জিতুমণি বৰা
মানুহ এতিয়াও আছে৷ যি মানুহে সেউজীয়া ভালপায়, যি মানুহে বিজুলী পাংখা, এ চিৰ সলনি এজোপা গছৰ তলত ৰৈ গা-মন জুৰ পেলাব বিচাৰে৷ সেই মানুহৰে ভৰি আছে অসমৰ নগৰ-চহৰ৷ কেৱল অসমতে নহয়, পৃথিৱীত সেউজীয়া ভালপোৱা, পাইন গছৰ মাজেৰে চন্দ্ৰাৱলী নিশা উপভোগ কৰি জীৱনৰ সৰ্বোচ্চ আনন্দ লোৱা মানুহৰ সংখ্যা কম নহয়৷ আমি সেই মানুহক যুগ-যুগলৈ মনত ৰাখিব লাগিব, যি মানুহে পাষাণ হৃদয়েৰে গছক হত্যা কৰিবলৈ উদ্বাউল হৈ উঠে৷ আমি সেই মানুহকো মনত ৰাখিছোঁ, যি মানুহে গছ হত্যা কৰিবলৈ হাতত লোৱা দা, কুঠাৰ, কৰতক প্ৰত্যাহ্বান জনাই বৃক্ষক সাবটি ধৰিছে৷
গছক ভালপোৱা, প্ৰকৃতিক ভালপোৱা মানুহ প্ৰকৃততে কবি আৰু শিল্পী৷ তেওঁ গান গাব নাজানিবও পাৰে, তেওঁ কবিতা নিলিখিবও পাৰে! মানসিকভাৱে গছক ভালপোৱা প্ৰতিগৰাকী মানুহ একো একোগৰাকী শিল্পী৷ ৰাজনৈতিক নেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰীও এনেকুৱা হৃদয়ৰ হ’ব নোৱাৰে নেকি? কিয় নোৱাৰে? শৰৎ সিংহই যদি শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰ কৰাৰ সমান্তৰালভাৱে মহানগৰীখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণত গুৰুত্ব দিছিল, তেনেহ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নোৱৰাৰ কথা কেনেকৈ আহিব?
দীঘলীপুখুৰীৰ পাৰৰ ২৫জোপা গছ কাটিবলৈ লোৱা সিদ্ধান্ত অত্যন্ত বেদনাদায়ক৷ বতাহত এই গছবোৰৰ এটা ডালো যদি ভাঙি পৰিছে, তেতিয়াও বহু লোকৰ বুকুত কঁপনি উঠে৷ গছজোপাই দুখ পাইছে নেকি? গছজোপাৰ আয়ুস কমি আহিছে নেকি? এনেকুৱা চিন্তা কৰা মানুহ গুৱাহাটীৰ বুকুত এতিয়াও অজস্ৰ৷
কেইদিনমানৰ আগৰ কথা৷ এগৰাকী চিনাকি ব্যক্তিয়ে মাংসৰ দোকান এখনৰ সন্মুখত ৰৈ আছিল৷ সুধিছিলোঁ– মাংস ল’বলৈ আহিছে নেকি? উত্তৰত কৈছিল– মই নিৰামিষভোজী৷ মই সুধিলোঁ– তেনেহ’লে কি কৰিছে? উত্তৰত তেওঁ দোকানখনত মুৰ্গী ভৰাই থোৱা বাঁহৰ সঁজাটোলৈ দেখুৱাই দিছিল৷ সঁজাটোৰ ওপৰত উলিয়াই থোৱা অৱস্থাত ধুনীয়া এটা মতা কুকুৰা৷ মূৰৰ ফুলটোৰে সৈতে বৰ ধুনীয়া লাগিছিল৷ মানুহজনে কুকুৰাটোলৈ দেখুৱাই কৈছিল– ঈশ্বৰৰ ইমান ধুনীয়া সৃষ্টি, অথচ তাৰ জীৱন আৰু কেইমিনিটমান৷ আমাৰ চকুৰ আগতে এজন মানুহ অহাত মাংসৰ দোকানীজনে কুকুৰাটো পাল্লাত উঠাই ওজন কৰি ডিঙিটো ৰেপি দলিয়াই দিলে৷ ৰৈ থকা মানুহজনে মোক একো নোকোৱাকৈয়ে সেই স্থানৰ পৰা ততাতৈয়াকৈ যাব বিচাৰিলে৷ মই বুজি পালোঁ, তেওঁ বুকুত আঘাত পাইছে৷
এই কাহিনীটো কোৱাৰ কাৰণ এইটোৱে– কংক্ৰিটৰ মহানগৰীত বাস কৰা সকলো মানুহ সেই অভিযন্তাকেইজনৰ দৰে নহয়৷ যি অভিযন্তাই মুখ্যমন্ত্ৰীয়ে ভাল পাওক বুলিয়ে শতিকাপ্ৰাচীন একো একোজোপা বৃহৎ বৃক্ষৰ জীৱন ল’বলৈ কুণ্ঠাবোধ নকৰে৷ এটা কুকুৰাৰ জীৱনক লৈ চিন্তিত হোৱা মানুহে কেনেকৈ সহিব পাৰে আমাক গোটেই জীৱন অক্সিজেন দি জীয়াই ৰখা বৃক্ষৰ হত্যা৷ এই বৃক্ষক হত্যা কৰি আমি যে অকৃতজ্ঞ আৰু খাই পাতফলা, তাৰেই প্ৰমাণ বাৰে বাৰে দি আহিছোঁ৷
কোনো মানুহে উন্নয়নৰ বিৰোধ নকৰে৷ উন্নয়নৰ বিৰোধ কৰাটো অপৰাধ৷ কিন্তু উন্নয়নৰ নামত নিৰীহ জীৱ-জন্তুৰ আৱাসস্থলী দখল কৰি সিহঁতক হত্যা কৰাটো আৰু বেছি অপৰাধ৷ নুনমাটিৰ পৰা নিৰ্মাণ কৰি থকা উৰণ সেতুখন গুৱাহাটী ক্লাবতে শেষ কৰিব নোৱৰাৰ কি কাৰণ থাকিব পাৰে? পৃথিৱীৰ প্ৰতিখন উন্নত দেশত ঐতিহ্যবাহী বৃক্ষক সকলো ত্যাগৰ বিনিময়ত ৰক্ষা কৰা হয়৷ আনকি লণ্ডনৰ দৰে চহৰত পুৰণি অট্টালিকাসমূহক ঐতিহ্য হিচাপে ঘোষণা কৰি সেই ধৰণেই ৰক্ষণাবেক্ষণ দিয়া হৈছে৷ কোনো কাৰণতে এই অট্টালিকা ধ্বংস কৰা নহয়৷ তেনেহ’লে অসমত কেৱল গছ কটাটোকে উন্নয়নৰ প্ৰধান অৰ্হতা হিচাপে চৰকাৰে গ্ৰহণ কৰিছে কিয়? অসমৰ অভিযন্তাসকলৰ সকলো সিদ্ধান্ত সঠিক নহয়৷ ইয়াৰ অজস্ৰ প্ৰমাণ আছে৷ এই ক্ষেত্ৰত কেৱল তিনিটা কথা ক’ব খুজিছোঁ৷
প্ৰথমটো হ’ল– দীঘলীপুখুৰীৰ পাৰৰ শতিকাপ্ৰাচীন গছবোৰ৷ জনজাগৰণৰ পাছতহে মুখ্যমন্ত্ৰীয়ে গছবোৰ নকটাকৈ উৰণ সেতুৰ নক্সা প্ৰস্তুত কৰিবলৈ অভিযন্তাক নিৰ্দেশ দিবলগীয়া হ’ল কিয়? গুৱাহাটীৰ প্ৰতিগৰাকী মানুহে বিচাৰে গছ নকটাকৈ উন্নয়ন কৰক৷ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত কটনতে জীৱনৰ ঊধ্বমুখী বাট ৰচিছিল হিমন্ত বিশ্ব শৰ্মাই৷ এই গছকেইজোপাৰ সৈতে আমাৰ পৰিচয় ’৯০ দশকৰ পৰা৷ কটনত শিক্ষা জীৱন আৰম্ভ কৰি ৰাজনৈতিক জগতত খোজ দিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাকো ছাঁ আৰু অক্সিজেন দি আহিছে এইকেইজোপা বৃক্ষই৷ এই গছকেইজোপা কাটিব বুলি প্ৰচাৰ হোৱাৰ সময়ত গুৱাহাটীৰ যিসকল নাগৰিকৰ অন্তৰত হেন্দোলনি তুলিছিল, সেই একেই হেন্দোলনি মুখ্যমন্ত্ৰীৰ অন্তৰত তোলা নাছিল নেকি? সেইসকল অসমীয়া অভিযন্তাৰ, যিসকলে এনেকুৱা কঠোৰ জনবিৰোধীয়ে নহয়, প্ৰকৃতিবিৰোধী সিদ্ধান্ত চৰকাৰক জাপি দিবলৈ কেনেকৈ সত্ গ’ল? এই অভিযন্তাসকলে জানেনে ৰাইজৰ কিমান অভিশাপ আৰু ভৎৰ্সনা চৰকাৰে এওঁলোকৰ বাবে ল’বলগীয়া হ’ল? ইয়াৰ ফল সময়লৈ এৰিলোঁ৷
দ্বিতীয়টো হ’ল– জনতা ভৱনৰ সন্মুখৰ নতুন উৰণ সেতুখন যান-জঁট নিয়ন্ত্ৰণত বিফল হৈছে৷ বৰঞ্চ আগতকৈ যান-জঁট ইয়াত বৃদ্ধিহে পালে৷ উৰণ সেতু নিৰ্মাণেই যান-জঁট নিয়ন্ত্ৰণৰ একমাত্ৰ সমাধান হ’ব নোৱাৰে৷ এই সত্য জনতা ভৱনৰ সন্মুখত নিৰ্মাণ কৰা উৰণ সেতুখনে প্ৰমাণ কৰিলে৷ এতিয়া মুখ্যমন্ত্ৰীয়ে সেইসকল অভিযন্তাক জবাবদিহি কৰা উচিত৷ যিসকলে এই উৰণ সেতুৱে দিছপুৰ তথা জনতা ভৱন আৰু অসম বিধানসভা ভৱনৰ সন্মুখৰ যান-জঁট নোহোৱা কৰিব বুলি মিছা কথা কৈছিল৷
তৃতীয়টো হ’ল– গুৱাহাটীৰ পৰা আপুনি যেতিয়া তেজপুৰলৈ যাব, তেতিয়া কলিয়াভোমোৰা সেতু পোৱাৰ আগমুহূৰ্তত এসময়ত আপোনাৰ মন-প্ৰাণ আন্দোলিত কৰি তুলিছিল ৬০জোপা বৃক্ষই৷ নাহৰ, সোণাৰু, এজাৰ, শিৰীষ, কৃষ্ণচূড়াকে ধৰি এই ৬০জোপা বৃক্ষৰ নানাৰঙী ফুল আৰু সেউজীয়া পাতে আপোনাক তেজপুৰ তথা উত্তৰ অসমলৈ আদৰণি জনাইছিল৷ কলিয়াভোমোৰা সেতুৰ কাষতে নতুনকৈ আন এখন সেতু চৰকাৰে নিৰ্মাণ কৰিলে৷ সেতু নিৰ্মাণ কৰাৰ পাঁচ বছৰমান পূৰ্বে এই ৬০জোপা গছ গুৰিতে কাটি পেলোৱা হ’ল৷ এতিয়া তেজপুৰৰ প্ৰৱেশদ্বাৰ বৃক্ষহীন৷ নাই সেই সৌন্দৰ্য, নাই সেই প্ৰাণ৷ অথচ এই গছকেইজোপা নকটাকৈয়ে নতুন সেতুখন নিৰ্মাণ কৰিব পাৰিলেহেঁতেন৷ এই গছকেইজোপা কটাৰ পাছত সেই স্থানত এটা দশকে চৰকাৰ তথা কোনো এন জি অ’ই নতুনকৈ এটা পুলি ৰুব লাগে বুলি অনুভৱ নকৰিলে৷ মুখ্যমন্ত্ৰীয়ে কলিয়াভোমোৰা সেতুৰ নতুনভাগ নিৰ্মাণ কৰাৰ পূৰ্বে গছ কটা সেই অভিযন্তাসকলক মাতি আনি এবাৰ প্ৰশ্ন কৰকচোন– কি প্ৰয়োজনত কাটিবলগীয়া হৈছিল ৬০জোপা জীৱন্ত গছ?
কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যাতে প্ৰকাশ পাইছে দেশৰ ভিতৰতে সৰ্বাধিক বনভূমি হ্ৰাস পাইছে অসমত৷ এই কথাবোৰ অসমৰ বনমন্ত্ৰীয়ে জানেনে? আমাৰ দুৰ্ভাগ্য অসমত যে এগৰাকী বনমন্ত্ৰীও আছে, সেই কথা কোনোৱে নাজানে৷ বনমন্ত্ৰীগৰাকীৰ দক্ষতাৰ বাবেই হয়তো ৰাইজে তেওঁৰ নাম জানিব লাগে বুলি অনুভৱ নকৰে৷
দীঘলীপুখুৰীৰ পাৰৰ বৃক্ষ ৰক্ষাৰ আন্দোলনে দুটা বাৰ্তা দিলে৷ প্ৰথম বাৰ্তাটো হ’ল– তাৰকা শিল্পী আৰু তথাকথিত ছাত্ৰ নেতা (যিসকলে সকলো গণ আন্দোলনত উফৰি আহি অংশগ্ৰহণ কৰি বিফল কৰাৰ উদাহৰণেই অধিক) অবিহনে সাধাৰণ অথচ দায়বদ্ধ নাগৰিকে হক কথাত চৰকাৰক জবাবদিহি কৰিব পাৰে৷
দ্বিতীয় বাৰ্তটো হ’ল– চৰকাৰৰ বেতনভোগী অভিযন্তাসকলৰ বেছিভাগৰে অসমীয়া সমাজ জীৱন আৰু অসমীয়া মানুহৰ হৃদয়ক লৈ কোনো ধৰণৰ অনুকম্পা নাই৷ এনেকুৱা অভিযন্তাৰ বাবেই বাৰে বাৰে চৰকাৰ জনৰোষত পৰিছে আৰু ভাবমূৰ্তি তথা গৰিমা ম্লান হৈছে৷ ইয়াৰ বাবে দায়ী কিন্তু চৰকাৰ৷
Leave A Comment