• ভোগ-লালসাই চুব নোৱৰা এটা জীৱন

    সম্পাদকীয়
    ভোগ-লালসাই চুব নোৱৰা এটা জীৱন

    জিতুমণি বৰা

    তেওঁ ক’ত আছে, কি কৰি আছে তাৰ উমান পাবলৈকে নাই৷ আচলতে তেওঁ কেনেকৈ আছে, সেইটো কাকো জানিবলৈ দিয়া নাই৷ সকলোৰে অলক্ষিতে নীৰৱে তেওঁ পাৰ কৰিছে সময়বোৰ৷ ঠিক আগৰ দৰেই৷ তেওঁ নিজকে তেনেই এগৰাকী সাধাৰণ মহিলা বুলি বিবেচনা কৰি আহিছে৷ সমাজৰ আন ১০গৰাকী মহিলাৰ শাৰীতে তেওঁ নিজকে ৰাখিলে৷ কেতিয়াও ক’তো স্বামীৰ পদমৰ্যাদাৰ সুযোগ আৰু সুবিধা লোৱাৰ কথা নাভাবিলে৷ দীঘলীয়া সময় এনেদৰে পাৰ কৰি এতিয়া অস্তাচলত জীৱনৰ ৰামধেনু আঁকিছে৷ পোৱা-নোপোৱাৰ কোনো হিচাপ নাই কৰা৷ কাৰণ হিচাপ কৰিলেই কেতিয়াবা সন্তাপে হেচুকি ধৰিব৷ 
    জীৱনৰ যি পৰম সত্য বহু উচ্চাকাংক্ষী আৰু পৃথিৱীজয়ী মানুহে মৃত্যুৰ আগমুহূৰ্ততহে অনুভৱ কৰে৷ এই সত্য এইগৰাকী মহিলাই জীৱন আৰম্ভ কৰোতেই হয়তো অনুভৱ কৰিছিল৷ যাৰ বাবে কাকোকে তেওঁৰ বিষয়ে আলোচনা কৰাৰ বা তেওঁৰ উপস্থিতিৰ উমান দিয়াৰ চেষ্টা নকৰিলে৷ জীৱন সম্পৰ্কত থকা চিৰন্তন সত্য উপলব্ধি কৰাৰ পৰিণামত আজি এক মানসিক শান্তি লৈ তেওঁ পুৱা-গধূলি ব্যস্ত হৈ আছে৷ 

    কেতিয়াবা অকলে আৰু কেতিয়াবা বোৱাৰীৰ সৈতে পাৰ কৰিছে জীৱনৰ এইছোৱা সময়৷ তেওঁ সেই অতীত ৰোমন্থন কৰে,  যি অতীতত তেওঁ দূৰৈৰ পৰা দেখা পাইছিল আজিৰ বহু প্ৰতাপী মানুহ স্বামীৰ ওচৰলৈ যোৱাৰ কাৰণবোৰ৷ 
    অসমৰ যিগৰাকী মানুহক লৈ আজিপৰ্যন্ত কোনো ধৰণৰ চৰ্চা নহ’ল,  যিগৰাকী মানুহ আজিপৰ্যন্ত কোনো ধৰণৰ বিতৰ্কত নোসোমাল, সেইগৰাকী মানুহৰ বাবেই এজন মানুহ ৰাজনৈতিকভাৱে সফল হোৱা বুলিও বহু অনুভৱী লোকে ক’ব বিচাৰে৷ জীৱন আচলতে কি? মানিলে ধান, নামানিলে পতান৷ হয়তো পাৰ্বতী প্ৰসাদ বৰুৱাই  জীৱনৰ এই সত্য উপলব্ধি কৰি লিখিছিল– তেওঁ মেলানি মাগিলে আজি/মিলন মেলা/দুদিনীয়া উছৱৰ বিয়লি বেলাত...৷ দুদিনীয়া উছৱৰ বিয়লি বেলাত ফুলতি-মালতীৰ পাহি মোলান পৰে৷ এদিন হাই-উৰুমি আনন্দৰে ভৰি পৰা বিয়াৰ ৰভাতলী এদিন নিজম আৰু উকা হৈ পৰে৷ সেই ৰভাতলীতে পৰি ৰয়  কোনো পুৰুষ অথবা মহিলাৰ নিথৰ দেহ৷ এই দেহে এদিন জীৱন্ত হৈ দৰা-কইনাৰ ৰূপ লৈ ৰভাতলীত উছৱৰ ঢল নমাইছিল৷ ইয়াক অনুভৱ কৰিয়ে জীৱনানন্দই নিজকে প্ৰশ্ন কৰিছিল– জীৱনৰ পৰা মৃত্যুলৈ আচলতে কিমান দূৰ? একেদৰে উপলব্ধি কৰিছিল মৃত্যুৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি৷ ৰোগ, দুৰ্ঘটনা আদিক মৃত্যুৰ কাৰণ বুলি কোৱা হয় যদিও জীৱনানন্দৰ মতে মৃত্যুৰ কাৰণ জন্ম৷


    এই সত্য বাৰ্টাণ্ড ৰাছেলে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ একেদৰে উপলব্ধি কৰিছিল অসমৰ ভৱেন্দ্ৰ নাথ শইকীয়ায়ো৷ জীৱন আচলতে এটা যাত্ৰাহে৷ এই যাত্ৰা অনন্ত নহয়, ইয়াৰ  আৰম্ভ আছে বাবে শেষো আছে৷ যিটো মূৰত আৰম্ভ কৰা হয়, তাৰ সিটো মূৰত থাকে মৃত্যু৷ যাত্ৰাৰ অন্তিমটো স্থান৷ সেয়ে ইংলণ্ডৰ জৰ্জ অৰৱেল নামৰ বিশ্ববিদ্যালয়ৰ ২২ বছৰীয়া এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ পূৰ্বে হাতত বাইবেল লৈ কৈছিল– মৃত্যু তেনেই সহজ৷ মই দুদিন বেছিকৈ জীয়াই থাকিম আজি যদি মৃত্যুক বৰণ নকৰো৷ তেতিয়া মই গাৰ্লফ্ৰেণ্ডৰ সৈতে কেইদিনমান নাইট ক্লাবত যাম তাৰ পাছত আমাৰ ব্ৰেকআপ হ’ব, তাৰ পাছত আন এগৰাকী যুৱতীৰ সৈতে মোৰ এফায়াৰ হ’ব, তেওঁৰ সৈতে সংগম কৰিম আৰু এদিন বিবাহপাশত আবদ্ধ হৈ এজন দেউতাক হৈ মৃত্যুৰ পিনে খোজ ল’ম৷ এদিন সকলোকে এৰি মই গুচি যাম৷ সেই দিনটো কেতিয়া আহিব, ঠিক এতিয়াই কোৱা টান যদিও আজি যি কৰিবলৈ লৈছোঁ, সেয়া মোৰ নিজৰ মতে কৰিছোঁ৷ কাৰণ মোৰ মৃত্যুক মই নিজে আহ্বান জনাইছোঁ৷ 
    জৰ্জ অৰৱেলে আৰু কৈছিল– আজিয়ে তেওঁ আত্মহত্যা কৰাৰ বাবে জীৱনৰ মাজৰ সময়খিনিত সুখ-দুখ আৰু সম্ভোগ, যন্ত্ৰণাৰ পৰা মুক্ত হৈ থাকিব৷ জীৱনক লৈ এনেদৰে অনুভৱ কৰা তৰুণ পশ্চিমৰ দেশত বাঢ়িছে৷ বিপৰীতে পৰিপূৰ্ণ জীৱন এটা লৈ জীয়াই থকা আদৰ্শৱান মানুহৰ সংখ্যাও পৃথিৱীত কম নহয়৷ 

    বহু লোকে দুৰ্নীতি, অন্যায়, অনিয়মৰ বিৰুদ্ধে সততে মাত মাতে৷ কিন্তু বেলতলা বজাৰত সেইজন খিলঞ্জীয়া পাচলি বিক্ৰেতাকো দেখা পাইছোঁ, যি খাৰুপেটীয়া, দলগাঁৱৰ বেপাৰীৰ পৰা শাক-পাচলি কিনি আনি নিজৰ ঘৰৰ খেতি বুলি গ্ৰাহকক বিক্ৰী কৰে৷ আপুনি এনেকুৱা গাখীৰ বিক্ৰেতাকো দেখা পাইছে, যি বাটৰ কাষৰ কুঁৱাৰ পৰা পানী লৈ গাখীৰৰ ঝাৰটোত বাকী দিয়ে৷ মিঠাই দোকানৰ পৰা ছাগলী মাংস বিক্ৰী কৰা কচাইজনলৈকে সকলোতে চাওকচোন! ক’ত,  কেনেকৈ,  কোনে ভেজাল কৰি আপোনাক-মোক ঠগিব বিচাৰিছে৷ এইখনেই পৃথিৱী৷ কোনোবাই সুবিধা পাইছে কোটি টকা বাওঁ হাতেৰে ঘটিছে৷ আৰু ধন ঘটিবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱা কোনোবাই ধন ঘটাজনক দুৰ্নীতিগ্ৰস্ত বুলি গালি পাৰিছে৷ সকলো সুবিধা পায়ো ইয়াৰ পৰা আঁতৰি থাকিব পৰাজনহে আচলতে ব্যতিক্ৰমী৷ মৃত্যু সন্মুখত দেখিও জীয়াই থকাৰ যুঁজত সাহসেৰে অৱতীৰ্ণ হোৱাজন আন বহুতৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰে৷ জৰ্জ অৰৱেল নামৰ ব্ৰিটিছ যুৱকজনে এদিন নিশ্চিত মৃত্যু হ’ব বুলিয়ে ২২ বছৰতে জীৱন সামৰিছিল৷ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই জন্ম, বিয়াৰ উছৱমুখৰ ৰভাতলী আৰু মৃত্যুৰ পাছত উৰুঙা ৰভাতলীক লৈ জীৱনক নতুন ৰূপত আৱিষ্কাৰ কৰি গৈছে৷

    ডলি গগৈ? আপোনাৰ মনত আছেনে সেইগৰাকী মহিলাক? মানুহগৰাকী অসমৰ সংবেদনশীল প্ৰতি পুৰুষ-মহিলাৰ চিনাকি৷ এগৰাকী অসমীয়া মহিলা বুলিলে আমাৰ মনত যিখন মুখ ভাহি উঠে, ঠিক তেনেকুৱাই ডলি গগৈ৷ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁৰ স্বামী৷ ইয়াৰ পূৰ্বে স্বামী তৰুণ গগৈ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল৷ তৰুণ গগৈক লৈ বিতৰ্ক তেনেকৈ নাই৷ তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে কি কৰিলে, কি নকৰিলে, সেয়া অন্য এক আলোচনাৰ বিষয়৷ এই বিষয়ে যথাস্থানত আমিও নিলিখাকৈ থকা নাই৷ কিন্তু তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকাল অসমৰ সংবাদ মাধ্যমৰ বাক স্বাধীনতা আৰু বিৰোধী শিবিৰৰ বাবে সোণালী সময় আছিল৷ দিন যিমানে আগবাঢ়িব, প্ৰত্যাহ্বান নতুন নতুন ৰূপত যিমানে আহিব, সিমানে অসমৰ মানুহে মনত পেলাব তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালক৷ 

    সকলোৰে নহ’লেও বহু বিবাহিত পুৰুষ-মহিলাৰ জীৱনত ইজনৰ প্ৰভাৱ সিজনৰ ওপৰত প্ৰত্যক্ষভাৱে পৰে৷ হয় স্বামীক পত্নীয়ে 
    নিয়ন্ত্ৰণ কৰে, নহয় স্বামীয়ে পত্নীক নিয়ন্ত্ৰণ কৰে৷ ৫০:৫০ অনুপাতত সন্মান আৰু বিশ্বাস ৰখাসকলে ব্যক্তিগত জীৱনটো দুয়ো বিচৰা ধৰণে সজাই লয়৷ ৰাজনৈতিক নেতা তথা ৰাজহুৱা জীৱনৰ সৈতে জড়িত প্ৰয়াত তৰুণ গগৈ এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল৷ ইয়াৰ কৃতিত্ব তৰুণ গগৈৰ সলনি বহু আলোচকে ডলি গগৈক দিব বিচাৰে৷
    ব্যক্তিগতভাৱে শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সময়লৈকে বহুকেইজন মুখ্যমন্ত্ৰীক দেখা পাইছোঁ৷ হিতেশ্বৰ শইকীয়া চৰকাৰৰ পৰা বৰ্তমানলৈকে বহুকেইজন মুখ্যমন্ত্ৰীৰ শাসন ওচৰৰ পৰা দেখিছোঁ৷ এই সময়ত বহুকেইগৰাকী মুখ্যমন্ত্ৰী বিতৰ্কত সোমাই পৰিছিল৷ অসমত সংবাদ মাধ্যমৰ বাক স্বাধীনতাক প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা শইকীয়া চৰকাৰৰ দিনত আৰম্ভ হৈছিল৷ মাজতে ১৭ বছৰমানহে সংবাদ মাধ্যম চৰকাৰী হেঁচাৰ পৰা মুক্ত হৈ আছিল৷ যি কি নহওক এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ পাছতো ১৫ বছৰে অসমৰ কোনো মন্ত্ৰী-বিষয়াই ব্যক্তিগতভাৱে ডলি গগৈক সাক্ষাৎ কৰি কিবা দিবলগীয়া হোৱাৰ পৰিৱেশ ৰচনা নহ’ল৷ অসমত এনেকুৱা অভিযোগো দেধাৰ আছে, য’ত এছ পি, ডি এছ পি, অ’চি পৰ্যন্ত বদলি, নিযুক্তিত প্ৰায়ে মুখ্যমন্ত্ৰীৰ পত্নী বা পৰিয়ালৰ লোক জড়িত হৈছিল৷ মুখ্য সচিব বা এ চি এছ, আই এ এছ বিষয়াৰ বদলি-নিযুক্তিতো ৰাজনৈতিক নেতাৰ পত্নী, স্বামী অথবা পৰিয়ালৰ লোকৰ হস্তক্ষেপ চলাৰ অভিযোগ আছে৷ চেকগে’টত  কোন পৰিবহণ বিষয়া বহিব, কোনজন ডিটিঅ’, এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰক কোনখন গে’টত নিযুক্তি দিব, তাৰ হিচাপ-নিকাচ ৰাজনৈতিক নেতাৰ পৰিয়ালে কৰে বুলি শুনিবলৈ পোৱা গৈছিল৷ দুই-এক মুখ্যমন্ত্ৰীৰ পত্নীক নিয়মীয়াকৈ সাক্ষাৎ কৰি ধন্য হোৱা বিষয়াৰ কাহিনীও অসমৰ বাতৰি কাকতৰ পাতে পাতে লিপিবদ্ধ৷


    এই সকলো পৰম্পৰা ভংগ কৰিছিল এগৰাকী মহিলাই৷ কইনাধৰাত তৰুণ গগৈয়ে বাস কৰিছিল৷ অজস্ৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কইনাধৰাত৷ কিন্তু কোনো কেবিনেট মন্ত্ৰীয়ে কইনাধৰাত দেখা পোৱা নাছিল তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীক৷ বিয়া-বাৰু খাবলৈ যোৱাৰ লগতে সাংস্কৃতিক বা খেলা-ধূলাৰ কোনো অনুষ্ঠানলৈ কেতিয়াবা মুখ্যমন্ত্ৰী স্বামীৰ লগত  ডলি গগৈ গৈছিল৷ ইমানতে নিজক আবদ্ধ কৰি ৰাখিব বিচাৰিছিল তেওঁ৷ আজি ডলি গগৈৰ প্ৰসংগ ‘প্ৰতিপক্ষ’ত আলোচনা কৰিব বিচাৰিছো কিয় আপোনালোকে নিশ্চয় বুজি পাইছে৷ যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে৷ নিৰ্বাচনী যুঁজ যোৰহাটত তুংগত উঠিছে৷ নিৰ্বাচনত কংগ্ৰেছৰ গৌৰৱ গগৈ জয়ী হ’বনে বিজেপিৰ তপন কুমাৰ গগৈ বিজয়ী হ’ব, সেয়া ভোটাৰে নিৰ্ণয় কৰিব৷ যিগৰাকীকে যোগ্য বুলি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাইজে বিবেচনা কৰিব, তেৱেঁ বিজয়ী হ’ব৷ আমি উল্লেখ কৰা মহিলাগৰাকী যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা গৌৰৱ গগৈৰ মাতৃ৷ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে৷ বহু মানুহৰ সমাগমেৰে শোভাযাত্ৰা ওলাল৷ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে দিনে-ৰাতিয়ে প্ৰচাৰ চলাই আছে৷ কিন্তু পুত্ৰ গৌৰৱ গগৈৰ কাষত এবাৰলৈকো এতিয়ালৈকে ডলি গগৈক কোনেও দেখা নাই৷ মাতৃ হিচাপে ডলি গগৈ পুত্ৰৰ কাষত সদায় আছে৷ যিদৰে প্ৰয়াত স্বামী তৰুণ গগৈৰ কাষত আছিল৷ এইখন অসমৰে কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাই কৈছে মাতৃয়ে কোৱাৰ কাৰণেহে তেওঁ কংগ্ৰেছত আছে৷ মাতৃয়ে ক’লে তেওঁ বিজেপিলৈকো যাব৷ কিন্তু গৌৰৱ গগৈয়ে কি ৰাজনীতি কৰিব, কাৰ লগত থাকিব, সেয়া ডলি গগৈয়ে নিৰ্ধাৰণ নকৰে৷ কাৰণ তেওঁ ডলি গগৈ!


    মাতৃ হিচাপে ডলি গগৈক গৌৰৱ গগৈয়ে শ্ৰদ্ধা কৰে৷ কেইবাটাও সাক্ষাতকাৰত পুত্ৰ গৌৰৱে সভক্তিৰে মাকৰ অৱদান দেউতাক আৰু তেওঁৰ জীৱনত আন একোৰে জুখিব নোৱাৰি বুলি স্বীকাৰ কৰিছে৷ ৰাজনৈতিক পথাৰখনত স্বামী আৰু পুত্ৰৰ পৰা আঁতৰি থকা ডলি গগৈৰ বিষয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো একো মন্তব্য নকৰে৷ কৰিবলৈকো একো নাই৷ গগৈ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী শৰ্মাৰ অন্ততঃ সেই অভিজ্ঞতা আছে, যি অভিজ্ঞতাই তেওঁক আজিও কয়– কোনোদিন, কোনো ধৰণৰ অনুৰোধ কিম্বা হস্তক্ষেপ ডলি গগৈৰ পৰা তেওঁলৈ অহা নাছিল৷ ১৫ বছৰ মুখ্যমন্ত্ৰীৰ পত্নী ডলি গগৈ কেতিয়াও বাতৰিৰ শিৰোনাম নহ’ল৷ কেতিয়াও কোনো সাংবাদিক, লেখকৰ আলোচনাৰ বিষয় নহ’ল৷ তেনেকৈয়ে পাৰ কৰি দিলে সুদীৰ্ঘ সময়৷ 

    জীৱনক এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নীয়ে যি ধৰণে উপলব্ধি কৰিছে, সেই উপলব্ধি প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰ পত্নীয়ে কৰেনে? ৰাজনৈতিক নেত্ৰীৰ অৰাজনৈতিক স্বামী আঁতৰি থাকেনে পত্নীৰ ৰাজনীতিৰ পৰা? জীৱন সম্পৰ্কে সকলোৰে অনুভৱ আৰু উপলব্ধি ভিন্ন৷ যিদৰে প্ৰেম মানে কাৰোবাৰ বাবে দৈহিক সম্পৰ্ক আৰু কাৰোবাৰ বাবে আত্মিক সম্পৰ্ক৷ জীৱন মানে কাৰোবাৰ বাবে মৃত্যুমুখী এক যাত্ৰা আৰু কাৰোবাৰ বাবে জীৱন মানে আমৃত্যু জীয়াই থকাৰ এক কলা৷ ইয়াক আপুনি-মই কিদৰে গ্ৰহণ কৰিম, সেয়া আমাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ যিদৰে বিচ্ছেদে কাৰোবাক সুখী কৰে, আৰু বিচ্ছেদে কাৰোবাৰ বাবে দাঙিব নোৱৰা শিলৰ বোজা কঢ়িয়াই আনে৷ সন্মুখত সকলো সা-সুবিধা, বিষয় ভোগ থকাৰ পাছতো নিজক নিয়ন্ত্ৰণ কৰি নিজৰ মাজতে আবদ্ধ ৰাখিব পৰা কলা নিশ্চয় ডলি গগৈয়ে আহৰণ কৰিছে৷ যাৰ বাবে স্বামী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যাপন কৰা জীৱন আৰু আজি পাৰ কৰা সময়বোৰৰ মাজত কোনো পাৰ্থক্য নাই৷ তেওঁ তেওঁৰ দৰে সময়বোৰ কটাইছে৷ কাকো অসুবিধা নিদিয়াকৈ, কাৰো অসুবিধা নোহোৱাকৈ৷