰকৃতি দেখি প্ৰতিগৰাকী সচেতন ব্যক্তি নিশ্চিত হৈছে যে কংগ্ৰেছে ইতিমধ্যে যুদ্ধক্ষেত্ৰ এৰি ছত্ৰভংগ দিছে৷ সাধাৰণ মানুহক বিভ্ৰান্ত কৰিবৰ বাবে শূন্যত গদা ঘূৰাই বিৰোধীৰ একাংশ নেতাই যিবোৰ বাৰেবাংকৰা কথা কৈ আছে, সেইবোৰে বিজেপিৰ কোনো ক্ষতি কৰিব পৰা নাই৷
মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত থাকি পাণ্ডৱৰ বিৰুদ্ধে ৰণক্ষেত্ৰত যিসকলে সেনাপতিৰ ভূমিকা পালন কৰিছিল, তেওঁলোকৰ প্ৰধান তিনিজন ভীষ্ম, দ্ৰোণাচাৰ্য আৰু কৃপাচাৰ্যৰ মন-প্ৰাণ পাণ্ডৱৰ সৈতেই আছিল৷ কৌৰৱৰ পৰাজয়ৰ প্ৰধান আৰু একমাত্ৰ কাৰণ এইটোৱে বুলি ক’লেও ভুল কোৱা নহ’ব নিশ্চয়৷ অসমৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰৰ যিসকল নেতাক আমি জানো, তেওঁলোকৰ দুই-এজনৰ বাহিৰে বেছিভাগেই যেন নিবিচাৰে ’২৬ত বিজেপি পৰাজিত হওক৷ এই প্ৰসংগত এটা কথা স্পষ্ট কৰিব খুজিছোঁ– বিজেপি মানে পাণ্ডৱ আৰু বিৰোধী কৌৰৱ নহয়৷ উদাহৰণৰ বাবেহে কৌৰৱ-পাণ্ডৱৰ প্ৰসংগ আনিছোঁ৷ আজিৰ পৃথিৱীত কৌৰৱো নাই, পাণ্ডৱো নাই৷ কেতবোৰ মানুহেহে তেওঁলোকৰ আচৰণৰ দ্বাৰা নিজকে দুৰ্যোধন, দুঃশাসন আৰু কেতিয়াবা অৰ্জুন বা যুধিষ্ঠিৰ সজাইছে৷ বিজেপি, কংগ্ৰেছ দুয়োটা শিবিৰতে এনেকুৱা চৰিত্ৰৰ মানুহ বিৰাজমান৷
এখন যুদ্ধ জয় কৰিবৰ বাবে সৈন্য-সামন্ততকৈ সেনাপতিগৰাকীৰ ভূমিকা কেনেকুৱা হ’ব লাগে, সেয়া মহাভাৰতৰ যুদ্ধৰ পৰাই বিৰোধীয়ে শিকিব লাগে৷ মন এঠাইত আৰু দেহ এঠাইত কৰি ৰাজনীতি কৰিলে, সেই ৰাজনীতিয়ে বেছি উধাব নোৱাৰে৷ সম্প্ৰতি অসমত বিৰোধী শিবিৰ বুলিলে যিকেইটা ৰাজনৈতিক দলক বুজা যায়, এই দলকেইটাৰ মাজত কংগ্ৰেছ প্ৰধান৷ লগতে ৰাইজৰ দল, অজাপ আৰু বাঁওপন্থী দলকেইটাই বিৰোধী ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ আমি যদি প্ৰথমে কংগ্ৰেছৰ প্ৰসংগৰে বিষয়টো আলোচনা কৰিব বিচাৰো, তেতিয়াহ’লে আমি এতিয়াও নিশ্চিত হ’ব পৰা নাই এই দলটোৰ কেইগৰাকীমান শীৰ্ষ নেতাই আচলতে বিচাৰিছে কি? এই দলটোৰ নেতাসকলে মনে-প্ৰাণে বিচাৰে জানো দিছপুৰৰ ক্ষমতাৰ পৰা বিজেপি বিতাড়িত হোৱাটো? কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ সৈতে যিসকল জড়িত হৈ আছে, তেওঁলোকৰ দায়বদ্ধতা আৰু দলটোৰ প্ৰতি থকা নিষ্ঠাত কোনো ধৰণৰ প্ৰশ্ন উঠিব নোৱাৰে৷ যিদৰে কুৰুক্ষেত্ৰৰ যুদ্ধত দুগৰাকীমান সেনাপতিৰ মন-প্ৰাণ পাণ্ডৱৰ সৈতে থকাৰ পাছতো কুৰু সেনাৰ লাখ লাখ সৈনিকে কৌৰৱৰ বাবেই যুদ্ধ ক্ষেত্ৰত আপোচ নকৰাকৈ জীৱন দিছিল৷ ভূপেন বৰা, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আদি নেতাসকলৰ মাজৰ কেইজনে বিচাৰে কংগ্ৰেছক ক্ষমতালৈ ঘূৰাই অনাটো? এইসকল নেতাৰ মাজৰ দুই-তিনিগৰাকীৰ বাহিৰে বাকীসকলৰ বক্তব্যই সাধাৰণ নাগৰিকক চুবই পৰা নাই৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ ওচৰত কংগ্ৰেছৰ কোনকেইজন নেতা ছগা হৈ জাহ গৈছে, সেয়াও সাধাৰণ নাগৰিকৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷ নেতাকেইজনেহে গম পোৱা নাই, তেওঁলোকে কিমানলৈকে পানীত নামিছে, সেয়া সকলোৱে পাৰৰ পৰা চাই আছে বুলি৷ একেৰাহে ১০ বছৰ ক্ষমতাৰ পৰা বিতাড়িত হৈ থকাৰ পাছতো কংগ্ৰেছৰ নেতাসকলে নিশিকিলে বিজেপিৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব৷ কি ৰণকৌশলেৰে ৰাইজৰ মাজত সোমাব পাৰি? একেবোৰ কথাকে কংগ্ৰেছ নেতাসকলৰ মুখত শুনি শুনি ৰাইজ অতিষ্ঠ হৈছে৷ এইখন বাকী আৰু ফাঁকিত চলা চৰকাৰ, ’২৬ত আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা জে’লত থাকিব, ধাৰ লৈ ঘিউ খাইছে হিমন্ত বিশ্ব শৰ্মাই৷ –এইকেইটা কথাকে ঘূৰাই-পকাই কৈ কৈ ভূপেন বৰা, জিতেন্দ্ৰ সিং আদিৰ আমনি, ভাগৰ লগা নাই যদিও শুনোতাৰ আমনিও লাগিছে, ভাগৰো লাগিছে৷
কংগ্ৰেছ নেতাসকলে তথ্য জনাৰ অধিকাৰ আইনখনৰ বিষয়ে জানেনে? এই আইনখনৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই কথাও কংগ্ৰেছ নেতাসকলে নাজানে নেকি? অসমলৈ কেন্দ্ৰীয় চৰকাৰে কোন শিতানত কিমান ধন দিছে? এই তথ্যবোৰ কংগ্ৰেছ নেতাসকলৰ হাতত আছে জানো? অসমৰ পৰা আই এল পি প্ৰত্যাহাৰ কেতিয়া কৰিলে, ইয়াৰ ফলত অসমীয়া মানুহৰ কি ক্ষতি হ’ব? এই কথাবোৰ তথ্যসহকাৰে কোনো কংগ্ৰেছ নেতাই আজিলৈকে ৰাজহুৱা কৰিব পৰা নাই৷ সম্পদৰ অধিকাৰ, চাহ বাগিচাসমূহৰ মৃত্যুঘণ্টা, বহিঃৰাজ্যত দৈনিক অসমীয়া যুৱকৰ মৃত্যু, খিলঞ্জীয়াৰ হাতৰ পৰা এই সময়ছোৱাত কিমান কৃষিভূমি বণিয়াৰ হাতলৈ গ’ল ইত্যাদি ইত্যাদি বিষয়বোৰক লৈ তথ্যসহ কোনো সংবাদমেল কংগ্ৰেছৰপিনৰ পৰা আজিলৈকে দিব পৰা নাই৷ কোনো ধৰণৰ নতুন তথ্য, নতুন বক্তব্যৰে কংগ্ৰেছ নেতাসকলে এখন সংবাদমেল অনুষ্ঠিত কৰিব নোৱৰাটো তেওঁলোকৰ ব্যৰ্থতা৷
আঠ বছৰত অসমত কংগ্ৰেছৰ এনেকুৱা এখন সংবাদমেলৰ কথা কাৰোবাৰ মনত আছেনে, যিখন সংবাদমেলে অসমত আলোড়নৰ সৃষ্টি কৰিছে, বিজেপি শিবিৰত ধুমুহা আনিছে৷ পুৰণি কথাবোৰকে ঘূৰাই-পকাই কৈ থকা এই নেতাবোৰৰ নাই কোনো অধ্যয়ন, নাই কোনো পৰিশ্ৰম৷ এওঁলোকৰ জনসম্পৰ্কও দুৰ্বল৷ সংবাদ মাধ্যমৰ দুই-চাৰিজনৰ বাহিৰে বেলেগৰ সৈতে কোনো ধৰণৰ সম্পৰ্কও ৰক্ষা কৰি চলিব নাজানে৷ এওঁলোকে কেৱল সপোন দেখে৷ বিজেপিৰ কৰৰ হেঁচা, ঔষধৰ পৰা আৰম্ভ কৰি বিস্কুটলৈকে কিদৰে দাম বাঢ়িছে, সেই সম্পৰ্কত তথ্যসহ সংবাদমেল বিৰোধীয়ে নিয়মীয়াকৈ দিব পাৰিব লাগিব৷ বিজেপিক বেয়া পাই কংগ্ৰেছক ক্ষমতাত বহুৱাব বুলি যদি সপোন দেখিছে, সেয়া সপোন হৈয়ে থাকি যাব৷ এনেকুৱা পানীমিঠৈ তৈয়াৰ কৰাত ব্যস্ত অসমৰ গৰিষ্ঠসংখ্যক কংগ্ৰেছ নেতা৷
ৰাজীৱ ভৱন, হোটেল লিলিয়ে কংগ্ৰেছক এখন আসনো আনি নিদিয়ে৷ নেতাসকলৰ বেছিভাগৰে মুখ্যমন্ত্ৰীৰ সৈতে ভিতৰুৱাকৈ বুজাবুজি থকাৰ যি গুৰুতৰ অভিযোগ সৰ্বত্ৰ আলোচিত হৈছে, এইটোৱে জিতেন্দ্ৰ সিং, ভূপেন বৰাসহিতে বাকীসকলকো সন্দেহৰ মাজলৈ লৈ গৈছে৷ সংবাদমেলত গদা ঘূৰাই ‘কেনে পালা ঠিকেই দিছোনে’ ধৰণে টেলিফোনত সাংবাদিকক কংগ্ৰেছ নেতাই কৰা মন্তব্যৰ ভিডিঅ’ ৰেকৰ্ডিঙো বিজেপিৰ হাতত৷
কেৱল কংগ্ৰেছেই নহয়, বিৰোধী শিবিৰৰ যিসকল নেতাই বুজাবুজিৰে আত্মঘাতী হোৱাৰ বাবে ’২৬ৰ নিৰ্বাচনলৈ অপেক্ষা কৰিছে, তেওঁলোকে প্ৰত্যক্ষভাৱেই ৰাইজক ক’ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ একমাত্ৰ নেতা! বিৰোধী শিবিৰত ইজনে সিজনক গালি পৰা, সমালোচনা কৰাৰ যি প্ৰতিযোগিতা আৰম্ভ হৈছে, ইয়াৰ দ্বাৰা স্বীকাৰ কৰিছে যে মৰ্চাৰ ৰাজনীতি কেনেকৈ চলাব লাগে, সেই সূত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে বিৰোধী শিবিৰৰ কোনেও নাজানে৷ যি দেখা গৈছে ’২৬ৰ নিৰ্বাচনলৈ কংগ্ৰেছৰ কোনো তৎপৰতা নাই৷ তাৰিখ ঘোষণাৰ পাছত হোটেলত ইখনৰ পাছত সিখন বৈঠক পাতি ৬৪খন আসন দখলৰে চৰকাৰ গঠনৰ দিবাস্বপ্ন দেখা এইসকল যেন নেতা হোৱাৰ বাবে এতিয়াও পৰিপক্ব হৈ উঠা নাই৷ ৰাজ্যত কিমান সমস্যা! হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰা মানুহৰ সংখ্যা যিদৰে বাঢ়িছে, যোগালী, চকীদাৰৰ চাকৰি বিচাৰি বহিঃৰাজ্যত মৃত্যুবৰণ কৰা যুৱক-যুৱতীৰ সংখ্যাও সেইদৰে বৃদ্ধি পাইছে৷ ঋণৰ পৰিমাণ বাঢ়িছে৷
এই কথাবোৰ ৰাইজক তথ্যসহ কেতিয়া ক’ব? বাতৰি কাকত আৰু নিউজ চেনেলত প্ৰকাশিত বাতৰিকে তথ্য হিচাপে লৈ সংবাদমেল পতা নেতাৰ ভিৰ এতিয়া বিৰোধী শিবিৰত৷ বিৰোধী শিবিৰত বিক্ৰী হ’বলৈ ৰৈ থকা নেতাৰ সংখ্যাও কম নহয়৷ কাক কিমান দৰত কিনিব পাৰি, সেই হিচাপ শাসক পক্ষই জানে৷ তৃণমূলৰ সৈতে কোনো সম্পৰ্ক নাথাকিলে ২০২৬ত আৰু এক পৰাজয়ৰ মুখামুখি হ’বলৈ বিৰোধী সাজু হওক৷
Leave A Comment