লাচিত বৰফুকনক বিচাৰি ইতিহাসৰ পৃষ্ঠা বাৰে বাৰে লুটিয়াবলগীয়া হৈছে অসমীয়াই৷ বৰফুকন অবিহনে বৃহত্তৰ অসমীয়া সমাজখনো অপূৰ্ণ৷ পূৰ্ণতা প্ৰাপ্তিৰ বাবেই বুৰঞ্জীৰ সেই অধ্যায় আকৌ পাদপ্ৰদীপলৈ আহিছে৷ লাচিতৰ জীৱন কাহিনীয়ে এই সময়ত অধিক চৰ্চা লাভ কৰাৰ কাৰণ কি হ’ব পাৰে? যিদৰে চৰ্চিত হৈয়ো নিন্দিত হৈছে বদন বৰফুকন, সেইদৰে লাচিতক সন্মুখলৈ আনি আমি নিজকে ধন্য কৰাৰ সুযোগ গ্ৰহণ কৰিছোঁ৷ লাচিত বৰফুকন আহোম বীৰ৷ লাচিত বৰফুকন অসমৰ বীৰ৷ বহু ক্ষেত্ৰত কেতবোৰ ৰাজনৈতিক নেতাই অসমৰ বীৰ-বীৰাংগনা আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে সমাজ সংস্কাৰকসকলক নিজৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে৷ লাচিতকো তেনে এক কৱচ পিন্ধাবলৈ ৰাজনীতিকে চেষ্টাৰ ত্ৰুটী কৰা নাই৷
যিদৰে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাক কেৱল গীতিকাৰ, গায়ক কিম্বা চলচ্ছিত্ৰ নিৰ্মাতাৰ শাৰীতে ৰাখি তেওঁলোক দুয়োৰে ৰাজনৈতিক চিন্তাক ঢাকোন দিবলৈ বিচাৰে, ঠিক সেইদৰে লাচিত বৰফুকনকো সময়ে সময়ে ৰাজনৈতিক নেতাই নিজৰ ধৰণেৰে কেতিয়াবা গেৰুৱা, কেতিয়াবা সেউজীয়া ৰং সানি দিবলৈ বিচাৰে৷ কোনে ন-দি ক’ব পাৰিব আজিৰ পৰা ১০০ বছৰ পাছত ড॰ হীৰেন গোহাঁইকো গল্প, উপন্যাসৰ এগৰাকী উন্মোচক বা সমালোচক হিচাপেই পূজা কৰিবলৈ কোনোবা ৰাজনৈতিক নেতাই নিবিচাৰিব বুলি! ৰাজনৈতিক নেতাৰ শক্তি অপাৰ৷ এই শক্তিয়ে বিষ্ণু ৰাভাক গায়ক, গীতিকাৰৰ শাৰীতে আবদ্ধ কৰাত সফল নহ’ল জানো? অৱশ্যে ডাৱৰ ফালি জাৰৰ দিনতো আকাশত বেলিয়ে ভূমুকি মৰাৰ দৰে নতুন প্ৰজন্মৰ অতি মেধা যুৱক-যুৱতীয়ে বিষ্ণু ৰাভাৰ ৰাজনৈতিক চেতনাক আৱিষ্কাৰ কৰাত সফল হৈছে৷ যিদৰে ড॰ হীৰেন গোহাঁইৰ ৰাজনৈতিক চেতনাকো আমাৰ পাছৰ প্ৰজন্মই এদিন শুদ্ধ ৰূপত আৱিষ্কাৰ কৰাত সফল হ’ব৷
সাম্প্ৰতিক প্ৰেক্ষাপটত বহুতে লাচিত বৰফুকনক মাৰাঠী বীৰ ছত্ৰপতি শিৱাজীৰ সৈতে তুলনা কৰে৷ শিৱাজীৰ দৰেই লাচিত বৰফুকন বুলি এওঁলোকে কয়৷ আচলতে শিৱাজী আৰু লাচিত বৰফুকন দুটা ভিন্ন সত্তা আৰু এই দুয়োটা সত্তাই জাতীয়তাবাদেৰে উদ্বুদ্ধ হৈ স্বদেশ আৰু স্বজাতিক ৰক্ষা কৰিছিল৷ শিৱাজী মাৰাঠী জাতীয়তাবাদৰ প্ৰতীক হৈয়ো পৃথিৱীজুৰি আলোচিত এক সত্তা৷ অথচ অসমৰ লাচিত নিৰ্দিষ্ট পৰিসৰত আবদ্ধ হৈ থাকিল৷ ভাৰতবৰ্ষত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া বহু শক্তিৰ এটা শক্তি হৈছে আহোমসকল৷ শিৱাজীয়েও মোগলৰ বিৰুদ্ধে যুঁজ দিছিল৷ সেই যুঁজত শিৱাজীয়ে গ্ৰহণ কৰা ভূমিকাই আজিও মাৰাঠীসকলক ধন্য কৰাই নহয়, ভাৰতবাসীকো তেওঁলোকৰ বীৰগাথা সোঁৱৰাই আহিছে৷ এই সোঁৱৰণিয়েই বহুতৰ মাজতো মাৰাঠীসকল একক আৰু অনন্য হিচাপে অন্য এক পৰিচয় দিছে৷
লাচিত বৰফুকন এটা সুকীয়া সত্তা৷ আহোম জনগোষ্ঠীৰ এগৰাকী বিশেষ ব্যক্তি তথা শিক্ষাবিদ দয়ানন্দ বৰগোহাঁয়ে এটা সাক্ষাৎকাৰত আহোম সম্পৰ্কত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল৷ মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনে শৰাইঘাটৰ ৰণত গ্ৰহণ কৰা ভূমিকাৰ বাবেই আজি আমি এনেদৰে থাকিব পাৰিছোঁ৷ এই সত্য ৰাজনৈতিক নেতাসকলে মানি লোৱা উচিত৷ আজি আমাৰ কিছুমান নেতাই দিল্লীৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ নামত যি ধৰণৰ তৈলমৰ্দনত ব্যস্ত হোৱা দেখিবলৈ পোৱা যায়, ই কিন্তু লাচিত বৰফুকনৰ দৰে স্বাভিমানী চৰিত্ৰক অপমানিত কৰিছে৷ কাৰো সহায় নোলোৱাকৈ লাচিত বৰফুকনে মোগলৰ দৰে প্ৰবল পৰাক্ৰমী এটা শক্তিক নিজৰ বুদ্ধিমত্তাৰে পৰাস্ত কৰিবলৈ গ্ৰহণ কৰা কৌশলৰ বিষয়ে অসম বুৰঞ্জীত বিশেষ একো উল্লেখ নাই৷ লাচিত বৰফুকনৰ যুদ্ধ জয়ৰ কৌশল আৰু অসম প্ৰেমৰ বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন আছে৷ অথচ এই বিষয়টোৰ চৰ্চা তেনেই সীমিত৷ কি কৌশলেৰে মোগলক পৰাস্ত কৰিছিল, সেই কৌশল আজি অসম আৰু ভাৰতীয় সেনাৰ বাবেও যুদ্ধ জয়ৰ মন্ত্ৰ হ’ব পাৰে৷ এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰিবলগীয়া আছে৷
তিনি ফেব্ৰুৱাৰী, ২০২৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ কথা৷ প্ৰধানমন্ত্ৰীৰ পৰা আমি আশা কৰিব পাৰো নেকি চি বি এছ ই বা সেই ধৰণৰ পাঠ্যক্ৰমত লাচিতৰ জন্ম-মৃত্যুৰ তাৰিখৰ সলনি মোগলক ঘটুৱাবলৈ গ্ৰহণ কৰা ৰণকৌশলৰ বিস্তৃত আলোচনা অন্তৰ্ভুক্ত কৰিব? লগতে মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ ইতিহাসৰ পাঠ্যক্ৰমত লাচিত সম্পৰ্কত দীঘলীয়া অধ্যয়নৰ ব্যৱস্থা থাকিব৷ প্ৰধানমন্ত্ৰীয়ে এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ এইগৰাকী বীৰ পুত্ৰৰ চৰ্চা ভৱিষ্যৎ প্ৰজন্মৰ মাজত অব্যাহত থাকিব৷ আমি মানি ল’ব লাগিব লাচিতৰ চৰ্চা মানে অসমীয়াৰ গৌৰৱময় ইতিহাসৰো চৰ্চা৷
কেৱল লাচিততে সীমাবদ্ধ হ’লে নহ’ব৷ অসমৰ সমাজ জীৱনক অজ্ঞান আন্ধাৰৰ পৰা মুক্ত কৰা একমাত্ৰ ব্যক্তিজন আছিল শ্ৰীমন্ত শংকৰদেৱ৷ শংকৰদেৱ চৰ্চা প্ৰায় ভকত-বৈষ্ণৱৰ মাজতেই আবদ্ধ৷ বৈষ্ণৱ পীঠ মাজুলীতো একাংশই শংকৰদেৱক অন্য ধৰণে ঢাকি থৈ ধৰ্মৰ নামত বৰ্ণবাদ বিয়পোৱাৰ অভিযোগ আছে৷ যিয়েই নহওক লাচিত বৰফুকনক ভাৰতীয় বা বিশ্ববীৰ যি হিচাপে ৰাজনীতিকে প্ৰক্ষেপ নকৰক কিয়, বৰফুকনৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু অসমীয়া প্ৰেমক কোনো কাৰণতে যাতে বিকৃত কৰা নহয়৷ অসম আৰু অসমীয়াক ভালপোৱা মানে ভাৰতবৰ্ষ নতুবা পৃথিৱীক ভালপোৱাটোকে বুজায়৷ এই সত্য আমাৰ ৰাজনীতিকে জানিও নজনাৰ ভাও ধৰে৷ জাতীয় দায়বদ্ধতা ভোটৰ ৰাজনীতিৰ অংশ নহ’বও পাৰে৷
যোৰহাটত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে৷ এই প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব৷ অসমৰ বাবে ই ভাল খবৰ৷ কিছুদিন পূৰ্বে লাচিত বৰফুকনৰ বিষয়ে লিখা এখন কিতাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিছিল৷ কেইবাটাও ভাষালৈ অনূদিত হৈছে কিতাপখন৷ ইয়াৰো পূৰ্বে ২০২৩ত নতুন দিল্লীত অনুষ্ঠিত হৈছিল লাচিত দিৱস৷ লাচিত দিৱসৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নিজে অংশগ্ৰহণ কৰিছিল৷
লাচিত বৰফুকনক লৈ ৰাজনৈতিক নেতাৰ যি ধৰণৰ তৎপৰতা, এই তৎপৰতা আমি নিন্দা কৰিব নোৱাৰো৷ কিন্তু লাচিতৰ পাছৰ প্ৰজন্মৰ ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ দায়িত্বও আজিৰ ৰাজনীতিকে গ্ৰহণ কৰিব লাগিব৷ আকৌ উল্লেখ কৰিব বিচাৰিছোঁ দয়ানন্দ বৰগোহাঁইৰ প্ৰসংগ৷ বৰ আক্ষেপেৰে বৰগোহাঁয়ে কিছুদিন পূৰ্বে এটা বৈদ্যুতিন মাধ্যমত এইটো মন্তব্য কৰিছিল৷ কলিজা ক’লা পৰি যোৱাকৈ কৰিছিল এই মন্তব্য৷ চামগুৰিৰ মিছাত এখন ফলক আছে৷ ফলকখনত এজন মানুহৰ নাম উল্লেখ কৰা আছে৷ মানুহজনৰ নাম হ’ল লেছাম হাতীবৰুৱা৷ মিৰজুমলাৰ আক্ৰমণৰ সময়ত এইগৰাকী আহোম বীৰে ভেটা দিছিল৷ যেতিয়া লেছাম হাতীবৰুৱাক শত্ৰুৱে বন্দী কৰিছিল, তেতিয়া তিনিদিন চেষ্টা কৰিও হাতীবৰুৱাক হত্যা কৰিব পৰা নাছিল৷ পাছত কুঠাৰেৰে ঘপিয়াই হাতীবৰুৱাৰ কলিজাটো উলিয়াই দেখা পাইছিল, সেইটো এটা ডাঙৰ কলডিলৰ সমান আকৃতিৰ৷ এগৰাকী আহোম যোদ্ধাৰ সাহসৰ বৰ্ণনা কৰিছিল তেওঁৰ কলিজাৰ আকৃতিৰে৷ লগতে বৰগোহাঁয়ে কৈছিল যে মোগলৰ বিৰুদ্ধে হোৱা যুঁজত আহোমৰ তথা উজনি অসমৰ প্ৰতিখন ঘৰৰ কমেও এজন লোক চামিল হৈছিল, তেওঁলোকে হয় মোগলক বধ কৰিছিল নহয় নিজৰ জীৱন দিছিল৷
শৰাইঘাটৰ যুদ্ধত যদি লাচিতৰ পৰাজয় হ’লহেঁতেন, তেতিয়াহ’লে অসম তথা ভাৰতৰ মানচিত্ৰ সম্পূৰ্ণৰূপে বেলেগ হৈ পৰিলেহেঁতেন৷ হয়তো অসম চিৰদিনৰ বাবে মোগলৰ অধীন নতুবা বাংলাদেশৰ অংগৰাজ্যত পৰিণত হ’লহয়! বুৰঞ্জী সলনি হ’বলৈ নিদিলে লাচিত বৰফুকনে৷ আৰু বহু কথা৷ আজি আমি এইগৰাকী বীৰ যোদ্ধাৰ নামত কৰিছোঁ কি? কোনোবাই ভোটৰ ৰাজনীতি, কোনোবাই লাচিতৰ আত্মীয় বুলি কৈ সুবিধা লৈছে, তাতকৈ বেলেগ কিবা দেখা পাইছোঁনে? আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ প্ৰসংগ কৌশলেৰে তল পেলোৱা হৈছে৷ প্ৰতিমূৰ্তি উন্মোচন, লাচিত দিৱস উদযাপনে পৰৱৰ্তী প্ৰজন্মক নিজৰ বুৰঞ্জী জানিবলৈ সুযোগ দিয়াৰ লগতে জাতি আৰু মাটিক প্ৰতাৰণা নকৰিবলৈ ক’ব৷ কিন্তু যিটো জাতিৰ ঔৰসত লাচিত বৰফুকন, জয়মতী, গদাধৰ সিংহ নতুবা ৰুদ্ৰ সিংহৰ জন্ম হৈছিল, সেই জাতিটোৱে যে এতিয়া ৰাজনৈতিক অধিকাৰ তথা সাংবিধানিক ৰক্ষা কৱচ বিচাৰি হাবাথুৰি খাইছে, সেই কথা প্ৰধানমন্ত্ৰীক কোনে ক’ব?
এই দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে পালন কৰিব লাগিব৷ দিৱস উদযাপন, প্ৰতিমূৰ্তি উন্মোচনৰ পৰৱৰ্তী পদক্ষেপ যদি আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব পাৰে, তাতকৈ সুখৰ খবৰ বৃহত্তৰ জাতিটোৰ বাবে কি হ’ব? বুৰঞ্জীতো স্থায়ী হিচাপে খোদিত হ’ব এই সময়৷ লাচিত বৰফুকনৰ সমানে বৃহত্তৰ অসমীয়া সমাজখনক বান্ধি ৰাখিবলৈ বিভিন্ন সময়ত বিভিন্নজনে কাম কৰিছে৷ শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড॰ মহেশ্বৰ নেওগলৈকে বহু অসমীয়াৰ শ্ৰম আৰু চেষ্টাত আমাৰ সমাজখন আজি শিক্ষিত আৰু উন্নত অৱস্থালৈ আৰোহণ কৰিছে৷ অসম চৰকাৰক ভুগোলৰ লগতে বুৰঞ্জীক বাধ্যতামূলক বিষয় হিচাপে অধ্যয়নৰ ব্যৱস্থা কৰাৰ দাবীৰ আধাৰো এইটোৱে৷
যোৰহাটত সুউচ্ছ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা দুয়োটা প্ৰশংসনীয় প্ৰচেষ্টা৷ ইয়াৰ পূৰ্বে এইবোৰ কথা অসমৰ ৰাজনীতিকে অনুভৱ কৰা নাছিল কিয়? এই প্ৰশ্নও নিশ্চয় উঠিব৷ ঐতিহাসিক শিৱসাগৰ নগৰক আধুনিক ৰূপত গঢ় দিবলৈ স্থানীয় বিধায়ক অখিল গগৈয়েও আৰম্ভণিৰে পৰা চেষ্টা চলাইছে৷ বিধানসভাৰ মজিয়াতো ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰকে ধৰি আহোমৰ ঐতিহ্য আৰু কীৰ্তিচিহ্নসমূহ সংৰক্ষণ, সংবৰ্ধনৰ বাবে চৰকাৰৰ ওচৰত পুঁজি বিচাৰি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দাখিল কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে সেই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন দিয়াটো আছিল ভাল খবৰ৷
অসমৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নৰ বাবে এই ধৰণৰ চিন্তা-চৰ্চা কৰা প্ৰয়োজন৷ লগতে সমষ্টি উন্নয়নৰ বাবে আনুষ্ঠানিকভাৱে প্ৰকল্প প্ৰস্তুত কৰি সদনৰ মজিয়াত দাখিল কৰিব পাৰিব লাগিব৷ ১২৬জন বিধায়কৰ কিমানজনে সমষ্টি উন্নয়নৰ বাবে প্ৰকল্প যুগুত কৰি সদনত দাখিল কৰিছে, সেয়া সকলোৱে জানে৷
লাচিত বৰফুকনক লৈ অসম চৰকাৰৰ প্ৰচেষ্টাই কি ৰূপ লয় আৰু ভৱিষ্যৎ প্ৰজন্মই ইয়াক কি হিচাপে গ্ৰহণ কৰিব, সেয়া ৫০ বছৰৰ পাছতহে সঠিক বিশে¡ষণ হ’ব৷ কাৰণ তেতিয়া ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ ইতিহাসবিদে ইয়াৰ বিশ্লেষণ কৰিব পাৰিব৷ এই মুহূৰ্তত আহোমকে ধৰি ছটা জনগোষ্ঠীৰ জনজাতিকৰণ অথবা সাংবিধানিক ৰক্ষা কৱচ অবিহনে সকলো প্ৰচেষ্টা ১০০ শতাংশ সফল হোৱাৰ সম্ভাৱনা কম৷
Leave A Comment