• ‘বিশেষ সম্প্ৰদায়’ক ভেটিবলৈ লাগিব সাংবিধানিক ৰক্ষা কৱচ

    সম্পাদকীয়
    ‘বিশেষ সম্প্ৰদায়’ক ভেটিবলৈ লাগিব সাংবিধানিক ৰক্ষা কৱচ
    জিতুমণি বৰা

    এতিয়া সমাধান লাগে৷ সমাধান কৰিব পাৰিব কেৱল চৰকাৰে৷ দিল্লী-দিছপুৰত একে দলৰ দুখন শক্তিশালী চৰকাৰ থকাৰ পাছত অসমৰ মূল সমস্যাটো সমাধান কৰিব নোৱাৰিলে ইতিহাসে এই সময়ৰ ৰাজনীতিকক কেতিয়াও ক্ষমা নকৰিব৷ মূল বিষয়ৰ পৰা সাময়িকভাৱে ৰাইজৰ দৃষ্টি অন্যপিনে নিব পাৰি৷ কিন্তু স্থায়ীভাৱে ৰাইজক বিভ্ৰান্ত কৰি ৰখাটো সহজ নহয়৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত চকুত লগা কেতবোৰ পৰিৱৰ্তন ঘটিছে৷ এই সময়ত গণতন্ত্ৰৰ বাবে আটাইতকৈ ভাল লগা বিষয়টো হ’ল– বিৰোধী ৰাজনৈতিক দলৰ উত্থান৷ কেন্দ্ৰৰ পৰা অসমপৰ্যন্ত বিৰোধীয়ে সাহসেৰে কেতবোৰ বিষয়ত মাত মাতিছে৷ লোকসভাত প্ৰধানমন্ত্ৰীৰ সন্মুখতে বিৰোধীয়ে কথা কোৱাৰ বাবে সময় পাইছে, সুযোগ পাইছে৷

    আমি সকলোৱে জানো, ভাৰতীয় গণতন্ত্ৰত বিৰোধী শক্তিশালী হ’লে চৰকাৰে জনগণৰ স্বাৰ্থত অধিক দায়বদ্ধতাৰে কাম কৰিবলৈ বাধ্য৷ আগন্তুক দিনবোৰত এই বিষয়ত শাসক-বিৰোধীয়ে কেনে ভূমিকা পালন কৰে লক্ষণীয় হ’ব৷ কিন্তু অসমত পুনৰ অন্য এক ৰাজনীতি আৰম্ভ কৰিবলৈ বিচৰা যেন অনুভৱ হয়৷ ১৯৭৯ পৰা যিটো সমস্যাৰ সমাধান বিচাৰি অসমৰ ৰাইজে ৰাজপথত সংগ্ৰাম কৰিছিল, সেই সমস্যাটো আজিও মীমাংসা কৰিব নোৱৰাটো অসমৰ ৰাজনৈতিক নেতাসকলৰ চূড়ান্ত ব্যৰ্থতা৷
    সম্প্ৰতি অসমৰ শাসক দলৰ একাংশ নেতাই এটা অভিযোগ গুৰুত্বসহকাৰে উত্থাপন কৰিবলৈ লৈছে৷ অভিযোগটো হ’ল অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ চলিছে৷ লোকসভা নিৰ্বাচনত ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক ১০ লক্ষাধিক ভোটত পৰাস্ত কৰি বিজয়ী হোৱাৰ পাছতে এই বিশেষ সম্প্ৰদায়টোৱে অসমীয়া মানুহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে বুলি শাসক দলৰ একাংশই সভাই-সমিতিয়ে ক’বলৈ লৈছে৷ 

    এই প্ৰসংগত আমি বিষয়টো আইন-শৃংখলাৰ দিশৰ পৰা প্ৰথম চাব লাগিব৷ কোনো ভাৰতীয় নাগৰিকৰ ওপৰত কোনো লোকে আক্ৰমণ কৰাটো গুৰুতৰ অপৰাধ৷ ধৰ্ষণ, হত্যা, অপহৰণ যিয়েই নহওক ইয়াৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইন আছে৷ এই আইনক উপলুঙা কৰি কোনোৱে যদি এইবোৰ অপৰাধ সংঘটিত কৰি আছে, তেনেহ’লে সেয়া আৰক্ষী তথা গৃহ বিভাগৰ ব্যৰ্থতা৷ গৃহ বিভাগে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাত সফলতা প্ৰদৰ্শন কৰিব নোৱৰাৰ বাবেই এই ধৰণৰ ঘটনাবোৰ ঘটিবলৈ লৈছে নেকি? তাকো চাৰি জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰ পৰা৷ গোটেই বিষয়টোৰ আঁৰত ৰাজনীতি জড়িত হৈ থকা বুলিহে বিৰোধী পক্ষই মন্তব্য কৰিছে৷ 


    অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে স্বাক্ষৰিত হোৱা অসম চুক্তি ৰূপায়ণ নহ’ল৷ অসম চুক্তিৰ পাততে অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান সূত্ৰ আছে৷ আনকি বিশেষজ্ঞসকলে অসমৰ দীৰ্ঘ দিনৰ এই সমস্যাটোৰ সমাধানৰ বাবে আগবঢ়োৱা পৰামৰ্শ কংগ্ৰেছ চৰকাৰে অগ্ৰাহ্য কৰিছিল৷ কংগ্ৰেছে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষা কৱচ নিদিলে৷ বিজেপিয়েও অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কোনো সম্ভাৱনা নাই৷ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰা হ’লে অসমৰ ১০০ৰো অধিক বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হৈ থাকিলেহেঁতেন৷ তেতিয়া প্ৰব্ৰজনকাৰীয়েও অসমৰ ৰাজনীতি নিয়ন্ত্ৰণৰ সুযোগ নাপালেহেঁতেন৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া নাগৰিক ৩০ বছৰ মানৰ কাৰণে সুৰক্ষিত হ’ল বুলি মন্তব্য কৰিছিল৷ 


    অসম হিতৈষী দম্পতি প্ৰদীপ ভূঞা আৰু পৰিবাৰ বন্তি ভূঞাই অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে গাঁঠিৰ ধন ভাঙি এন আৰ চি তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ বাবে কৰা অৱদান চিৰদিন অসমীয়াই মনত ৰাখিব৷ ভূঞা দম্পতিৰ আগ্ৰহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক অসমৰ খিলঞ্জীয়া মানুহৰ নাম সন্নিৱিষ্ট নাগৰিকপঞ্জী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিছিল৷ নাগৰিকপঞ্জী প্ৰস্তুত হ’ল৷ ইয়াৰ বাবে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে পাঠদানৰ পৰা আঁতৰি যি শ্ৰম কৰিছিল, তাৰ কোনো স্বীকৃতি নাপালে৷ নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ পালে, ইয়াৰ আসোঁৱাহসমূহ আঁতৰাই শুদ্ধ ৰূপত প্ৰকাশৰ বাবে চৰকাৰেই পাছলৈ কোনো ধৰণৰ আগ্ৰহ নেদেখুৱালে৷ এইবোৰ ইতিহাস পাহৰি আমি এতিয়া বিশেষ সম্প্ৰদায় এটাই আমাক শেষ কৰি পেলাব বুলি কৈ থকাটো ৰাজনীতিৰ বাহিৰে একো নহয়৷


    প্ৰথম কথা হ’ল, অসমক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে চৰকাৰে কাৰ্যক্ষেত্ৰত কি কৰিছে? দ্বিতীয় কথাটো হ’ল, অসমৰ ছটা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতীয় মৰ্যাদা বিচাৰি থকাৰ পাছতো বিষয়টো এঢাপো আগবঢ়া নাই কিয়? ‘কা’ৰ জৰিয়তে অসমলৈ পুনৰ বিদেশী নাগৰিক অহাৰ বাট মুকলি হোৱাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ এজন আহে নে এক লাখ আহিব, সেয়া ডাঙৰ কথা নহয়৷ কথাটো হ’ল, অসমলৈ অহাৰ বাট সুগম হৈ পৰিল৷ ইয়াৰ বিপৰীতে অসমৰ পৰা অবৈধ বিদেশী বহিষ্কৰণৰ বাবে কোনো প্ৰচেষ্টা নচলিল৷ ইয়াৰ খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক সংকট হোৱা বুলি কেন্দ্ৰীয় চৰকাৰেও স্বীকাৰ কৰিছে৷  গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাতে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল, এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে৷ দুৰ্ভাগ্য যে প্ৰতিবেদন ৰূপায়ণ হোৱা বাদেই আজিলৈকে ইয়াক লৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কোনো মন্তব্য নকৰিলে৷ ইয়াৰ বাবে দায়ী কিন্তু অসমৰ ৰাইজ নহয়, ইয়াৰ বাবে দায়ী কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় চৰকাৰক বিষয়টো অৱগত কৰোৱা আৰু বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰূপায়ণ কৰিবলৈ বাধ্য কৰোৱাৰ দায়িত্ব অসম চৰকাৰৰ৷ 

    মুখেৰে সান্ত্বনা দিয়া বা লগত আছো বুলি কোৱা আৰু বাস্তৱত অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতীয় মৰ্যাদা লাভ নকৰা, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন পেলাই থোৱা সম্পূৰ্ণ বিপৰীত কথা৷ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন পৰীক্ষা কৰিবলৈ আৰু এখন কমিটী অসম চৰকাৰে গঠন কৰি দিছিল৷ এয়া আচলতে প্ৰক্ৰিয়াটো দীঘলীয়া কৰা নতুবা সাংবিধানিক ৰক্ষা কৱচ দিবলৈ অনিহাৰ বহিপ্ৰৰ্কাশ৷ ইপিনে অসম চুক্তি ৰূপায়ণৰ বাবে এখন কেবিনেট উপ-সমিতি গঠন কৰি এখন হোটেলত কেইখনমান বৈঠক বহিল৷ সমাধান কি? সমিধান কি? শেষত এয়াও এক বিৰাট শূন্যৰ বাহিৰে আন একো নহ’ল৷


    বিদেশী-স্বদেশী চিনাক্তকৰণৰ বাবে নাগৰিকপঞ্জী উত্তম উপায় বুলি বহুতে মন্তব্য কৰিছে৷ নাগৰিকপঞ্জীত অবৈধ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত যদি হৈছে, সেই আসোঁৱাহ আঁতৰোৱাৰ বাবে চৰকাৰ তৎপৰ হ’ব লাগিছিল৷ কিন্তু নাগৰিকপঞ্জীখনকে নাকচ কৰি গোটেই বিষয়টো পেলাই থোৱা হ’ল৷ ইয়াৰ উত্তৰ এইটোৱে হ’ল যে অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান চৰকাৰী পক্ষই নিবিচাৰে৷ অসমত খিলঞ্জীয়াৰ আধিপত্য থাকিব লাগিব বুলি ৰাজহুৱা সভাত উচ্চস্বৰে যিসকলে ভাষণ দিয়ে, তেওঁলোকে কিন্তু ছটা জনগোষ্ঠীৰ জনজাতিকৰণ, খিলঞ্জীয়াৰ বাবে ১০০টা বিধানসভা সমষ্টি স্থায়ীভাৱে সংৰক্ষণৰ বাবে উদ্যোগ নলয়৷ এতিয়া এটা বিশেষ সম্প্ৰদায়ৰ নাম লৈ যি ধবনি দিয়া হৈছে, সেয়া ভোটৰ ৰাজনীতিৰ বাহিৰে আন কি হ’ব পাৰে? অসম চুক্তি ৰূপায়ণ কৰিব, অসমক অবৈধ বিদেশী মুক্ত কৰিব বুলি কৈ অগপয়ো ১০ বছৰ চৰকাৰ কৰিছিল৷ এতিয়াও অগপ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ শক্তিশালী অংশীদাৰ৷ এই দলটোৰ নেতাসকলে কিন্তু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কৱচক লৈ কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা নাই৷


    অগপই ’৮৫ আৰু ’৯৬ত ক্ষমতা দখল কৰিবলৈ যি কৌশল গ্ৰহণ কৰিছিল,  সেই কথাখিনিকে নতুন ধৰণে পেকেজিং কৰি এইবাৰ ৰাইজৰ মাজলৈ লৈ যাব বিচৰা হৈছে৷ উদ্দেশ্য খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়া নহয়, উদ্দেশ্য ক্ষমতা দখলৰ কৌশল৷ ধবনি দিয়া বা ভয় খুৱাই ভোট আদায়ৰ দিন লাহে লাহে অন্ত হোৱাৰ পথত৷ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ ৰাজনৈতিক অধিকাৰ গজগজীয়া কৰিবলৈ মূলতঃ তিনিটা কাম কেন্দ্ৰ আৰু অসম চৰকাৰক কৰাটো বিচাৰিছে৷ ইয়াৰ বাবে চৰকাৰে ছাত্ৰ সংগঠন বা আন তেনেকুৱা দল-সংগঠনৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন নাই৷ কোনো ছাত্ৰ নেতা অসমীয়াৰ অভিভাৱক নহয়৷
    ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ তথা খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শুদ্ধ ৰূপত উন্নীতকৰণ৷ 

    যি বিষয়াই নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত অসমৰ ভূমিপুত্ৰক প্ৰতাৰণা কৰিলে, সেই বিষয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰি ক্ষমতাত থকাসকলে ৰাইজক দেখুৱাব পাৰিবনে তেওঁলোকৰ খিলঞ্জীয়া প্ৰেম নিৰ্ভেজাল বুলি? পাৰিবনে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি লোকসভা, ৰাজ্যসভাত বিজেপি, অগপৰ সাংসদসকলে প্ৰস্তাৱ দাখিল কৰিব? পাৰিবনে ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ দৰে অসমীয়াৰ অৱস্থা নহ’বলৈ সাংবিধানিক ৰক্ষা কৱচ তথা ১০০ বিধানসভা সমষ্টি ভূমিপুত্ৰৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ সংসদৰ মজিয়াত অসম চৰকাৰৰ হৈ শাসকীয় পক্ষৰ সাংসদসকলে উত্থাপন কৰিব? নিশ্চিতভাৱে ক’ব পাৰি অসমৰ কোনেও এই দাবীৰ বিৰোধ নকৰে৷ কেৱল চৰকাৰৰ আগ্ৰহৰ অভাৱৰ বাবে ই পৰি ৰৈছে৷


    ধৰি ল’লোঁ বিশেষ সম্প্ৰদায়, মুছলমান আদিৰ ভয় দেখুৱাই ভোট আদায় কৰি পুনৰ চৰকাৰ গঠন কৰিলে৷ কিন্তু ৰাইজে কি পাব? অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যৎ এইসকলক ক্ষমতাত বহুৱালেই সুৰক্ষিত হ’ব নেকি? কাৰণ ক্ষমতাত থকা অৱস্থাতে বিশেষ সম্প্ৰদায়ে অসমীয়াক আক্ৰমণ কৰিছে বুলি তেওঁলোকেই অসহায়ভাৱে স্বীকাৰোক্তি দিবলগীয়া হৈছে৷ আইন-শৃংখলাৰ বিষয়টোৰ সৈতে ৰাজনীতিক সাঙুৰি পানী ঘোলা কৰিব পাৰি৷ ঘোলা পানীত ভূমিপুত্ৰৰ অৱস্থাটো ওপঙা মাছৰ দৰে হ’ব৷ ৰাজনৈতিক অধিকাৰৰ বিষয়টো কোনোখন চৰকাৰে আলোচনা কৰিব নিবিচাৰে৷ অথচ এইটোৱে মূল বিষয়৷ ইয়াৰ সমাধান সূত্ৰও আছে৷ অভাৱ আগ্ৰহৰ৷