• এটা আখৰ...এখন সাগৰ

    সম্পাদকীয়
    এটা আখৰ...এখন সাগৰ
    জিতুমণি বৰা

    মোক উচ্চাৰণ কৰিবলৈ দিছিল বিদ্যুৎ৷ বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ৷ মোৰ উচ্ছাৰণত ‘ৎ’ ফুটি উঠা নাছিল৷ মই সাতবাৰতকৈ অধিক গাব লগা হৈছিল বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ৷ মোৰ উচ্চাৰণত বিদ্যুৎ হৈ উঠিছিল ‘বিদ্যু’৷ সংগীত পৰিচালকগৰাকীৰ বহু চেষ্টাৰ মূৰত অৱশেষত শুদ্ধভাৱে উচ্ছাৰণ কৰিছিলো বিদ্যুৎ৷ সেই দিনাৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰো৷ বুজিছিলোঁ অসমীয়া ভাষাৰ প্ৰতিটো আখৰৰ মাহাত্ম্য কিমান৷ একোটা আখৰৰ গভীৰতা আৰু বিস্তৃতি প্ৰশান্ত মহাসাগৰতকৈয়ো বিশাল৷ ইয়াৰ আগলৈকে মই ‘ৎ’, ‘ং’ ‘ ঁ’ আদি আখৰৰ বিশেষ একো গুৰুত্ব নাই বুলি ভাবিছিলোঁ৷ ‘ৎ’ মোৰ উচ্ছাৰণত ফুটি নুঠাৰ বাবেই এটা গীত সাতবাৰলৈকে মই গাবলগীয়া হোৱাটোৱে অসমীয়া ভাষাৰ গুৰুত্ব কিমান বুজাত সহায় কৰিছিল৷ ‘ৎ’ ফুটি নুঠাৰ বাবে মই সংগীত পৰিচালকগৰাকীৰ পৰা গালিও খাইছিলোঁ৷ যি মুহূৰ্তত মোৰ উচ্ছাৰণত ‘ৎ’ স্পষ্ট ৰূপত ফুটি উঠিছিল, সেই মুহূৰ্ততহে গীতটো বাণীবদ্ধৰ বাবে সংগীত পৰিচালকে সেউজ সংকেত দিছিল৷


    এটা ভাষাক লৈ এজন মানুহৰ দায়িত্ববোধ আৰু দায়বদ্ধতাৰ উমান ইয়াতে পোৱা যায়৷ অসমীয়া সংগীতত প্ৰতিটো আখৰ সঠিক ৰূপত উচ্ছাৰণত আটাইতকৈ বেছি গুৰুত্ব দিয়া মানুহজন আমাৰ সকলোৰে পৰিচিত৷ এই যে সংগীত শিল্পীগৰাকী, যাৰ উচ্ছাৰণত ‘ৎ’ ফুটি উঠা নাছিল তেওঁ হ’ল সমৰ হাজৰিকা আৰু সাতবাৰকৈ গাবলৈ দি ‘ৎ’ ফুটাই তুলিবলৈ বাধ্য কৰোৱা সংগীত পৰিচালকগৰাকী আছিল ড॰ ভূপেন হাজৰিকা৷ সমৰ হাজৰিকাই কথা প্ৰসংগত এদিন কৈছিল এই কাহিনীটো৷

    অসমৰ নতুন প্ৰজন্মৰ একাংশ গায়ক-গায়িকা আৰু এফ এম ৰেডিঅ’ৰ ঘোষিকা, বৈদ্যুতিন মাধ্যম, ডিজিটেল মাধ্যমৰ সূত্ৰধাৰসকলে, যিসকলক আমি ৰেডিঅ’ জকি, এংকৰ বুলি কওঁ, তেওঁলোকক ভূপেন হাজৰিকাৰ গীতসমূহ নিয়মীয়াকৈ শুনিবৰ বাবে বিভিন্নজনে বিভিন্ন সময়ত অনুৰোধ জনাই আহিছে৷ অসমীয়া ভাষা শুদ্ধ ৰূপত চৰ্চা কৰিবৰ বাবে অভিধানখনৰ যিদৰে প্ৰয়োজন, সেইদৰে ভূপেন হাজৰিকাৰ গীতসমূহৰ শ্ৰৱণ আৰু কীৰ্তনৰ ইয়াতকৈ কম প্ৰয়োজন নহয়৷ বিশেষকৈ একোটা শব্দ ক’ত কেনেকৈ উচ্ছাৰণ কৰিব লাগে, শব্দটোত কেনেকৈ জোৰ দিব লাগে, সেয়া জানিবলৈকো ভূপেন হাজৰিকাৰ গীত শুনাৰ বিকল্প নাই৷


    ধুমুহা, শেৱালী, শৰৎ আদি শব্দৰ প্ৰয়োগ কৰোতে এগৰাকী কণ্ঠশিল্পী কিমান সচেতন, আঁকি আৰু আকি বা তোমাৰ আৰু তুমাৰৰ পাৰ্থক্য কিমান বেছি, সেয়া অসমৰ ইতিহাসত ভূপেন হাজৰিকাই গায়কীৰে দেখুৱাই গৈছে৷


    এতিয়া বিহুৰ বতৰ৷ আপুনি ইউটিউব বা অন্য সামাজিক মাধ্যমত যিবোৰ অসমীয়া গীত শুনিব, তাৰ বেছিভাগৰে উচ্ছাৰণ অতি ভয়ংকৰ৷ ঠিক দুটামান এফ এম ৰেডিঅ’ত একাংশ ঘোষক-ঘোষিকা তথা আৰ জেৰ মুখেৰে যিবোৰ শব্দ অহৰহ আমাৰ কাণত পৰে, সেই শব্দবোৰে এটা ভাষাক ধৰ্ষণ কৰি কৰি হত্যা কৰাৰ পৰ্যায়লৈ লৈ যোৱা বুলি অভিযোগ উঠিবলৈ লৈছে৷ অসমীয়া, হিন্দী, ইংৰাজীৰে মিহলি এটা ভাষাই অসমীয়া ভাষাৰ মূল চালিকা শক্তিক প্ৰাণহীন কৰি তুলিব বিচাৰিছে৷ এই প্ৰসংগতে ড॰ ভূপেন হাজৰিকাই এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে ওপৰৰ ওঠত লিপষ্টিক, তলৰ ওঠত বৰ্হমথুৰি, এখন কাণত ঢোলবিৰি, এখন কাণত ইয়েৰ ৰিং, খোপাটোৰ এপিনে কপৌ ফুল, এপিনে ধতুৰা ফুল পিন্ধাৰ দৰে অৱস্থা অসমীয়া ভাষাটোৰ ক্ষেত্ৰত কৰিলে নহ’ব৷ ইয়াক অপৰাধ বুলি কৈ গৈছে কিম্বদন্তী পুৰুষজনে৷ 

    এটা সৰু উদাহৰণ– গুৱাহাটীৰ এটা এফ এম ৰেডিঅ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই বাৰে বাৰে কৈছিল অসমীয়া ভাষাক পৃথিৱীৰ কোনো শক্তিয়ে নিঃশেষ কৰিব নোৱাৰে৷ অসমীয়া ভাষা স্ব-মহিমাৰে উজ্জ্বল৷ ইংৰাজী ভাষায়ো অসমীয়া ভাষাৰ লগত ফেৰ মাৰিব নোৱাৰে৷ ইংৰাজী ভাষা নিজৰ ঠাইত নিজৰ ধৰণে যিদৰে সমুজ্জ্বল, সেইদৰে অসমীয়া ভাষাও নিজৰ স্থানত, নিজৰ ধৰণে উজ্জ্বল৷ এই ভাষা অসমীয়া মানুহে বিকৃত নকৰিলে, এই ভাষা অসমীয়া মানুহে ভিতৰৰ পৰা নিঃশেষ কৰাৰ বাবে কাম নকৰিলে ভাষাটোৰ শ্ৰীবৃদ্ধি অভাৱনীয়ভাৱে হোৱাটো নিশ্চিত৷


    এটা বাংলা টিভি চেনেলত দিয়া সাক্ষাৎকাৰত পশ্চিমবংগৰ প্ৰখ্যাত সাহিত্যিক প্ৰয়াত সুনীল গংগোপাধ্যায়ে মন্তব্য কৰিছিল যে ভাৰতৰ ভিতৰতে অসমীয়া ভাষাৰ নিজা কিছুমান ঐতিহ্য আছে৷ অসম সাহিত্য সভা আৰু অসমৰ তৰুণ প্ৰজন্ম ভাষাটোক লৈ ইমান বেছি সচেতন, ই ভৱিষ্যতৰ দিনবোৰত বাঙালী সকলকো নিজৰ ভাষাটোক লৈ সচেতন হ’বলৈ শিকাব বুলি কৈছিল৷ সুনীল গংগোপাধ্যায়ৰ দৰে বহু ভাৰতীয় শিক্ষিত লোকে অসমীয়া ভাষাৰ গৰিমাক স্বীকাৰ কৰিছে৷ 

    খুচৱন্ত সিং, শংখ ঘোষ, অৰুণ শ্বৌৰী, প্ৰতিভা ৰয়, অমৃতা প্ৰীতম আদিয়ে অসমীয়া ভাষা অতি আধুনিক আৰু গতিশীল বুলি কৈছে৷ হীৰেন ভট্টাচাৰ্যৰ আশংকা যাতে সত্যত পৰিণত নহয়, তাৰ বাবে ২৪ ঘণ্টাই বাজি থকা এফ এম ৰেডিঅ’ৰ সেইসকল ঘোষক-ঘোষিকাক লৈ সমাজখন সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ কাৰণ এওঁলোকে যি ধৰণে ব্যাকৰণ আৰু জাতিটোৰ মৰ্যাদাৰ বিৰুদ্ধে গৈ ভাষাটোক হত্যা কৰাৰ বাবে অহৰহ লিপ্ত হৈছে, ভৱিষ্যতৰ প্ৰজন্মই অসমীয়া ভাষা হিন্দী আৰু ইংৰাজীৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা পৰাধীন ভাষা বুলি অনুভৱ কৰিব৷


    অসমীয়া ভাষাত সোচ্ছাৰৰ সলনি সৰৱ, মোৰ লোৱাৰ সলনি পাক লোৱাৰ দৰে সুন্দৰ অৰ্থৱহ শব্দ আছে৷ চন্দ্ৰপ্ৰসাদ শইকীয়াই একাংশ বাতৰি কাকতত অহৰহ অসমীয়া শব্দৰ বিলুপ্তি ঘটাই বাংলা শব্দৰ ব্যৱহাৰৰে অসমীয়া ভাষাক এটা ধৰুৱা ভাষা হিচাপে প্ৰতিপন্ন কৰাৰ যি প্ৰচেষ্টা চলোৱা হৈছে, ইয়াৰ বিৰুদ্ধে মাত মাতিছিল৷ অসমীয়া ভাষা কিমান সুন্দৰ হ’ব পাৰে, সেয়া বেজবৰুৱা, বাণীকান্ত, মহেশ্বৰ নেওগ, ৰূপকোঁৱৰ, ভূপেন হাজৰিকাৰ সাহিত্যৰ লগতে যিসকলৰ ভাষাত প্ৰতিফলিত হৈছে, তেওঁলোকৰ মাজৰ এজন চন্দ্ৰপ্ৰসাদ শইকীয়া৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত ‘মহাৰথী’ পঢ়িলে অনুভৱ হয় এটা ভাষাই স্বতন্ত্ৰভাৱে মহাভাৰতৰ এটা চৰিত্ৰক কিদৰে ভাৰতীয় সমাজত যুগমীয়া কৰি তুলিব পাৰে৷ বেদব্যাসৰ কৰ্ণক চন্দ্ৰপ্ৰসাদ শইকীয়াই কিদৰে নিভাঁজ অসমীয়া ভাষাত প্ৰাণ দিছিল ‘মহাৰথী’ নপঢ়াকৈ অনুভৱ কৰিব নোৱাৰি৷ এটাও অন্য ভাষাৰ শব্দ ধাৰ নকৰাকৈ এখন নাতিদীৰ্ঘ শক্তিশালী ভাষাৰ উপন্যাস কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই হাতে-কামে দেখুৱাই গৈছে৷


    অসমীয়া ভাষাৰ মৰ্যাদা আৰু প্ৰভাৱ অপৰিসীম৷ অসমীয়া ভাষাত গোৱা গীতসমূহৰ পৃথিৱীজুৰি থকা আৱেদনৰ বাবেই ভূপেন হাজৰিকাই ভাৰতীয় চলচ্ছিত্ৰৰ সৰ্বোচ্ছ সন্মান দাদা চাহেব ফাল্কে বঁটা পোৱা বুলি ক’লে ভুল কোৱা হ’ব নেকি? অসমীয়া ভাষাত লিখা এখন উপন্যাসৰ ভাৰতবৰ্ষ জুৰি থকা প্ৰভাৱৰ বাবেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ পোৱা নাছিল জানো? অসমীয়া ভাষাত লিখা উপন্যাস সাহিত্যৰ বাবেই মামণি ৰয়ছম গোস্বামীয়েও ভাৰতীয় সাহিত্যৰ সৰ্বোচ্ছ সন্মান জ্ঞানপীঠ লাভ কৰা নাছিল জানো? অসমীয়া ভাষাতে কবিতাৰ চৰ্চা কৰিয়ে নীলমণি ফুকনে জ্ঞানপীঠ সন্মানেৰে জাতিটোক ধন্য কৰা নাই জানো? এইকেইগৰাকী অসমীয়া সম্ভ্ৰান্ত লোকৰ দৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ চালেও দেখা পাওঁ জাতীয় স্বাভিমান আৰু আৱেগক বুকুত বান্ধি সত্যজিৎ ৰায়ে বিশ্ব চলচ্ছিত্ৰৰ সৰ্বোচ্ছ সন্মান অস্কাৰ বঁটাৰে ভাৰতবৰ্ষক ধন্য কৰিছিল৷ চলচ্ছিত্ৰ পৰিচালনাৰ বাবে অস্কাৰ বঁটাৰে সন্মানিত এছিয়া মহাদেশৰ দ্বিতীয়গৰাকী ব্যক্তি সত্যজিৎ ৰায়ে বাংলা ভাষাতে আজীৱন চৰ্চা কৰিলে৷


    এগৰাকী সম্ভ্ৰান্ত বাঙালী ভদ্ৰলোক হিচাপে নিজৰ মাতৃভাষাত অতি উৎকৃষ্ট আৰু সৃজনীশীল চলচ্ছিত্ৰ নিৰ্মাণৰ বাবে সত্যজিৎ ৰায় পৃথিৱীজুৰি আজিও বন্দিত৷ সত্যজিৎ ৰায়ে হিন্দী ভাষাত চলচ্ছিত্ৰ নিৰ্মাণ কৰি অস্কাৰ লাভ কৰা নাই৷ বাংলা ভাষা এখন ৰাজ্যৰ ৰাজ্যিক ভাষা আৰু সেই ভাষা সত্যজিৎ ৰায়ৰ মাতৃভাষা৷ মাতৃভাষাৰ প্ৰতি থকা টানৰ বাবেই সত্যজিৎ ৰায়ে আমৃত্যু নিজৰ ভাষাটোৰ চৰ্চা কৰি গ’ল৷
    ভৱিষ্যতৰ অসমীয়া প্ৰজন্মই মনত ৰখা উচিত ইংৰাজী ভাষাত সংগীত, নাটক, চলচ্ছিত্ৰ, সাহিত্য চৰ্চা কৰা মানুহৰ সীমা-সংখ্যা নাই৷ যিদৰে হীৰেন ভট্টাচাৰ্যয়ো অনুভৱ কৰিছিল– আমাৰ কোনো অসমীয়াই ভুলকৈ ইংৰাজী লিখিলে ভাষাটোৰ চুলিমানো ক্ষয়-ক্ষতি নহয়৷ কিন্তু অসমীয়া ভাষাটোৰ ভুল উপস্থাপন, উচ্ছাৰণ আৰু চৰ্চাই অসমীয়া ভাষাটোৰ সাংঘাতিক ক্ষতি কৰিব৷ যি ক্ষতি একাংশ অসমীয়াই বিভিন্ন ৰূপত কৰিবলৈ লৈছে বুলি ক’ব পাৰি৷


    অসমৰ ৰাজনৈতিক নেতাসকলৰ দুই-একৰ বাহিৰে বেছিভাগেই মুখত যি আহে, তাকে কয়৷ অতি বিকৃত ৰূপত ভাষাৰ চৰ্চা কৰাত ৰাজনৈতিক নেতাসকলৰ ভূমিকা একেবাৰে শীৰ্ষত৷ যিটো ভাষা ভূপেন হাজৰিকা, হোমেন বৰগোহাঞি, চন্দ্ৰপ্ৰসাদ শইকীয়া, ভৱেন্দ্ৰ নাথ শইকীয়া আদিৰ মুখত বা কলমত সোণপানী চৰোৱা যেন হৈ উঠে, একেটা ভাষাই আজিৰ একাংশ ৰাজনীতিকৰ মুখত অতি ৰুচিহীন হৈ আমাৰ কাণত কৰ্কশ ৰূপত বাজি থাকে৷ ভাষাৰ ব্যৱহাৰে একোজন মানুহৰ ৰুচিও প্ৰতিফলিত কৰে৷ লক্ষ্যধৰ চৌধুৰী, ভূপেন হাজৰিকাই ঘণ্টাৰ পাছত ঘণ্টা দিয়া বক্তৃতা দৰ্শক-শ্ৰোতাৰ বাবে অমৃত সুধা পান কৰাৰ কৰে৷ একেটা ভাষাই ৰাজনৈতিক নেতাৰ মুখত শুনিলে দুহাতৰ আঙুলিৰে দুয়োখন কাণত সোপা দিবলৈ বাধ্য হওঁ৷ ভাষাৰ মৰ্যাদা ৰক্ষাৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কেৱল চৰকাৰেই সকলো কৰিব নোৱাৰে৷ ইয়াৰ বাবে জাতীয় দল-সংগঠনবোৰে এই ব’হাগতে এলানি কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে৷


    অসমীয়া গ্ৰন্থ উদ্যোগটো গভীৰ প্ৰত্যাহ্বানৰ মুখত পৰিছে৷ গ্ৰন্থ ছপোৱা কাগজৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অধিক কৰ আৰোপ কৰাৰ বাবে একোখন গ্ৰন্থৰ দামো অভাৱনীয়ভাৱে বাঢ়িছে৷ এই কথাবোৰ অসম চৰকাৰে গুৰুত্ব দিয়া উচিত৷ অসমীয়া ভাষাত যথেষ্ট গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ পাবলৈ ধৰিছে৷ অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত অতি প্ৰতিভাশালী আৰু মানুহমুখী লেখক-লেখিকাৰ জন্ম হৈছে৷ ভাষাৰ শ্ৰীবৃদ্ধিত এইসকল লেখক-লেখিকা আৰু গ্ৰন্থৰ ভূমিকা লেখত ল’বলগীয়া৷ বিহুৰ বতৰত প্ৰতিগৰাকী অসমীয়াই বিষয়টো এবাৰ হ’লেও চিন্তা কৰক৷ শেষত সকলোলৈকে বিহুববীয়া সেৱাৰে...