• ভাষিক জাতীয়তাবাদ আৰু শিৱসাগৰ

    সম্পাদকীয়
    ভাষিক জাতীয়তাবাদ আৰু শিৱসাগৰ
    জিতুমণি বৰা

    এইকেইদিন খিলঞ্জীয়া, অসমীয়া শব্দ দুটা সাংঘাটিক ধৰণে আলোচিত হৈছে৷ ৰাজ্যজুৰি এই প্ৰসংগ আলোচনাৰ মাজলৈ আনিলে শিৱসাগৰে৷ শিৱসাগৰত এগৰাকী অসমীয়া কিশোৰীক মাৰোৱাৰী ব্যৱসায়ীয়ে শাৰীৰিকভাৱে প্ৰহাৰৰ অভিযোগ উঠিছিল৷ ইয়াৰ পাছতে বিষয়টোৱে শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ পৰিণতিত শিৱসাগৰৰ জাতীয় দল-সংগঠন আৰু মাৰোৱাৰী সমাজৰ এটা বুজাবুজি হয়৷ ইয়ালৈকে সকলো ঠিকেই আছিল৷ 

    শিৱসাগৰত এগৰাকী খিলঞ্জীয়া কিশোৰী প্ৰহূত হোৱাৰ পাছতে জাতীয় দল-সংগঠনবোৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিলে৷ যি সিদ্ধান্তই সকলো ধৰণৰ আগ্ৰাসনৰ কবলত পৰা অসমীয়াক মুক্তিৰ পথ কিছু পৰিমাণে দিলে৷ এই ক্ষেত্ৰত আটাছু, টাইপাকে ধৰি দল-সংগঠনবোৰে গ্ৰহণ কৰা দুটা বিশেষ সিদ্ধান্তক প্ৰতিগৰাকী সঁচা অসমীয়াই মনে-প্ৰাণে সমৰ্থন কৰা উচিত৷
    নিৰ্ভেজাল অসমীয়া মনৰ মানুহে শিৱসাগৰৰ জাতীয় দল-সংগঠনক সমৰ্থন জনোৱাৰ দুটা বিশেষ কাৰণৰ প্ৰথমটো হ’ল– ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰা৷ হিন্দী, ইংৰাজী আদিকে ধৰি যি ভাষাই ব্যৱহাৰ কৰক তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু সন্মানসহকাৰে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হোৱাটো জৰুৰী আছিল৷ যিটো কাম কৰিবলৈ অতদিনে চৰকাৰে আগ্ৰহ নেদেখুৱালে৷
    এই সময়ত অসমীয়া সমাজখন অৰ্থনৈতিক আগ্ৰাসনত পৰিছে৷ ব্যৱসায়-বাণিজ্য, ঠিকা-ঠুকলি সকলো নিৰ্দিষ্ট কেইজনমান মানুহৰ হাতলৈ গুচি গৈছে৷ এইসকলৰ দুই-এজন অসমীয়া হোৱাৰ বিপৰীতে বেছিভাগ অনাঅসমীয়া৷ এওঁলোক ৰাজনৈতিক নেতাৰ ধন ভঁৰালীৰ পৰা আৰম্ভ কৰি ব্যৱসায়লৈকে সকলো দায়িত্ব পালন কৰাৰ কথা এতিয়া সৰ্বজনবিদিত৷ ব্যৱসায়-বাণিজ্য ক্ৰমাৎ অনাঅসমীয়াৰ হাতলৈ যোৱাৰ সমানে সমানে অসমৰ খিলঞ্জীয়া সমাজখনক কৌশলেৰে ভূমিহীন কৰা অভিযান চলিছে৷ অসমীয়া সমাজখনৰ সন্মুখত এইটোৱে এতিয়া প্ৰধান প্ৰত্যাহ্বান৷
    শিৱসাগৰৰ জাতীয় দল-সংগঠনকেইটাই প্ৰথমবাৰলৈ ৰাজহুৱাকৈ এই বিষয়ত মাত মাতিলে৷ অসমত বাস কৰা বহিৰাগত তথা অনাঅসমীয়া লোকসকল অসমীয়া সমাজখনৰ শত্ৰু নহয়৷ শত্ৰু জ্ঞান কৰা উচিতো নহয়৷ কিন্তু এওঁলোকৰ মাজৰ বুজন অংশই যেতিয়া অসমীয়া মানুহৰ পৰা পানীৰ দৰত শ শ বিঘা কৃষিভূমি হস্তগত কৰে, তেতিয়া ই জাতীয় বিষয় হৈ পৰাটো স্বাভাৱিক৷ সম্প্ৰতি গোটেই অসমৰ ৰাজপথৰ কাষৰ সকলোবোৰ পথাৰ নিৰ্দিষ্ট এক শ্ৰেণীৰ লোকে নিজৰ হাতলৈ নিছেই৷ প্ৰতিখন নগৰ-চহৰ তথা গ্ৰামাঞ্চলৰ পথাৰবোৰৰ ৮০ শতাংশ এই শ্ৰেণীৰ লোকে হস্তগত কৰিছে৷ ই এক প্ৰত্যাহ্বান৷ ১৯৭৯তে এই আগ্ৰাসন আৰম্ভ হৈছিল৷ অসম আন্দোলনৰ পটভূমিও এই প্ৰত্যাহ্বানৰ বাবেই ৰচিত হৈছিল৷ পৰৱৰ্তী সময়ত আন্দোলনক ৰাজনৈতিক মানুহ অন্তৰ্ভুক্ত হৈ বহিৰাগতসকলক বচাবলৈ মুছলমানৰ প্ৰসংগ অনা হয়৷ সেই একে পটভূমি এতিয়াও ৰচনা কৰিব বিচৰা হৈছে৷ মিঞা, বহিৰাগত কোনো অসমীয়াৰ শত্ৰু নহয়৷ একেলগে সমিল-মিলেৰে থাকি অসমীয়া সমাজ আৰু ৰাজ্যখনৰ উন্নয়ন সকলোৰে লক্ষ্য হোৱা উচিত৷
    শিৱসাগৰত ভাষিক জাতীয়তাবাদৰ ভেটিতে জাতীয় দল-সংগঠনবোৰ ঐক্যবদ্ধ হৈ অসমীয়া সমাজখনৰ হকে একেলগে মাত দিছে৷ সদৌ অসম ছাত্ৰ সন্থায়ো খিলঞ্জীয়াৰ হাতৰ পৰা এখনো পথাৰ যাতে আনৰ হাতলৈ নাযায়, তাৰ বাবে এক জনজাগৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা উচিত৷ সময় পাৰ হৈ গৈছে৷ ইতিমধ্যে ৮০ শতাংশ পথাৰ নিৰ্দিষ্ট এক শ্ৰেণীৰ লোকৰ হাতলৈ গৈছে৷ অৱশিষ্ট পথাৰকেইখন যাতে সুৰক্ষিত হৈ থাকে, তাৰ বাবে ছাত্ৰ সন্থাই তৃণমূল পৰ্যায়লৈ জনমত গঠন কৰাত ভূমিকা লওক৷
    ভাষিক জাতীয়তাবাদ ধবংস কৰিবলৈ মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে চৰকাৰৰ এটা মহলেই প্ৰচাৰত নামিছে৷ এই প্ৰত্যাহ্বানৰ মাজতো অসমত গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে যি দৃষ্টান্ত দেখুৱাইছে, তাৰ প্ৰতি প্ৰতিগৰাকী অসমীয়াই সাধুবাদ দিব লাগে বিদ্যালয়খনৰ কতৃৰ্পক্ষক৷ শিৱসাগৰৰ জাতীয় দল-সংগঠনসমূহৰ প্ৰতি এটাই আহ্বান– তেওঁলোকে পথাৰবোৰ খিলঞ্জীয়াৰ হাতত থকাৰ সুবন্দোবস্ত কৰাৰ সমান্তৰালভাৱে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত মাতৃভাষা মাধ্যমৰ এখন শিক্ষানুষ্ঠান গঢ় দিয়ক৷ যিখন শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল, যিখন শিৱসাগৰৰৰ পৰা প্ৰথমখন অসমীয়া ভাষাৰ বাতৰি কাকত ‘অৰুণোদই’ প্ৰকাশ পাইছিল, যিখন শিৱসাগৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত পদ্মনাথ গোহাঞি বৰুৱা, ড॰ ভূপেন হাজৰিকাৰ দৰে কিম্বদন্তী পুৰুষ সভাপতিৰ আসন অলংকৃত কৰিছিল, সেইখন শিৱসাগৰত অসম জাতীয় বিদ্যালয়ৰ দৰে এখন শিক্ষানুষ্ঠান গঢ় দিয়াৰ আৱশ্যকতা আহি পৰিছে৷
    শিৱসাগৰত ইতিমধ্যেই মাতৃভাষাৰ একাধিক সুপ্ৰতিস্থিত আৰু আদৰ্শ বিদ্যালয় আছে৷ এই বিদ্যালয়সমূহক আৰু অধিক আধুনিক তথা গতিশীল কৰি আধুনিক প্ৰজন্মৰ অভিভাৱকৰ সন্তানক ইয়াত অধ্যয়ন কৰাৰ বাবে পৰিৱেশ ৰচনা হওক৷ এই দায়িত্ব খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত দিয়া জাতীয় দল-সংগঠনবোৰেই লওক৷
    ভাষিক জাতীয়তাবাদৰ প্ৰসংগ উত্থাপন হওতে আৰু এটা বিষয় সংযোগ কৰিব বিচাৰিছোঁ৷ ২৫ আগষ্ট, ২০২৪ত তেজপুৰলৈ গৈছিলোঁ৷ তেজপুৰত থকা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহত স্মৃতিগ্ৰন্থ ‘ৰূপালী জোনাক’ উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল৷ ‘ৰূপালী জোনাক’ উন্মোচন কৰি দিয়া তেনেই চমু ভাষণত এটা কথাই উল্লেখ কৰিছিলোঁ, সেইটো হ’ল– ভাষিক জাতীয়তাবাদৰ ভেটিত গঢ়ি উঠা অসমীয়া সমাজখনৰ একতাক ধবংস কৰাৰ উদ্দেশ্যৰে এটা প্ৰভাৱশালী মহলে চৰকাৰী বিদ্যালয়বোৰেই ধবংস কৰিবলৈ উঠি-পৰি লাগিছে৷ এওঁলোকে ছেবাক অস্তিত্বহীন কৰি চি বি এছ ইক আগবঢ়াই দিছে৷ ভাষিক জাতীয়তাবাদৰ ভেটিত গঢ়ি উঠা অসমীয়া সমাজখনে বিভিন্ন সময়ত প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু চৰকাৰৰ অনিয়মৰ বিৰুদ্ধেও মাত মাতি আছে৷ 
    শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমত বহুকেইটা ভাল কাম কৰি আছে৷  শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমত নিজাববীয়াকৈ ৫৪খন শংকৰদেৱ বিদ্যালয় স্থাপন কৰিছে৷ সংঘৰ এইটো আটাইতকৈ ভাল আদৰ্শ৷ মাতৃভাষা মাধ্যমৰ এনে এখন বিদ্যালয়ৰ আচাৰ্য হিচাপে মোৰ দেউতায়ো দায়িত্ব পালন কৰিছিল৷ সেইদিনা ৰাজহুৱা সভাত অনুৰোধ কৰিছিলোঁ অসম জাতীয় বিদ্যালয়ৰ দৰে শংকৰদেৱ বিদ্যালয়ক গঢ়াৰ বাবে অভিভাৱক, শিক্ষক আৰু সংঘই তপস্যা কৰিব লাগিব৷ যাতে ইয়াত নিজৰ সন্তানক নামভৰ্তিৰ বাবে নিশাৰে পৰা অভিভাৱকে বিদ্যালয়ৰ সন্মুখত শাৰী পাতিবলগীয়া হয়৷ এই প্ৰসংগতে উল্লেখ কৰিছিলোঁ যে অসম জাতীয় বিদ্যালয়ৰ এনে এক পৰম্পৰা আছে, যি ব্যক্তিগত খণ্ডৰ কোনো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাই৷ প্ৰথমটো পৰম্পৰা হ’ল– বিদ্যালয়খনৰ শিক্ষকসকল প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যায়৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া কোঠাটো কেনেকুৱা, তেওঁলোকৰ অভিভাৱকে সন্তানক পঢ়াৰ ক্ষেত্ৰত কিদৰে সহযোগ কৰে লগতে ঘৰখনৰ পৰিৱেশ, পিতৃ-মাতৃ আৰু সন্তানৰ বান্ধোন কেনেকুৱা, সেয়াও অধ্যয়ন কৰে৷ আধুনিক সময়ত এইটোৱেই আটাইতকৈ প্ৰয়োজনীয় বিষয়৷ 
    দ্বিতীয়তে, জাতীয় বিদ্যালয়লৈ অসমৰ সমাজ জীৱনৰ আদৰ্শনীয় আৰু প্ৰাতঃস্মৰণীয় ব্যক্তিসকলক সময়ে সময়ে নিমন্ত্ৰণ জনাই তেওঁলোকৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দিয়ে৷ ইয়াৰ সমানে ভাল লগা আৰু এটা কথা হ’ল– জাতীয় বিদ্যালয়ৰ নিজৰ ভাষা, সংস্কৃতি, ৰাজ্যখন আৰু দেশ তথা পৃথিৱীখনৰ প্ৰতি এগৰাকী ব্যক্তিৰ নিজা কি দায়িত্ব থাকিব পাৰে, সেই শিক্ষা সৰুৰে পৰা দিয়ে৷ সম্প্ৰতি অতি স্বাৰ্থপৰ, সামাজিকভাৱে দায়বদ্ধহীন, পিতৃ-মাতৃক সন্মান কৰিবলৈ নিশিকা এটা প্ৰজন্মৰ জন্ম হৈছে৷ এই সময়ত অসম, অসমীয়া আৰু পথাৰ ৰক্ষাৰ আহ্বানেৰে শিৱসাগৰত জাতীয় দল-সংগঠনসমূহে যি ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে, সেই একেই ভূমিকাৰে এখন জাতীয় দায়বদ্ধ শিক্ষানুষ্ঠান গঢ় দি অসমত এটা নতুন আদৰ্শ স্থাপন কৰক৷